উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

চেন্নাইত নেল্লাই নাদৰ মেট্ৰিকুলেচন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ৪২সংখ্যক বাৰ্ষিক দিৱসৰ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

তামিল ভাষা, সংস্কৃতি আৰু পৰিচয় সংৰক্ষণৰ বিষয়টো ৰাষ্ট্ৰৰ শক্তি বৃদ্ধিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত: উপ-ৰাষ্ট্ৰপতি

গৱেষণা আৰু উদ্ভাৱনেই ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব; ইয়াৰ বাবে শিক্ষাৰ্থীসকলে নিজকে প্ৰস্তুত কৰিব লাগিব: উপ-ৰাষ্ট্ৰপতি

শিক্ষাই কেৱল শৈক্ষিক উৎকৰ্ষ সাধনতে সীমাবদ্ধ নাথাকি দায়িত্বশীল আৰু সহানুভূতিশীল নাগৰিক গঢ়ি তুলিব লাগিব: উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 21 NOV 2026 7:05PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি চেন্নাইৰ কোট্টিৱক্কমত অৱস্থিত নেল্লাই নাদৰ মেট্ৰিকুলেচন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ৪২সংখ্যক বাৰ্ষিক দিৱসৰ অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কে কামৰাজৰ নিঃস্বাৰ্থ নেতৃত্ব, সৰলতা আৰু জনকল্যাণৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা স্মৰণ কৰি মহান নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

তেওঁ কয় যে তামিল ভূমিত যিমান দিনলৈকে মহান নেতা কে কামৰাজৰ আদৰ্শ আৰু কৰ্মৰাজি জীয়াই থাকিব, সিমান দিনলৈকে বিশ্বৰ কোনো শক্তিয়ে তামিলনাডুৰ পৰা জাতীয়তাবাদৰ চেতনাক মচি পেলাব নোৱাৰিব।

তেওঁ কয় যে আন্তঃগাঁথনি আৰু শিক্ষাৰ ক্ষেত্ৰত কামৰাজৰ অৱদান অতুলনীয়। তেওঁৰ কাৰ্যকালত কেইবাটাও বৃহৎ বান্ধ নিৰ্মাণৰ কথা স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কামৰাজে স্থাপন কৰা ভেটিৰ ফলতেই তামিলনাডুৱে শিক্ষা আৰু মানৱ সম্পদৰ ক্ষেত্ৰত বিশেষ কৃতিত্ব অৰ্জন কৰি এখন প্ৰশংসিত ৰাজ্য হিচাপে পৰিগণিত হ’ব পাৰিছে। তেওঁ কামৰাজক এনে এগৰাকী নেতা হিচাপে অভিহিত কৰে, যি কেতিয়াও নিৰ্বাচনী লাভালাভ বা ব্যক্তিগত স্বাৰ্থক গুৰুত্ব দিয়া নাছিল; বৰঞ্চ সকলো সময়তে জনকল্যাণক সৰ্বাধিক অগ্ৰাধিকাৰ দিছিল।

 

বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন আঁচনিৰ সম্প্ৰসাৰণত কামৰাজৰ অৱদানৰ কথা স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এয়া সমাজৰ বঞ্চিত শ্ৰেণীৰ শিশুসকলৰ বাবে শিক্ষা আৰু পুষ্টি দুয়োটাৰে সুবিধা নিশ্চিত কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ প্ৰতিফলন আছিল।

 

শিক্ষাৰ ক্ষেত্ৰত নেল্লাই তূতুকুড়ি নাদৰ মহামাই পৰিপালনা সংগমৰ অৱদানৰ শলাগ লৈ শ্ৰী চি পি ৰাধাকৃষ্ণণে কয় যে ১৯৮৫ চনত মাত্ৰ ৮৫ গৰাকী শিক্ষাৰ্থী আৰু সাতগৰাকী শিক্ষকৰ সৈতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনে আজি প্ৰায় ৩,৫০০ শিক্ষাৰ্থী আৰু প্ৰায় ২০০ গৰাকী শিক্ষক তথা কৰ্মচাৰীক সামৰি এটা বৃহৎ শিক্ষানুষ্ঠান হিচাপে গঢ় লৈ উঠিছে। তেওঁ কয় যে এই বিকাশে বিশেষকৈ আৰ্থিক আৰু সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ হাজাৰ হাজাৰ পৰিয়ালৰ আকাংক্ষাক বাস্তৱ ৰূপ দিয়াৰ প্ৰয়াসৰ প্ৰতিফলন ঘটাইছে।

