স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

খ্ৰীষ্টান মেডিকেল কলেজ (চিএমচি), ভেলোৰত মানৱ বিপাকীয় প্ৰক্ৰিয়াৰ বাবে উৎসৰ্গিত ভাৰতৰ প্ৰথমটো গৱেষণা কেন্দ্ৰ উদ্বোধন কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱৰ

বিপাকীয় বিপদাশংকাৰ বিষয়ে ধাৰণা শক্তিশালী কৰা আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ দিশ নিৰ্ধাৰণৰ বাবে ভাৰতৰ নিজস্ব পৰিস্থিতিৰ আধাৰত শক্তিশালী গৱেষণাৰ আহ্বান শ্ৰীমতী শ্ৰীবাস্তৱৰ

সুস্থ জীৱনশৈলী আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰসাৰৰ বাবে আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত ৭.৮ কোটিৰো অধিক যোগাসন কাৰ্যসূচী সম্পন্ন : কেন্দ্ৰীয় স্বাস্থ্য সচিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰাৰ আহ্বান আগবঢ়াই নিয়াৰ বাবে চেনি আৰু তেল ব’ৰ্ড তথা ‘আজ ছে থোড়া কম’ অভিযানকে ধৰি বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ

পুষ্টি, মধুমেহ, মেদবহুলতা আৰু বিপাকীয় স্বাস্থ্যৰ ক্ষেত্ৰত গৱেষণা আগবঢ়াই নিয়াৰ বাবে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ (টিআইএফআৰ) আৰু চিএমচি ভেলোৰৰ সহযোগিতা

পোষ্ট কৰা হৈছে: 23 NOV 2026 4:23PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱে আজি ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজ (চিএমচি)-ত ভাৰতৰ প্ৰথমটো স্বতন্ত্ৰ মানৱ বিপাকীয় ক্ৰিয়া গৱেষণা কেন্দ্ৰ (Human Metabolic Chamber Facility) উদ্বোধন কৰে। টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ (টিআইএফআৰ) আৰু চিএমচি ভেলোৰৰ যুটীয়া উদ্যোগত স্থাপন কৰা এই কেন্দ্ৰটোৱে মানৱ শৰীৰৰ বিপাকীয় ক্ৰিয়া, পুষ্টি, মধুমেহ, মেদবহুলতা আৰু অন্যান্য বিপাকীয় সমস্যাসমূহৰ  গৱেষণাক শক্তিশালী কৰিব। এই পদক্ষেপ সাৰ্বজনীন প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰা আৰু এখন সুস্থ তথা বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীমতী শ্ৰীবাস্তৱে এই পদক্ষেপৰ বাবে টিআইএফআৰ, এডভান্সড ৰিছাৰ্চ ইউনিট অন মেটাবলিজম, ডেভেলপমেণ্ট এণ্ড এজিং (ARUMDA) আৰু চিএমচি ভেলোৰক অভিনন্দন জনায়। লগতে এই সহযোগিতাক সমৰ্থন আগবঢ়োৱাৰ বাবে পাৰমাণৱিক শক্তি বিভাগৰ ভূমিকাক স্বীকৃতি দিয়ে। তেওঁ ভাৰতীয় জনসংখ্যাৰ বৈচিত্ৰ্য আৰু নিৰ্দিষ্ট বিপদাশংকাৰ দিশসমূহ প্ৰতিফলিত কৰা গৱেষণালব্ধ তথ্য আহৰণৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে আন দেশত কৰা গৱেষণাৰ ফলাফলে ভাৰতীয় জনসংখ্যাৰ বৈশিষ্ট্য আৰু স্বাস্থ্যজনিত বিপদাশংকাসমূহ যথাযথভাৱে প্ৰতিফলিত নকৰিবও পাৰে।

 

মানৱ বিপাকীয় ক্ৰিয়া গৱেষণা কেন্দ্ৰটো হৈছে কোঠাৰ আকাৰৰ এটা কেলৰিমিটাৰ, য’ত এগৰাকী স্বেচ্ছাসেৱকে ২৪ ঘণ্টা বা তাতকৈ অধিক সময় বাস কৰি, খাদ্য গ্ৰহণ কৰি আৰু শুই থকাৰ সময়ত তেওঁৰ শৰীৰৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই-অক্সাইড উৎপাদনৰ পৰিমাণ জোখা হয়। এই জোখ-মাখৰ জৰিয়তে শৰীৰৰ মুঠ শক্তি ব্যয়ৰ পৰিমাণ নিৰ্ণয় কৰাৰ লগতে খাদ্য গ্ৰহণ, শাৰীৰিক কাৰ্যকলাপ আৰু টোপনিৰ সময়ত শৰীৰে চৰ্বি আৰু কাৰ্ব’হাইড্ৰেট কেনেদৰে ব্যৱহাৰ কৰে, সেই বিষয়ে জানিব পৰা যায়।

 

এই কেন্দ্ৰটোৱে এডভান্সড ৰিছাৰ্চ ইউনিট অন মেটাবলিজম, ডেভেলপমেণ্ট এণ্ড এজিং (ARUMDA)-ৰ অধীনত যোৱা বছৰ স্থাপন কৰা পুষ্টি আৰু বিপাকীয় ক্ৰিয়া গৱেষণাৰ ৰাষ্ট্ৰীয় বিশ্লেষণাত্মক কেন্দ্ৰৰ পৰিপূৰক হিচাপে কাম কৰিব। ইয়াৰ ফলত গৱেষকসকলে আণৱিক আৰু জৈৱ-ৰাসায়নিক জোখ-মাখৰ সৈতে শৰীৰৰ শক্তি ব্যৱহাৰৰ প্ৰক্ৰিয়াৰ সম্পৰ্ক স্থাপন কৰিব পাৰিব।

 

এই সহযোগিতাৰ ক্ষেত্ৰত মধুমেহ আৰু অন্যান্য অন্তঃস্ৰাৱী তথা বিপাকীয় ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত চিএমচি ভেলোৰৰ দক্ষতাও ব্যৱহাৰ কৰা হ’ব। ইয়াৰ ভিতৰত ইনছুলিন সংবেদনশীলতা আৰু অপুষ্টি তথা জন্মত  কম ওজনৰ ইতিহাস থকা ব্যক্তিৰ শৰীৰৰ শক্তি ব্যয় সম্পৰ্কে চিএমচিয়ে পূৰ্বতে কৰা গৱেষণাসমূহো অন্তৰ্ভুক্ত হৈ আছে।

 

পাৰমাণৱিক শক্তি বিভাগৰ পুঁজিৰে আৰু হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (CSR) শিতানৰ আৰ্থিক সহযোগিতাৰে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে। নেডাৰলেণ্ডছৰ মাষ্ট্ৰিখ্ট বিশ্ববিদ্যালয়ৰ (Maastricht University) নিউট্ৰিম (NUTRIM)-ৰ বিশেষজ্ঞৰ পৰামৰ্শ আৰু ভাৰতস্থিত নেডাৰলেণ্ডছৰ দূতাবাসৰ নেটৱৰ্ক সহযোগিতাও এই প্ৰকল্পত লাভ কৰা হৈছে।

 

শ্ৰীমতী শ্ৰীবাস্তৱে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। তেওঁ কয় যে দেশত ১.৮৭ লাখ আয়ুষ্মান আৰোগ্য মন্দিৰে প্ৰাথমিক স্বাস্থ্যসেৱা আৰু অসংক্ৰামক ৰোগ তথা তিনিবিধ কৰ্কট ৰোগৰ জনসংখ্যাভিত্তিক পৰীক্ষণৰ সুবিধা আগবঢ়াই আহিছে। ইয়াৰ লগতে ৩০ বছৰৰ ঊৰ্ধ্বৰ সকলো ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থা মূল্যায়নৰ বাবে সম্প্ৰদায়ভিত্তিক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।

 

তেওঁ লগতে কয় যে ৭৮১টাতকৈও অধিক জিলা পৰ্যায়ৰ অসংক্ৰামক ৰোগ চিকিৎসা কেন্দ্ৰ আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰসমূহত থকা ৬,৪৮৯টা অসংক্ৰামক ৰোগ চিকিৎসা কেন্দ্ৰই ৰোগীসকলৰ পৰৱৰ্তী চিকিৎসা আৰু নিৰৱচ্ছিন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰিছে। ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী (RBSK) ২.০ৰ জৰিয়তে বিপদাশংকাত থকা শিশুসকলক আগতীয়াকৈ চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে।

 

তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় অসংক্ৰামক ৰোগ কাৰ্যসূচীৰ অধীনত আৰু পাঁচবিধ ৰোগ অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াৰ ভিতৰত ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD), ষ্ট্ৰোক আৰু ক্ৰনিক কিডনী ডিজিজ (CKD) আদি ৰোগো থাকিব।

 

মাননীয় প্ৰধানমন্ত্ৰীয়ে ৰন্ধন তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰাৰ বাবে জনোৱা আহ্বানক আগুৱাই নিয়াৰ লক্ষ্যৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ ভিতৰত আছে ছুগাৰ এণ্ড অইল ব'ৰ্ড (Sugar and Oil Boards), বিদ্যালয়সমূহত সজাগতা সৃষ্টিৰ পদক্ষেপ, ‘আজ ছে থোড়া কম’  (Aaj Se Thoda Kam) অভিযান আৰু সামাজিক মাধ্যম, ৰেডিঅ’ তথা ভিডিঅ’ৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি।

আয়ুষ্মান আৰোগ্য মন্দিৰসমূহৰ স্বাস্থ্যসেৱাৰ সৈতে যোগ আৰু সুস্থতা সম্পৰ্কীয় কাৰ্যকলাপো সংযুক্ত কৰা হৈছে। এতিয়ালৈকে এই কেন্দ্ৰসমূহত মুঠ ৭.৮ কোটিৰো অধিক যোগাসন কাৰ্যসূচী অনুষ্ঠিত হৈছে।

 

তেওঁ লগতে কয় যে আইচিএমআৰ-এনআইএনৰ দৰে প্ৰতিষ্ঠানসমূহে প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে স্বাস্থ্যসন্মত খাদ্যাভ্যাস বাছনি কৰাটো অধিক সহজ কৰি তুলিবলৈ কাম কৰি আছে। ইয়াৰ অংশ হিচাপে পেকেটত উপলব্ধ খাদ্যসামগ্ৰীৰ পুষ্টিগত মূল্য সম্পৰ্কে গ্ৰাহকক অৱগত কৰাত সহায় কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক (AI) এটা সঁজুলি প্ৰস্তুত কৰি থকা হৈছে।

 

প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰীমতী শ্ৰীবাস্তৱে টিআইএফআৰ, এডভান্সড ৰিছাৰ্চ ইউনিট অন মেটাবলিজম, ডেভেলপমেণ্ট এণ্ড এজিং (ARUMDA) আৰু চিএমচি ভেলোৰক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় তথা অন্যান্য ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সৈতে মিলি দেশৰ স্বাস্থ্যজনিত প্ৰয়োজনীয়তাসমূহৰ ওপৰত কেন্দ্ৰিত এক গৱেষণা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

 

তেওঁ লগতে কয় যে মানৱ বিপাকীয় ক্ৰিয়া গৱেষণা কেন্দ্ৰৰ দৰে গৱেষণা প্ৰতিষ্ঠানৰ সৈতে পেন-এইমছ গৱেষণা সংস্থা (Pan-AIIMS Research Consortium)-ই সহযোগিতা আগবঢ়ালে গৱেষণাৰ সক্ষমতা অধিক শক্তিশালী হ’ব আৰু নিৰ্ভৰযোগ্য তথা প্ৰমাণভিত্তিক ৰাষ্ট্ৰীয় তথ্যভাণ্ডাৰ গঢ়ি তোলাত সহায়ক হ’ব।

 

অনুষ্ঠানত চিএমচি ভেলোৰৰ সঞ্চালক অধ্যাপক বিজু জৰ্জ, টিআইএফআৰৰ সঞ্চালক অধ্যাপক জয়ৰাম চেংগুলুৰ, বিআৰআইচি-ডিএনএ ফিংগাৰপ্ৰিণ্টিং আৰু ডায়েগনষ্টিকছ কেন্দ্ৰ (BRIC-Centre for DNA Fingerprinting and Diagnostics)-ৰ সঞ্চালক অধ্যাপক উল্লাছ কোলথুৰ, এডভান্সড ৰিছাৰ্চ ইউনিট অন মেটাবলিজম, ডেভেলপমেণ্ট এণ্ড এজিং- টিআইএফআৰ (ARUMDA-TIFR)-ৰ  অধ্যাপক মহেন্দ্ৰ সোনাভানে, চিএমচি ভেলোৰৰ ষ্টেম চেল চেণ্টাৰৰ মুৰব্বী অধ্যাপক নিহাল থমাছ, ভাৰতস্থিত নেডাৰলেণ্ডছৰ দূতাবাসৰ স্বাস্থ্য পৰামৰ্শদাতা শ্ৰী নিকো শ্বিয়েটেকাটে, হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ প্ৰতিনিধিসকল আৰু চিএমচি ভেলোৰৰ এণ্ড’ক্ৰাইন’লজি, ডায়েবেটিছ এণ্ড মেটাবলিজম বিভাগৰ অধ্যাপক ফেলিক্স জেবাছিংসহ অন্যান্য অধ্যাপক আৰু বিষয়াসকল উপস্থিত থাকে।

SR

HFW/ Union Health Secretary at CMC Vellore/23 November 2026/1/PB


(ৰিলিজ আই ডি : 2340684) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil