পোষ্ট কৰা হৈছে:
20 NOV 2026 3:52PM by PIB Guwahati
বিশেষকৈ গ্ৰামাঞ্চল আৰু সামাজিক তথা অৰ্থনৈতিকভাৱে দুৰ্বল পটভূমিৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কাৰ্য্য অব্যাহত ৰখাৰ ক্ষেত্ৰত নিৰাপদ আৰু সুলভ বাসস্থানৰ সুবিধাই এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰস্তাৱিত হোষ্টেলখনে অত্যাৱশ্যকীয় বৰ্ডিং সুবিধা আৰু শিক্ষণ, ব্যক্তিগত বিকাশ তথা শৈক্ষিক অগ্ৰগতিৰ বাবে এটি অনুকূল সুস্থ পৰিবেশ আগবঢ়াই বাসস্থান-সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰিব বিচাৰিছে।
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে উত্তৰ ত্ৰিপুৰাৰ আলগাপুৰ গাঁও পঞ্চায়তত অন্যান্য পিছপৰা শ্ৰেণীৰ (OBC) অন্তৰ্গত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এটি ১৫০-আসন বিশিষ্ট হোষ্টেল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে উপযুক্ত আৱাসিক আন্তঃগাঁথনিৰ ব্যৱস্থা কৰি শিক্ষাৰ সুযোগ সম্প্ৰসাৰিত কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক আকাংক্ষা পূৰণৰ বাবে এক সহায়ক পৰিবেশ সৃষ্টি কৰা।
২০২৫–২৬ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হোৱা এই হোষ্টেল প্ৰকল্পটোৰ জৰিয়তে ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক আশ্ৰয় প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। প্ৰকল্পটো সম্পূৰ্ণ তথা কাৰ্য্যক্ষম হৈ উঠাৰ লগে-লগে এই হোষ্টেলত ১৫০ গৰাকী পৰ্য্যন্ত যোগ্য অ’বিচি ছাত্ৰ-ছাত্ৰী থকাৰ পথ প্ৰশস্ত হৈ উঠিব আৰু উত্তৰ ত্ৰিপুৰাত শৈক্ষিক সুবিধাসমূহ লাভ কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। ইয়াৰ দ্বাৰা তেওঁলোকক গাঁথনিগত আৰু সহায়ক জীৱন পৰিবেশৰ সুবিধাও প্ৰদান কৰা হ’ব।
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ পুঁজিৰে অ’বিচি কল্যাণ বিভাগৰ হৈ ত্ৰিপুৰা চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে প্ৰকল্পটো ৰূপায়ণ কৰিছে। এই সহযোগিতামূলক পদক্ষেপে শৈক্ষিক আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু সৰ্বাংগীন আৰ্থ-সামাজিক উন্নয়নক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্যৰ সমন্বয়ৰ গুৰুত্বকে প্ৰতিফলিত কৰিছে।

প্ৰস্তাৱিত হোষ্টেলটোত বিদ্যুৎ, উপযুক্ত অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সুবিধা, বিশুদ্ধ খোৱাপানী আৰু পৰ্য্যাপ্ত নিৰাপত্তা ব্যৱস্থাকে প্ৰমুখ্য কৰি অত্যাৱশ্যকীয় সুবিধাসমূহ উপলব্ধ হ’ব। এই সুবিধাসমূহ উপলব্ধ কৰাৰ উদ্দেশ্য হৈছে এটি নিৰাপদ, সুস্থ আৰু সহায়ক আৱাসিক পৰিবেশ নিশ্চিত কৰা। ইয়াৰ ফলশ্ৰুতিত ছাত্ৰ-ছাত্ৰীসকলে নিজ-নিজ শৈক্ষিক সাধনাত মনোনিৱেশ কৰিবলৈ সক্ষম হ’ব।
আৱাসিক বাসস্থানৰ বাহিৰেও অ’বিচি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত শৈক্ষিক উৎকৰ্ষতা, নেতৃত্ব প্ৰদানৰ গুণ আৰু দক্ষতা বিকাশৰ লালন-পালনৰ স্থান হিচাপে হোষ্টেলখন গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপে ৰিফ্ৰেছাৰ ক’ৰ্ছ আৰু দক্ষতা-অভিমুখী পাঠ্যক্ৰম সমূহত অংশগ্ৰহণ কাৰ্য্যকো উৎসাহিত কৰিব বিচাৰে। এনে প্ৰয়াসে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষ্যতৰ শৈক্ষিক আৰু পেছাদাৰী আকাংক্ষাক সমৰ্থন কৰিব পৰা দক্ষতা বিকাশ কৰাত সহায় কৰিব।
এই পদক্ষেপে বিকশিত ভাৰত@২০৪৭-ৰ বিস্তৃত দৃষ্টিভংগীত অৰিহণা যোগোৱা সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সৰ্বাংগীন শিক্ষা, সুযোগৰ ন্যায্য প্ৰৱেশ আৰু বঞ্চিত সমাজ সমূহৰ বাবে সহায়ক শৈক্ষিক আন্তঃগাঁথনি বিকাশ সাধনৰ প্ৰতি অবিৰত দায়বদ্ধতাৰ মনোভাৱকে প্ৰতিফলিত কৰিছে।
***
SS-190-TAR/KV/GA/RK/SB
Date: 20.11.2026