সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ ৩৫০সংখ্যক শ্বহীদ দিৱস পালনৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে

ধৰ্মীয় স্বাধীনতা আৰু মানৱতাৰ হকে সৰ্বোচ্চ বলিদান দিয়া গুৰু তেগ বাহাদুৰ জীক স্মৰণ

নতুন দিল্লীৰ দ্বাৰকাৰ চিচিআৰটি চৌহদত সামৰণী অনুষ্ঠানৰ অংশ হিচাপে প্ৰদৰ্শনী আৰু চুটি চলচ্চিত্ৰ শব্দ কীৰ্তন প্ৰদৰ্শন কৰা হয়

পোষ্ট কৰা হৈছে: 26 NOV 2026 4:34PM by PIB Guwahati

নতুন দিল্লী, ২৬ নৱেম্বৰ: সাংস্কৃতিক মন্ত্ৰালয়ে নতুন দিল্লীৰ দ্বাৰকাস্থিত সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ (চিচিআৰটি) চৌহদত শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ ৩৫০সংখ্যক শ্বহীদ দিৱস উপলক্ষে বছৰজোৰা স্মৃতি-অনুষ্ঠানৰ সামৰণী কাৰ্যসূচীৰ আয়োজন কৰে। বিবেকৰ স্বাধীনতা, ধৰ্মীয় স্বাধীনতা আৰু মানৱ কল্যাণৰ বাবে গুৰু তেগ বাহাদুৰ জীয়ে আগবঢ়োৱা সৰ্বোচ্চ আত্মবলিদানক স্মৰণ কৰাই আছিল এই অনুষ্ঠানৰ মূল উদ্দেশ্য।

শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ ৩৫০সংখ্যক শ্বহীদ দিৱস উপলক্ষে ২০২৫ চনৰ ২৪ নৱেম্বৰৰ পৰা ২০২৬ চনৰ ২৪ নৱেম্বৰলৈ বছৰজোৰা স্মৃতিচাৰণ অনুষ্ঠান পালন কৰা হয়। হাৰিয়ানাৰ কুৰুক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল। ইয়াৰ জৰিয়তে গুৰু চাহিবৰ জীৱন, শিক্ষা আৰু সৰ্বোচ্চ আত্মবলিদানৰ আদৰ্শ দেশজুৰি প্ৰচাৰ কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ ধাৰা আৰম্ভ কৰা হৈছিল। এই স্মৃতিচাৰণ অনুষ্ঠানৰ অংশ হিচাপে শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ সন্মানাৰ্থে এটা স্মাৰক মুদ্ৰা আৰু এটা ডাক টিকটও মুকলি কৰা হয়।

সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱটে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী ইকবাল সিং লালপুৰা আৰু ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বায়ু সেনাধ্যক্ষ শ্ৰী অমৰ প্ৰীত সিং সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে আন বিশিষ্ট ব্যক্তিসকলো উপস্থিত আছিল।

অনুষ্ঠানত শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ জীৱন, শিক্ষা আৰু সৰ্বোচ্চ আত্মবলিদানৰ ওপৰত আলোকপাত কৰি শব্দ-কীৰ্তন, এখন প্ৰদৰ্শনী আৰু এখন চুটি ছবি উপস্থাপন কৰা হয়। এই উপস্থাপনসমূহে তেওঁৰ কৰুণা, সাহস, মানৱীয় মৰ্যাদা আৰু বিবেকৰ স্বাধীনতাৰ প্ৰতি সন্মানৰ বাণী সন্দৰ্ভত চিন্তা-চৰ্চা কৰাৰ সুযোগ প্ৰদান কৰে।

সমবেত লোকসকলক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱটে কয় যে এই উপলক্ষ্য কেৱল এটা কাৰ্যসূচীৰ সামৰণি নহয়; বৰঞ্চ ই শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ প্ৰতি উৎসৰ্গিত স্মৰণ, শ্ৰদ্ধা নিবেদন, আত্মমন্থন আৰু জনসজাগতাৰ  বছৰজোৰা অভিযানৰ পৰিসমাপ্তি। এই স্মৃতি-অনুষ্ঠানৰ উদ্দেশ্য হৈছে গুৰু চাহিবৰ জীৱন আৰু শিক্ষাৰ পৰা প্ৰেৰণা আহৰণ কৰা আৰু বৰ্তমানৰ প্ৰজন্মক তেওঁৰ আদৰ্শসমূহ বুজি পোৱা, গ্ৰহণ কৰা তথা আগবঢ়াই নিয়াৰ বাবে সক্ষম কৰি তোলা।

তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যে মানৱীয় সাফল্যক কেৱল বস্তুগত কৃতিত্বৰ জৰিয়তে জুখিব নোৱাৰি। মানৱ জীৱন আৰু প্ৰগতিৰ প্ৰকৃত লক্ষ্য হৈছে এনে এখন সমাজ গঢ়ি তোলা, য’ত প্ৰতিগৰাকী ব্যক্তিৰ স্বাধীনতা আৰু মৰ্যাদা সুৰক্ষিত তথা সন্মানিত হয়। গুৰু তেগ বাহাদুৰ জীৰ শিক্ষাই সমাজক আজিও এই মূল্যবোধসমূহৰ দিশে আগবঢ়াই নিয়াৰ পথ দেখুৱাই আহিছে আৰু অনাগত প্ৰজন্মসমূহৰ বাবেও এই শিক্ষা সমানেই প্ৰাসংগিক হৈ থাকিব।

ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বায়ু সেনাধ্যক্ষ শ্ৰী অমৰ প্ৰীত সিঙে উল্লেখ কৰে যে শ্ৰী গুৰু তেগ বাহাদুৰ জীয়ে আনৰ অধিকাৰ আৰু বিশ্বাসৰ স্বাধীনতা সুৰক্ষিত কৰাৰ বাবে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ কয় যে সাধাৰণতে মানুহে নিজৰ ধৰ্ম আৰু বিশ্বাস সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰে, কিন্তু গুৰু তেগ বাহাদুৰ জীয়ে আনৰ ধৰ্মীয় বিশ্বাস আৰু স্বাধীনতা ৰক্ষাৰ বাবেহে জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ মতে, এই কাৰণেই গুৰু জীৰ আত্মবলিদান অসাধাৰণ আৰু ই নিঃস্বাৰ্থতা তথা সাহসৰ এক চিৰন্তন নিদৰ্শন হৈ ৰৈছে।

ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী ইকবাল সিং লালপুৰাই বছৰজোৰা স্মৃতি-অনুষ্ঠানৰ আয়োজন আৰু শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ শিক্ষা দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত সংস্কৃতি মন্ত্ৰালয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়।

সাংস্কৃতিক মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী সমৰ নন্দাই দেশৰ বিভিন্ন ৰাজ্যত মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত বিভিন্ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ জীৱন, শিক্ষা আৰু দৰ্শন দেশৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয় যে এই কাৰ্যসূচীসমূহে পণ্ডিত, শিল্পী, ধৰ্মীয় সংগঠন আৰু স্থানীয় সম্প্ৰদায়সমূহক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰি গুৰু চাহিবৰ আদৰ্শসমূহৰ বিষয়ে আলোচনা আৰু চিন্তা-চৰ্চাৰ সুযোগ সৃষ্টি কৰিছে।

তেওঁ লগতে জনায় যে সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰই (চিচিআৰটি) বিদ্যালয়সমূহত গুৰু তেগ বাহাদুৰ জীৰ জীৱন আৰু শিক্ষাৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক পৰিচিত কৰোৱাৰ উদ্দেশ্যে বিভিন্ন শৈক্ষিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰিছিল। এই পদক্ষেপৰ অংশ হিচাপে ২২০খন বিদ্যালয়ত কৰ্মশালা অনুষ্ঠিত কৰা হয়, য’ত প্ৰায় ৬৮,০০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নতুন প্ৰজন্মক গুৰু চাহিবৰ কৰুণা, নিঃস্বাৰ্থতা, নিৰ্ভীকতা, সেৱা আৰু সৰ্বজনৰ কল্যাণৰ বাণীৰ সৈতে পৰিচিত কৰোৱাই আছিল এই প্ৰচেষ্টাসমূহৰ মূল লক্ষ্য।

এই পদক্ষেপসমূহৰ জৰিয়তে সংস্কৃতি মন্ত্ৰালয়ে ভাৰতৰ সমৃদ্ধ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ তথা প্ৰসাৰৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। লগতে মহান আধ্যাত্মিক গুৰুসকলৰ চিৰন্তন শিক্ষাসমূহ ভৱিষ্যৎ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰতো মন্ত্ৰালয়ে নিজৰ অংগীকাৰ পুনৰ ব্যক্ত কৰে।

***

M Annadurai/MS


(ৰিলিজ আই ডি : 2342343) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil