পোষ্ট কৰা হৈছে:
25 NOV 2026 5:35PM by PIB Guwahati
নতুন দিল্লী, ২৫ নৱেম্বৰ: দীনদয়াল অন্ত্যোদয়া যোজনা–ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ (ডিএৱাই-এনআৰএলএম) অধীনত মহিলা আত্মসহায়ক গোটৰ সুতৰ ৰেহাই আঁচনি আৰু মহিলা উদ্যোগ ত্বৰান্বিতকৰণ পুঁজিৰ (ডব্লিউইএএফ) পৰিচালনা তথা কাৰিকৰী সহায়ৰ বাবে আজি গ্ৰামোন্নয়ন বিভাগ আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ (নৱাৰ্ড) মাজত এখন চুক্তি স্বাক্ষৰিত হয়।গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত সচিব শ্ৰী বিপিন কুমাৰ আৰু নৱাৰ্ডৰ উপ-পৰিচালন সঞ্চালক শ্ৰী অজয় কুমাৰ সুদে এই চুক্তিত স্বাক্ষৰ কৰে। অনুষ্ঠানত গ্ৰামোন্নয়ন বিভাগৰ সচিব শ্ৰী ৰোহিত কনছাল আৰু নৱাৰ্ডৰ অধ্যক্ষ ড০ ভি শাজি কৃষ্ণন উপস্থিত থাকে। চুক্তি স্বাক্ষৰৰ পাছতে গ্ৰামোন্নয়ন বিভাগৰ সচিব আৰু নৱাৰ্ডৰ অধ্যক্ষই যুটীয়াভাৱে সুত ৰেহাই পৰ্টেল মুকলি কৰে।
অনুষ্ঠানত ভাষণ দি গ্ৰামোন্নয়ন বিভাগৰ সচিব শ্ৰী ৰোহিত কনছালে কয় যে আত্মসহায়ক গোটৰ আন্দোলনে ব্যাপক প্ৰসাৰ আৰু উল্লেখযোগ্য সাফল্য অৰ্জন কৰাৰ পাছত এতিয়া উদ্যোগ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক নতুন পৰ্যায়ত উপনীত হৈছে। ইতিমধ্যে আত্মসহায়ক গোটসমূহৰ বাবে আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ জৰিয়তে ১৪ লাখ কোটি টকাৰো অধিক ঋণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত গ্ৰামাঞ্চলত অনানুষ্ঠানিক ঋণৰ উৎসৰ ওপৰত নিৰ্ভৰশীলতা ক্ৰমান্বয়ে হ্ৰাস পাইছে। তেওঁ লগতে কয় যে অনাগত পাঁচ বছৰত বিভাগটোৱে আত্মসহায়ক গোটসমূহৰ বাবে অতিৰিক্ত ১০ লাখ কোটি টকা আৰু ব্যক্তিগত উদ্যোগসমূহৰ বাবে ১ লাখ কোটি টকাৰ ঋণৰ সুবিধা প্ৰদানৰ লক্ষ্য লৈছে।
সচিবগৰাকীয়ে কয়, “সুতৰ ৰেহাইয়ে ঋণ অধিক সুলভ কৰিব, ঋণ নিশ্চয়তাৰ মাচুল ঘূৰাই দিয়াৰ ব্যৱস্থাই জামানতবিহীন ঋণ অধিক সুৰক্ষিত কৰিব আৰু নতুন পৰ্টেলটোৱে সমগ্ৰ প্ৰক্ৰিয়াটো অধিক ক্ষিপ্ৰ কৰি তুলিব।” তেওঁ আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে তেওঁলোকৰ প্ৰয়োজন অনুসৰি ঋণৰ বিশেষ ব্যৱস্থা প্ৰস্তুত কৰা, উদ্যোগৰ সহায়ক ব্যৱস্থা শক্তিশালী কৰা, বিভিন্ন আঁচনিৰ বিষয়ে তথ্যৰ অভাৱ দূৰ কৰা আৰু আত্মসহায়ক গোটসমূহৰ এক সুদৃঢ় তথা বহনক্ষম ব্যৱস্থা গঢ়ি তুলিবলৈ দক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গ্ৰামোন্নয়ন বিভাগ আৰু নৱাৰ্ডক ঘনিষ্ঠভাৱে কাম কৰিবলৈ আহ্বান জনায়।
