কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি)ৰ অধীনত আৰ্হি যুগুত, নিৰ্মাণ, বিত্ত, পৰিচালনা আৰু স্থানান্তৰ (ডিবিএফঅ’টি) ব্যৱস্থাৰ আধাৰত কামৰাজাৰ পোৰ্ট লিমিটেডত দ্বিতীয় কণ্টেইনাৰ টাৰ্মিনেলৰ বিকাশত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 25 NOV 2026 3:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে ৰাজহুৱা ব্যক্তিগত খণ্ড অংশীদাৰিত্ব (পিপিপি)ৰ অধীনত কামৰাজাৰ পোৰ্ট লিমিটেড (কেপিএল) ত দ্বিতীয়টো কণ্টেইনাৰ টাৰ্মিনেলৰ বিকাশৰ বাবে প্ৰস্তাৱিত প্ৰকল্পক জিএছটিকে ধৰি আনুমানিক ৪,২৮৮.২৬  কোটি টকাৰ প্ৰকল্প ব্যয়ৰে আৰ্হি প্ৰস্তুত, নিৰ্মাণ, বিত্ত, পৰিচালনা আৰু হস্তান্তৰ (ডিবিএফওটি)ব্যৱস্থাৰ আধাৰত অনুমোদন জনাইছে। এই প্ৰকল্পটোৱে দুটা পৰ্যায়ত ৰূপায়ণ কৰিবলগীয়া ১৮  মিটাৰৰ ডিজাইন ড্ৰাফট আৰু বাৰ্ষিক কণ্টেইনাৰ-পৰিচালনা ক্ষমতা ২.০ নিযুত বিশ ফুট সমতুল্য ইউনিট (টিইইউ) ৰ সৈতে ৯০০মিটাৰ দীঘল কণ্টেইনাৰ টাৰ্মিনেলৰ বিকাশৰ পৰিকল্পনা কৰিছে।

ইয়াৰ সৈতে জড়িত ব্যয়ঃ

পি পি পি উপাদানৰ আনুমানিক প্ৰকল্প ব্যয় হৈছে জি এছ টিকে ধৰি ৪,২৮৮.২৬  কোটি টকা, যাৰ ভিতৰত আছে প্ৰথম পৰ্যায়ৰ বাবে ২,৪২৯.৩২ কোটি টকা আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ১,৮৫৮.৯৪ কোটি টকা। ডিবিএফঅ’ টি আৰ্হিৰ অধীনত নিৰ্বাচিত প্ৰতিষ্ঠানে বিনিয়োগৰ ব্যৱস্থা কৰিব লাগিব। প্ৰকল্পৰ প্ৰস্তাৱত কে পি এল-ৰ দ্বাৰা বহন কৰিবলগীয়া আনুমানিক ৪৫০কোটি টকাৰ ড্রেজিং ব্যয় পৃথকে দেখুৱাব লাগিব।

 

সবিশেষঃ

  1. এই প্ৰকল্পটোত ৯০০ মিটাৰ দীঘল দ্বিতীয়টো কণ্টেইনাৰ টাৰ্মিনেলৰ বিকাশৰ পৰিকল্পনা কৰা হৈছে যাৰ ‘বাৰ্থ’ প্ৰস্থ ৩০ মিটাৰ আৰু বাৰ্ষিক কণ্টেইনাৰ-পৰিচালনা ক্ষমতা ২.০ মিলিয়ন টিইইউ। টাৰ্মিনেলটো দুটা পৰ্যায়ত বিকাশ ঘটোৱা হ’বঃ ১.১ মিলিয়ন টিইইউ ক্ষমতাৰ সৈতে প্ৰথম পৰ্যায় আৰু ০.৯ মিলিয়ন টিইইউ ক্ষমতাৰ সৈতে দ্বিতীয় পৰ্যায়।
  2. টাৰ্মিনেলটো ১৮ মিটাৰৰ আৰ্হিৰ খচৰাৰ সৈতে ২৪,৩৪৬ টিইইউ আৰু সামগ্ৰিকভাৱে ৪০০মিটাৰ দৈৰ্ঘ্যৰ জাহাজকে ধৰি ডাঙৰ কণ্টেইনাৰ জাহাজবোৰ পৰিচালনা কৰিবলৈ আৰ্হি প্ৰস্তুত কৰা হৈছে। ই কে পি এল-ৰ বৃহৎ মূলপথৰ জাহাজ পৰিচালনা কৰাৰ সামৰ্থ্য শক্তিশালী কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচলৰ পথৰ সৈতে সংযোগ উন্নত কৰিব।
  3. (iii)  এই প্ৰকল্পটোৰ উদ্দেশ্য হৈছে চেন্নাই-এন্নোৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক  অঞ্চল আৰু দক্ষিণৰ বহল আভ্যন্তৰীণ অঞ্চলৰ পৰা কণ্টেইনাৰ যোগে ৰপ্তানি-আমদানি (এক্সিম) কাৰ্গোৰ বৰ্ধিত চাহিদা পূৰণ কৰা। মূল কাৰ্গো উৎপাদনকাৰী খণ্ডসমূহৰ ভিতৰত আছে যানবাহন আৰু যানবাহনৰ যন্ত্ৰাংশ, অভিযান্ত্ৰিক সামগ্ৰী, ইলেক্ট্ৰনিকছ, ৰাসায়নিক আৰু অন্যান্য উৎপাদিত সামগ্ৰী।
  4. কে পি এল-এ ২০২৫-২৬ বিত্তীয় বৰ্ষত ৭ লাখৰো অধিক টি ই ইউ কণ্টেইনাৰ ট্ৰেফিককে ধৰি ৪৯.০৮ মিলিয়ন টন কাৰ্গো আৰু ১,০০৮ জাহাজ পৰিচালনা কৰিছে। বৰ্তমানৰ কণ্টেইনাৰ টাৰ্মিনেলৰ বাৰ্ষিক প্ৰতিষ্ঠাপিত ক্ষমতা ০.৮ নিযুত টি ই ইউ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰায় ০.৭ নিযুত টি ই ইউ পৰিচালনাৰ জৰিয়তে প্ৰায় ৮৮ শতাংশ ব্যৱহাৰ হৈছে।
  5. ভাৰতত কণ্টেইনাৰ ট্ৰেফিক যোৱা পাঁচ বছৰত বছৰি প্ৰায় ৭ শতাংশ বৃদ্ধিৰ হাৰত (চি এ জি আৰ) বৃদ্ধি পাইছে, আনহাতে একে সময়ছোৱাত কে পি এল-ৰ কণ্টেইনাৰ ট্ৰেফিক প্ৰায় ৯.৯% বৃদ্ধি পাইছে। সম্ভাৱনীয়তাৰ অধ্যয়ন প্ৰকল্পসমূহে কে পি এল-ত ক্ষমতা বৃদ্ধিৰ প্ৰয়োজনীয়তা সমৰ্থন কৰি দক্ষিণ-পূব মণ্ডলত কণ্টেইনাৰ ট্ৰেফিকৰ বৃদ্ধি অব্যাহত থাকিব বুলি প্ৰক্ষেপ কৰিছে।
  6. এই প্ৰকল্পটো ৪৮ মাহৰ নিৰ্মাণ সময়কালকে ধৰি ৪০ বছৰৰ ৰেহাই সময়ৰ বাবে ডিবিএফঅ’টি আধাৰত ৰূপায়ণ কৰা হ'ব। প্ৰথম পৰ্যায়টো ৰূপায়নৰ দায়িত্ব প্ৰদানৰ তাৰিখৰ পৰা ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে, য'ত ২৫ তম মাহত বাণিজ্যিক কামকাজ আৰম্ভ হ'ব। দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণ ২৫ তম মাহৰ পৰা ৪৮তম মাহলৈ আৰম্ভ হ'ব আৰু ৪৯তম মাহত সম্পূৰ্ণ বাণিজ্যিক কামকাজ আৰম্ভ হ' ব।
  7. প্ৰকল্পৰ আনুমানিক ব্যয় হৈছে জি এছ টিকে ধৰি ৪,২৮৮.২৬ কোটি টকা, যাৰ ভিতৰত আছে প্ৰথম পৰ্যায়ৰ বাবে ২,৪২৯.৩২ কোটি টকা আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ১,৮৫৮.৯৪ কোটি টকা। ডিবিএফঅ’ টি ফ্ৰেমৱৰ্কৰ জৰিয়তে নিৰ্বাচিত নিৰ্মাণকাৰীয়ে বিত্তৰ যোগান ধৰিব লাগিব। ইয়াৰ উপৰি প্ৰকল্পৰ প্ৰস্তাৱত উল্লেখ কৰা অনুসৰি কে পি এল-এ ড্রেজিঙৰ বাবে আনুমানিক ৪৫০ কোটি টকা খৰচ কৰিব।
  8. এই প্ৰকল্পটো এক স্বচ্ছ, মুকলি গোলকীয় নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে ৰূপায়ণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। নিৰ্বাচিত নিৰ্মাণকাৰীয়ে প্ৰয়োজনীয় বিত্তীয় ব্যৱস্থা কৰিব আৰু ৰেহাই চুক্তি তথা প্ৰযোজ্য শুল্ক পৰিকাঠামোৰ ব্যৱস্থা অনুসৰি ব্যৱহাৰকাৰী মাচুলৰ জৰিয়তে ইয়াৰ বিনিয়োগ ঘূৰাই ল’ব।
  9. এই প্ৰকল্পটো মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু মেৰিটাইম অমৃত কাল ভিজন ২০৪৭ -ৰ সৈতে সামঞ্জস্য ৰাখি গ্ৰহণ কৰা হৈছে। ই ভাৰতৰ পূব উপকূলত কণ্টেইনাৰ প্ৰৱেশদ্বাৰ হিচাপে কে পি এল-ৰ স্থিতি শক্তিশালী কৰিব, সামুদ্ৰিক লজিষ্টিক শৃংখলৰ দক্ষতা উন্নত কৰিব আৰু আমদানি-ৰপ্তানি বাণিজ্যৰ বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে।

ৰূপায়ণৰ কৌশল আৰু লক্ষ্যঃ

এই প্ৰকল্পটো ডিবিএফঅ’ টি আৰ্হিৰ অধীনত নিৰ্বাচিত নিৰ্মাণকাৰীয়ে ৰূপায়ণ কৰিব। দায়িত্ব প্ৰদানৰ তাৰিখৰ পৰা ২৪ মাহৰ ভিতৰত ১.১ মিলিয়ন টি ই ইউ ক্ষমতাসম্পন্ন প্ৰথম পৰ্যায়টো সম্পূৰ্ণ কৰিব লাগিব আৰু ২৫ মাহৰ ভিতৰত বাণিজ্যিক কামকাজ আৰম্ভ কৰিব লাগিব। ৪৯ তম মাহত সম্পূৰ্ণ বাণিজ্যিক কামকাজ আৰম্ভ হোৱাৰ লগতে ৪৮ তম মাহৰ ভিতৰত ০.৯ মিলিয়ন টি ই ইউ ক্ষমতাসম্পন্ন দ্বিতীয় পৰ্যায়টো সম্পূৰ্ণ কৰিব লাগিব। প্ৰকল্পৰ প্ৰস্তাৱত নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে সময়সীমাৰ ভিতৰত পৰিৱেশসম্পৰ্কীয় আৰু অন্যান্য প্ৰয়োজনীয় অনুমোদন জনোৱাৰ ব্যৱস্থাও কৰা হৈছে।

গুৰুত্বপূৰ্ণ প্ৰভাৱঃ

  1. প্ৰতি বছৰে ২.০ মিলিয়ন টি ই ইউ-ৰ অতিৰিক্ত ক্ষমতাই কে পি এল-ৰ কণ্টেইনাৰ পৰিচালনাৰ ক্ষমতাক শক্তিশালী কৰিব আৰু তামিলনাডু তথা ইয়াৰ কাষৰীয়া ঔদ্যোগিক গোটসমূহৰ পৰা আমদানি-ৰপ্তানি কাৰ্গোৰ বাবে এক অতিৰিক্ত প্ৰৱেশদ্বাৰ প্ৰদান কৰিব।
  2. টাৰ্মিনেলৰ ১৮ মিটাৰৰ ‘ডিজাইন ড্ৰাফট’ আৰু বৃহৎ কণ্টেইনাৰ জাহাজ পৰিচালনা কৰাৰ ক্ষমতাই আন্তঃৰাষ্ট্ৰীয় সংযোগ উন্নত কৰিব, মূলপথেৰে জাহাজৰ পোনপটীয়াকৈ পৰিচালনা কৰাৰ সুবিধা প্ৰদান কৰিব আৰু বিদেশী গভীৰ পানীৰ হাব বন্দৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু সম্পৰ্কিত যোগান ব্যয় কমাব বুলি আশা কৰা হৈছে।
  3. এই প্ৰকল্পটোৱে সামুদ্ৰিক লজিষ্টিক দক্ষতা উন্নত কৰিব, বাণিজ্য আৰু উৎপাদনত সহায় কৰিব, বন্দৰৰ ৰাজহ সম্ভাৱনা শক্তিশালী কৰিব আৰু ভাৰতৰ সামুদ্ৰিক প্ৰতিযোগিতামূলক স্থিতিলৈ বৰঙণি যোগাব বুলি আশা কৰা হৈছে।
  4. এই প্ৰকল্পটোৱে নিৰ্মাণৰ সময়ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ৭৫০জন লোকৰ বাবে নিয়োগৰ সৃষ্টি কৰিব আৰু কাৰ্যকৰী হোৱা পৰ্যায়ত প্ৰায় ৮০০লৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
  5. এই প্ৰকল্পটোৱে ঘৰুৱা বন্দৰৰ ক্ষমতা বৃদ্ধি কৰি আৰু তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কাষৰীয়া আভ্যন্তৰীণ অঞ্চলৰ উদ্যোগ আৰু মূল সঁজুলি নিৰ্মাতাসকলৰ বাবে লজিষ্টিক সমৰ্থন উন্নয়নৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ উদ্দেশ্যসমূহক সমৰ্থন কৰে।
  6. পি পি পি ব্যৱস্থা অনুসৰি নিৰ্বাচিত নিৰ্মাণকাৰীয়ে ব্যয় বহন কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ ওপৰত কোনো বিত্তীয় প্ৰভাৱ নপৰে।

 

পৃষ্ঠভূমিঃ

  1. পূৰ্বতে এন্নোৰ পোৰ্ট লিমিটেড হিচাপে পৰিচিত কামৰাজাৰ পোৰ্ট লিমিটেড ভাৰতৰ ১২টা প্ৰধান বন্দৰৰ ভিতৰত এটা আৰু সম্পূৰ্ণৰূপে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত চেন্নাই বন্দৰ কৰ্তৃপক্ষৰ মালিকানাধীন। চেন্নাই ঔদ্যোগিক আৰু অৰ্থনৈতিক মণ্ডলৰ ওচৰত তামিলনাডুৰ পূব উপকূলত অৱস্থিত এই বন্দৰটোৱে কয়লা, পেট্ৰ’লিয়াম, তেল আৰু লুব্ৰিকেণ্ট, এলএনজি, এলপিজি, কণ্টেইনাৰ, অটোমোবাইল আৰু সাধাৰণ কাৰ্গোকে ধৰি বিভিন্ন ধৰণৰ কাৰ্গো পৰিচালনা কৰে।
  2. ২০২৫-২৬ বিত্তীয় বৰ্ষত কে পি এল-এ প্ৰায় ১,২৮০ কোটি টকাৰ ৰাজহ আৰু ৯২৪ কোটি টকাৰ কৰ পূৰ্বৰ লাভ অৰ্জন কৰিছে। বন্দৰটোৱে যোৱা পাঁচ বছৰত ১৩.৬৪% চি এ জি আৰ-ত কাৰ্গো বৃদ্ধি নথিভুক্ত কৰিছে, যিয়ে ইয়াৰ অন্তৰ্ভুক্ত অঞ্চলত অৰ্থনৈতিক কামকাজ আৰু বাণিজ্যৰ সম্প্ৰসাৰণক প্ৰতিফলিত কৰে।
  3. চেন্নাই-এন্নোৰ অঞ্চল হৈছে ভাৰতৰ এক প্ৰধান ঔদ্যোগিক আৰু উৎপাদনকাৰী অঞ্চল। বাণিজ্য আৰু কণ্টেইনাৰাইজেচন সম্প্ৰসাৰিত হোৱাৰ লগে লগে তামিলনাডু, দক্ষিণ অন্ধ্ৰ প্ৰদেশ আৰু দক্ষিণৰ বিশাল অন্তৰ্ভুক্ত অঞ্চলৰ পৰা আমদানি-ৰপ্তানি কাৰ্গোৰ চলাচল সূচল কৰিবলৈ অতিৰিক্ত কণ্টেইনাৰ-পৰিচালনা ক্ষমতা আৰু ডাঙৰ জাহাজৰ বাবে দক্ষ সুবিধাৰ প্ৰয়োজন।

****

 

MJPS/HS


(ৰিলিজ আই ডি : 2341356) অতিথি কক্ষ : 3