 

শৈক্ষিক প্ৰদৰ্শনৰ পৰিসৰৰ পৰা শিক্ষাৰ লক্ষ্য অধিক বিস্তৃত হোৱা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে বিদ্যালয়সমূহে শিক্ষাৰ্থীসকলক দৃঢ় নৈতিক মূল্যবোধ, সহমৰ্মিতা আৰু সামাজিক দায়িত্ববোধেৰে গঢ়ি তুলিব লাগিব।

 

বিদ্যালয়খনৰ অটল টিংকাৰিং লেবৰ প্ৰসংগ উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক বৈজ্ঞানিক মানসিকতা, গৱেষণাৰ প্ৰতি আগ্ৰহ আৰু উদ্ভাৱনী চিন্তাধাৰা গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। গৱেষণা, উদ্ভাৱন আৰু নতুন নতুন আৱিষ্কাৰৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ বাবে শিক্ষাৰ্থীসকলক নিজকে প্ৰস্তুত কৰিবলৈও তেওঁ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই নীতিয়ে সামগ্ৰিক বিকাশ, মাতৃভাষাৰ মাধ্যমত শিক্ষা, অভিজ্ঞতাভিত্তিক শিক্ষণ, বৃত্তিমূলক দক্ষতা, গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ মুখস্থ বিদ্যাৰ পৰিৱৰ্তে বিষয়বস্তুৰ ধাৰণাগত বুজাবুজি আৰু সৃজনশীল চিন্তাধাৰাৰ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত অগ্ৰগতি ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু মানৱীয় মূল্যবোধৰ আধাৰত প্ৰতিষ্ঠিত হোৱা উচিত। তেওঁ কয় যে তামিল ভাষা, সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ ৰাষ্ট্ৰৰ শক্তিৰ সৈতে অংগাংগীভাৱে জড়িত। তেওঁ কয়, “তামিল সংস্কৃতি, তামিল জনগণ আৰু তামিল ভাষাক সুৰক্ষিত ৰাখিবলৈ হ’লে ভাৰত শক্তিশালী হৈ থাকিব লাগিব।”

 

২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হিচাপে ভাৰতক গঢ়ি তোলাৰ লক্ষ্যৰ প্ৰসংগ উল্লেখ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে শিক্ষাৰ্থীসকলক জ্ঞান, উদ্ভাৱন আৰু নিষ্ঠাৰ জৰিয়তে ৰাষ্ট্ৰৰ প্ৰগতিৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনায়। তেওঁ শিক্ষাৰ্থীসকলক উচ্চাকাংক্ষা পোষণ কৰিবলৈ, সততা বৰ্তাই ৰাখিবলৈ আৰু কোনো চমু পথ অৱলম্বন নকৰাকৈ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে লক্ষ্যত উপনীত হ’বলৈ আহ্বান জনায়।  বাৰ্ষিক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ লৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নেল্লাই নাদৰ ইঞ্জিনীয়াৰিং কলেজৰ ক্ৰীড়া প্ৰেক্ষাগৃহ আৰু ছাত্ৰাৱাস উদ্বোধন কৰে।

 

ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নেল্লাই নাদৰ মেট্ৰিকুলেচন হায়াৰ ছেকেণ্ডাৰী স্কুল চৌহদত থকা তিৰুৱল্লুৱৰ আৰু কে কামৰাজৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে।

 

PR/ASM/VM/UD


(ৰিলিজ আই ডি : 2339793) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Urdu , हिन्दी , Gujarati , Tamil , Malayalam