ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

কটকত বালি যাত্ৰা উৎসৱ ২০২৬ত অংশগ্ৰহণ ভাৰতৰ ৰাষ্ট্ৰপতিৰ

বৰ্তমানক গঢ় দিবলৈ আৰু ভৱিষ্যত উজ্জ্বল কৰিবলৈ অতীতৰ পৰা অনুপ্ৰেৰণা আহৰণ কৰকঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 24 NOV 2026 8:16PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২৪ নৱেম্বৰ, ২০২৬) ওড়িশাৰ কটকত বালি যাত্ৰা উৎসৱ ২০২৬ত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে কয় যে বালি যাত্ৰা হৈছে এক অনন্য উৎসৱ যি ওড়িশাৰ গৌৰৱোজ্জ্বল ইতিহাস উদযাপন কৰে। সামুদ্ৰিক বাণিজ্যৰ ইতিহাস এক পৰম্পৰালৈ বিকশিত হৈছে আৰু পৰম্পৰা উৎসৱত পৰিণত হৈছে। ই ওড়িশাৰ জনসাধাৰণৰ সৃষ্টিশীলতা আৰু ঐতিহাসিক দৃষ্টিভংগী দুয়োটাকে প্ৰতিফলিত কৰে।

ৰাষ্ট্ৰপতিয়ে কয় যে ওড়িশাৰ বণিকসকলে ব্যৱসায় আৰু বাণিজ্যত জড়িত হ'বলৈ দূৰৱৰ্তী দেশলৈ ভ্ৰমণ কৰিছিল। বাণিজ্যৰ জৰিয়তে তেওঁলোকে দেশৰ বাবে বহুতো গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিছিল। তেওঁলোকে নতুন সামুদ্ৰিক পথ আৱিষ্কাৰ কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক শক্তিশালী কৰিছিল। তেওঁলোক সাংস্কৃতিক বিনিময়ৰো মাধ্যম আছিল।

ৰাষ্ট্ৰপতিয়ে কয় যে ওড়িশা আৰু বালিৰ মাজৰ ঐতিহাসিক সম্পৰ্কক আধুনিক বাণিজ্যিক আৰু সাংস্কৃতিক সহযোগিতালৈ ৰূপান্তৰিত কৰিব পাৰি। তেওঁ এই বালি যাত্ৰাত ইণ্ডোনেছিয়াৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে। ওড়িশাৰ নৃত্য আৰু সংগীত, হস্ততাঁত, হস্তশিল্প তথা পৰম্পৰাগত ৰন্ধনশৈলীৰ সৈতে বালিত দুদিন ধৰি ওড়িশা উৎসৱ উদযাপন কৰা হৈছে। এনে সাংস্কৃতিক আদান-প্ৰদানে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ ঐতিহাসিক সম্পৰ্ক শক্তিশালী কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে ।

ৰাষ্ট্ৰপতিয়ে কয় যে অতীতৰ গৌৰৱক লৈ গৌৰৱান্বিত হোৱা আৰু আমাৰ উৎসৱসূহ উদযাপন কৰাটো ভাল। কিন্তু আমি বৰ্তমানক গঢ় দিবলৈ আৰু ভৱিষ্যতক উজ্জ্বল কৰিবলৈ অতীতৰ পৰা অনুপ্ৰেৰণা লোৱা উচিত। বিশেষকৈ আমাৰ যুৱ প্ৰজন্মই আমাৰ ব্যৱসায়ীসকলৰ সাহস আৰু দক্ষতাৰ পৰা বহু কথা শিকিবলৈ আছে।

ৰাষ্ট্ৰপতিয়ে কয় যে বিকশিত ভাৰত গঢ়াটো আমাৰ ৰাষ্ট্ৰীয় লক্ষ্য। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ মৰ্যাদা বৃদ্ধি পাইছে। বিশ্বৰ বহু অংশৰ লগতে গোলকীয় অৰ্থনীতিত অস্থিৰতা থকাৰ সময়ত, ভাৰতৰ অৰ্থনীতি শক্তিশালী হৈ আছে। ই বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আমাৰ যাত্ৰাৰ এক প্ৰতিশ্ৰুতিবদ্ধ সূচক।

ৰাষ্ট্ৰপতিয়ে ওড়িশা এক ঔদ্যোগিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু বৰ্ধিত সংখ্যক বিনিয়োগকাৰীক আকৰ্ষিত কৰিছে বুলি জানি আনন্দিত হয়। ওড়িশাৰ উদ্যোগী, শিল্পী, শিপিনী আৰু যুৱ প্ৰজন্মই তেওঁলোকৰ দক্ষতা তথা উদ্যোগৰ মনোভাৱৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনীতিক শক্তিশালী কৰি তুলিছে বুলি মন্তব্য কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, তেওঁলোকৰ বৰ্ধিত অৱদান হৈছে বিকশিত ওড়িশাৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত প্ৰগতিৰ এক উৎসাহজনক চিহ্ন।

****

MJPS/SS/PRK/MK


(ৰিলিজ আই ডি : 2341004) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Odia , Malayalam