পোষ্ট কৰা হৈছে:
26 NOV 2026 7:58PM by PIB Guwahati
প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে (ডিএআৰপিজি) প্ৰকাশ কৰা ২০২৬ চনৰ অক্টোবৰ মাহৰ অভিযোগ নিষ্পত্তি মূল্যায়ন আৰু সূচকাংকৰ (জিআৰএআই) গ্ৰুপ বি শ্ৰেণীত (৫০০তকৈ কম অভিযোগ পঞ্জীয়ন হোৱা মন্ত্ৰালয়/বিভাগসমূহ) বিত্তীয় সেৱা বিভাগৰ (ডিএফএছ) পেঞ্চন সংস্কাৰ বিভাগে প্ৰথম স্থান লাভ কৰিছে।
ডিএআৰপিজিয়ে বিকশিত কৰা এই জিআৰএআই কাঠামোৱে কেন্দ্ৰীভূত ৰাজহুৱা অভিযোগ নিষ্পত্তি আৰু নিৰীক্ষণ ব্যৱস্থাৰ (চিপিগ্ৰামছ) জৰিয়তে অভিযোগ নিষ্পত্তিৰ কাৰ্যকাৰিতা আৰু সময়ানুৱৰ্তিতাৰ ওপৰত ভিত্তি কৰি মন্ত্ৰালয় তথা বিভাগসমূহৰ মূল্যায়ন কৰে।
এই সফলতাই ‘মসৃণ, সময়সীমা নিৰ্ধাৰিত আৰু সহানুভূতিশীল সমাধান’ৰ প্ৰতি ডিএফএছৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। এটা সমৰ্পিত অভিযোগ নিষ্পত্তি কোষে দৈনিক চিপিগ্ৰামছৰ নিৰীক্ষণ কৰে আৰু জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকত ইয়াৰ নিয়মীয়া পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰিও, সংশ্লিষ্ট অতিৰিক্ত সচিব/যুটীয়া সচিব/বিভাগীয় মুৰব্বীসকলে মাহিলী ভিত্তিত ২০টাকৈ অভিযোগৰ পৰ্যালোচনা কৰে।
২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা ডিএফএছৰ সচিবগৰাকীয়েও ব্যক্তিগতভাৱে মাহিলী ভিত্তিত নিষ্পত্তি হোৱা ২০টা অভিযোগ যাদৃচ্ছিকভাৱে বাছনি কৰি পৰ্যালোচনা কৰি আহিছে। এই ব্যৱস্থাই নাগৰিকসকলৰ অভাৱ-অভিযোগসমূহ যে সৰ্বোচ্চ পৰ্যায়ত যথাযথভাৱে সমাধান কৰা হৈছে, সেয়া নিশ্চিত কৰি গ্ৰাহকসকলৰ মাজত আস্থা অধিক সুদৃঢ় কৰি তুলিছে।
এই সফলতাই অভিযোগ নিষ্পত্তি ব্যৱস্থা শক্তিশালী কৰা আৰু নাগৰিকসকলৰ পৰা লাভ কৰা অভিযোগসমূহৰ ক্ষিপ্ৰ, কাৰ্যকৰী তথা সন্তোষজনক সমাধান নিশ্চিত কৰাৰ দিশত ডিএফএছৰ নিৰন্তৰ প্ৰচেষ্টাকে স্পষ্ট কৰি তুলিছে।
ডিএফএছে অমীমাংসিত অভিযোগসমূহৰ নিয়মীয়া নিৰীক্ষণ, অভিযোগসমূহৰ সময়মতে নিষ্পত্তি, সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে ফলপ্ৰসূ সমন্বয় আৰু অভিযোগ পৰিচালনা প্ৰক্ৰিয়াৰ নিৰন্তৰ উন্নতিৰ জৰিয়তে সেৱা প্ৰদান ব্যৱস্থা উন্নত কৰাৰ ওপৰত সদায় গুৰুত্ব দি আহিছে।
ডিএফএছে অভিযোগ নিষ্পত্তি ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা, সঁহাৰি প্ৰদানৰ ক্ষমতা বৃদ্ধি কৰা আৰু সুলভ, স্বচ্ছ তথা দক্ষ ৰাজহুৱা সেৱা নিশ্চিত কৰাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ দোহাৰে।
KT/KMN/SS/MM