সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

আৰ্থিক বাধাৰ পৰা অভিযান্ত্ৰিক আকাংক্ষালৈ

উত্তৰ প্ৰদেশৰ জালাউন জিলাৰ ৰোহিত কুমাৰৰ যাত্ৰা

পোষ্ট কৰা হৈছে: 20 NOV 2026 4:22PM by PIB Guwahati

পেছাদাৰী বিকাশ, আৰ্থিক স্বাধীনতা আৰু সামাজিক সবলীকৰণৰ সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত শিক্ষাই এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অৱশ্যে আৰ্থিক বাধাই উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।

শ্ৰী ৰোহিত কুমাৰৰ (নাম সলনি কৰা হৈছে) যাত্ৰাই প্ৰমাণ কৰে যে কেনেকৈ লক্ষ্যভিত্তিক শৈক্ষিক সাহায্যই আৰ্থিকভাৱে অনগ্ৰসৰ পটভূমিৰ ছাত্ৰ-ছাত্ৰীসকলক অৰ্থনৈতিক বাধাসমূহ অতিক্ৰম কৰি তেওঁলোকৰ শৈক্ষিক আৰু পেছাদাৰী লক্ষ্যৰ দিশত কাম কৰি যাবলৈ সহায় কৰিব পাৰে। তেওঁৰ অভিজ্ঞতাই গুণগত উচ্চ শিক্ষাৰ সুবিধা সম্প্ৰসাৰণ আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ সম্ভাৱনাক উপলব্ধি কৰিবলৈ সক্ষম কৰাৰ গুৰুত্বকে প্ৰতিফলিত কৰিছে।

উত্তৰ প্ৰদেশৰ জালাউন জিলাৰ সাতোহ গাঁৱৰ বাসিন্দা শ্ৰী ৰোহিতে টপ ক্লাছ এডুকেচন আঁচনিৰ সমৰ্থনত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়ত শৈক্ষিক যাত্ৰা অব্যাহত ৰাখিছে।

সীমিত আৰ্থিক সম্পদ সম্পন্ন পৰিয়াল এটাৰ সন্তান ৰোহিত উচ্চ শিক্ষা গ্ৰহণৰ বাবে প্ৰয়োজনীয় ব্যয় যোগাৰ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই প্ৰত্যাহ্বানসমূহৰ মাজতো তেওঁৰ পৰিয়ালে তেওঁক পঢ়া-শুনা আগবঢ়াই নিবলৈ আৰু পেছাদাৰী আকাংক্ষাৰ দিশত কাম কৰিবলৈ নিৰন্তৰভাৱে উৎসাহিত কৰিছিল।

টপ ক্লাছ এডুকেচন আঁচনিৰ জৰিয়তে সকাহ লাভ

টিউচনৰ মাচুল আৰু আন-আন শৈক্ষিক খৰচৰ লগত জড়িত আৰ্থিক বোজা হ্ৰাস কৰি ৰোহিতৰ শৈক্ষিক অগ্ৰগতিৰ ক্ষেত্ৰত টপ ক্লাছ এডুকেচন আঁচনিখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ ফলশ্ৰুতিত তেওঁ অধিক আত্মবিশ্বাসেৰে অভিযান্ত্ৰিক বিষয়ত অধ্যয়ন অব্যাহত ৰাখিবলৈ সক্ষম হৈছে আৰু শৈক্ষিক শিক্ষণ তথা কাৰিকৰী দক্ষতা বিকাশৰ প্ৰতি অধিক মনোযোগ প্ৰদান কৰিব পাৰিছে।

ৰোহিতৰ বাবে আঁচনিখনে শিক্ষাজনিত ব্যয়েৰে মোকাবিলাৰ ক্ষেত্ৰত কোনো ধৰণৰ হেঁচা নোহোৱাকৈ উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ প্ৰশস্ত কৰিছে।

কাৰিকৰী দক্ষতা আৰু শৈক্ষিক বিকাশক সুদৃঢ়কৰণ

বৰ্তমান কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়ত অধ্যয়ন কৰি থকা ৰোহিতৰ ২০২৭-ত শিক্ষা গ্ৰহণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠিব। ৰোহিতে তেওঁৰ প্ৰগ্ৰেমিং জ্ঞান, বিশ্লেষণাত্মক ক্ষমতা আৰু সমস্যা সমাধানৰ দক্ষতা বৃদ্ধি কৰাৰ দিশত কাম কৰি আছে।

প্ৰতিযোগিতামূলক প্ৰগ্ৰেমিংৰ প্ৰতি থকা আগ্ৰহ প্ৰতিফলিত কৰি তেওঁ লিটক'ড দ্বি-সাপ্তাহিক প্ৰতিযোগিতা ১৮১-ত ২,৪১০ ৰেংক লাভ কৰিছে। প্ৰতিযোগিতামূলক প্ৰগ্ৰেমিংত তেওঁৰ অংশগ্ৰহণে প্ৰযুক্তি খণ্ডত প্ৰাসংগিক দক্ষতা বিকাশৰ প্ৰতি তেওঁৰ অংগীকাৰৰ মনোভাৱকে উজ্জ্বল কৰি তুলিছে।

আত্মবিশ্বাস আৰু পেছাদাৰী আকাংক্ষাৰ বৰ্ধন

টপ ক্লাছ এডুকেচন আঁচনিৰ অধীনত আগবঢ়োৱা আৰ্থিক সাহায্যই ৰোহিতক অধিক আত্মবিশ্বাসেৰে অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰাত সহায় কৰিছে। এনে সমৰ্থন লাভৰ ফলশ্ৰুতিত তেওঁ জ্ঞান আহৰণ, কাৰিকৰী দক্ষতা বৃদ্ধি তথা কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়ত কেৰিয়াৰৰ বাবে প্ৰস্তুতি চলোৱাত মনোনিৱেশ কৰিবলৈ সক্ষম হৈছে।

***

SS-191-TAR/KV/GA/RK/SB


(ৰিলিজ আই ডি : 2339859) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil