পোষ্ট কৰা হৈছে:
26 NOV 2026 7:14PM by PIB Guwahati
নতুন দিল্লী, ২৬ নৱেম্বৰ: ভাৰতীয় সাংস্কৃতিক ঐতিহ্য উদ্ধাৰ আৰু পুনৰ স্বদেশলৈ ঘূৰাই অনাৰ প্ৰচেষ্টাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে (এএছআই) আজি নতুন দিল্লীৰ ধাৰোহৰ ভৱনত উভতাই অনা তিনিটা প্ৰাচীন মূৰ্তি তামিলনাডু আৰক্ষীৰ মূৰ্তি শাখা অপৰাধ অনুসন্ধান বিভাগক (আইড’ল উইং চিআইডি) আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে।
এই প্ৰত্ন সামগ্ৰী তিনিটাৰ ভিতৰত আমেৰিকাৰ স্মিথছ’নিয়ান সংগ্ৰহালয়ৰ পৰা ঘূৰাই অনা দুটা ব্ৰঞ্জৰ মূৰ্তি আৰু নেদাৰলেণ্ডৰ হেগ চহৰৰ পৰা ঘূৰাই অনা এটা ব্ৰঞ্জৰ মূৰ্তি আছে। এএছআয়ে সংশ্লিষ্ট আৰক্ষী বিষয়াসকলৰ হাতত এই মূৰ্তিসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।
প্ৰাচীন সামগ্ৰী কেইটা হৈছে—
১. পাৰৱাই নাচিয়াৰৰ সৈতে সন্ত সুন্দৰাৰ: ১৯৫৬ চনত তামিলনাডুৰ কল্লাকুৰিচি তালুকৰ বীৰাচোলাপুৰমস্থিত শ্ৰী নৰীশ্বৰ শিৱ মন্দিৰত বিজয়নগৰ যুগৰ ষোড়শ শতিকাৰ এই ব্ৰঞ্জৰ মূৰ্তিটোৰ আলোকচিত্ৰ তোলা হৈছিল। ইয়াক আমেৰিকাৰ স্মিথছ’নিয়ান সংগ্ৰহালয়ৰ পৰা প্ৰত্যাৱৰ্তন কৰা হৈছে।
২. সন্ত কন্নাপ্পা নায়নাৰ: তামিলনাডুৰ নাগাপট্টিনম জিলাৰ তিৰুপুগালুৰস্থিত অৰুণমিগু অগ্নীশ্বৰস্বামী মন্দিৰৰ পৰা চোল যুগৰ এই ব্ৰঞ্জৰ মূৰ্তিটো চিত্ৰিত কৰা হৈছে। মূৰ্তিটোত শৈৱ সন্তগৰাকীক ত্ৰিভংগ ভংগীমাত থিয় হৈ থকা অৱস্থাত দেখুওৱা হৈছে আৰু তেওঁৰ সোঁহাতখন চকুৰ ফালে তোলা অৱস্থাত আছে। ইয়াক নেদাৰলেণ্ডৰ হেগ চহৰৰ পৰা ঘূৰাই অনা হৈছে।
৩. সোমাস্কন্দ (শিৱ আৰু উমা): দ্বাদশ শতিকাৰ চোল যুগৰ এই ব্ৰঞ্জৰ মূৰ্তিটোৰ আলোকচিত্ৰ ১৯৫৯ চনত তামিলনাডুৰ তাঞ্জাভুৰ জিলাৰ মান্নাৰগুড়ি তালুকৰ আলাট্টুৰস্থিত শ্ৰী বিশ্বনাথ শিৱ মন্দিৰত তোলা হৈছিল। ইয়াক আমেৰিকাৰ স্মিথছ’নিয়ান সংগ্ৰহালয়ৰ পৰা ঘূৰাই অনা হৈছে।
ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগৰ সঞ্চালক প্ৰধান শ্ৰী যদুবীৰ সিং ৰাৱাটে এএছআইৰ অন্যান্য প্ৰতিনিধিৰ সৈতে এই প্ৰত্নবস্তুসমূহ আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে।
এই প্ৰাচীন প্ৰত্নসামগ্ৰীসমূহৰ পুনৰ স্বদেশ প্ৰত্যাৱৰ্তনে ভাৰতৰ সাংস্কৃতিক সম্পদসমূহক নিজৰ প্ৰাপ্য স্থানলৈ ঘূৰাই অনাৰ চলিত প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে দেশৰ হেৰাই যোৱা সাংস্কৃতিক ঐতিহ্যৰ চিনাক্তকৰণ, উদ্ধাৰ আৰু পুনৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ কাম অব্যাহত ৰাখিছে।
***
M Annadurai/MS