পোষ্ট কৰা হৈছে:
24 NOV 2026 8:10PM by PIB Guwahati
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ ডঃ আম্বেদকাৰ ফাউণ্ডেচনে (DAF) ২৬ নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীস্থিত ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত (DAIC) সংবিধান দিৱস উদযাপনৰ আয়োজন কৰিছে।
১৯৪৯-ৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধানখনি গৃহীত হোৱা আৰু ৰাষ্ট্ৰৰ সাংবিধানিক তথা গণতান্ত্ৰিক ভেটি গঢ় দিয়াত সংবিধান সভাৰ খচৰা কমিটিৰ অধ্যক্ষ, ভাৰত ৰত্ন ডঃ বি.আৰ. আম্বেদকাৰৰ চিৰস্থায়ী বৰঙণিৰাজিক স্মৰণাৰ্থে এই দিৱস পালন কৰা হয়।
“সংবিধান@৭৬: ডঃ বি.আৰ. আম্বেদকাৰৰ সাংবিধানিক দৃষ্টি আৰু ভাৰতীয় গণতন্ত্ৰৰ ভৱিষ্যৎ” বিষয়বস্তুৰে এই দিৱস উদযাপনৰ আয়োজন কৰা হৈছে।
এই বিষয়বস্তুৱে ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ সাংবিধানিক আদৰ্শৰ অবিৰত প্ৰাসংগিকতাত আলোকপাত কৰিছে। একেদৰে ডঃ আম্বেদকাৰৰ সাংবিধানিক নৈতিকতা, গণতান্ত্ৰিক শাসন, প্ৰতিষ্ঠানিক জবাবদিহিতা আৰু এখনি সৰ্বাংগীন সমাজৰ দৃষ্টিভংগীৰ সৈতে গভীৰ সংযোগ গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছে। ইয়াৰ উপৰিও উক্ত বিষয়বস্তুৱে সমসাময়িক প্ৰত্যাহ্বানৰাজিৰে মোকাবিলা আৰু ভাৰতৰ গণতান্ত্ৰিক কাঠামোক সুদৃঢ় কৰাৰ ক্ষেত্ৰত সাংবিধানিক প্ৰমূল্যবোধৰ ভূমিকা সম্পৰ্কে আলোচনাৰ এখনি মঞ্চ প্ৰশস্ত কৰিব।
মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে এই অনুষ্ঠানৰ শোভা বৰ্ধন কৰিব কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী তথা ডঃ আম্বেদকাৰ ফাউণ্ডেচনৰ অধ্যক্ষ ডঃ বীৰেন্দ্ৰ কুমাৰে।
সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামদাস আঠৱালে আৰু শ্ৰী বি.এল. বাৰ্মায়ো ইয়াত ভাষণ আগবঢ়াব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সচিব শ্ৰী সুধাংশ পন্তেও এই কাৰ্য্যসূচীত ভাগ ল’ব।
এই উদযাপনৰ এটি মূল কাৰ্য্যসূচী হ’ব ইয়াত ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰিব।
ন্যায়াধীশ ললিতে “সাংবিধানিক শাসন আৰু ডঃ বি.আৰ. আম্বেদকাৰৰ উত্তৰাধিকাৰ” বিষয়ক সংবিধান দিৱসৰ বক্তৃতাও আগবঢ়াব।
