যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

সংবিধান দিৱস উপলক্ষে দেশজুৰি ২৬,০০০ স্থানত ফিট ইণ্ডিয়াৰ ৯৯ সংখ্যক ‘ছানডেজ অন চাইকেল’ কাৰ্য্যসূচী উদযাপন

দাণ্ডী কুটিৰত ৯৯ সংখ্যক সংস্কৰণ উদযাপনৰ নেতৃত্বত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়া আৰু গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী

ভাৰতত অলিম্পিক আন্দোলন উদযাপনৰ উদ্দেশ্যে ২৯ নৱেম্বৰত ১০০ সংখ্যক সংস্কৰণ

পোষ্ট কৰা হৈছে: 22 NOV 2026 12:36PM by PIB Guwahati

গান্ধীনগৰ, ২২ নৱেম্বৰ ২০২৬:দেওবাৰে সমগ্ৰ দেশৰ ২৬,০০০ স্থানত ‘ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল’ৰ ৯৯সংখ্যক সংস্কৰণ উদযাপন কৰা হয়। ‘সংবিধান দিৱস’ আছিল এইবাৰৰ মূল বিষয়বস্তু। ইয়াৰ জৰিয়তে সুস্থতা, নাগৰিকৰ দায়বদ্ধতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত সামূহিক অংশগ্ৰহণৰ বাৰ্তা পুনৰ দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা হয়।

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াৰ লগতে গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱীয়ে গান্ধীনগৰৰ দাণ্ডী কুটিৰ আৰু মহাত্মা মন্দিৰত  এই উদযাপনৰ নেতৃত্ব দিয়াৰ উপৰি নাগৰিক, ক্ৰীড়াবিদ আৰু ফিটনেছ উৎসাহীসকলৰ সৈতে যোগ দি সক্ৰিয় আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচাৰ কৰে।

সমবেত লোকসকলক সম্বোধন কৰি ড° মাণ্ডৱিয়াই কয় যে বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীত উপনীত হ’বলৈ এটা সুস্থ, স্বাস্থ্যকৰ আৰু ড্ৰাগছমুক্ত যুৱ প্ৰজন্ম অত্যাৱশ্যক। তেওঁ নাগৰিকসকলক, বিশেষকৈ যুৱক-যুৱতীসকলক চাইক্লিঙক এক আবেগ আৰু দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে আঁকোৱালি ল’বলৈ আহ্বান জনায়।

 “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি বিকশিত ভাৰত গঢ়াৰ দিশত কাম কৰি আছো। বিশেষকৈ আমি ২৬ নৱেম্বৰত সংবিধান দিৱসৰ ওচৰ চপাৰ লগে লগে ‘ছানডেজ অন চাইকেল’ৰ ৯৯ সংখ্যক সংস্কৰণত ২৬,০০০ স্থানত জনসাধাৰণৰ অংশগ্ৰহণে এই উপলক্ষ্যক বিশেষ কৰি তুলিছে। সুস্থতা কেইঘণ্টামান বা এটা বিশেষ দিনতে সীমাবদ্ধ হ'ব নালাগে; ই আমাৰ দৈনন্দিন জীৱনৰ অংগ হ'ব লাগে,” ড° মাণ্ডৱিয়াই কয়।

ড° মাণ্ডৱিয়াই  লগতে কয় যে চাইক্লিং কেৱল এটা শাৰীৰিক কাৰ্যকলাপ নহয় বৰঞ্চ সুস্থতাৰ প্ৰচাৰ কৰা আৰু স্বাস্থ্যকৰ জীৱনৰ বিষয়ে সজাগতা বিয়পোৱাৰ এক উপায়।

 “আমাৰ যুৱক-যুৱতীসকলে কেৱল তেওঁলোকৰ কেৰিয়াৰৰ বিষয়েই নহয়, তেওঁলোকৰ সুস্থতা আৰু জাতিৰ প্ৰতি দায়িত্বৰ বিষয়েও সচেতন হ'ব লাগে,” তেওঁ লগতে কয়।

ড° মাণ্ডৱিয়াই চাইক্লিঙক এক জনপ্ৰিয় জীৱনশৈলীৰ পছন্দ হিচাপে আঁকোৱালি ল’বলৈ আহ্বান জনোৱাৰ লগতে চাইক্লিঙত অধিক জন অংশগ্ৰহণে ফিটনেছৰ প্ৰচাৰ  কৰাৰ উপৰি এক স্বাস্থ্যকৰ সমাজ গঢ়াত সহায় কৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে সৰু সৰু ব্যক্তিগত প্ৰচেষ্টাই একেলগে এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীত অৰিহণা যোগাব পাৰে।

 “ফিট ইণ্ডিয়াৰ বাবে সৰল মন্ত্ৰটো হ'ল প্ৰতিজন নাগৰিক স্বাস্থ্য সচেতন হ'ব লাগিব। যেতিয়া আমাৰ নাগৰিকসকল ফিট হ'ব, আমাৰ সমাজ স্বাস্থ্যকৰ হ'ব আৰু এক স্বাস্থ্যকৰ সমাজ বিকশিত জাতি গঢ়াৰ বাবে অত্যাৱশ্যক। আহক আমি সকলোৱে হাত মিলাও, ফিটনেছক অগ্ৰাধিকাৰ দিও আৰু বিকশিত ভাৰতৰ দিশত যাত্ৰাত অৰিহণা যোগাও,” তেওঁ কয়।

 

ভাৰতত অলিম্পিক আন্দোলন উদযাপনৰ উদ্দেশ্যে ১০০ সংখ্যক সংস্কৰণ

ক্ৰমবৰ্ধমান দেশজোৰা অংশগ্ৰহণৰ ওপৰত ভিত্তি কৰি ড° মাণ্ডৱিয়াই ঘোষণা কৰে যে ২০২৬ চনৰ ২৯ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ‘ছানডেজ অন চাইকেল’ৰ ১০০ সংখ্যক সংস্কৰণত ভাৰতত অলিম্পিক আন্দোলন উদযাপন কৰা হ'ব।

এই মাইলৰ খুঁটি সংস্কৰণে অলিম্পিক মূল্যবোধৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি আৰু নাগৰিকসকলৰ মাজত, বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপৰ প্ৰচাৰ পুনৰ নিশ্চিত কৰিব।

গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱীয়ে ‘ছানডেজ অন চাইকেল’ত ক্ৰমবৰ্ধমান দেশজোৰা অংশগ্ৰহণৰ শলাগ লৈ কয় যে এই পদক্ষেপে নাগৰিকসকলক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ আৰু ফিটনেছক নিয়মীয়া অভ্যাস কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

গান্ধীনগৰৰ দাণ্ডী কুটিৰত  পুৱা ৬:৩০ বজাত এক সামূহিক জুম্বা সত্ৰৰ সৈতে এই উদযাপন আৰম্ভ হোৱাৰ পাছত মহাত্মা মন্দিৰলৈ ২.৫ কিলোমিটাৰ দুৰত্বৰ চাইকেল ৰেলী উলিওৱা হয়। আন্তঃৰাষ্ট্ৰীয় ছফ্ট টেনিছ পদক বিজয়ী আধ্যা তিৱাৰী, জয় মীনা আৰু অনিকেত পেটেলে এই কাৰ্য্যসূচীত যোগ দি তেওঁলোকৰ ক্ৰীড়া সাফল্যৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলক অনুপ্ৰাণিত কৰে।
ফিট ইণ্ডিয়াৰ দূত শ্ৰী ৰাকেশ ছাইনি আৰু শ্ৰী ভীষ্ম মাধানীৰ লগতে ফিট ইণ্ডিয়া চেম্পিয়ন ভানু আৰু উৰ্বীও অনুষ্ঠানত উপস্থিত থাকে।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই)ৰ গান্ধীনগৰ আঞ্চলিক কেন্দ্ৰই  আয়োজন কৰা এই অনুষ্ঠানত  নাগৰিক, ক্ৰীড়াবিদ আৰু ফিটনেছ উৎসাহীসকলে অংশগ্ৰহণ কৰে।

২০২৪ চনৰ ডিচেম্বৰত ড° মনসুখ মাণ্ডৱিয়াই আৰম্ভ কৰা ‘ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল’ দেশজোৰা সামূহিক ফিটনেছ আন্দোলনত পৰিণত হৈ নাগৰিকসকলক চাইক্লিং আৰু অন্যান্য শাৰীৰিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে।

 “ফিটনেছ কা ড'জ, আধা ঘণ্টা ৰোজ” বাৰ্তাৰ জৰিয়তে এই পদক্ষেপে ফিটনেছ, বহনক্ষম গতিশীলতা আৰু সামূহিক অংশগ্ৰহণক প্ৰচাৰ কৰি অহাৰ লগতে ফিট ইণ্ডিয়া আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীত অৰিহণা যোগাইছে।

***

Ayushman Kumar/DD


(ৰিলিজ আই ডি : 2339948) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil