চলচ্চিত্ৰৰ ভাষা বেলেগ বেলেগ হ’ব পাৰে, কিন্তু ইয়াৰ আৱেগে সীমান্তৰ পৰিধি অতিক্ৰম কৰে। এই উমৈহতীয়া ভাষাটোক কেন্দ্ৰ কৰি ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ত অনুষ্ঠিত 'ব্ৰিকছ চলচ্চিত্ৰ মহোৎসৱ ঘূৰণীয়া মেজমেল'-ত সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অধিক সহযোগিতাৰ সম্ভাৱনা সন্দৰ্ভত অন্বেষণ কৰা হয়। এই আলোচনাত মূলতঃ সহ-প্ৰযোজনা, চলচ্চিত্ৰ বিতৰণ, প্ৰযুক্তিগত আদান-প্ৰদান আৰু সাংস্কৃতিক অংশীদাৰিত্বৰ দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এই ঘূৰণীয়া মেজমেলত ৰাছিয়া, নাইজেৰিয়া, ইণ্ডোনেছিয়া আৰু ইৰাণৰ প্ৰতিনিধিসকলৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি) আৰু এণ্টাৰটেইনমেণ্ট ছ’চাইটি অব্ গোৱা (ইএছজি)-ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাতে উমৈহতীয়া স্বাৰ্থ আৰু দীৰ্ঘস্থায়ী অংশীদাৰিত্বৰ জৰিয়তে ব্ৰিকছ দেশসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা আলোকপাত কৰে। চলচ্চিত্ৰই মানুহক একত্ৰিত কৰে আৰু বিভিন্ন সমাজৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে চলচ্চিত্ৰত প্ৰতিফলিত হোৱা বৈচিত্ৰ্যময় ধাৰা আৰু বিষয়বস্তুৱে দৰ্শকসকলক নতুন দৃষ্টিভংগী আৱিষ্কাৰ কৰাত সহায় কৰে।
তেওঁ মুম্বাইত ভাৰতে আয়োজন কৰা 'ব্ৰিকছ ৱেভছ বাজাৰ'ৰ কথাও উল্লেখ কৰে, য’ত আন্তঃৰাষ্ট্ৰীয় সহ-প্ৰযোজনা, কৃত্ৰিম বুদ্ধিমত্তা, এনিমেচন, গেমিং আৰু মহিলাৰ নেতৃত্ব সন্দৰ্ভত আলোচনা কৰা হৈছিল। একেলগে কাম কৰাৰ বৰ্ধিত আগ্ৰহৰ ওপৰত আলোকপাত কৰি তেওঁ অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত প্ৰযোজনাৰ অংশীদাৰ চিনাক্ত কৰাৰ সুযোগৰ দিশটো আঙুলিয়াই দিয়ে। তেওঁ শক্তিশালী সহ-প্ৰযোজনাৰ পদক্ষেপ আৰু ডিজিটেল টেলিভিছন তথা অ’টিটি প্লেটফৰ্মৰ জৰিয়তে সমলৰ অধিক আদান-প্ৰদানৰ আহ্বান জনাই অংশগ্ৰহণকাৰীসকলক দীৰ্ঘম্যাদী অংশীদাৰিত্বৰ বাবে এই গতিবেগ অব্যাহত ৰাখিবলৈ অনুৰোধ জনায়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী শম্ভু এল হাক্কিয়ে কয় যে এই সন্মিলনে সাংস্কৃতিক সংযোগৰ জৰিয়তে ব্ৰিকছ অংশীদাৰিত্বক প্ৰত্যক্ষ কৰাৰ এক সুযোগ প্ৰদান কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে চলচ্চিত্ৰ কেৱল এখন ৰাষ্ট্ৰৰ প্ৰতিচ্ছবিয়েই নহয়, বৰঞ্চ ই ইজনে সিজনক বুজি পোৱাৰো এক মাধ্যম। ইফিৰ মূল বিষয়বস্তু 'ষ্ট’ৰীজ উইদাউট বৰ্ডাৰ্ছ'-ৰ কথা উল্লেখ কৰি তেওঁ কয় যে ব্ৰিকছ দেশসমূহৰ ছবিসমূহে অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সাংস্কৃতিক অভিব্যক্তিৰ আভাস দিয়ে, যিয়ে আনুষ্ঠানিক সহযোগিতাৰো উৰ্ধত গৈ পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰে।
এনএফডিচিৰ অধ্যক্ষ শ্ৰী জি কৃষ্ণকুমাৰে মুম্বাইত অনুষ্ঠিত 'ব্ৰিকছ ৱেভছ বাজাৰ'-ক ব্ৰিকছ দেশসমূহৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু উদ্যোগৰ অংশীদাৰসকলক একত্ৰিত কৰাৰ ভেটি স্থাপনকাৰী এক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ এই সম্পৰ্কসমূহ সুদৃঢ় কৰা আৰু যৌথভাৱে কাহিনী নিৰ্মাণৰ সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰ সহ-প্ৰযোজনাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এণ্টাৰটেইনমেণ্ট ছ’চাইটি অব্ গোৱাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী দীপক বান্দেকাৰে গোৱাক চলচ্চিত্ৰ আৰু সাংস্কৃতিক আদান-প্ৰদানৰ এক মিলনস্থলী হিচাপে বৰ্ণনা কৰে। তেওঁ কয় যে ছবিসমূহে আন্তঃৰাষ্ট্ৰীয় স্তৰত ভ্ৰমণ কৰিলেও ইয়াত নিহিত হৈ থকা আৱেগসমূহ সাৰ্বজনীন, যাৰ বাবে চলচ্চিত্ৰই দৰ্শকসকলক আন দেশৰ সংস্কৃতি আৰু অভিজ্ঞতা বুজি পোৱাত এক শক্তিশালী মাধ্যম হিচাপে কাম কৰে।
অংশগ্ৰহণকাৰী দেশসমূহৰ প্ৰতিনিধিসকলেও সহযোগিতাৰ বিভিন্ন সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে। ভাৰতত থকা ফেডাৰেল ৰিপাব্লিক অব্ নাইজেৰিয়াৰ উচ্চায়ুক্ত মাননীয় ছাইদু দাহিৰু মহম্মদে দেশখনৰ সজীৱ চলচ্চিত্ৰ উদ্যোগৰ বিষয়ে বক্তব্য ৰাখে আৰু মহোৎসৱত নাইজেৰিয়াৰ ছবিক অন্তৰ্ভুক্ত কৰাৰ বাবে আদৰণি জনায়। তেওঁ সহ-প্ৰযোজনা আৰু বিতৰণক সহযোগিতাৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰাৰ লগতে প্ৰযুক্তি হস্তান্তৰ আৰু দক্ষতা বিকাশৰ ওপৰতো গুৰুত্ব দিয়ে, যিয়ে নৱপ্ৰজন্মৰ বাবে অৰ্থনৈতিক সুযোগ সৃষ্টি কৰিব পাৰে।
মুম্বাইস্থিত ৰাছিয়ান ফেডাৰেচনৰ কনছুলেট জেনেৰেলৰ ভাৰপ্ৰাপ্ত কনছুল জেনেৰেল শ্ৰীযুত আলেকজেণ্ডাৰ ফুৰ্ছভে সীমান্ত অতিক্ৰম কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ সামৰ্থ্যৰ ওপৰত আলোকপাত কৰে আৰু ভাৰত তথা ৰাছিয়াৰ মাজত হোৱা চলচ্চিত্ৰ মহোৎসৱৰ আদান-প্ৰদানক সাংস্কৃতিক সম্পৰ্ক গভীৰ কৰাৰ এক সুযোগ হিচাপে উল্লেখ কৰে।
ভাৰতত থকা ইণ্ডোনেছিয়া গণৰাজ্যৰ দূতাবাসৰ প্ৰথম সচিব শ্ৰীমতী আৰ্নি ৱাহিউনিয়ে ৰামায়ণ আৰু মহাভাৰতৰ উমৈহতীয়া পৰম্পৰাত প্ৰতিফলিত হোৱা ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ দীৰ্ঘদিনীয়া সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে বক্তব্য ৰাখে। তেওঁ সহ-প্ৰযোজনাৰ সুযোগসমূহ অন্বেষণ কৰাৰ এক পদক্ষেপ হিচাপে চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজকসকলৰ বাবে এক পৰিচয়মূলক ভ্ৰমণৰ (ফেমিলিয়াৰাইজেচন ভিজিট) প্ৰস্তাৱ আগবঢ়ায়, লগতে অ’টিটি প্লেটফৰ্মৰ জৰিয়তে চলচ্চিত্ৰৰ অধিক বিতৰণৰ পোষকতা কৰে। তেওঁ এনিমেচন আৰু গেমিঙকো সহযোগিতাৰ সম্ভাৱনা থকা ক্ষেত্ৰ হিচাপে চিনাক্ত কৰে আৰু ভৱিষ্যতৰ কাৰ্যসূচীসমূহত সাংস্কৃতিক প্ৰতিনিধি, প্ৰযোজক আৰু এনিমেচন পেছাদাৰীসকলক জড়িত কৰাৰ আগ্ৰহ প্ৰকাশ কৰে।
ভাৰতত থকা ইছলামিক ৰিপাব্লিক অব্ ইৰাণৰ দূতাবাসৰ উপ-মুখ্য দূত ড° মোস্তাফা গোহাৰিফাৰে গোৱাৰ সাংস্কৃতিক বৈচিত্ৰ্যক বিভিন্ন সমাজৰ বিষয়ে বুজাবুজিৰ আলোচনাৰ বাবে এক উপযুক্ত পৰিৱেশ বুলি বৰ্ণনা কৰে। তেওঁ কয় যে চলচ্চিত্ৰই ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ বিষয়ে এক সুকীয়া অন্তৰ্দৃষ্টি প্ৰদান কৰে, আৰু এই সন্মিলনে চলচ্চিত্ৰ উদ্যোগ তথা সমাজসমূহৰ মাজত অধিক ব্যাপক সহযোগিতাৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে।
সামৰণি ভাষণত শ্ৰী জি কৃষ্ণকুমাৰে দেশ আৰু সংস্কৃতিসমূহক একত্ৰিত কৰাৰ মঞ্চ হিচাপে চলচ্চিত্ৰৰ ভূমিকাৰ কথা পুনৰ দোহাৰে। তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱক তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে সামূহিক প্ৰচেষ্টাই চলচ্চিত্ৰৰ জৰিয়তে বৃহৎ সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰে।
ব্ৰিকছ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া ব্ৰিকছ দেশসমূহৰ ছবিসমূহৰ পৰিচয় দাঙি ধৰা এটা চমু ভিডিঅ’ প্ৰদৰ্শনেৰে আৰু দেশসমূহৰ চলচ্চিত্ৰীয় পৰম্পৰাৰ বৈচিত্ৰ্যক উদযাপন কৰি এই ঘূৰণীয়া মেজমেলৰ সামৰণি পৰে।
_20261122192013_91d0a5.jpeg)

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Rajith/ Supriya/ Nikhitha/ Darshana | IFFI 57 - 066