প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ছুভাত ফিজিৰ প্ৰতিৰক্ষা আৰু প্ৰাক্তন সৈনিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলৰ বাবে ডি এইচ টি আই -ৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ৰ সামৰণি

পোষ্ট কৰা হৈছে: 28 NOV 2026 2:17PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয় প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডি এইচ টি আই)ৰ উদ্যোগত ফিজিৰ প্ৰতিৰক্ষা আৰু প্ৰাক্তন সৈনিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলৰ বাবে আয়োজিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ‘উদীয়মান নেতাসকলৰ বাবে প্ৰতিৰক্ষা শাসন আৰু লোক প্ৰশাসনত বিশ্ব নেতৃত্ব কাৰ্যসূচী’ৰ প্ৰথম পৰ্যায় ২৭ নৱেম্বৰ, ২০২৬ত ফিজিৰ ছুভাৰ লামিত সমাপ্ত হয়। এই কাৰ্যসূচীটোত সুশাসন, প্ৰতিৰক্ষা ক্ৰয়, শাসন ব্যৱস্থাত নৈতিকতা, প্ৰতিভা ব্যৱস্থাপনা আৰু সামৰ্থ্য বিকাশ, প্ৰশাসনিক আইন, নাগৰিককেন্দ্ৰিক শাসন, প্ৰতিৰক্ষা ক্ষেত্ৰৰ হিচাপ-পৰীক্ষাৰ গাঁথনিৰ আধুনিকীকৰণ, ডিজিটেল ৰূপান্তৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা , উদ্দেশ্যপ্ৰণোদিত নেতৃত্ব, কৌশলগত যোগাযোগ আৰু প্ৰতিৰক্ষা খণ্ডৰ নেতাসকলৰ বাবে আৱেগিক বুদ্ধিমত্তাৰ দিশসমূহ সামৰি লোৱা হয়।

 

প্ৰায় দুসপ্তাহজোৰা এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ফিজিৰ প্ৰতিৰক্ষা আৰু প্ৰাক্তন সৈনিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ভাৰপ্ৰাপ্ত স্থায়ী সচিব শ্ৰী ইৰোনি ৰোকিছি আৰু ফিজিত ভাৰতীয় উচ্চায়োগৰ দ্বিতীয় সচিব (ৰাজনৈতিক আৰু চান্সেৰী মুৰব্বী) শ্ৰী ৰঞ্জীত কুমাৰৰ লগতে ডি এইচ টি আই-ৰ শিক্ষক আৰু অংশগ্ৰহণকাৰী বিষয়াসকলে উপস্থিত থাকে।

সমাৱেশক সম্বোধন কৰি শ্ৰী ৰোকিছিয়ে  প্ৰশাসন, স্বচ্ছতা আৰু দায়বদ্ধতা, বিত্তীয় ব্যৱস্থাপনা, আচৰণগত আৰু নেতৃত্বৰ দক্ষতা, চাইবাৰ সুৰক্ষা, আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে দিশসমূহত অংশগ্ৰহণকাৰীসকলৰ সামৰ্থ্য আৰু দৃষ্টিভংগীৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন কঢ়িয়াই অনা এক প্ৰভাৱশালী পাঠ্যক্ৰম আগবঢ়োৱাৰ বাবে ডি.এইচ.টি.আই-ৰ দলটোক প্ৰশংসা কৰে।

প্ৰশিক্ষণৰ দ্বিতীয় পৰ্যায়টো ২০২৭ চনৰ প্ৰথম ত্ৰৈমাসিকত দুসপ্তাহৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ কথা আছে। এই কাৰ্যসূচীয়ে প্ৰতিৰক্ষা কৰ্মীসকলৰ সামৰ্থ্য বিকাশ শক্তিশালী কৰাৰ ক্ষেত্ৰত ডি.এইচ.টি.আই.-ৰ প্ৰতিশ্ৰুতিবদ্ধতাত আন এক মাইলৰ খুঁটি সংযোজন কৰিছে।

SR/Savvy/DD


(ৰিলিজ আই ডি : 2343107) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil