পোষ্ট কৰা হৈছে:
20 NOV 2026 3:19PM by PIB Guwahati
ডাক বিভাগ, দিল্লী চাৰ্কলে ২৬-১১-২০২৬ ত চাৰ্কল পৰ্য্যায়ৰ - ডাক আদালতৰ আয়োজন কৰিছে। এই আদালতৰ জৰিয়তে কেৱল দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল/দিল্লী ৰাজ্যৰ অধীনস্থ ডাক সেৱাৰ সৈতে জড়িত অভিযোগ সমূহ নিষ্পত্তি কৰা হ’ব। আদালতৰ স্থান হৈছে চীফ প’ষ্টমাষ্টাৰ জেনেৰেলৰ কাৰ্য্যালয়, দিল্লী চাৰ্কল, ৩-য় মহলা, মেঘদূত ভৱন, ঝাণ্ডেওয়ালান মেট্ৰ’ ষ্টেচনৰ কাষত, নতুন দিল্লী- ১১০০০১। সময়ঃ দিনৰ ১১:০০ বজা।
এই আদালতে প্ৰতিজন অভিযোগকাৰীক পৃথকে-পৃথকে বিবেচনা কৰি জনসাধাৰণৰ অভিযোগ/সমস্যাৰাজি নিষ্পত্তি কৰিব।
আদালতত বিবেচনা কৰিবলগীয়া অভিযোগসমূহ ২৪-১১-২০২৬ (মঙলবাৰ) ৰ ভিতৰত সহকাৰী সঞ্চালক (চিএছ), চীফ প’ষ্টমাষ্টাৰ জেনেৰেলৰ কাৰ্য্যালয়, দিল্লী চাৰ্কল, নতুন দিল্লী- ১১০০০১ ত দাখিল কৰিব লাগিব। নিৰ্ধাৰিত তাৰিখৰ পিছত দাখিল কৰা অভিযোগসমূহ গ্ৰহণ কৰা নহ’ব।
সুনিৰ্দিষ্টভাৱে আৰু চমুকৈ অভিযোগ দাখিল কৰিব লাগিব। সাধাৰণ প্ৰকৃতিৰ আৰু নীতিগত বিষয়ৰ অভিযোগ গ্ৰহণ কৰা নহ’ব।
উক্ত চাৰ্কল পৰ্য্যায়ৰ ডাক আদালত কেৱল সেই সমূহ অভিযোগৰ বাবেহে যি সমূহ মাণ্ডলিক পৰ্য্যায়ৰ ডাক আদালতত উত্থাপিত হৈছিল আৰু এতিয়াও নিষ্পত্তি হোৱা নাই।
****
AMK/NA/SB