কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত যুটীয়া কৰ্মশালাৰ সামৰণি

বিষয়া-কৰ্মচাৰীসকলক উৎসাহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয়— “আপোনালোকে কেৱল আঁচনিয়ে প্ৰস্তুত কৰা নাই; দেশ গঢ়াৰ কাম কৰিছে। উন্নয়নৰ এই যাত্ৰাৰ প্ৰকৃত চালিকাশক্তি আপোনালোকেই”

“চৰম দৰিদ্ৰতাৰ হাৰ ২৭.১ শতাংশৰ পৰা ২.৬ শতাংশলৈ হ্ৰাস পাইছে; এতিয়াও দৰিদ্ৰতাৰ মাজত থকা লোকসকলক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাটোৱেই আমাৰ সংকল্প”: শ্ৰী শিৱৰাজ সিং চৌহান

“কৃষি খণ্ডৰ বিকাশৰ হাৰ ঐতিহাসিক ৪.৪৫ শতাংশত উপনীত হৈছে, যাৰ ফলত ভাৰতৰ কৃষি খণ্ডই সেউজ বিপ্লৱৰ সময়ছোৱাকো অতিক্ৰম কৰিছে”: কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান

“লাখপতি দিদি, স্থায়ী বাসগৃহ, গ্ৰাম্য পথ, বিকশিত ভাৰত–জি ৰাম জি আৰু জলবিভাজিকা উন্নয়নে গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিছে”: শ্ৰী শিৱৰাজ সিং চৌহান

ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR)-ৰ উদ্ভাৱনে কৃষকৰ আয় বৃদ্ধি কৰিছে; বিনিয়োগ কৰা প্ৰতিটো টকাৰ বিপৰীতে ১৩.৮৫ টকাৰ অৰ্থনৈতিক লাভ হৈছে

“এই সাফল্য আনন্দ আৰু উৎসৱৰ পৰিৱেশেৰে উদযাপন কৰক” : শাখা বিষয়া (Section Officer)ৰ পৰা সচিবলৈকে সকলোৰে প্ৰচেষ্টাক প্ৰশংসা শ্ৰী শিৱৰাজ সিং চৌহানৰ

কৰ্মচাৰীসকলৰ সৈতে পোনপটীয়া মত বিনিময়ৰ বাবে তেওঁলোকৰ মাজত বহি পৰামৰ্শ বিচাৰিলে শ্ৰী শিৱৰাজ সিং চৌহানে; মুক্ত বাণিজ্য চুক্তি (FTA)ৰ জৰিয়তে বিশ্বৰ বজাৰত ভাৰতৰ স্থান সুদৃঢ় কৰাটোৱেই পৰৱৰ্তী লক্ষ্য

পোষ্ট কৰা হৈছে: 23 NOV 2026 9:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত অভূতপূৰ্ব, অসাধাৰণ আৰু ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, দেশৰ প্ৰায় ৫০ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। আনহাতে, চৰম দৰিদ্ৰতাৰ হাৰ ২৭.১ শতাংশৰ পৰা হ্ৰাস পাই মাত্ৰ ২.৬ শতাংশ হৈছেগৈ। এই উল্লেখযোগ্য অগ্ৰগতিৰ আঁৰত কেইবাটাও খণ্ড আৰু চৰকাৰী পদক্ষেপৰ অৱদান আছে। বিশেষকৈ কৃষি আৰু ইয়াৰ সহযোগী কাৰ্যকলাপ, কৃষি গৱেষণা, ভূমি সম্পদ আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য।

 

এই সাফল্যত উক্ত খণ্ডসমূহৰ ভূমিকা মূল্যায়ন কৰা আৰু আগন্তুক দিনৰ কৌশল সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত এদিনীয়া বিশেষ কৰ্মশালাৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে এই যুটীয়া কৰ্মশালাত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্য মন্ত্ৰী শ্ৰী ভাগীৰথ চৌধাৰী আৰু কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্য মন্ত্ৰী শ্ৰী কমলেশ পাছোৱানো কৰ্মশালাত উপস্থিত থাকে। দেশৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি শ্ৰী চৌহানে ইয়াক “অসাধাৰণ, কল্পনাতীত আৰু অভূতপূৰ্ব অলৌকিক সাফল্য” বুলি অভিহিত কৰে।

 

এই কৰ্মশালাত পৰ্যালোচনাৰ অধীনত থকা কাম-কাজ আৰু পদক্ষেপসমূহৰ সৈতে জড়িত চাৰিওটা বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। উপস্থিত বিষয়াসকলৰ ভিতৰত আছিল কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সচিব শ্ৰী অতীশ চন্দ্ৰ, গ্ৰামোন্নয়ন বিভাগৰ সচিব শ্ৰী ৰোহিত কনছাল, ভূমি সম্পদ বিভাগৰ সচিব শ্ৰী দিলীপ কুমাৰ আৰু কৃষি গৱেষণা তথা শিক্ষা বিভাগ (DARE)-ৰ সচিব তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR)-ৰ সঞ্চালক প্ৰধান ড° এম এল জাট।

 

চাৰিওটা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু বিজ্ঞানীসকলৰ লগতে শাখা বিষয়া, সহকাৰী শাখা বিষয়া আৰু বৃহৎ সংখ্যক অন্যান্য বিষয়া-কৰ্মচাৰীয়েও কৰ্মশালাত অংশগ্ৰহণ কৰে। বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীৰ এই অংশগ্ৰহণে প্ৰতিফলিত কৰে যে কৰ্মশালাখনৰ উদ্দেশ্য কেৱল বিভাগীয় সাফল্যসমূহৰ পৰ্যালোচনা কৰাই নহয়, বৰং নীতি আৰু আঁচনিসমূহ পৰিকল্পনাৰ পৰ্যায়ৰ পৰা ৰূপায়ণলৈকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ অৱদানক স্বীকৃতি দিয়াও আছিল।

 

 ৫০ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাটো এক অলৌকিক সাফল্য; এই সংখ্যা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাতকৈও অধিক

 

কৃষি আৰু কৃষক কল্যাণ বিভাগ, ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR), গ্ৰামোন্নয়ন বিভাগ আৰু ভূমি সম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু নিৰ্দেশনাত ভাৰতে অৰ্জন কৰা এই সাফল্য সঁচাকৈয়ে অসাধাৰণ, উল্লেখযোগ্য আৰু কল্পনাতীত।

 

বিশ্ব বেংকেও স্বীকাৰ কৰিছে যে বিশ্বৰ আন কোনো দেশেই ইমান দ্ৰুতগতিত দৰিদ্ৰতা হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই। প্ৰায় ৫০ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠি অহাৰ এই ঘটনা এক ঐতিহাসিক অগ্ৰগতি, বিশেষকৈ ইয়াৰ সৈতে জড়িত জনসংখ্যাৰ বিশালতাৰ প্ৰতি লক্ষ্য ৰাখি।

 

শ্ৰী চৌহানে কয় যে এই অগ্ৰগতি প্ৰধানমন্ত্ৰীৰ নেতৃত্ব, দূৰদৰ্শী চিন্তা আৰু কঠোৰ পৰিশ্ৰমৰ ফল। কিন্তু ইয়াৰ লগতে দুয়োটা মন্ত্ৰালয়ৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰ অৱদানকো স্বীকৃতি দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ জোৰ দি কয় যে এই সাফল্য কোনো এজন ব্যক্তি বা এটা বিভাগৰ কামৰ ফল নহয়। উন্নয়ন সাধন আৰু জনসাধাৰণৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে চৰকাৰী ব্যৱস্থাৰ বিভিন্ন পৰ্যায়ত কৰ্মৰত লোকসকলৰ সামূহিক প্ৰচেষ্টাৰ ফলতেই এই সাফল্য সম্ভৱ হৈছে।

 

“আপোনালোকে কেৱল আঁচনিয়ে প্ৰস্তুত কৰা নাই; দেশ গঢ়াৰ কাম কৰিছে”: এই সাফল্য উদযাপন কৰক

 

বিষয়া-কৰ্মচাৰীসকলক উৎসাহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে কয় যে এই সফলতা নিজে নিজে অহা নাই। ইয়াৰ আঁৰত আছে চৰকাৰী কাৰ্যসূচীসমূহ ৰূপায়ণৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু নিৰন্তৰ প্ৰচেষ্টা।

 

কৰ্মশালাত উপস্থিত সকলোকে আনন্দ আৰু উদযাপনৰ মনোভাৱেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে দেশে যেতিয়া ইমান বৃহৎ সাফল্য অৰ্জন কৰিছে, তেতিয়া তাৰ পৰা উদ্ভৱ হোৱা আনন্দ আৰু গৌৰৱ তেওঁলোকৰ মুখতো প্ৰতিফলিত হোৱা উচিত।

 

শ্ৰী চৌহানে স্মৰণ কৰে যে প্ৰধানমন্ত্ৰীয়ে কৈছিল, “আপোনালোকে কেৱল আঁচনিয়ে প্ৰস্তুত কৰা নাই; দেশ গঢ়াৰ কাম কৰিছে।” তেওঁ ব্যাখ্যা কৰে যে সাধাৰণতে পৰ্যালোচনা বৈঠকসমূহত কেৱল জ্যেষ্ঠ বিষয়াসকলেহে অংশগ্ৰহণ কৰে। কিন্তু এই কৰ্মশালাখনক সুকীয়া কৰি তুলিবলৈ তেওঁ সচেতনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

 

তেওঁ বিচাৰিছিল যে শাখা বিষয়া আৰু সহকাৰী শাখা বিষয়াৰ পৰা আৰম্ভ কৰি সচিব পৰ্যায়লৈকে সকলো পৰ্যায়ৰ সহকৰ্মী উপস্থিত থাকক। কিয়নো তেওঁলোক প্ৰশাসনিক ব্যৱস্থাৰ ভেটি আৰু এই পৰ্যায়ৰ পৰাই ফাইলৰ কাম-কাজ আৰম্ভ হয়।

 

কৰ্মচাৰীসকলক উদ্দেশ্যি তেওঁ কয় যে তেওঁলোক কেৱল দেশৰ উন্নয়নৰ যাত্ৰাৰ সাক্ষী নহয়, বৰং এই যাত্ৰাৰ প্ৰকৃত চালিকাশক্তি আৰু সক্ৰিয় অংশীদাৰ।

 

কৰ্মচাৰীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰাৰ ইচ্ছা প্ৰকাশ কৰি শ্ৰী চৌহানে মঞ্চৰ পৰা নামি আহি দৰ্শকৰ মাজত বহে। তেওঁ কৰ্মচাৰীসকলৰ সৈতে কথা পাতে আৰু ক্ষেত্ৰ পৰ্যায়ত তেওঁলোকৰ অভিজ্ঞতা তথা পৰামৰ্শসমূহ জানিবলৈ চেষ্টা কৰে।

 

এতিয়াও দৰিদ্ৰতাৰ মাজত থকা লোকসকলক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ সংকল্প

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে মানুহে কেৱল জীৱিকা উপাৰ্জনৰ বাবেই কাম নকৰে, বৰং জীৱনৰ এক উদ্দেশ্য বিচাৰি উলিওৱা আৰু দেশৰ জনসাধাৰণৰ সেৱা কৰাৰ বাবেও কাম কৰে।

তেওঁ উল্লেখ কৰে যে চৰকাৰী আঁচনি এখনৰ যাত্ৰাৰ প্ৰতিটো পৰ্যায়তে কৰ্মচাৰীসকলৰ অৱদান থাকে। কোনো আঁচনি তৃণমূল পৰ্যায়ৰ পৰা প্ৰস্তুত কৰা হওক, মন্ত্ৰীসভাত বিবেচনা আৰু অনুমোদন লাভ কৰা হওক অথবা অৱশেষত ক্ষেত্ৰ পৰ্যায়ত ৰূপায়ণ কৰা হওক—প্ৰতিটো পৰ্যায়তে বিভিন্ন স্তৰত কৰ্মৰত লোকসকলৰ প্ৰচেষ্টা ইয়াৰ সফলতাৰ বাবে অপৰিহাৰ্য।

তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দুটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়া দেশৰ সন্মুখত আছে।

প্ৰথমটো হ’ল, যিসকল লোক ইতিমধ্যে দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠি আহিছে, তেওঁলোক যাতে কোনো কাৰণতে পুনৰ দৰিদ্ৰতাৰ মাজলৈ উভতি যাবলগীয়া নহয়, সেয়া নিশ্চিত কৰা।

দ্বিতীয়টো হ’ল, এতিয়াও দৰিদ্ৰতাৰ মাজত থকা জনসংখ্যাৰ অৱশিষ্ট ২.৬ৰ পৰা ২.৭ শতাংশ লোকক দ্ৰুতগতিত দৰিদ্ৰতাৰ পৰা মুক্ত কৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা।

 

শ্ৰী চৌহানে জোৰ দি কয় যে এতিয়ালৈকে অৰ্জন কৰা অগ্ৰগতি সুৰক্ষিত কৰি ৰখাৰ লগতে দেশৰ উন্নয়নৰ সুফল এতিয়াও পৰ্যাপ্ত পৰিমাণে লাভ কৰিবলৈ সক্ষম নোহোৱা লোকসকলৰ কাষ চাপিবলৈ চৰকাৰে কাম অব্যাহত ৰাখিব লাগিব। সেয়েহে আগন্তুক দিনৰ কাম হ’ব এফালে অৰ্জন কৰা সাফল্যসমূহ বৰ্তাই ৰখা আৰু আনফালে বাকী থকা লোকসকলৰ জীৱনো উন্নত কৰি তোলাটো নিশ্চিত কৰা।

 

 কৃষি বিকাশৰ হাৰ ঐতিহাসিক ৪.৪৫ শতাংশত উপনীত; আইচিএআৰ(ICAR)-ৰ গৱেষণাত বিনিয়োগৰ বিপৰীতে ১৩.৮৫ গুণ লাভ

 

কৃষি খণ্ডৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে কয় যে বিগত ১২টা বছৰত এই খণ্ডত উল্লেখযোগ্য অগ্ৰগতি সাধন হৈছে। কৃষি ক্ষেত্ৰত এনে বহু কাম কৰা হৈছে, যাৰ বাবে দেশে গৌৰৱ অনুভৱ কৰিব পাৰে।

 

তেওঁ আঙুলিয়াই দিয়ে যে সেউজ বিপ্লৱৰ সময়ছোৱাতো কৃষি বিকাশৰ হাৰ সাধাৰণতে ৩ৰ পৰা ৩.৫ শতাংশৰ ভিতৰত সীমাবদ্ধ আছিল। কিন্তু বৰ্তমান ভাৰতৰ দশকভিত্তিক কৃষি বিকাশৰ হাৰ ঐতিহাসিক ৪.৪৫ শতাংশত উপনীত হৈছে, যিয়ে সেই সময়ছোৱাত নথিভুক্ত হোৱা হাৰকো অতিক্ৰম কৰিছে।

 

কৃষি খণ্ডৰ অগ্ৰগতিত অৰিহণা যোগোৱা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কৃষি আৰু কৃষক কল্যাণ বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে ৪.৬৬ লাখ কোটি টকাতকৈও অধিক ধন পোনপটীয়াকৈ কৃষকসকলক প্ৰদান কৰা হৈছে।

 

এই খণ্ডত ৩৭৬.৫৬ নিযুত মেট্ৰিক টন খাদ্যশস্য উৎপাদন আৰু ৩৮৬.৯১ নিযুত মেট্ৰিক টন উদ্যানশস্য উৎপাদন হৈছে। সুলভ কৃষি ঋণ, শস্য বীমা, প্ৰাকৃতিক কৃষি, ১০,০০০টা কৃষক উৎপাদক সংগঠন (FPO) স্থাপন আৰু এগ্ৰিষ্টেক (AgriStack)ৰ দৰে ডিজিটেল পদক্ষেপেও কৃষকসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ আয় বৃদ্ধিত অৰিহণা যোগাইছে।

 

এই সকলোবোৰ পদক্ষেপে কৃষি উৎপাদন শক্তিশালী কৰা আৰু কৃষকসকলৰ বাবে উপলব্ধ সহায়-সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিকে প্ৰতিফলিত কৰিছে।

 

কৃষি গৱেষণা আৰু শিক্ষা বিভাগ (DARE/ICAR)-এ দাখিল কৰা এক উপস্থাপনত বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ জৰিয়তে লাভ কৰা অৰ্থনৈতিক ফলাফলসমূহৰ বিষয়ে উল্লেখ কৰা হয়। ইয়াত কোৱা হয় যে কৃষি গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰা প্ৰতিটো টকাৰ বিপৰীতে ১৩.৮৫ টকাৰ অৰ্থনৈতিক লাভ হৈছে। আনহাতে, পশুপালন গৱেষণাত বিনিয়োগ কৰা প্ৰতিটো টকাৰ বিপৰীতে ২০.৮১ টকাৰ লাভ হৈছে।

 

২০১৪ চনৰ পৰা মুঠ ৩,৪৩৬বিধ নতুন শস্যৰ জাত মুকলি কৰা হৈছে। ইয়াৰে ৯৩ শতাংশই জলবায়ু সহনশীল। উপস্থাপনটোত পুষ্টিগুণেৰে সমৃদ্ধ শস্যৰ জাত, ১৯.৭৮ নিযুত মেট্ৰিক টন মাছ উৎপাদন আৰু ৫০০ৰো অধিক কৃষি যন্ত্ৰৰ উপলব্ধতাৰ বিষয়েও উল্লেখ কৰা হয়।

 

ইয়াৰ উপৰি কৃষি বিজ্ঞান কেন্দ্ৰসমূহ (KVK)-ৰ জৰিয়তে ডিজিটেল মাধ্যমত প্ৰচাৰ কৰা কৃষি সম্পৰ্কীয় তথ্যৰ জৰিয়তে প্ৰতি বছৰে পাঁচ কোটি কৃষক উপকৃত হৈছে। গৱেষণাভিত্তিক এই উন্নয়ন, প্ৰযুক্তিগত পদক্ষেপ আৰু জ্ঞান বিনিময়ৰ প্ৰচেষ্টাই গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে দেশৰ কৃষকসকলৰ কাষলৈ কৃষি বিজ্ঞানৰ সুফল লৈ যোৱাত সহায় কৰিছে।

 

 গ্ৰামোন্নয়ন আৰু ভূমি সম্পদ বিভাগৰ আঁচনিয়ে গাঁও আৰু গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিছে

 

কৰ্মশালাত গ্ৰামোন্নয়ন বিভাগ আৰু ভূমি সম্পদ বিভাগে ৰূপায়ণ কৰা আঁচনিসমূহৰ প্ৰভাৱো বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। শ্ৰী চৌহানে কয় যে দৰিদ্ৰতা নিৰ্মূলৰ দিশত দেশৰ অগ্ৰগতিত এই বিভাগ দুটাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উপস্থাপনসমূহত গ্ৰামোন্নয়নৰ কেইবাটাও পদক্ষেপৰ ব্যাপক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা হয়।

 

দীনদয়াল অন্ত্যোদয় যোজনা–ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত ১০ কোটিৰো অধিক মহিলাক আত্মসহায়ক গোটৰ সৈতে সংযুক্ত কৰা হৈছে। ইয়াৰে ৩.৭৬ কোটি মহিলা এতিয়ালৈকে ‘লাখপতি দিদি’ হ’বলৈ সক্ষম হৈছে।

 

প্ৰধানমন্ত্ৰী আৱাস যোজনা–গ্ৰামীণ (PMAY-G)ৰ অধীনত ৩.৯৯ কোটি স্থায়ী গৃহ নিৰ্মাণ কৰা হৈছে। আনহাতে, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (PMGSY)ৰ জৰিয়তে ৭.৯৯ লাখ কিলোমিটাৰ দৈৰ্ঘ্যৰ সকলো বতৰতে যাতায়াত কৰিব পৰা গ্ৰাম্য পথৰ নেটৱৰ্ক গঢ়ি তোলা হৈছে।

 

‘বিকশিত ভাৰত–জি ৰাম জি’ (VB-G RAM G)ৰ অধীনত গ্ৰাম্য পৰিয়ালসমূহক এতিয়া ১২৫ দিনৰ কৰ্মসংস্থাপনৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। সামাজিক সাহায্য কাৰ্যসূচী আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) ব্যৱস্থাত ৯৯.৯ শতাংশ স্বচ্ছতাই সমাজৰ একেবাৰে শেষৰ শাৰীত থকা লোকসকলকো সৱলীকৰণ কৰাত সহায় কৰিছে।

 

এই পদক্ষেপসমূহে জীৱিকাৰ সুবিধা প্ৰদান, বাসগৃহ নিৰ্মাণ, যাতায়াত ব্যৱস্থা উন্নত কৰা আৰু হিতাধিকাৰীসকলৰ কাষলৈ সাহায্য অধিক ফলপ্ৰসূভাৱে প্ৰেৰণ কৰাৰ জৰিয়তে গ্ৰাম্য পৰিয়ালসমূহৰ জীৱনলৈ পৰিৱৰ্তন আনিছে।

 

ভূমি সম্পদ বিভাগ (DoLR)-ৰ অধীনত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায়ী যোজনাৰ জলবিভাজিকা উন্নয়ন উপাদান (WDC-PMKSY) ৰ জৰিয়তে ৩.৪০ কোটি হেক্টৰ ভূমিত জল সংৰক্ষণ আৰু ভূমি উন্নয়নৰ কাম কৰা হৈছে। এই পদক্ষেপসমূহৰ ফলত ৬১.১৫ লাখ কৃষক পোনপটীয়াকৈ উপকৃত হৈছে।

এই কাম-কাজৰ ফলত জলসিঞ্চিত অঞ্চল আৰু গাখীৰ উৎপাদন বৃদ্ধি পাইছে। আনহাতে, কৃষকসকলৰ গড় বাৰ্ষিক আয় ৭০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। কৰ্মশালাত দাঙি ধৰা তথ্যসমূহে ভূমি আৰু জলসম্পদৰ উন্নয়ন, কৃষি কাৰ্যকলাপ শক্তিশালী কৰা আৰু কৃষক সমাজৰ জীৱিকা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জলবিভাজিকা উন্নয়ন কাৰ্যসূচীৰ অৱদান প্ৰতিফলিত কৰে। এই পদক্ষেপসমূহৰ পৰা পোনপটীয়াকৈ উপকৃত হোৱা কৃষকৰ সংখ্যা আৰু তেওঁলোকৰ বাৰ্ষিক আয়ৰ পৰিলক্ষিত উন্নতিয়েও কাৰ্যসূচীটোৰ প্ৰভাৱ স্পষ্ট কৰি তুলিছে।

 

বাজেট আৰু আঁচনিৰ উন্নতিৰ বাবে পৰামৰ্শ আহ্বান; সাফল্যসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ আহ্বান

 

কৰ্মশালাৰ সামৰণি অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ মতামত আৰু পৰামৰ্শ আগবঢ়াবলৈ মুকলি আহ্বান জনায়। তেওঁ জোৰ দি কয় যে এতিয়ালৈকে লাভ কৰা সাফল্যৰ অৰ্থ এইটো নহয় যে অধিক উন্নতিৰ কোনো অৱকাশ নাই। প্ৰধানমন্ত্ৰী কিষাণ আৰু ই-নাম (e-NAM)ৰ দৰে আঁচনিসমূহৰ ক্ষেত্ৰত ইতিমধ্যে কেইবাটাও উপযোগী পৰামৰ্শ লাভ কৰা হৈছে। কৃষকৰ আয় বৃদ্ধি কৰাত সহায় কৰিব পৰা বাজেট, বৰ্তমানৰ আঁচনিসমূহৰ সংশোধন অথবা নতুন পদক্ষেপ গ্ৰহণৰ সন্দৰ্ভত কাৰোবাৰ কোনো ধাৰণা বা পৰামৰ্শ থাকিলে কোনো সংকোচ নকৰাকৈ তেওঁলৈ লিখিবলৈ শ্ৰী চৌহানে সকলোকে আহ্বান জনায়৷

 

তেওঁ কয় যে ভৱিষ্যতে নিম্ন পৰ্যায়ত কৰ্মৰত কৰ্মচাৰীসকলৰ সৈতে বিভাগভিত্তিক অনানুষ্ঠানিক বৈঠকো অনুষ্ঠিত কৰিব। বিভাগৰ মুৰব্বী হিচাপে তেওঁ সহকৰ্মীসকলক আশ্বাস দিয়ে যে পদবী বা দায়িত্বৰ স্তৰ নিৰ্বিশেষে তেওঁ সকলোৰে বাবে সহজলভ্য আৰু যোগাযোগযোগ্য হৈ থাকিব। চৰকাৰী কাৰ্যসূচীসমূহ অধিক উন্নত আৰু ফলপ্ৰসূ কৰি তোলাৰ প্ৰক্ৰিয়াত কৰ্মচাৰীসকলক তেওঁলোকৰ বাস্তৱ অভিজ্ঞতা আৰু ধাৰণা আগবঢ়াবলৈ তেওঁ আহ্বান জনায়।

 

শ্ৰী চৌহানে লগতে বিভাগসমূহৰ সাফল্য আৰু জনকল্যাণমূলক পদক্ষেপসমূহ যাতে কেৱল ফাইল আৰু আনুষ্ঠানিক যোগাযোগৰ মাজতে সীমাবদ্ধ হৈ নাথাকে, বৰং সেইসমূহ ফলপ্ৰসূভাৱে জনসাধাৰণ আৰু কৃষকসকলৰ কাষলৈ লৈ যোৱা হয়, তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিভাগসমূহে কৰা কাম-কাজ আৰু জনসাধাৰণৰ জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে জনসাধাৰণক অৱগত কৰাটো এক গুৰুত্বপূৰ্ণ দায়িত্ব। উদাহৰণ দি তেওঁ উল্লেখ কৰে যে যেতিয়া বিষয়াসকলে পোনপটীয়াকৈ ক্ষেত্ৰ পৰ্যায়লৈ গৈ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে, তেতিয়া ইয়াৰ ইতিবাচক বাৰ্তা সমগ্ৰ দেশতে বিয়পি পৰে। তেওঁ জোৰ দি কয় যে উন্নয়নৰ এই যাত্ৰা এতিয়াও শেষ হোৱা নাই। ২০২৯, ২০৩০–৩১ আৰু ‘বিকশিত ভাৰত @২০৪৭’ৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত পূৰণ কৰিব লাগিব।

 

মুক্ত বাণিজ্য চুক্তি (FTA)ৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় কৃষিজাত সামগ্ৰীসমূহক বিশ্বৰ বজাৰত এক সুকীয়া স্থান প্ৰদান কৰাটোৱেই হৈছে পৰৱৰ্তী লক্ষ্য। কৃষি ক্ষেত্ৰত অৰ্জন কৰা অগ্ৰগতিৰ আধাৰত দেশে এতিয়া নিজৰ কৃষিজাত সামগ্ৰীসমূহ বিশ্বৰ বজাৰলৈ লৈ যোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সফলতাৰে প্ৰতিযোগিতা আগবঢ়াবলৈ সক্ষম হ’ব লাগিব।

 

********

 

SS/MS/HR/PU/MK/PB


(ৰিলিজ আই ডি : 2340687) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Gujarati , Kannada