প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী গুৰু নানক দেৱ জীৰ প্ৰকাশ পৰ্ব উপলক্ষে আয়োজিত শাবদ কীৰ্তনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 23 NOV 2026 8:22PM by PIB Guwahati

গুৰু প্যাৰী সাধ সংগত জী, ৱাহেগুৰু জী কা খালছা, ৱাহেগুৰু জী কী ফতেহ!

 

শিখ সমাজৰ পৰম পূজনীয় সন্তসকল, দিল্লীৰ উপ-ৰাজ্যপাল তৰণজিৎ সিং সান্ধু জী, দিল্লীৰ মুখ্যমন্ত্ৰী ভগ্নী ৰেখা গুপ্তা জী, সংসদৰ মোৰ সতীৰ্থসকল, দিল্লী চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সকলো বিশিষ্ট অতিথি, ভদ্ৰ পুৰষ-মহিলাসকল,

 

এই পবিত্ৰ পৰিৱেশত মই গুৰু নানক দেৱ জীক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। প্ৰকাশ পৰ্ব উপলক্ষে দেশৰ সকলো জনসাধাৰণক মই কোটি কোটি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গুৰু পূৰবৰ এই পবিত্ৰ ক্ষণত মোক এই শাবদ কীৰ্তনত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া বাবে তৰণজিৎ সিং সান্ধু জীক আন্তৰিক ধন্যবাদ জনাইছোঁ।

 

বন্ধুসকল, গুৰবাণীৰ প্ৰতিটো শব্দ আৰু কীৰ্তনৰ প্ৰতিটো সুৰ কেৱল সংগীত নহয়। ই প্ৰকৃতাৰ্থত এক আধ্যাত্মিক সাধনা। ই জ্ঞানৰ সাগৰত ডুব যোৱাৰ দৰে। সেয়েহে, যেতিয়াই মই এনে অনুষ্ঠানৰ বাবে আমন্ত্ৰণ পাওঁ, যেতিয়াই সুযোগ পাওঁ, মই সংগত আৰু কীৰ্তনত উপস্থিত থাকিবলৈ সদায় চেষ্টা কৰোঁ।

 

বন্ধুসকল, গুৰু নানক দেৱ জীয়ে কৈছিল: কিৰত কৰো, ৱণ্ড ছকো, নাম জপো। এই শিক্ষাসমূহ মোৰ জীৱনৰ এক স্বাভাৱিক অংশ হৈ আহিছে। গুৰুদ্বাৰত মূৰ দোঁৱাই প্ৰণাম জনোৱা, গুৰবাণীত মগ্ন হৈ আধ্যাত্মিক আনন্দ লাভ কৰা, সেৱাত আনন্দ বিচাৰি পোৱা আৰু তাৰ পাছত লংগৰত প্ৰসাদ গ্ৰহণ কৰা— এইবোৰ শৈশৱৰ পৰা মোৰ সাংগঠনিক কৰ্মী হিচাপে কাম কৰা দিনবোৰলৈকে মোৰ যাত্ৰাৰ এক অবিৰত অংশ হৈ আহিছে। বহুবাৰ মই শ্ৰী হৰমন্দিৰ চাহিবত মূৰ দোঁৱাই সেৱা জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ। পুৰণি সতীৰ্থসকলে জানে যে মই পঞ্জাবতো যথেষ্ট সময় কটাইছোঁ, আৰু সেই সময়ছোৱা মোৰ জীৱনৰ অন্যতম বিশেষ স্মৃতি হৈ আছে।

 

ভাই-ভনীসকল, গুৰুৰ কৃপাত মই নিৰন্তৰ শিখ সন্তসকলৰ সান্নিধ্য লাভ কৰি আহিছোঁ। প্ৰধানমন্ত্ৰীৰ বাসভৱনতো মই বহুতো শিখ সন্ত আৰু জ্ঞানী লোকক আদৰণি জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ। আজিও এই সমাৱেশত আমাৰ সন্তসকলৰ উপস্থিতিয়ে এক অনন্য আধ্যাত্মিক শক্তিৰ সৃষ্টি কৰিছে। এই উপলক্ষে মই সকলো সন্ত আৰু জ্ঞানী লোকক প্ৰণাম জনাইছোঁ। মই সকলো শিখ ভাই-ভনীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল, এই বছৰৰ প্ৰকাশ পৰ্বৰ লগত আন এক পবিত্ৰ স্মৰণ জড়িত হৈ আছে। এই বছৰ শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ শ্বহীদ হোৱাৰ ৩৫০ বছৰ সম্পূৰ্ণ হৈছে। দিল্লীৰ এই মাটিতেই গুৰু চাহিবে এই ৰাষ্ট্ৰৰ পৰিচয়, বিশ্বাস, আস্থা আৰু মূল্যবোধ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। সেই ঘটনাৰ তিনিশ পঞ্চাশ বছৰ পাৰ হৈ গ'ল, তথাপি সেই ত্যাগৰ প্ৰেৰণা ভাৰতৰ মাটিত আৰু এই ৰাষ্ট্ৰৰ প্ৰতিটো কোণত গভীৰভাৱে শিপাই আছে। এই দেশৰ জনসাধাৰণ তেওঁৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিব।

 

বন্ধুসকল, ৰাষ্ট্ৰ আৰু ইয়াৰ সংস্কৃতিৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ মনোভাৱ সদায় শিখ পৰম্পৰাৰ সমাৰ্থক হৈ আহিছে। ভাই মতি দাস জী, ভাই সতী দাস জী আৰু ভাই দয়ালা জীৰ আত্মবলিদানে আমাক এই কথা সোঁৱৰাই দিয়ে। স্বাধীনতা সংগ্ৰামৰ সময়তো এই মনোভাৱ অবিৰতভাৱে অব্যাহত আছিল। আমাৰ উপ-ৰাজ্যপাল মহোদয়ে যিদৰে বিতংভাৱে ব্যাখ্যা কৰিছে, চৰ্দাৰ তেজা সিং সমুন্দ্ৰী জী নিজেই এই পৰম্পৰাৰ এক উজ্জ্বল উদাহৰণ। গুৰুদ্বাৰ সংস্কাৰ আন্দোলনত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ নিজৰ সমগ্ৰ জীৱন সেৱাৰ বাবে উৎসৰ্গা কৰিছিল। এই বছৰ তেওঁৰ শ্বহীদ হোৱাৰো এশ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে মই তেওঁকো শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ।

 

বন্ধুসকল, ভাৰতে শতিকাজুৰি দাসত্ব সহ্য কৰিছিল। আমাৰ ইতিহাসৰ আটাইতকৈ কঠিন সময়ছোৱাত আমাৰ গুৰুসকলে ৰাষ্ট্ৰ ৰক্ষাৰ শিখা প্ৰজ্বলিত কৰি ৰাখিছিল। আজি যেতিয়া আমাৰ সন্মুখত মহান ৰাষ্ট্ৰীয় সংকল্প থিয় দিছে, যেতিয়া আমাৰ সন্মুখত এখন বিকশিত ভাৰতৰ লক্ষ্য আছে, তেতিয়া এই যাত্ৰা কেৱল আমাৰ গুৰুসকলৰ প্ৰেৰণা আৰু তেওঁলোকৰ আদৰ্শৰ শক্তিৰেহে সম্পূৰ্ণ কৰিব পৰা যাব। সেয়েহে, শিখ পৰম্পৰা আৰু শিখ ঐতিহ্যক সমাজৰ সন্মুখত এক আলোকবৰ্তিকাৰ দৰে উজ্জ্বলাই ৰখাটো আমাৰ দায়িত্ব।

 

বন্ধুসকল, বিগত বাৰ বছৰত আমি আন্তৰিকতাৰে এই দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আমি গুৰু গোবিন্দ সিং জীৰ ৩৫০সংখ্যক প্ৰকাশ পৰ্ব উদযাপন কৰিলোঁ। আমি গুৰু নানক দেৱ জীৰ ৫৫০ সংখ্যক প্ৰকাশ পৰ্ব উদযাপন কৰিলোঁ। ভাৰত আৰু বিদেশত অসংখ্য অনুষ্ঠানৰ আয়োজন কৰা হ'ল। স্মাৰক মুদ্ৰা আৰু ডাক টিকট জাৰি কৰা হ'ল। বিশেষ ৰে'ল চলোৱা হ'ল। সমগ্ৰ দেশতে গুৰবাণীৰ প্ৰতি সমৰ্পিত অনুষ্ঠানৰ আয়োজন কৰা হ'ল। একেদৰে, গুৰু টেগ বাহাদুৰ জীৰ ৪০০ সংখ্যক প্ৰকাশ পৰ্ব উপলক্ষে লালকিল্লাত এক ৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। সেই একে মনোভাৱেৰে আমি বৰ্তমান গুৰু টেগ বাহাদুৰ জীৰ ৩৫০সংখ্যক শ্বহীদ দিৱস উদযাপন কৰি আছোঁ।

 

বন্ধুসকল, এতিয়াৰ পৰা এমাহ পাছত, ২৬ ডিচেম্বৰত দেশে আন এক 'বীৰ বাল দিৱস' পালন কৰিব। আমি ৰাষ্ট্ৰীয় পৰ্যায়ত এই দিৱস পালন কৰিবলৈ আৰম্ভ কৰিছিলোঁ কাৰণ চাহিবজাদাসকলৰ আত্মবলিদানৰ অমৰ গাথা, মাতা গুজৰীৰ দৃঢ় সংকল্প আৰু সেই অতুলনীয় সাহস তথা বীৰত্বৰ কথা নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাটো আমাৰ দায়িত্ব। যেতিয়া আমাৰ শিশুসকলে সেই সময়ৰ পৰিস্থিতিৰ বিষয়ে জানিব, যেতিয়া তেওঁলোকে বুজিব যে চাহিবজাদা আৰু গুৰুসকলে কেনেদৰে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিছিল আৰু তেওঁলোকৰ ত্যাগৰ জৰিয়তে আমাৰ বিশ্বাস কেনেদৰে সুৰক্ষিত হৈছিল, তেতিয়া সেই জ্ঞান আৰু প্ৰেৰণাই ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত যুৱপ্ৰজন্ম গঢ়ি তুলিব।

 

গুৰুসকলক সন্মান জনোৱাৰ আমাৰ প্ৰচেষ্টা কেৱল ভাৰততেই সীমাবদ্ধ নহয়। মাত্ৰ কেইদিনমান আগতে মই ফিলিপাইনছত আছিলোঁ। তাতো মই ফিলিপাইনছৰ আটাইতকৈ পুৰণি গুৰুদ্বাৰ 'খালছা দিৱান গুৰুদ্বাৰ' পৰিদৰ্শন কৰিছিলোঁ। ভাৰত চৰকাৰেও খালছা দিৱান গুৰুদ্বাৰৰ পুনৰ উন্নয়নত সহায় আগবঢ়াইছে। আমাৰ প্ৰচেষ্টা এয়ে যে আমাৰ গুৰুসকলৰ পোহৰ প্ৰতিগৰাকী ব্যক্তিৰ ওচৰ পাব লাগে। তেওঁলোকৰ আশীৰ্বাদত ভাৰতে নিৰন্তৰ নতুন উচ্চতা স্পৰ্শ কৰিব লাগে।

 

বন্ধুসকল, আমাৰ অৰ্দাসত আমি কওঁ: নানক নাম চড়দী কলা, তেৰে ভানে সৰ্বত দা ভলা। সকলোৰে মংগল কামনা কৰাৰ এই শিক্ষা আমি গুৰবাণীৰ পৰা লাভ কৰোঁ। আৰু সকলোৰে কল্যাণৰ বাবে কাম কৰাৰ চিন্তাধাৰা তেতিয়াহে জাগ্ৰত হয় যেতিয়া আমি সকলোকে নিজৰ বুলি ভাবিবলৈ আৰম্ভ কৰোঁ।

 

বন্ধুসকল, আজি বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাত চলি আছে। বহু নিৰীহ লোক আৰু পৰিয়ালে হিংসা আৰু অশান্তিৰ সন্মুখীন হৈছে। এনে সময়ত 'সৰ্বত দা ভলা' (সকলোৰে মংগল)ৰ ভাৱনা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে, যাতে সকলোতে শান্তি বিৰাজ কৰে, প্ৰতিটো পৰিয়াল সুৰক্ষিত হৈ থাকে আৰু প্ৰতিগৰাকী ব্যক্তিয়ে মৰ্যাদাসহকাৰে জীয়াই থকাৰ সুযোগ লাভ কৰে।

 

বন্ধুসকল, গুৰু চাহিবে আমাক দিয়া মূল্যবোধসমূহৰ আটাইতকৈ ডাঙৰ পৰীক্ষা আমাৰ দৈনন্দিন জীৱনত হয়। আজি আমাৰ সমাজৰ সন্মুখত থকা তেনে এক প্ৰত্যাহ্বান হৈছে ড্ৰাগছৰ সমস্যা। কাৰণ যেতিয়া এজন যুৱক নিচাৰ কৱলত পৰে, তেতিয়া তেওঁৰ লগতে এটা সম্পূৰ্ণ পৰিয়ালৰ সপোন ভাঙি চূৰমাৰ হৈ যায়।

 

বন্ধুসকল, দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতী নিচামুক্ত হ’ব লাগে। তেওঁলোকে নিজৰ সপোন পূৰণ কৰিব লাগে, ভালদৰে অধ্যয়ন কৰিব লাগে, জীৱনত উন্নতি কৰিব লাগে আৰু নিজৰ পৰিয়াল তথা ৰাষ্ট্ৰলৈ গৌৰৱ কঢ়িয়াই আনিব লাগে। এই প্ৰচেষ্টাত পৰিয়ালসমূহৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ সংগত, আমাৰ গুৰুদ্বাৰ আৰু আমাৰ সামাজিক অনুষ্ঠানসমূহে একেলগে যুৱপ্ৰজন্মক পথ প্ৰদৰ্শন কৰিব পাৰে আৰু সঠিক পথ বাছি ল’বলৈ সাহস যোগাব পাৰে। মই নিশ্চিত যে গুৰু চাহিবৰ আশীৰ্বাদ আৰু সমাজৰ সামূহিক প্ৰচেষ্টাৰে আমি আমাৰ নতুন প্ৰজন্মৰ বাবে এক সুৰক্ষিত আৰু উজ্জ্বল ভৱিষ্যত প্ৰদান কৰিবলৈ সক্ষম হ’ম। এই ভাৱনাৰে মই পুনৰবাৰ শ্ৰী গুৰু নানক দেৱ জী মহাৰাজৰ পবিত্ৰ প্ৰকাশ পৰ্ব উপলক্ষে আপোনালোক সকলোকে লাখ-লাখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

ৱাহেগুৰু জী কা খালছা, ৱাহেগুৰু জী কী ফতেহ!

 

আহক, মোৰ সৈতে জয়কাৰা লগাওক-বোলে সো নিহাল! সত শ্ৰী অকাল!

 

অশেষ ধন্যবাদ!

****

MJPS/SS/VJ/ST/DB


(ৰিলিজ আই ডি : 2340769) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Telugu