মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে ভাৰতীয় শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয়কৰণ বিষয়ক সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠকত সভাপতিত্ব কৰে

পোষ্ট কৰা হৈছে: 25 NOV 2026 7:54PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে আজি শিক্ষা মন্ত্ৰালয়ৰ ২০২৬ বৰ্ষৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰী; উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰীমতী দীপ্তি গৌৰ মুখাৰ্জী; বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব শ্ৰী টিকে অনিল কুমাৰৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

বৈঠকত ভাষণ প্ৰদান কৰি শ্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ভাৰতীয় জ্ঞান ব্যৱস্থাৰ বিশ্বব্যাপী প্ৰভাৱৰ এক দীঘলীয়া ইতিহাস আছে। এই ব্যৱস্থাৰ গোলকীয় পৰিসৰ অধিক সম্প্ৰসাৰিত কৰাই হৈছে মন্ত্ৰালয়ৰ মূল লক্ষ্য। এই উদ্দেশ্যেৰে বিদেশত উচ্চ শিক্ষানুষ্ঠানসমূহৰ (এইচইআই) চৌহদ স্থাপন কৰাৰ লগতে ভাৰতত বিদেশী বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপনৰ সুবিধা প্ৰদান কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে যৌথ শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতাৰ উপৰিও বৰ্তমান দেশত প্ৰায় ২১ খন বিদেশী উচ্চ শিক্ষানুষ্ঠান কাৰ্যক্ষম হৈ আছে। তেওঁ লগতে কয় যে বিদেশত চিবিএছই বিদ্যালয়সমূহৰ চাহিদাই ভাৰতীয় শিক্ষা কাৰ্যসূচীৰ বিশ্বাসযোগ্যতা আৰু গোলকীয় পৰ্যায়ত ইয়াৰ সম্প্ৰসাৰণৰ সম্ভাৱনাকে প্ৰতিফলিত কৰিছে।

ভাৰতীয় শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয়কৰণৰ অংশ হিচাপে মন্ত্ৰালয়ৰ দুয়োটা বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে সাংসদসকলক অৱগত কৰা হয়। উচ্চ শিক্ষা বিভাগে আন্তঃৰাষ্ট্ৰীয়কৰণক উদগনি দিবলৈ গ্ৰহণ কৰা চাৰিটা কৌশলৰ ৰূপৰেখা দাঙি ধৰে— শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা; ভাৰতত অধ্যয়ন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰা; বিদেশী উচ্চ শিক্ষানুষ্ঠানসমূহক (এফএইচইআই) ভাৰতত শাখা চৌহদ স্থাপনৰ অনুমতি দিয়া; আৰু ভাৰতীয় উচ্চ শিক্ষানুষ্ঠানসমূহক বিদেশত চৌহদ স্থাপনৰ অনুমতি দিয়া। ইউজিচি-ৰ নিয়মাৱলীৰ অধীনত ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু ইটালীকে ধৰি বিদেশী বিশ্ববিদ্যালয়সমূহক ১৭ খন ‘লেটাৰ অব্ ইণ্টেণ্ট’ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও সাংসদসকলক ‘ভাৰত ইন’ভেটছ’, ‘স্পাৰ্ক’ (শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতাৰ প্ৰসাৰৰ বাবে আঁচনি), ‘জ্ঞান’ (গোলকীয় শৈক্ষিক নেটৱৰ্ক পদক্ষেপ), ‘ডাছা’ (বিদেশৰ ছাত্ৰ-ছাত্ৰীৰ পোনপটীয়া নামভৰ্তি) আৰু নতুনকৈ সজাই তোলা ‘ষ্টাডী ইন ইণ্ডিয়া’ (এছআইআই) প’ৰ্টেলৰ দৰে পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰা হয়।

বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে সদস্যসকলক অৱগত কৰে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু বিকশিত ভাৰত ২০৪৭-ৰ আকাংক্ষাই ভাৰতীয় শিক্ষা ব্যৱস্থাত এক পৰিৱৰ্তনশীল ৰূপান্তৰৰ দিশ নিৰ্দেশনা দি আহিছে। গোলকীয় মানদণ্ডৰ সৈতে পাঠ্যক্ৰমৰ সামঞ্জস্য, বহুভাষিক শিক্ষা, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে বিনিময় কাৰ্যসূচী তথা শৈক্ষিক সমতা আৰু গুণাগুণৰ সামঞ্জস্যৰ বাবে স্থাপিত ‘পৰখ’ ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ আদি আন্তঃৰাষ্ট্ৰীয়কৰণক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অন্যতম মূল চালিকা শক্তি হিচাপে পৰিগণিত হৈছে। বৰ্তমান ২৬ খন দেশত ২৬৮ খন চিবিএছই বিদ্যালয় কাৰ্যক্ষম হৈ আছে আৰু ডুবাইত এটা বিদেশী আঞ্চলিক কাৰ্যালয়ো স্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বতে সংযুক্ত বিদ্যালয়সমূহত একৰূপতা নিশ্চিত কৰিবলৈ এক মানক মূল্যায়ন কাঠামোও ৰূপায়ণ কৰা হৈছে।

সদস্যসকলে আন্তঃৰাষ্ট্ৰীয়কৰণৰ দিশত বিভাগসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু বৃত্তিমূলক শিক্ষা তথা বিদেশত ভাৰতীয় শিক্ষানুষ্ঠানসমূহৰ নেটৱৰ্ক সম্প্ৰসাৰণকে ধৰি বিভিন্ন বিষয়ত তেওঁলোকৰ মূল্যৱান পৰামৰ্শ আগবঢ়ায়।

 

RRTN/MM


(ৰিলিজ আই ডি : 2341649) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: Urdu , English , Gujarati , Tamil