পোষ্ট কৰা হৈছে:
27 NOV 2026 4:20PM by PIB Guwahati
উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে ২৮ নৱেম্বৰ, শনিবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ কাশী আৰু তামিলনাডুৰ মাজৰ প্ৰাচীন সাংস্কৃতিক আৰু সভ্যতাগত সম্পৰ্কৰ প্ৰতিফলন ঘটোৱা তথা এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ চেতনাক প্ৰতিফলিত কৰা পদক্ষেপ ‘কাশী তামিল সংগমম ৫.০’ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বাৰাণসীৰ শ্ৰী কাল ভৈৰৱ মন্দিৰ আৰু শ্ৰী কাশী বিশ্বনাথ মন্দিৰত পূজা-অৰ্চনাও কৰিব।
PR/ASM/VMJ/US