তেওঁৰ ভাষণত ভাৰতীয় সংবিধানৰ মূল নীতিসমূহ, ভাৰতৰ সাংবিধানিক গণতন্ত্ৰৰ বিৱৰ্তনত ডঃ আম্বেদকাৰৰ অৱদান আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰা তথা সামাজিক ন্যায় নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁৰ ধাৰণাসমূহৰ অবিৰত তাৎপৰ্য্যৰ প্ৰতিফলন ঘটিব।
এই কাৰ্য্যসূচীত দেশৰ ভিন্ন বিশ্ববিদ্যালয়ত স্থাপিত ডঃ আম্বেদকাৰ আসনৰ সৈতে জড়িত চেয়াৰ অধ্যাপক, সহকাৰী অধ্যাপক আৰু ডক্টৰেট ফেল’সকলকে প্ৰমুখ্য কৰি বিশিষ্ট শিক্ষাবিদ, গৱেষক, স্কলাৰ, চৰকাৰী জ্যেষ্ঠ বিষয়া আৰু আন-আন বিশিষ্ট আমন্ত্ৰিত লোকসকল একত্ৰিত হ’ব। এই উদযাপনৰ অংশ হিচাপে এক শৈক্ষিক মত-বিনিময় অনুষ্ঠানো অনুষ্ঠিত হ’ব। এই অনুষ্ঠানে সাংবিধানিক প্ৰমূল্যবোধ, সামাজিক ৰূপান্তৰ, সামাজিক ন্যায় আৰু ভাৰতীয় গণতন্ত্ৰৰ ভৱিষ্যতৰ ওপৰত অৰ্থপূৰ্ণ দৃষ্টিভংগীৰ আদান-প্ৰদানৰ এখনি মঞ্চ প্ৰশস্ত কৰিব।
ডঃ আম্বেদকাৰ আসনৰ সৈতে জড়িত স্কলাৰ আৰু শৈক্ষিক প্ৰতিনিধিসকলৰ অংশগ্ৰহণে তেওঁৰ দৰ্শন, বৌদ্ধিক উত্তৰাধিকাৰ আৰু ৰাষ্ট্ৰ-নিৰ্মাণত অৱদানৰ ওপৰত শৈক্ষিক বক্তৃতাক অধিক সমৃদ্ধ কৰিব। এই মত-বিনিময় অনুষ্ঠানে আম্বেদকাৰৰ চিন্তাধাৰাৰ প্ৰসাৰকো উৎসাহিত কৰিব আৰু শৈক্ষিক প্ৰতিষ্ঠান তথা জনসাধাৰণৰ মাজত সংবিধানৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব।
১৯৪৯-ৰ ২৬ নৱেম্বৰত সংবিধান সভাৰ দ্বাৰা গৃহীত আৰু ১৯৫০-ৰ ২৬ জানুৱাৰীত বলবৎ হোৱা ভাৰতৰ সংবিধানত ভাৰতৰ জনসাধাৰণৰ সামূহিক আকাংক্ষাৰাজি সন্নিৱিষ্ট হৈছে তথা এখনি সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্যৰ কাঠামো প্ৰতিষ্ঠা হৈছে। সংবিধানখনি গৃহীত হোৱাৰ স্মৃতিত আৰু ইয়াৰ প্ৰমূল্যবোধ তথা নীতিৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ২৬ নৱেম্বৰৰ দিনটোক সংবিধান দিৱস হিচাপ পালন কৰা হয়।
এই উদযাপনৰ জৰিয়তে ডঃ আম্বেদকাৰ ফাউণ্ডেচনে সংবিধানখনিৰ বিষয়ে জনসাধাৰণৰ বুজাবুজি অধিক গভীৰ কৰাৰ সমান্তৰালকৈ ডঃ বি.আৰ. আম্বেদকাৰৰ চিন্তাৰাজি, দৰ্শন আৰু আদৰ্শক প্ৰসাৰিতকৰণৰ অৰ্থে ইয়াৰ অংগীকাৰক সুদৃঢ় কৰি আহিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে সাংবিধানিক গণতন্ত্ৰ, সমতা, মৰ্য্যাদা, ভ্ৰাতৃত্ববোধ আৰু সামাজিক অন্তৰ্ভুক্তি সন্দৰ্ভত আলোচনাক উৎসাহিত কৰা তথা এখনি সমতাপূৰ্ণ, ক্ষমতাশালী আৰু সৰ্বাংগীন ভাৰতৰ দৃষ্টিভংগীক গভীৰ কৰা।
***
PR-246-TAR/KV/GA/RK/SB