57th International Film Festival of India 2026
20 – 28 Nov 2026

“কেৱল চলচ্চিত্ৰ নিৰ্মাতাই নহয়, প্ৰতিজন মানুহৰেই নিজা একোটা কাহিনী থাকে”: ইফি মাষ্টাৰক্লাছত বোগডান মুৰেছানু

“আপোনাৰ মনৰ স্বগতোক্তি যেতিয়া এক সংলাপলৈ ৰূপান্তৰিত হয়, তেতিয়া ছবিখন কেৱল আপোনাৰ হৈ নাথাকে”: মুৰেছানু

পোষ্ট কৰা হৈছে: 24 NOV 2026 7:42PMby PIB Guwahatiৰিলিজ আই ডি : 2340995Views: 2

প্ৰতিটো কাহিনীতেই বাস্তৱৰ একোটা টুকুৰা নিহিত হৈ থাকে, ঠিক তেনেদৰে প্ৰতিটো স্মৃতিতেই কল্পনাৰ সম্ভাৱনা লুকাই থাকে। বাস্তৱ জীৱনৰ অভিজ্ঞতা আৰু চিনেমেটিক কল্পনাৰ মাজৰ এই সূক্ষ্ম পৰিসৰটোক অন্বেষণ কৰি আজি গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)ত বিশিষ্ট ৰোমানিয়ান লেখক, পৰিচালক তথা প্ৰযোজক বোগডান মুৰেছানুৱে ‘দ্য থিন বৰ্ডাৰ্ছ বিটুইন দ্য ৰিয়েলিটি এণ্ড ফিকচন’ শীৰ্ষক এক আকৰ্ষণীয় মাষ্টাৰক্লাছ পৰিচালনা কৰে।

চিনেমাপ্ৰেমী, শিক্ষাৰ্থী আৰু চলচ্চিত্ৰ জগতৰ পেছাদাৰী ব্যক্তিসকলৰ এক উৎসাহী সমাৱেশক সম্বোধন কৰি মুৰেছানুৱে মানৱ অস্তিত্বৰ সৈতে কাহিনী কোৱা কলাটো কিয় ওতপ্ৰোতভাৱে জড়িত আৰু কাহিনীসমূহে আমাক পৃথিৱীখন বুজি পোৱাত কেনেদৰে সহায় কৰে, সেই বিষয়ে গভীৰ অন্তৰ্দৃষ্টিসম্পন্ন মতামত আগবঢ়ায়। কাহিনী কোৱাটো কেৱল শিল্পীসকলৰ একচেটিয়া অধিকাৰ নহয় বুলি উল্লেখ কৰি তেওঁ লক্ষ্য কৰে যে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰা দৈনন্দিন জীৱনৰ সৰু-সুৰা ঘটনাৰ পৰা আৰম্ভ কৰি চিনেমাৰ জৰিয়তে কোৱা কাহিনীলৈকে— সকলো আখ্যানেই আমাক সম্ভাৱ্য বাস্তৱতাৰ সন্ধান কৰিবলৈ আৰু আমাৰ মনটোক সজীৱ কৰি তুলিবলৈ সুযোগ দিয়ে।

তেওঁ চলচ্চিত্ৰ নিৰ্মাণক এক গভীৰ ব্যক্তিগত প্ৰক্ৰিয়া বুলি অভিহিত কৰে, যি অৱশেষত এক সামূহিক অভিজ্ঞতালৈ ৰূপান্তৰিত হয়। “আপোনাৰ মনৰ স্বগতোক্তি যেতিয়া এক সংলাপলৈ ৰূপান্তৰিত হয়, তেতিয়া ছবিখন কেৱল আপোনাৰ হৈ নাথাকে,” বুলি মন্তব্য কৰি তেওঁ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ ব্যক্তিগত দৃষ্টিভংগীয়ে দৰ্শকৰ ব্যাখ্যাৰ জৰিয়তে কেনেদৰে নতুন অৰ্থ লাভ কৰে, সেই দিশটো উন্মোচন কৰে। চিনেমাৰ কলা-কৌশলৰ বিষয়ে আলোচনা কৰি মুৰেছানুৱে এটা স্পষ্ট মূল ধাৰণাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ দৃঢ়তাৰে কয়, “এখন উপন্যাসত কাহিনীৰ বহুতো শাখা-প্ৰশাখা বা গতিপথ সলনি হোৱাৰ অৱকাশ থাকে, কিন্তু দুঘণ্টীয়া এখন ছবি অত্যন্ত কেন্দ্ৰীভূত হ’ব লাগিব; ইয়াৰ প্ৰেক্ষাপট, মূল ভিত্তি আৰু বিষয়বস্তু এটা শক্তিশালী মূল দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণ হ’ব লাগিব।”

তেওঁ চিনেমেটিক কাহিনী কথনত ‘অনুক্ত’ বা নোকোৱাকৈ ৰখা কথাবোৰৰ শক্তিৰ ওপৰতো আলোকপাত কৰে। তেওঁৰ এখন ছবিৰ এটা দৃশ্যৰ কথা স্মৰণ কৰি তেওঁ বুজাই দিয়ে যে কেনেকৈ তেওঁ সচেতনভাৱে এটা চৰিত্ৰই ফটকা জ্বলোৱা দৃশ্যটো নেদেখুৱাকৈ ৰাখি সেই মুহূৰ্তটো দৰ্শকৰ কল্পনাৰ ওপৰত এৰি দিছিল। তেওঁ লক্ষ্য কৰে যে এনে সৃজনশীল সংযমে দৰ্শকক আৱেগিকভাৱে কাহিনীটোৰ সৈতে জড়িত হোৱাৰ সুযোগ দিয়ে।

আৰ্কাইভেল ফুটেজ বা পুৰণি নথিপত্ৰৰ দৃশ্যসমূহক ইতিহাসৰ সম্পূৰ্ণ নিৰপেক্ষ প্ৰতিফলন বুলি থকা ধাৰণাটোক প্ৰত্যাহ্বান জনাই মুৰেছানুৱে আঙুলিয়াই দিয়ে যে প্ৰতিটো কেমেৰাই কেৱল এটা দৃষ্টিকোণহে বন্দী কৰে। তেওঁৰ ‘দ্য খ্ৰীষ্টমাছ গিফ্ট’ আৰু ‘দ্য নিউ ইয়েৰ দ্যাট নেভাৰ কেম’ ছবি দুখনৰ উদাহৰণ দি তেওঁ আৰ্কাইভেল সমল আৰু কাল্পনিক আখ্যানসমূহে কেনেকৈ ইটোৱে সিটোক পৰিপূৰক হিচাপে সহায় কৰিব পাৰে, সেই বিষয়ে আলোচনা কৰে। এক আকৰ্ষণীয় অভিজ্ঞতা শ্বেয়াৰ কৰি তেওঁ মন্তব্য কৰে, “যেতিয়া কল্পকাহিনীয়ে বাস্তৱক বুজিবলৈ এক সৰলীকৃত আৰ্হি হিচাপে কাম কৰে, তেতিয়া ই বাস্তৱৰ সৈতে একাকাৰ হৈ পৰে। দুয়োটাই ইটোৱে সিটোক সমৃদ্ধ কৰে।”

দৃশ্যমান ভাষাই কাহিনী কথনক কেনেদৰে গঢ় দিয়ে, সেই বিষয়েও মুৰেছানুৱে বিশদভাৱে আলোচনা কৰে। তেওঁ বুজাই দিয়ে যে ৰোমানিয়াৰ সাম্যবাদী যুগৰ পটভূমিত নিৰ্মিত ছবিসমূহত আৰ্কাইভেল ফুটেজৰ সৈতে খাপ খুৱাবলৈ আৰু ঘনিষ্ঠতা তথা আৱদ্ধতাৰ অনুভূতি সৃষ্টি কৰিবলৈ তেওঁ ৪:৩ এছপেক্ট ৰেচিঅ’ ব্যৱহাৰ কৰিছিল। ইয়াৰ বিপৰীতে, তেওঁৰ এনিমেটেড চুটি ছবি ‘দ্য মেজিচিয়ান’ত এক বিস্তৃত ৱাইডস্ক্ৰীণ ফৰ্মেট ব্যৱহাৰ কৰা হৈছিল, যিয়ে বন্দৰটোক কাহিনীটোত এক সক্ৰিয় উপস্থিতি প্ৰদান কৰিছিল।

সমসাময়িক চিনেমাৰ সন্দৰ্ভত মত প্ৰকাশ কৰি তেওঁ জোৰ দি কয় যে প্ৰকৃত চিনেমেটিক শক্তি কেৱল গতি বা চমকপ্ৰদ দৃশ্যপটত নিহিত হৈ নাথাকে, বৰঞ্চ মানুহৰ মুখমণ্ডলৰ অভিব্যক্তিৰ সম্ভাৱনা আৰু দৃষ্টিৰ জৰিয়তে প্ৰকাশ পোৱা আৱেগৰ মাজতহে লুকাই থাকে। পাৰস্পৰিক প্ৰশ্নোত্তৰ পৰ্বত ঐতিহাসিক জীৱনীমূলক ছবি (বায়’পিক), পৌৰাণিক কাহিনী আৰু বাস্তৱ জীৱনৰ ব্যক্তিত্বক পৰ্দাত চিত্ৰিত কৰাৰ নৈতিক দায়িত্বৰ বিষয়ে আলোচনা কৰা হয়। এগৰাকী কিংবদন্তী ব্যক্তিৰ জীৱনীমূলক ছবি পৰিচালনা কৰিবলৈ অলপতে লাভ কৰা এটা প্ৰস্তাৱৰ কথা উল্লেখ কৰি মুৰেছানুৱে মন্তব্য কৰে যে এজন ব্যক্তিৰ সম্পূৰ্ণ জীৱনী তুলি ধৰাৰ চেষ্টা কৰাতকৈ তেওঁৰ জীৱনৰ এটা নিৰ্ণায়ক অধ্যায়ত গুৰুত্ব দিলেহে প্ৰায়ে অধিক গভীৰ সত্য উন্মোচিত হয়।

এক দাৰ্শনিক সুৰত আলোচনাৰ সামৰণি মাৰি তেওঁ কাহিনীকাৰসকলক পৰম্পৰাগতভাৱে লাভ কৰা দৃষ্টিভংগীৰ গণ্ডী অতিক্ৰম কৰি বহল বিশ্বৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু সাহস তথা স্পষ্টতাৰে নিজৰ শিপাৰ ওচৰলৈ উভতি আহিবলৈ উৎসাহিত কৰে।

 

 

ইফিলইড ইয়াত পঢ়ক:https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Swadhin/ Darshana | IFFI 57 - 087


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340995
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026