ভূ-পৃষ্ঠৰ তলত লুকাই থকা, প্ৰাচীন ধৰ্মগ্ৰন্থসমূহৰ পৃষ্ঠাৰ মাজেৰে প্ৰবাহিত হোৱা আৰু ভাৰতৰ সভ্যতাৰ স্মৃতিত প্ৰোথিত সৰস্বতী নদী দেশখনৰ এক চিৰন্তন ৰহস্য হৈ ৰৈছে। প্ৰাচীন পৰম্পৰা আৰু আধুনিক বৈজ্ঞানিক অনুসন্ধানৰ মাজৰ ব্যৱধান দূৰ কৰাৰ প্ৰয়াসেৰে হিন্দী তথ্যচিত্ৰ দি আনছীন হ’লি ৰিভাৰ-সৰস্বতী(The Unseen Holy River – Saraswati) আজি ৫৭ সংখ্যক ভাৰৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) ২০২৬-ৰ ইণ্ডিয়ান পেনোৰামা শাখাত প্ৰদৰ্শিত হয়। এই তথ্যচিত্ৰখনে নদীখনৰ চিত্তাকৰ্ষক কাহিনী আৰু অস্তিত্বক লৈ ড° সুভাষ চি সিঙে চলোৱা বৈজ্ঞানিক অনুসন্ধানসমূহৰ অন্বেষণ কৰে। ভাৰতৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ এক কৌতূহলোদ্দীপক অন্বেষণ দাঙি ধৰিবলৈ ছবিখনে প্ৰাচীন ভৌগোলিক উল্লেখ, ভূতাত্ত্বিক পৰ্যবেক্ষণ আৰু বৈজ্ঞানিক অনুসন্ধানসমূহক সন্মিলিত কৰিছে।

আজি পিআইবি (PIB)-য়ে আয়োজন কৰা এক সংবাদমেলত ভাষণ দি পৰিচালক ভাস্কৰ বিশ্বনাথনে তেওঁৰ প্ৰথম তথ্যচিত্ৰ নিৰ্মাণৰ অভিজ্ঞতা সহভাগ কৰি কয় যে সৰস্বতী নৈখনক লৈ থকা ৰহস্যটো তেওঁৰ বাবেও সমানেই চিত্তাকৰ্ষক আছিল, আৰু এই বিষয়ত কৰা গৱেষণা এক প্ৰধান প্ৰেৰণাৰ উৎস হৈ উঠিছিল। তেওঁ সৰস্বতীৰ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্বত আলোকপাত কৰে, বিশেষকৈ সাৰস্বত সভ্যতা আৰু প্ৰাচীন বৈদিক পৰম্পৰাৰ সৈতে ইয়াৰ সম্পৰ্কৰ কথা উল্লেখ কৰে, য'ত বিশ্বাস কৰা হয় যে নৈখনৰ পাৰতে বেদসমূহ ৰচনা কৰা হৈছিল। বিশ্বনাথনে আঙুলিয়াই দিয়ে যে এক বিস্তৃত গৱেষণাক চমুকৈ, আকৰ্ষণীয় আৰু মনোৰঞ্জনধৰ্মী ৰূপত উপস্থাপন কৰাটোৱেই এক মুখ্য প্ৰত্যাহ্বান আছিল, আৰু গৱেষণামূলক ভেটিটো অটুট ৰাখি তথ্যচিত্ৰখনক এক বিস্তৃত পৰিসৰৰ দৰ্শকৰ বাবে আকৰ্ষণীয় কৰি তোলাই আছিল তেওঁৰ উদ্দেশ্য।

প্ৰযোজক অভিনৱ এম জৈনে ছবিখন প্ৰযোজনা কৰাৰ প্ৰেৰণা ভাৰতৰ নদীসমূহ আৰু সেইসমূহৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি থকা তেওঁৰ কৌতূহলৰ পৰা আহিছিল বুলি উল্লেখ কৰে। প্ৰয়াগৰাজৰ কুম্ভ মেলালৈ যোৱা ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে ত্ৰিবেণী সংগমত তেওঁ কেৱল গংগা আৰু যমুনাকহে দেখা পাইছিল, যিয়ে বেদ আৰু অন্যান্য হিন্দু ধৰ্মগ্ৰন্থত বাৰে বাৰে উল্লেখ পোৱা তৃতীয়খন নদী সৰস্বতীৰ বিষয়ে অনুসন্ধান কৰিবলৈ তেওঁক উদ্বুদ্ধ কৰিছিল। গৱেষণাৰ বৈজ্ঞানিক দিশটোত আলোকপাত কৰি জৈনে ৰুৰকীৰ ৰাষ্ট্ৰীয় জলবিজ্ঞান প্ৰতিষ্ঠান (National Institute of Hydrology)-য়ে চলোৱা আইছ'ট'পিক অধ্যয়নৰ কথা উল্লেখ কৰে, যিয়ে পানীৰ নমুনা পৰীক্ষা কৰিছিল আৰু ভূগৰ্ভস্থ জল নেটৱৰ্কৰ সৈতে জড়িত গৱেষণাত অৰিহণা যোগাইছিল।

ভূতাত্ত্বিক গৱেষণা, প্ৰাচীন পৰম্পৰা আৰু সমসাময়িক চলচ্চিত্ৰ নিৰ্মাণক একত্ৰিত কৰি নিৰ্মাণ কৰা এই তথ্যচিত্ৰ দি আনছীন হ’লি ৰিভাৰ-সৰস্বতী ( The Unseen Holy River – Saraswati)-য়ে দৰ্শকসকলক এক বৈজ্ঞানিক দৃষ্টিভংগীৰে ভাৰতৰ সভ্যতাৰ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ পুনৰ চালি-জাৰি চোৱাৰ সুযোগ প্ৰদান কৰিব।
সংবাদমাধ্যমৰ সৈতে হোৱা এই মত বিনিময় অনুষ্ঠানটো সঞ্চালনা কৰে শ্ৰী স্বাধীন শক্তি প্ৰসাদে।
Watch the full press conference here:
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Yash/ Darshana | IFFI 57 – 105/KB