পোষ্ট কৰা হৈছে:
27 NOV 2026 5:07PM by PIB Guwahati
নতুন দিল্লী, ২৭ নৱেম্বৰ: নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৪৫সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আইআইটিএফ) ২০২৬ৰ সামৰণী অনুষ্ঠানত আয়ুষ মন্ত্ৰালয়ে ৰাজহুৱা যোগাযোগ আৰু প্ৰচাৰ শাখাত সোণৰ পদক লাভ কৰিছে। ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে মন্ত্ৰালয়ে গ্ৰহণ কৰা আকৰ্ষণীয়, অংশগ্ৰহণমূলক আৰু দৰ্শককেন্দ্ৰিক পদক্ষেপৰ স্বীকৃতি হিচাপে এই বঁটা প্ৰদান কৰা হৈছে।
আয়ুষৰ ঐতিহ্যৰ জৰিয়তে এখন সুস্থ ভাৰতৰ বিকাশ (आयुष की विरासत से स्वस्थ भारत का विकास) শীৰ্ষক বিষয়বস্তুৰে সজোৱা আয়ুষ পেভিলিয়নে বিকাশ আৰু বিৰাসতৰ দৃষ্টিভংগী প্ৰতিফলিত কৰে। ইয়াৰ জৰিয়তে স্বাস্থ্য, সুস্থতা আৰু জনসজাগতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিসমূহৰ অৱদান দাঙি ধৰা হয়। পেভিলিয়নটোত আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, ইউনানি, সিদ্ধ, সোৱা-ৰিগপা আৰু হোমিঅ’পেথী—এই সকলোবোৰ চিকিৎসা পদ্ধতিৰ বিষয়ে অংশগ্ৰহণমূলক প্ৰদৰ্শনী, বিভিন্ন সামগ্ৰী আৰু ব্যৱহাৰিক প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল।
আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠান— চিচিআৰএএছ, চিচিআৰইউএম, চিচিআৰএছ, চিচিআৰএইচ, চিচিআৰৱাইএন, এনআইএ, এনআইইউএম, এনআইএছ, এনআইএইচ, এআইআইএ, এমডিএনআইৱাই, এনএমপিবি, পিচিআইএম এণ্ড এইচ আৰু আৰএভি ৰ অংশগ্ৰহণে একেখন মঞ্চতে বিভিন্ন বিষয়ৰ তথ্য, গৱেষণামূলক পদক্ষেপ আৰু অভিজ্ঞতাভিত্তিক কাৰ্যকলাপৰ বিস্তৃত সমাহাৰ ঘটায়।
১৫ দিনীয়া বাণিজ্য মেলাৰ সমগ্ৰ সময়ছোৱাত আয়ুষ পেভিলিয়নলৈ দৰ্শক আৰু সংশ্লিষ্ট বিভিন্ন পক্ষৰ উৎসাহজনক সঁহাৰি পৰিলক্ষিত হয়। ইয়াৰ অংশগ্ৰহণমূলক প্ৰদৰ্শনী আৰু উদ্ভাৱনীমূলক যোগাযোগ পদ্ধতিয়ে বিভিন্ন শ্ৰেণীৰ দৰ্শকৰ বাবে আয়ুষ চিকিৎসা পদ্ধতি সম্পৰ্কীয় তথ্য সহজবোধ্য আৰু আকৰ্ষণীয় কৰি তোলে। এই সোণৰ পদকে মন্ত্ৰালয়ৰ এনে প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ লগতে ফলপ্ৰসূ যোগাযোগ আৰু প্ৰচাৰৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত আয়ুষ মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপৰো স্বীকৃতি বহন কৰিছে।


***
SR/AK/SG/MS