এই চুক্তি অনুসৰি, ৰাজহুৱা খণ্ডৰ বেংক, ব্যক্তিগত খণ্ডৰ বেংক, ক্ষুদ্ৰ বিত্তীয় বেংক, আঞ্চলিক গ্ৰামীণ বেংক আৰু সমবায় বেংককে ধৰি দুয়োখন আঁচনিৰ বাবে নৱাৰ্ড একমাত্ৰ ন’ডেল সংস্থা হিচাপে কাম কৰিব। লগতে বিভাগটোক কাৰিকৰী, পৰিচালনাগত আৰু ৰূপায়ণৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় আগবঢ়াব। ইয়াৰ ফলত বেংকসমূহে এতিয়াৰে পৰা একেটা নিয়মাৱলী, একেটা হিচাপ-নিকাচ মিলোৱাৰ প্ৰক্ৰিয়া আৰু একেটা দায়বদ্ধতা ব্যৱস্থাৰ অধীনত কাম কৰিব পাৰিব।
নৱাৰ্ডৰ অধ্যক্ষ ড০ ভি শাজি কৃষ্ণনে কয়, “এই সহযোগিতাই নৱাৰ্ডৰ প্ৰতিষ্ঠানগত শক্তি আৰু ডিএৱাই-এনআৰএলএমৰ সমাজভিত্তিক নেটৱৰ্কক একত্ৰিত কৰি আত্মসহায়ক গোটৰ মহিলাসকলক জীৱিকা নিৰ্বাহৰ পৰ্যায়ৰ পৰা সফল আৰু বহনক্ষম উদ্যোগ গঢ়ি তোলাৰ দিশত আগুৱাই নিব।” তেওঁ বিত্তীয় অন্তৰ্ভুক্তি আৰু মহিলাৰ নেতৃত্বত উন্নয়নক অধিক আগুৱাই নিয়াৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ সৈতে সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত নৱাৰ্ডৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।
গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত সচিব শ্ৰী বিপিন কুমাৰে কয় যে আৰ্থিক অনুশাসন আৰু ঋণ পৰিশোধৰ বিশ্বাসযোগ্যতাৰ জৰিয়তে মহিলা আত্মসহায়ক গোটসমূহে আনুষ্ঠানিক বেংকিং ব্যৱস্থাত এক সন্মানজনক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়, “এতিয়া আমাৰ সন্মুখত থকা প্ৰশ্নটো এয়া নহয় যে বেংকসমূহে গ্ৰাম্য মহিলাসকলক ঋণ দিব লাগে নে নালাগে; বৰং কিমান সোনকালে, কিমান কম খৰচত আৰু সেই ঋণৰ জৰিয়তে তেওঁলোকক কিমান দূৰ আগুৱাই নিব পৰা যায়, সেয়াহে গুৰুত্বপূৰ্ণ।” তেওঁ লগতে কয় যে পৰ্টেলত অংশগ্ৰহণকাৰী প্ৰতিটো বেংক সংযুক্ত হোৱাৰ লগে লগে ঋণৰ দাবীসমূহ সময়মতে প্ৰক্ৰিয়াকৰণ আৰু নিষ্পত্তি কৰা সম্ভৱ হ’ব।
এই চুক্তিয়ে গ্ৰাম্য মহিলাসকলৰ ওচৰলৈ ঋণৰ সুবিধা অধিক ফলপ্ৰসূভাৱে প্ৰেৰণৰ ব্যৱস্থাক শক্তিশালী কৰিব। সময়মতে আৰু নিয়মীয়াকৈ ধন ঘূৰাই দিয়াৰ ব্যৱস্থাই বেংকসমূহক মহিলা গোটসমূহক অধিক পৰিমাণৰ ঋণ প্ৰদানৰ ক্ষেত্ৰত আস্থা যোগাব। আনহাতে, ঋণৰ খৰচ হ্ৰাস আৰু বিপদাশংকা ভাগ-বতৰা কৰাৰ ব্যৱস্থাই মহিলাসকলৰ বাবে উদ্যোগ গঢ়ি তুলিবলৈ বিত্তীয় সাহায্য লাভৰ পথ মুকলি কৰিব।সময়ৰ লগে লগে পৰ্টেলত উপলব্ধ বাস্তৱ-সময়ৰ তথ্যই গ্ৰাম্য মহিলাসকলৰ ওচৰলৈ ঋণৰ ধন কেনেদৰে আৰু কিমান পৰিমাণে গৈছে, তাৰ এক স্পষ্ট ছবি দাঙি ধৰিব। ইয়াৰ ফলত ডিএৱাই-এনআৰএলএমৰ অধীনত আঁচনিৰ সুবিধা অধিক লক্ষ্যভিত্তিকভাৱে প্ৰদান কৰা আৰু উন্নত তথ্যৰ ভিত্তিত নীতি নিৰ্ধাৰণ কৰাত সহায় হ’ব। এই পদক্ষেপসমূহে একেলগে ‘লাখপতি দিদী’সকলক গ্ৰাম্য উদ্যোগী আৰু নিয়োগ সৃষ্টিকৰ্তালৈ ৰূপান্তৰিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
গ্ৰামোন্নয়ন বিভাগ আৰু নাবাৰ্ডৰ মাজত চুক্তি স্বাক্ষৰ, লগতে সুত ৰেহাই পৰ্টেল মুকলিৰ সময়ছোৱা, নতুন দিল্লী, ২৫ নৱেম্বৰ, ২০২৬
***
PU/MS