প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বহনক্ষম সংস্কাৰ আৰু বিনিয়োগৰ জৰিয়তে বিকশিত ভাৰত ২০৪৭ৰ দিশত ভাৰতৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰি লিখা এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 25 NOV 2026 1:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ (চি আই আই) অধ্যক্ষ শ্ৰী আৰ মুকুন্দনে প্ৰকাশ কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত মুখ্য খণ্ডসমূহত ধাৰাবাহিক সংস্কাৰ আৰু বিনিয়োগৰ জৰিয়তে কেনেদৰে বিকশিত ভাৰত ২০৪৭ ৰ দিশত ভাৰতৰ যাত্ৰা গঢ় লৈ উঠিছে সেই বিষয়ে আলোকপাত কৰা হৈছে।

শ্ৰী মুকুন্দনে আন্তঃগাঁথনি বিনিয়োগ, জিএছটি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৰ্পোৰেট কৰ সংস্কাৰ, পিএলআই আঁচনি আৰু বাণিজ্য চুক্তিৰ জৰিয়তে স্থাপন কৰা ভেটিৰ ওপৰত আলোকপাত কৰি ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাক স্থায়ী সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিবলৈ চৰকাৰ আৰু উদ্যোগৰ একেলগে টিম ভাৰত হিচাপে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

‘মুখ্য খণ্ডসমূহত ধাৰাবাহিক সংস্কাৰ আৰু বিনিয়োগৰ জৰিয়তে বিকশিত ভাৰত ২০৪৭ ৰ দিশত ভাৰতৰ যাত্ৰা গঢ় লৈ উঠিছে।

@FollowCII অধ্যক্ষ আৰ মুকুন্দনে আন্তঃগাঁথনি বিনিয়োগ, জিএছটি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৰ্পোৰেট কৰ সংস্কাৰ, পিএলআই আঁচনি আৰু বাণিজ্য চুক্তিৰ জৰিয়তে স্থাপন কৰা ভেটিৰ বিষয়ে লিখিছে। তেওঁ ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাক দীৰ্ঘস্থায়ী সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিবলৈ টিম ভাৰত হিচাপে চৰকাৰ আৰু উদ্যোগৰ একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।


https://www.business-standard.com/opinion/columns/the-article-a-cii-president-will-write-in-2047-a-roadmap-for-industry-126112401097_1.html’

 

****

MJPS/SS/VJ/SS/MK


(ৰিলিজ আই ডি : 2341676) অতিথি কক্ষ : 7