অতিপ্ৰাকৃত উপাদান, ৰোমাঞ্চকৰ একচন আৰু গভীৰ মানৱীয় আৱেগৰ সংমিশ্ৰণেৰে নিৰ্মিত মালায়ালম ছবি ‘হাফ’-ৰ গালা প্ৰিমিয়াৰ আজি ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)ত অনুষ্ঠিত হয়, যিয়ে দৰ্শকসকলক এক ব্যতিক্ৰমী চিনেমেটিক জগতৰ আভাস প্ৰদান কৰে।
আজি প্ৰেছ ইনফৰ্মেচন ব্যুৰোৰ দ্বাৰা আয়োজিত এক সংবাদমেলত বক্তব্য ৰাখি অভিনেত্ৰী অমলা পলে কয় যে ভেম্পায়াৰ আৰু অতিপ্ৰাকৃত চৰিত্ৰৰ সৈতে জড়িত ভূমিকা অভিনেতাসকলক অতি কমেইহে আগবঢ়োৱা হয়, যাৰ বাবে ‘হাফ’ তেওঁৰ বাবে এক বিশেষভাৱে ৰোমাঞ্চকৰ প্ৰকল্প হৈ পৰিছে। তেওঁ ইয়াক এনে এটা চৰিত্ৰত অভিনয় কৰাৰ সুযোগ বুলি বৰ্ণনা কৰে যিটো তেওঁ কেতিয়াও কল্পনা কৰা নাছিল, অথচ এগৰাকী অভিনেত্ৰী হিচাপে সদায়েই অন্বেষণ কৰিব বিচাৰিছিল।
অভিনেতা আব্বাছে ছবিখনত তেওঁৰ চৰিত্ৰটোক পূৰ্বৰ প্ৰকল্পসমূহতকৈ সম্পূৰ্ণ পৃথক বুলি অভিহিত কৰে। জয়ছালমেৰৰ প্ৰচণ্ড গৰমৰ মাজত শ্বুটিং কৰাৰ প্ৰত্যাহ্বানসমূহৰ কথা স্মৰণ কৰি তেওঁ কয় যে এই অভিজ্ঞতাই তেওঁক নিজৰ পৰিচিত গণ্ডীৰ বাহিৰলৈ ওলাই আহিবলৈ বাধ্য কৰাইছিল। ছবিখনক এক ‘ছাৰপ্ৰাইজ পেকেজ’ বুলি বৰ্ণনা কৰি তেওঁ দৰ্শকসকলক এক মনোৰঞ্জনধৰ্মী চিনেমেটিক অভিজ্ঞতা প্ৰদান কৰাৰ বাবে সমগ্ৰ দলটোৰ প্ৰচেষ্টাৰ শলাগ লয়।
অভিনেতা ৰঞ্জিত সজীৱৰ বাবে অভিনয়ৰ প্ৰতি থকা তেওঁৰ গভীৰ আগ্ৰহে এই প্ৰকল্পটোক বিশেষভাৱে উৎসাহজনক কৰি তুলিছিল। ‘হাফ’ক এক সুকীয়া দৃষ্টিভংগীৰে নিৰ্মিত একচন থ্ৰিলাৰ বুলি বৰ্ণনা কৰি তেওঁ জানিবলৈ দিয়ে যে দুয়োগৰাকী মুখ্য অভিনেতা— অৰ্থাৎ তেওঁ নিজে আৰু ঐশ্বৰ্য ৰাজে কঠিন একচন দৃশ্যসমূহৰ বাবে নিজকে সাজু কৰিবলৈ এক নিবিড় কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। নিজৰ চৰিত্ৰটোৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ আঙুলিয়াই দিয়ে যে এখন একচনধৰ্মী ছবি হোৱা সত্ত্বেও ‘হাফ’ত এটাও ‘শ্লো-মোচন’ শ্বট ব্যৱহাৰ কৰা হোৱা নাই, যিয়ে দৰ্শকক এক সুকীয়া থিয়েটাৰ অভিজ্ঞতা প্ৰদান কৰাৰ ক্ষেত্ৰত দলটোৰ উদ্দেশ্যকে প্ৰতিফলিত কৰে।
অভিনেত্ৰী ঐশ্বৰ্য ৰাজে ছবিখনত ভাই-ভনীৰ মাজৰ সম্পৰ্কটোক তেওঁৰ হৃদয়ত আটাইতকৈ গভীৰভাৱে ৰেখাপাত কৰা অন্যতম দিশ হিচাপে উল্লেখ কৰে। তেওঁ স্বীকাৰ কৰে যে একচন দৃশ্যসমূহ শিকা আৰু পৰিৱেশন কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল আৰু তেওঁ ভবাতকৈ সম্পূৰ্ণ বেলেগ আছিল। ‘হাফ’ক ভেম্পায়াৰৰ আটাইতকৈ আকৰ্ষণীয় চিত্ৰণসমূহৰ ভিতৰত অন্যতম বুলি বৰ্ণনা কৰি তেওঁ কয় যে ছবিখনত ভেম্পায়াৰসকলক গতানুগতিক অতিপ্ৰাকৃত প্ৰাণীৰ পৰিৱৰ্তে বন্ধুত্বপূৰ্ণ, আপোন যেন লগা আৰু আমাৰ চুবুৰীয়াৰ দৰে চৰিত্ৰ হিচাপে উপস্থাপন কৰা হৈছে।
প্ৰযোজক এনী সঞ্জীৱে ছবিখনৰ সাহসী ধাৰণা আৰু সুকীয়া বিষয়বস্তুৰ বিষয়ে উল্লেখ কৰি মালায়ালম চিনেমাক ভৌগোলিক সীমাৰ বাহিৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত দলটোৰ উচ্চাকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে দলটোৱে ইয়াৰ সুকীয়া কাহিনীটো আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজলৈ লৈ যাবলৈ অতি আগ্ৰহী। ভৱিষ্যতেও দৰ্শকসকলক অধিক অনন্য আৰু আকৰ্ষণীয় বিষয়বস্তু উপহাৰ দিয়াৰ আশা তেওঁ ব্যক্ত কৰে।
_20261124193151_94c611.jpeg)



ইফিলইড ইয়াত পঢ়ক:https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Gopika/ Darshana | IFFI 57 - 086