পোষ্ট কৰা হৈছে:
26 NOV 2026 5:49PM by PIB Guwahati
নতুন দিল্লী, ২৬ নৱেম্বৰ: গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ ভূমি সম্পদ বিভাগে আজি শ্ৰীলংকাৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ এটা প্ৰতিনিধি দলক আদৰণি জনায়। ৰাষ্ট্ৰীয় সুশাসন কেন্দ্ৰৰ (এনচিজিজি) সমন্বয়ত আয়োজিত অভিজ্ঞতা বিনিময় কাৰ্যসূচীৰ অধীনত প্ৰতিনিধি দলটো ভাৰত ভ্ৰমণলৈ আহিছে। এই মত বিনিময়ৰ মূল বিষয় আছিল ভূমি অভিলেখৰ ডিজিটেলকৰণ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতা। বিশেষকৈ ডিজিটেল ভাৰতৰ ভূমি অভিলেখৰ আধুনিকীকৰণ কাৰ্যসূচী (ডিআইএলআৰএমপি), পঞ্জীয়ন প্ৰক্ৰিয়াক কম্পিউটাৰভিত্তিক ব্যৱস্থালৈ ৰূপান্তৰ, জৰীপ আৰু পুনৰ্জৰীপ, নক্সা তথা লেণ্ড ষ্টেক পদক্ষেপৰ ৰূপায়ণত গুৰুত্ব আৰোপ কৰা হয়।
শ্ৰীলংকাৰ ভূমি বিভাগৰ অতিৰিক্ত ভূমি আয়ুক্ত তথা প্ৰতিনিধি দলৰ দলপতি আই বি গুণৱৰ্ধনাই দলটোৰ নেতৃত্ব দিয়ে। প্ৰতিনিধি দলটোত ৰাষ্ট্ৰীয় সুশাসন কেন্দ্ৰৰ (এনচিজিজি) সহযোগী অধ্যাপক তথা পাঠ্যক্ৰম সমন্বয়ক ড° এ পি সিং, ভূমি আয়ুক্ত শ্ৰীমতী জি ডি নাদীকা আৰু শ্ৰীলংকাৰ ভূমি, জৰীপ তথা প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।
প্ৰতিনিধি দলটোক আদৰণি জনাই ভূমি সম্পদ বিভাগৰ সচিব শ্ৰী দিলীপ কুমাৰে ডিজিটেল ৰূপান্তৰ, প্ৰযুক্তিনিৰ্ভৰ সংস্কাৰ আৰু সংহত ভূমি তথ্য ব্যৱস্থাৰ জৰিয়তে ভাৰতত ভূমি প্ৰশাসন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ বিভাগটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু আঁচনিৰ চমু আভাস দাঙি ধৰি স্বচ্ছতা বৃদ্ধি, সেৱা প্ৰদান ব্যৱস্থাৰ উন্নতি আৰু ভূমি প্ৰশাসনক অধিক দক্ষ তথা নাগৰিককেন্দ্ৰিক কৰি তোলাৰ ক্ষেত্ৰত ডিজিটেলকৰণৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে।
শ্ৰী দিলীপ কুমাৰে কয়, “স্বচ্ছ, দক্ষ আৰু নাগৰিককেন্দ্ৰিক ভূমি প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ বাবে ভূমি অভিলেখৰ ডিজিটেল ৰূপান্তৰ অপৰিহাৰ্য। আমাৰ অভিজ্ঞতাসমূহৰ আদান-প্ৰদান আৰু পৰস্পৰৰ পৰা শিক্ষা গ্ৰহণে প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য শক্তিশালী কৰাৰ লগতে ভূমি প্ৰশাসনৰ সংস্কাৰক আগুৱাই নিয়াত সহায় কৰে।”
মত বিনিময়ৰ সময়ত ভূমি সম্পদ বিভাগৰ সঞ্চালক শ্ৰী শ্যাম কুমাৰে ডিআইএলআৰএমপি আৰু নক্সা সম্পৰ্কে চমু আভাস দাঙি ধৰে। তেওঁ ভূমি অভিলেখৰ আধুনিকীকৰণ, ভূ-স্থানিক মানচিত্ৰ প্ৰস্তুতকৰণ আৰু ভূমি-সম্পৰ্কীয় তথ্য ভাণ্ডাৰসমূহৰ সংহতিৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য সাফল্য, প্ৰযুক্তিগত পদক্ষেপ আৰু অগ্ৰগতিৰ বিষয়ে আলোকপাত কৰে।
এই আলোচনাৰ বিষয়বস্তু হিচাপে, কাগজবিহীন পঞ্জীয়ন আৰু স্বয়ংক্ৰিয় নামজাৰিৰ জৰিয়তে সম্পত্তিৰ পঞ্জীয়ন ব্যৱস্থাক ভূমি অভিলেখৰ সৈতে সংহতকৰণ, ৰাজহ কৰ্তৃপক্ষলৈ পঞ্জীয়নৰ বিৱৰণবোৰ বৈদ্যুতিনভাৱে প্ৰেৰণ কৰা যাতে ভূমি অভিলেখ সময়মতে উন্নীত কৰিব পৰা যায়, প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰা আৰু হস্তচালিত হস্তক্ষেপৰ প্ৰয়োজনীয়তা কমি অহাৰ বিষয়টো সামৰি লোৱা হৈছিল।
প্ৰতিনিধি দলটোক ভাৰত লেণ্ড ষ্টেক সম্পৰ্কেও অৱগত কৰা হয়। ই হৈছে সংহত ভৌগোলিক তথ্য ব্যৱস্থা (জিআইএছ)-ভিত্তিক মঞ্চ, য’ত ভূমি অভিলেখ, ভূস্থানিক তথ্য, সম্পত্তিৰ পঞ্জীয়ন, ভূমি ব্যৱহাৰৰ ক্ষেত্ৰভিত্তিক বিভাজন (জইনিং), ভৱন নিৰ্মাণৰ অনুমোদন, গোচৰ-মোকৰ্দমা আৰু ভূমি সম্পৰ্কীয় অন্যান্য তথ্য একত্ৰিত কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰতিটো ভূমিখণ্ডৰ বিষয়ে সামগ্ৰিক ডিজিটেল তথ্যচিত্ৰ লাভ কৰাটো সম্ভৱপৰ।
এই মত বিনিময়ৰ জৰিয়তে ডিজিটেল ভূমি প্ৰশাসন আৰু প্ৰযুক্তিনিৰ্ভৰ সংস্কাৰৰ ক্ষেত্ৰত দুয়োখন দেশৰ অভিজ্ঞতা বিনিময়ৰ সুযোগ সৃষ্টি হয়। লগতে ভাৰত আৰু শ্ৰীলংকাৰ মাজত অধিক সহযোগিতা আৰু জ্ঞানৰ আদান-প্ৰদানৰ সম্ভাৱনাসমূহো উন্মোচিত হয়।
***
SS/HR