উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

নতুন দিল্লীত হ’লী ফেমিলি হাস্পতালৰ নতুন ছুপাৰ স্পেচিয়েলিটি ব্লক উদ্বোধন উপ-ৰাষ্ট্ৰপতিৰ

উপ-ৰাষ্ট্ৰপতিয়ে কৰ্কট ৰোগৰ চিকিৎসা আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়

চিকিৎসা গৱেষণাৰ সুফল কেৱল মুষ্টিমেয় লোকৰ মাজতে সীমাবদ্ধ নাৰাখি সমগ্ৰ মানৱজাতিৰ বাবে উপলব্ধ হ’ব লাগিব: উপ-ৰাষ্ট্ৰপতি

স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহে চিকিৎসা সেৱাৰ উৎকৰ্ষৰ লগতে মানৱীয় সংবেদনশীলতা আৰু সুলভতা নিশ্চিত কৰিব লাগিবঃ উপ-ৰাষ্ট্ৰপতি

সুস্থ ভাৰতেই হৈছে বিকশিত ভাৰত@২০৪৭ৰ মূল ভেটি: উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 27 NOV 2026 2:01PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ ওখলাস্থিত হ’লী ফেমিলী হাস্পতালৰ নতুন ছুপাৰ স্পেচিয়েলিটি ব্লকটো উদ্বোধন কৰে। তেওঁ লগতে হ’লী ফেমিলী হাস্পতাল স্মৰণিকা ২০২৬ উন্মোচন কৰাৰ লগতে নতুন ব্লকটোৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত ব্যক্তিসকলক সম্বৰ্ধনা জনায়।

হাস্পতালখনৰ ঐতিহাসিক ঐতিহ্যৰ কথা স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে ১৯৫৩ চনত ভাৰতৰ তদানীন্তন উপ-ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল। তেওঁ কয় যে এই ঐতিহ্যৰ ধাৰাবাহিকতাই প্ৰতিফলিত কৰে যে মহান উদ্দেশ্যৰে প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সমাজৰ সেৱা আগবঢ়াই আহিছে।

 

জাতি, বৰ্ণ, ধৰ্ম বা আৰ্থিক অৱস্থা নিৰ্বিশেষে সকলোকে স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত হাস্পতালখনৰ দায়বদ্ধতাৰ শলাগ লৈ শ্ৰী চি পি ৰাধাকৃষ্ণণে কয় যে ভাৰতৰ সভ্যতাগত আদৰ্শৰ দৰ্শন পাৰস্পৰিক সন্মান আৰু প্ৰতিগৰাকী ব্যক্তিৰ নিজ নিজ ধৰ্ম পালনৰ স্বাধীনতাৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ লগতে মন্তব্য কৰে যে সদায়ে ভাল পদক্ষেপ আৰু নিঃস্বাৰ্থ সেৱাক উৎসাহিত কৰাৰ লগতে উদযাপন কৰা উচিত।

কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সামূহিক প্ৰচেষ্টাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্ৰ দেশৰ কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠানসমূহক এখন উমৈহতীয়া মঞ্চৰ জৰিয়তে একত্ৰিত কৰি গৱেষণা, জ্ঞান আৰু উত্তম অভ্যাসসমূহৰ আদান-প্ৰদানৰ আহ্বান জনায়। তেওঁ কয় যে চিকিৎসা গৱেষণা আৰু উদ্ভাৱনৰ সুফল মানৱজাতিৰ সকলো শ্ৰেণীৰ লোকৰ ওচৰলৈ লৈ যাব লাগিব আৰু সেয়া কেৱল কেইখনমান দেশ বা বিশেষ সুবিধাপ্ৰাপ্ত শ্ৰেণীৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। এনে সহযোগিতা শক্তিশালী কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ আগ্ৰহ প্ৰকাশ কৰে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নতুন ছুপাৰ স্পেচিয়েলিটি ব্লকটোৱে বিশেষজ্ঞ চিকিৎসা সেৱাৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব। তেওঁ মন্তব্য কৰে যে এনে চিকিৎসা সুবিধাৰ সফলতা অৱশেষত উন্নত চিকিৎসা সেৱাৰ সৈতে সুলভতা, সহানুভূতিশীল মনোভাৱ আৰু মানৱীয় স্পৰ্শৰ সমন্বয় সাধন কৰাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ বিষয়ত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে  যে আয়ুস্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দৰে পদক্ষেপে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ ওপৰত চিকিৎসালয়ত ভৰ্তি হোৱাৰ ফলত পৰা আৰ্থিক বোজা হ্ৰাস কৰাত সহায় কৰিছে। তেওঁ লগতে যোৱা এটা দশকত এইমছ প্ৰতিষ্ঠান, চিকিৎসা মহাবিদ্যালয় তথা এম বি বি এছ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ চিকিৎসা শিক্ষাৰ আসনৰ সংখ্যা বহু বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে। ইয়াৰ ফলত সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে বিশেষজ্ঞ চিকিৎসা সেৱা আৰু চিকিৎসা শিক্ষাৰ সুবিধা অধিক সুলভ হৈ পৰিছে।

বিকশিত ভাৰত@২০৪৭ৰ লক্ষ্যই গাঁও আৰু সৰু চহৰসমূহৰ জনসাধাৰণকে ধৰি প্ৰতিগৰাকী নাগৰিকৰ ওচৰলৈ উন্নয়নৰ সুফল নিশ্চিত কৰিব লাগিব বুলি গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত দাতব্য চিকিৎসালয় আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে গুৰুত্বপূৰ্ণ সহযোগীৰ ভূমিকা পালন কৰিছে।

কেৱল আন্তঃগাঁথনি আৰু উন্নত সা-সঁজুলিয়েই এখন চিকিৎসালয়ৰ শক্তি নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে কয় যে চিকিৎসালয় এখনৰ প্ৰকৃত শক্তি নিহিত হৈ থাকে ইয়াৰ স্বাস্থ্যসেৱা কৰ্মীসকলৰ নিষ্ঠা, দক্ষতা আৰু মানৱীয় স্পৰ্শৰ মাজত। এখন বিকশিত ৰাষ্ট্ৰ গঢ়ি তোলাৰ বাবে সুস্থ সমাজ অপৰিহাৰ্য বুলি কৈ তেওঁ বহনক্ষম তথা সৰ্বাংগীণ উন্নয়নৰ দিশত সামূহিক প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনায়।

ভাৰতস্থিত এপষ্টলিক নানচিয়েচাৰৰ চাৰ্জ ডি’এফেয়াৰ্ছ ৰেভাৰেণ্ড আন্দ্ৰেয়া ফ্ৰান্সিয়া, নতুন দিল্লী হ’লী ফেমিলী হাস্পতাল ছ’চাইটীৰ সভাপতি ৰেভাৰেণ্ড আৰ্চবিশ্বপ অনিল জে টি কৌটো, দিল্লী আৰ্চডায়’চিছৰ সহকাৰী বিচপ ৰেভাৰেণ্ড দীপক ভেলেৰিয়ান টাউৰো, হলি ফেমিলি হাস্পতালৰ সঞ্চালক ফাদাৰ জৰ্জ পি এ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল অনুষ্ঠানত উপস্থিত থাকে।


PR/ASM/VMJ/US


(ৰিলিজ আই ডি : 2342643) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Malayalam