57th International Film Festival of India 2026
20 – 28 Nov 2026

দৈনন্দিন জীৱনৰ পৰা অতিপ্ৰাকৃত জগতলৈ: ৫৭ সংখ্যক ইফিত 'সৰ্বম মায়া' নিৰ্মাণৰ সন্দৰ্ভত পৰিচালক অখিল সত্যনৰ মতামত

"চিনেমাত হাস্যৰসো নাটকীয়তা আৰু ৰোমাঞ্চৰ দৰেই শক্তিশালী হ'ব পাৰে": অখিল সত্যন

পোষ্ট কৰা হৈছে: 24 NOV 2026 6:10PMby PIB Guwahatiৰিলিজ আই ডি : 2340922Views: 3

দৈনন্দিন জীৱনৰ অভিজ্ঞতা আৰু গভীৰ ব্যক্তিগত অনুভৱৰ পৰা অনুপ্ৰাণিত হৈ মালায়ালম চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী অখিল সত্যনে আজি গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)ৰ এক সংবাদমেলত তেওঁৰ অতিপ্ৰাকৃত ড্ৰামা ছবি ‘সৰ্বম মায়া’ নিৰ্মাণৰ আঁৰৰ কাহিনী বৰ্ণনা কৰে। নিভিন পলি আৰু ৰিয়া শিবু অভিনীত ২০২৫ চনৰ এই মালায়ালম পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন ইফি ২০২৬-ৰ ইণ্ডিয়ান পেনোৰামা শাখাত প্ৰদৰ্শিত হৈছে।

‘সৰ্বম মায়া’ক ঘৰুৱা সংবেদনশীলতা থকা এখন গভীৰভাৱে ব্যক্তিগত ছবি বুলি অভিহিত কৰি শ্ৰী অখিলে স্মৰণ কৰে যে ভূতৰ ছবিৰ প্ৰতি থকা নিজৰ ভয়ৰ বাবেই তেওঁ আৰু তেওঁৰ বন্ধু নিভিন পলি দুয়োজনে এখন হৰৰ ছবি নিৰ্মাণ কৰিবলৈ কিছু শংকিত আছিল। কিন্তু এটা মন্দিৰত পূৰ্বতে নাস্তিক হৈ থকা এজন পুৰোহিতক লগ পোৱাৰ পাছতহে ছবিখনৰ ধাৰণাটোৱে গঢ় লয়। দৈনন্দিন জীৱনৰ এই অভিজ্ঞতাই ভূত-প্ৰেত খেদোৱা এজন নাস্তিক পুৰোহিত আৰু এজনী জেন জি ভূতৰ সংগ লাভ কৰাৰ দৰে এক ব্যতিক্ৰমী কাহিনীৰ জন্ম দিয়ে।

শ্ৰী অখিল সত্যনৰ ৰচনা আৰু পৰিচালনাৰে নিৰ্মিত ‘সৰ্বম মায়া’ৰ কাহিনীটো প্ৰভেন্দু নামৰ এজন সংগীতজ্ঞ তথা নাস্তিক যুৱকক কেন্দ্ৰ কৰি আগবাঢ়িছে, যি পাৰিবাৰিক পৰিস্থিতিত পৰি এজন পৰম্পৰাগত হিন্দু পুৰোহিত হ'বলৈ বাধ্য হয়। নিজৰ অতীতক মানি ল'বলৈ সংগ্ৰাম কৰি থকা এগৰাকী যুৱতীৰ আত্মা মায়া— যাক ‘ডেলুলু’ বুলিও জনা যায়— তেওঁৰ সৈতে মুখামুখি হোৱাৰ পাছতেই প্ৰভেন্দুৰ জীৱনে এক অভাৱনীয় মোৰ লয়। তেওঁলোকৰ এই অসাধাৰণ বন্ধুত্ব আত্ম-আৱিষ্কাৰৰ এক যাত্ৰালৈ ৰূপান্তৰিত হয়, য’ত বিশ্বাস, হেৰুওৱাৰ বেদনা, প্ৰেম আৰু মানৱীয় সম্পৰ্কৰ নিৰাময়কাৰী শক্তিৰ সন্ধান কৰা হৈছে।

কাহিনী কোৱাৰ শৈলীত হাস্যৰসৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি শ্ৰী অখিল সত্যনে জোৰ দি কয় যে দৰ্শকক আকৰ্ষণ কৰিবলৈ এখন ছবিয়ে কাহিনীৰ সৈতে সংগতি নথকা হিংসা বা একচন দৃশ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁ লক্ষ্য কৰে যে নাটকীয়তা বা ৰোমাঞ্চৰ দৰেই হাস্যৰসেও এখন ছবিৰ বাণিজ্যিক সফলতাত সমানেই অৰিহণা যোগাব পাৰে, লগতে ই কাহিনীটোক সৌন্দৰ্য আৰু আৱেগিক গভীৰতা প্ৰদান কৰে। নিভিন পলিৰ সহজাত হাস্যৰসবোধে তেওঁলোকৰ এই যুটীয়া কামক বিশেষভাৱে উপভোগ্য কৰি তুলিছিল বুলিও তেওঁ উল্লেখ কৰে।

ছবিখন মহোৎসৱলৈ নিৰ্বাচিত হোৱাত আনন্দ প্ৰকাশ কৰি তেওঁ কয় যে যদিও ইতিমধ্যে বাণিজ্যিকভাৱে মুক্তি লাভ কৰা ছবি এখন জমা দিয়াৰ ক্ষেত্ৰত তেওঁ প্ৰথমতে কিছু দ্বিধাগ্ৰস্ত আছিল, তথাপি ছবিখনৰ আৱেগিক অনুৰণন আৰু কাহিনীৰ গভীৰতাই মহোৎসৱত সমাদৰ লাভ কৰিব বুলি তেওঁ বিশ্বাস কৰিছিল।

তেওঁৰ পিতৃ তথা বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী সত্যন এন্থিকাডৰ প্ৰভাৱৰ বিষয়ে সোধাত শ্ৰী অখিলে কয় যে তেওঁৰ ছবিসমূহত থকা থলুৱা উপাদানসমূহ নিজৰ অভিজ্ঞতাৰ পৰাই স্বাভাৱিকভাৱে ওলাই আহিছে। যদিও প্ৰথম অৱস্থাত তেওঁ শ্ৰী মণি ৰত্নমৰ চিনেমা, বিশেষকৈ ‘বম্বে’ৰ দৰে ছবিৰ প্ৰতি আকৰ্ষিত আছিল, লাহে লাহে তেওঁ ‘বৰৱেলপু’কে ধৰি পিতৃৰ কৰ্মৰাজিৰ গভীৰতা উপলব্ধি কৰিবলৈ আৰম্ভ কৰে। তেওঁ প্ৰবীণ অভিনেতা তথা চিত্ৰনাট্যকাৰ শ্ৰী শ্ৰীনিবাসনৰ প্ৰভাৱৰ কথাও কৃতজ্ঞতাৰে স্বীকাৰ কৰে।

তথ্য প্ৰযুক্তি খণ্ডৰ কেৰিয়াৰ এৰি চলচ্চিত্ৰ নিৰ্মাণলৈ অহা শ্ৰী অখিল সত্যনে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলক, বিশেষকৈ চলচ্চিত্ৰ উদ্যোগৰ কোনো পটভূমি নথকাসকলক প্ৰথমে দুমিনিটৰ এখন আকৰ্ষণীয় ছবিৰ ধাৰণা লিখি তাৰ শ্বুটিং আৰু সম্পাদনাৰে যাত্ৰা আৰম্ভ কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয় যে চিনেমাৰ জগতত প্ৰথম খোজ দিবলৈ এডাল পেঞ্চিল আৰু এখিলা কাগজেই যথেষ্ট হ’ব পাৰে, আৰু এটা সুন্দৰকৈ লিখা ধাৰণাই এজনৰ ভৱিষ্যতৰ গতিপথ সলনি কৰি দিব পাৰে।

এজন নাস্তিক পুৰোহিত আৰু এটা তৰুণ আত্মাৰ মাজৰ অসাধাৰণ বন্ধুত্বৰ জৰিয়তে ‘সৰ্বম মায়া’ই হাস্যৰস, কোমলতা আৰু বিশ্বাস তথা হেৰুওৱাৰ অনুভূতিক একত্ৰিত কৰিছে। ইফি ২০২৬-ৰ মূল বিষয়বস্তু ‘সীমাহীন কাহিনী’ৰ সৈতে সংগতি ৰাখি ছবিখনে স্থানীয় অভিজ্ঞতাৰ শিপাৰ সৈতে জড়িত কাহিনীসমূহে কেনেদৰে সাৰ্বজনীন মানৱীয় আৱেগৰ জৰিয়তে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে, তাকেই প্ৰতিফলিত কৰিছে।

সংবাদমেলখন সঞ্চালনা কৰে শ্ৰী এলান চিবিয়ে।

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Praveen/ Darshana | IFFI 57 - 084


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340922
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026