পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

পেৰিছ চুক্তিৰ অধীনত দ্বিতীয় গোলকীয় পৰ্যালোচনা প্ৰক্ৰিয়া মুকলি, স্বচ্ছ আৰু ন্যায়সংগত কৰাৰ আহ্বান ভাৰতৰ; ক'প-৩১ ত জলবায়ু বিত্তীয় সাহায্য আৰু প্ৰযুক্তি হস্তান্তৰৰ ক্ষেত্ৰত দায়বদ্ধতাত গুৰুত্ব আৰোপ

দ্বিতীয় গোলকীয় পৰ্যালোচনাই জলবায়ু কাৰ্যকলাপৰ সামগ্ৰিক মূল্যায়ন কৰি ৰূপায়ণৰ ব্যৱধানসমূহ চিনাক্ত কৰাৰ লগতে সমাধানমুখী ফলাফল প্ৰদান কৰিব লাগিব: শ্ৰী ভূপেন্দ্ৰ যাদৱ

পোষ্ট কৰা হৈছে: 18 NOV 2026 8:14PM by PIB Guwahati

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে পেৰিছ চুক্তিৰ অধীনত দ্বিতীয় গোলকীয় পৰ্যালোচনা প্ৰক্ৰিয়াটো উপলব্ধ সৰ্বোত্তম বৈজ্ঞানিক তথ্য আৰু সমতাৰ নীতিৰ আধাৰত মুকলি, স্বচ্ছ আৰু অন্তৰ্ভুক্তিমূলক কৰাৰ লগতে জলবায়ু কাৰ্যকলাপৰ সকলো দিশতে সমতাযুক্ত ফলাফল প্ৰদান কৰাৰ আহ্বান জনাইছে।

 

তুৰস্কৰ আন্টালিয়াত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় চুক্তিৰ ৩১সংখ্যক পক্ষসমূহৰ সন্মিলনৰ দ্বিতীয় গোলকীয় পৰ্যালোচনা সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰ্যালোচনাই পেৰিছ চুক্তি আৰু ইয়াৰ ৰূপায়ণৰ সামগ্ৰিক ৩৬০ ডিগ্ৰী মূল্যায়ন কৰিব লাগিব, য'ত এতিয়ালৈকে লাভ কৰা সাফল্যৰ লগতে বিদ্যমান ব্যৱধানসমূহো বিবেচনা কৰা হ'ব। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই প্ৰক্ৰিয়াটো সমতা, উমৈহতীয়া কিন্তু পৃথকীকৃত দায়িত্ব আৰু নিজ নিজ সামৰ্থ্যৰ নীতিৰ দ্বাৰা পৰিচালিত হ'ব লাগিব আৰু ৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উন্নত দেশসমূহে নেতৃত্ব গ্ৰহণ কৰিব লাগিব।

 

শ্ৰী যাদৱে উল্লেখ কৰে যে দ্বিতীয় গোলকীয় পৰ্যালোচনাই সংশোধিত ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান, দ্বিবাৰ্ষিক স্বচ্ছতা প্ৰতিবেদন, পেৰিছ চুক্তিৰ ষষ্ঠ অনুচ্ছেদৰ অধীনত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, অভিযোজনৰ গোলকীয় লক্ষ্য আৰু ন্যায়সংগত ৰূপান্তৰ ব্যৱস্থাকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ অগ্ৰগতি মূল্যায়নৰ  সুযোগ প্ৰদান কৰিছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় বিশেষজ্ঞ পেনেলৰ প্ৰতিবেদনৰ লগতে বিশেষকৈ উন্নয়নশীল দেশসমূহৰ পৰা প্ৰকাশিত বৈজ্ঞানিক মূল্যায়ন আৰু প্ৰতিবেদনসমূহকো স্বীকৃতি দিয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

 

মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে জলবায়ু কাৰ্যকলাপৰ ক্ষেত্ৰত অগ্ৰগতি সত্ত্বেও আগন্তুক বছৰসমূহত বিশ্বই কিয় ১.৫ ডিগ্ৰী চেলছিয়াছ উষ্ণতা বৃদ্ধিৰ সীমা অতিক্ৰম কৰাৰ আশংকাৰ সন্মুখীন হৈ আছে, সেই বিষয়টো দ্বিতীয় গোলকীয় পৰ্যালোচনাই পৰীক্ষা কৰিব লাগিব। তেওঁ এনে সমাধানমুখী ফলাফলৰ আহ্বান জনায়, যিয়ে দেশসমূহক নিজৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান সংশোধন কৰাত দিক্‌নিৰ্দেশনা প্ৰদান কৰাৰ লগতে ৰূপায়ণৰ উপায়সমূহৰ ক্ষেত্ৰত, বিশেষকৈ জলবায়ু বিত্তীয় সাহায্য আৰু প্ৰযুক্তি হস্তান্তৰৰ ক্ষেত্ৰত থকা ব্যৱধানসমূহ দূৰ কৰিব পাৰে। তেওঁ উল্লেখ কৰে যে এই ক্ষেত্ৰসমূহত প্ৰকৃত সহায়-সহযোগিতা উন্নত দেশসমূহৰ বাধ্যবাধকতা আৰু দায়িত্বৰ তুলনাত বহু পৰিমাণে অপৰ্যাপ্ত হৈ আছে।

 

ভাষণৰ সামৰণিত শ্ৰী যাদৱে আশা প্ৰকাশ কৰে যে দ্বিতীয় গোলকীয় পৰ্যালোচনা প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন হ'ব আৰু ইয়াৰ জৰিয়তে গোলকীয় জলবায়ু কাৰ্যকলাপ তথা ইয়াৰ ৰূপায়ণৰ সমতাপূৰ্ণ মূল্যায়ন আগবঢ়োৱা হ'ব।

 

***

VM/DS


(ৰিলিজ আই ডি : 2342888) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil