পোষ্ট কৰা হৈছে:
23 NOV 2026 6:44PM by PIB Guwahati
প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰা আৰু দেশৰ কন্যা সন্তানসকলৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে ভাৰতৰ অব্যাহত প্ৰচেষ্টাই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ৰাষ্ট্ৰীয় এইচপিভি প্ৰতিষেধক অভিযানৰ অধীনত ৯ মাহতকৈ কম সময়ৰ ভিতৰতে হিউমেন পেপিলোমা ভাইৰাছ (HPV) প্ৰতিষেধকৰ ১ কোটিৰো অধিক পালি প্ৰদান কৰাৰ সাফল্যক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে।
এই সাফল্যই জৰায়ুৰ মুখৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা এইচপিভি সংক্ৰমণৰ পৰা কিশোৰীসকলক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। লগতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ পৰিসৰ বৃদ্ধি পোৱাৰ কথাও প্ৰতিফলিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত এই সাফল্যক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ দিশত ভাৰতৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে প্ৰতিটো প্ৰতিষেধকৰ পালিয়ে কিশোৰীসকলক জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা প্ৰদান আৰু তেওঁলোকৰ সুস্থ ভৱিষ্যৎ নিশ্চিত কৰাৰ দিশত একোটা পদক্ষেপ। এই সাফল্য অৰ্জনত অৰিহণা যোগোৱা সকলো অংশীদাৰৰ প্ৰচেষ্টাৰো তেওঁ শলাগ লয়।
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণেও ৯ মাহতকৈ কম সময়ৰ ভিতৰতে এইচপিভি প্ৰতিষেধকৰ ১ কোটিৰো অধিক পালি প্ৰদানৰ সাফল্যৰ প্ৰশংসা কৰিছে। তেওঁ ইয়াক জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে।
এই ৰাষ্ট্ৰীয় অভিযান সফলতাৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ৰাজ্য চৰকাৰসমূহ আৰু স্বাস্থ্যসেৱাৰ সৈতে জড়িত কৰ্মীসকলৰ অৱদানৰ তেওঁ শলাগ লয়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰা, কিশোৰীসকলৰ সুৰক্ষা নিশ্চিত কৰা তথা নাৰী সমাজৰ পৰৱৰ্তী প্ৰজন্মসমূহৰ বাবে এক সুস্থ ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত চৰকাৰৰ অব্যাহত প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও স্বীকাৰ কৰে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দূৰদৰ্শী নেতৃত্ব আৰু অটল প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
তেওঁ মন্তব্য কৰে যে সুস্থ আৰু বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে অৰ্থপূৰ্ণ সাফল্যৰ মাইলৰ খুঁটিসমূহ এটাৰ পিছত এটাকৈ অতিক্ৰম কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ চিন্তা আৰু নেতৃত্বই অনুপ্ৰেৰণা যোগাই আহিছে।
১ কোটিৰো অধিক এইচপিভি প্ৰতিষেধকৰ পালি প্ৰদানৰ সাফল্যৰ কথা উল্লেখ কৰি শ্ৰী নাড্ডাই কয় যে জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ পৰা ভাৰতৰ কন্যা সন্তানসকলক সুৰক্ষা প্ৰদানৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। দেশৰ প্ৰতিগৰাকী যোগ্য কিশোৰীৰ ওচৰলৈ এই অত্যাৱশ্যকীয় সুৰক্ষা ব্যৱস্থা পঠিয়াই দিয়াৰ প্ৰতিশ্ৰুতিও তেওঁ দোহাৰে। ইয়াৰ জৰিয়তে এখন সুস্থ আৰু শক্তিশালী ভাৰত গঢ়াৰ সামূহিক সংকল্প অধিক শক্তিশালী হ'ব।
বিশ্ব স্বাস্থ্য সংস্থায়ো (দক্ষিণ-পূব এছিয়া অঞ্চল) ১৪ বছৰীয়া কিশোৰীসকলক ১ কোটিৰো অধিক পালি এইচপিভি প্ৰতিষেধক প্ৰদানৰ সাফল্যৰ বাবে ভাৰতক অভিনন্দন জনাইছে। জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত ইয়াক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰা হৈছে।
এই অগ্ৰগতি অৰ্জনৰ ক্ষেত্ৰত চৰকাৰ, স্বাস্থ্যকৰ্মী, সমাজ, অভিভাৱক আৰু সহযোগী সংস্থাসমূহৰ সামূহিক প্ৰতিশ্ৰুতিবদ্ধতাক বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া কাৰ্যালয়ে স্বীকৃতি প্ৰদান কৰিছে। জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ পৰা কিশোৰীসকলক সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰতিগৰাকী কিশোৰীয়ে যাতে এইচপিভি প্ৰতিষেধকৰ জৰিয়তে সুৰক্ষা লাভৰ সুবিধা পায়, তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।
ৰাষ্ট্ৰীয় এইচপিভি প্ৰতিষেধক অভিযান: অগ্ৰগতি আৰু সামৰি লোৱা জনসংখ্যা
২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় এইচপিভি প্ৰতিষেধক অভিযানে নিৰ্দিষ্ট চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহত ১৪ বছৰীয়া কিশোৰীসকলক বিনামূলীয়া, নিৰাপদ আৰু স্বেচ্ছামূলকভাৱে এক পালি এইচপিভি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে। অৱশ্যে ইয়াৰ বাবে অভিভাৱকৰ সন্মতি বাধ্যতামূলক।
৯ মাহতকৈ কম সময়ৰ ভিতৰতে ১ কোটিৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰ ফলত প্ৰায় ১.২ কোটি কিশোৰীৰ বাৰ্ষিক লক্ষ্য জনসংখ্যাৰ প্ৰায় ৮৭ শতাংশ সামৰি লোৱা হৈছে।
ৰাজ্যভিত্তিক এইচপিভি প্ৰতিষেধক প্ৰদানৰ অগ্ৰগতি
ছখন ৰাজ্য—গুজৰাট, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মিজোৰাম, মধ্যপ্ৰদেশ আৰু বিহাৰে চিনাক্ত কৰা লক্ষ্য জনসংখ্যাৰ ১০০ শতাংশ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য পূৰণ কৰিছে। আনহাতে, ১২খন ৰাজ্যত ৮০ শতাংশতকৈ অধিক লক্ষ্য জনসংখ্যাক সামৰি লোৱা হৈছে।
অসমত ৯৫.৬৩ শতাংশ, তেলেংগানাত ৯৫.২৮ শতাংশ, কৰ্ণাটকত ৯৩.১৬ শতাংশ, উত্তৰাখণ্ডত ৯০.১৭ শতাংশ, ছত্তীশগড়ত ৮৬.২১ শতাংশ আৰু ৰাজস্থানত ৮৫.২৩ শতাংশ প্ৰতিষেধক প্ৰদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে।
কেৰালাত ৭৭.০২ শতাংশ, তামিলনাডুত ৭৬.১২ শতাংশ আৰু ওড়িশাত ৭৪.৯০ শতাংশ প্ৰতিষেধক প্ৰদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন-দিউত এই হাৰ হৈছে ৭২.৯৯ শতাংশ।
প্ৰতিষেধক গ্ৰহণ কৰা কিশোৰীৰ সংখ্যাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশে ২৯.৩৩ লাখতকৈ অধিক কিশোৰীক সামৰি শীৰ্ষস্থান দখল কৰিছে। ইয়াৰ পিছতে বিহাৰত ১৩.৭০ লাখতকৈ অধিক আৰু গুজৰাটত ৭.৭৫ লাখতকৈ অধিক কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হৈছে।
গ্ৰামাঞ্চল, চহৰাঞ্চল, দুৰ্গম অঞ্চল আৰু ভৌগোলিকভাৱে প্ৰত্যাহ্বানপূৰ্ণ স্থানসমূহত প্ৰতিষেধক প্ৰদানৰ সুবিধা সম্প্ৰসাৰণৰ বাবে ৰাজ্যসমূহে স্থানীয় পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। বিহাৰ, তামিলনাডু আৰু ছিকিমৰ ৰাজ্য চৰকাৰৰ উদ্যোগসমূহো ৰাষ্ট্ৰীয় অভিযানৰ সৈতে সংযুক্ত কৰা হৈছে।
কেন্দ্ৰ-ৰাজ্যৰ সমন্বয় আৰু সমাজৰ অংশগ্ৰহণ
এই অভিযান স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ, জিলা প্ৰশাসন আৰু স্বাস্থ্যসেৱা দলসমূহৰ সমন্বয়ৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। এইমছৰ দৰে আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ শিশুৰোগ বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু অন্যান্য বিশেষজ্ঞসকলে বিজ্ঞানসন্মত আৰু বিশ্বাসযোগ্য তথ্যৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰচেষ্টাত সহযোগিতা আগবঢ়াইছে।
শিক্ষক-শিক্ষয়িত্ৰী, স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (ASHA), সহায়ক নাৰ্ছ ধাই (ANM) আৰু অন্যান্য তৃণমূল পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলে অভিভাৱক আৰু স্থানীয় সমাজৰ লোকসকলৰ সৈতে যোগাযোগ স্থাপন কৰি তেওঁলোকৰ মনত থকা সংশয়সমূহ দূৰ কৰা আৰু সঠিক তথ্যৰ ভিত্তিত এই অভিযানত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ কাম কৰিছে।
প্ৰতিষেধক প্ৰদানৰ ডিজিটেল নিৰীক্ষণ আৰু সুবিধাৰ ক্ষেত্ৰত ইউ ৱিন(U-WIN) ৰ ভূমিকা
ইউ ৱিন(U-WIN) প্লেটফৰ্মে বাস্তৱ সময়ত নিৰীক্ষণ, হিতাধিকাৰীৰ তথ্য অনুসৰণ আৰু ডিজিটেল প্ৰতিষেধক প্ৰদানৰ অভিলেখ সংৰক্ষণৰ সুবিধা প্ৰদান কৰে।
এই ব্যৱস্থাই কাৰ্যসূচী পৰিচালকসকলক জিলা পৰ্যায়ৰ অগ্ৰগতি নিৰীক্ষণ, প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত থকা ব্যৱধান চিনাক্ত আৰু এতিয়াও প্ৰতিষেধক গ্ৰহণ নকৰা যোগ্য কিশোৰীসকলক চিনাক্ত কৰাত সহায় কৰে। লগতে পৰিকল্পনা প্ৰস্তুত আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰতো সহায়ক হয়। অভিভাৱকসকলেও এই প্লেটফৰ্ম ব্যৱহাৰ কৰি তেওঁলোকৰ কন্যা সন্তানৰ বাবে এইচপিভি প্ৰতিষেধক প্ৰদানৰ সময় নিৰ্ধাৰণ কৰিব পাৰে আৰু ডিজিটেল প্ৰতিষেধক প্ৰমাণপত্ৰ ডাউনলোড কৰিব পাৰে।
এইচপিভি প্ৰতিষেধক: জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ এক গুৰুত্বপূৰ্ণ ব্যৱস্থা
হিউমেন পেপিলোমা ভাইৰাছৰ কিছুমান উচ্চ বিপদাশংকাপূৰ্ণ প্ৰকাৰৰ দীৰ্ঘদিনীয়া সংক্ৰমণৰ ফলত জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ অধিকাংশ ঘটনা সংঘটিত হয়। এনে সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত এইচপিভি প্ৰতিষেধক হৈছে অন্যতম ফলপ্ৰসূ ব্যৱস্থা। বিশ্বজুৰি এতিয়ালৈকে ৮০ কোটিৰো অধিক এইচপিভি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে। প্ৰায় দুটা দশকৰ গৱেষণা আৰু বাস্তৱ অভিজ্ঞতাই প্ৰতিষেধকৰ দ্বাৰা লক্ষ্য কৰা এইচপিভি সংক্ৰমণ আৰু ইয়াৰ সৈতে জড়িত কৰ্কট ৰোগৰ পূৰ্বৱৰ্তী অৱস্থাসমূহৰ বিৰুদ্ধে শক্তিশালী সুৰক্ষা প্ৰদানৰ প্ৰমাণ দাঙি ধৰিছে।
১৪ বছৰ বয়সতে প্ৰতিষেধক প্ৰদান কৰাৰ উদ্দেশ্য হৈছে এইচপিভি সংক্ৰমণৰ সম্ভাৱ্য সংস্পৰ্শলৈ অহাৰ বহু আগতেই কিশোৰীসকলক সুৰক্ষা প্ৰদান কৰা।
হিতাধিকাৰীসকলৰ সুৰক্ষা সৰ্বাধিক অগ্ৰাধিকাৰ
নিৰ্দিষ্ট চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহত প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসা বিষয়াৰ প্ৰত্যক্ষ তত্ত্বাৱধানত প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ ২৪ ঘণ্টাই, সপ্তাহৰ সাতোটা দিন খোলা থকা স্বাস্থ্য কেন্দ্ৰৰ সৈতে সংযুক্ত হৈ থাকে। ইয়াৰ জৰিয়তে প্ৰতিষেধক প্ৰদানৰ পিছত হোৱা যিকোনো বিৰল পাৰ্শ্বক্ৰিয়া বা প্ৰতিষেধক প্ৰদানৰ পিছত হোৱা প্ৰতিকূল ঘটনা (AEFI) তাৎক্ষণিকভাৱে পৰীক্ষা, নিৰীক্ষণ আৰু চিকিৎসা প্ৰদান কৰাটো সম্ভৱ হয়।
প্ৰতিষ্ঠিত সুৰক্ষা বিধি, প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মী আৰু উপযুক্ত চিকিৎসা ব্যৱস্থাই প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী নিৰাপদভাৱে সম্পন্ন কৰাত সহায় কৰে। মন্ত্ৰালয়ে স্বচ্ছ যোগাযোগ, বিজ্ঞানসন্মত তথ্য-প্ৰমাণ আৰু অভিভাৱকৰ জ্ঞাত সন্মতিৰ ওপৰত অব্যাহতভাৱে গুৰুত্ব আৰোপ কৰি আহিছে।
প্ৰতিগৰাকী যোগ্য কিশোৰীক সামৰি লোৱাৰ লক্ষ্যৰে অভিযান অব্যাহত
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, চিকিৎসা বিশেষজ্ঞ, তৃণমূল পৰ্যায়ৰ স্বাস্থ্যকৰ্মী, শিক্ষানুষ্ঠান আৰু সমাজৰ লোকসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিব। ইয়াৰ উদ্দেশ্য হৈছে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত থকা ব্যৱধান দূৰ কৰা আৰু প্ৰতিগৰাকী যোগ্য কিশোৰীক এই অভিযানৰ অধীনলৈ অনা।
অভিভাৱক আৰু অভিভাৱকত্বৰ দায়িত্বত থকা লোকসকলে তেওঁলোকৰ নিকটৱৰ্তী নিৰ্দিষ্ট চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানলৈ গৈ অথবা ইউ ৱিন(U-WIN) প্লেটফৰ্ম ব্যৱহাৰ কৰি এই সম্পৰ্কে তথ্য লাভ কৰাৰ লগতে প্ৰতিষেধক প্ৰদানৰ সময় নিৰ্ধাৰণ কৰিব পাৰিব।
৯ মাহতকৈ কম সময়ৰ ভিতৰতে এইচপিভি প্ৰতিষেধকৰ ১ কোটিৰো অধিক পালি প্ৰদানৰ সাফল্যই জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ পৰা কিশোৰীসকলক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাক এক গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰদান কৰিছে।
ৰাষ্ট্ৰীয় এইচপিভি প্ৰতিষেধক অভিযানে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰা আৰু প্ৰতিগৰাকী যোগ্য কিশোৰীয়ে যাতে এই অত্যাৱশ্যকীয় সুৰক্ষা লাভ কৰে, সেয়া নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অব্যাহত প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে।
********
SR/PB
HFW/Prime Minister Lauds Achievement of National HPV Vaccination Campaign/23rd November 2026/2