57th International Film Festival of India 2026
20 – 28 Nov 2026

“হাস্যৰস হৈছে জীৱনক চোৱাৰ এক বুদ্ধিদীপ্ত উপায়”: ৫৭ সংখ্যক ইফিত স্পেইনৰ ‘লুকিং ফৰ মাইকেল’ৰ বিশ্ব প্ৰিমিয়াৰ

এগৰাকী বাস্তৱ জীৱনৰ মহিলাৰ যাত্ৰাৰে অনুপ্ৰাণিত এখন সংগীতময় ৰোড ফিল্মে জীৱনৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত সহনশীলতা, বন্ধুত্ব আৰু হাঁহিৰ শক্তিক অন্বেষণ কৰিছে

পোষ্ট কৰা হৈছে: 21 NOV 2026 6:54PMby PIB Guwahatiৰিলিজ আই ডি : 2339718Views: 9

জীৱনৰ কঠিন প্ৰত্যাহ্বানবোৰক যেতিয়া হাঁহিৰে আদৰি লোৱা হয়, তেতিয়া কি ঘটে? হুৱানা মাচিয়াছৰ দ্বাৰা পৰিচালিত ২০২৬ চনৰ স্পেনিছ কমেডী-ড্ৰামা ‘লুকিং ফৰ মাইকেল’ (পাৰ্চিগুয়েণ্ডো এ মাইকেল)-এ সাহস, বন্ধুত্ব আৰু সহনশীলতাৰ এক হৃদয়স্পৰ্শী কাহিনীৰ জৰিয়তে তাকেই অন্বেষণ কৰিছে। গোৱাৰ পানাজীত অনুষ্ঠিত হৈ থকা ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (ইফি) আজি ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ সম্পন্ন হয়।

ছবিখনৰ কাহিনী আগবাঢ়িছে পাৰ্কিনছন ৰোগত আক্ৰান্ত এগৰাকী যুৱতী ছোনিয়াক কেন্দ্ৰ কৰি, যিয়ে সাহস আৰু জীৱনৰ প্ৰতি এক নতুন দৃষ্টিভংগীৰে নিজৰ পৰিস্থিতিৰ মুখামুখি হ’বলৈ বাছি লয়। একেটা ৰোগতে আক্ৰান্ত তেওঁৰ সংগীত চিকিৎসা গোটৰ সদস্যসকলৰ সমৰ্থনত তেওঁ প্ৰখ্যাত অভিনেতা মাইকেল জে ফক্সক লগ পোৱাৰ উদ্দেশ্যে এক যাত্ৰা আৰম্ভ কৰে— যিগৰাকী অভিনেতাই পাৰ্কিনছন ৰোগৰ সৈতে জীয়াই থকাৰ অভিজ্ঞতাৰ বিষয়ে ৰাজহুৱাকৈ কথা পাতি আহিছে। সংগীত আৰু হাস্যৰসৰ সংমিশ্ৰণেৰে এই ৰোড ফিল্মখনে প্ৰতিকূলতাৰ মাজতো নিজৰ চৰ্তত জীৱন যাপন কৰাৰ দৃঢ় সংকল্পক দাঙি ধৰিছে।

ত্ৰিশৰ দশকৰ মাজভাগত পাৰ্কিনছন ৰোগত আক্ৰান্ত হোৱা এগৰাকী বাস্তৱ জীৱনৰ মহিলা য়েছ আন্দ্ৰেজৰ যাত্ৰা আৰু সপোনৰ দ্বাৰা অনুপ্ৰাণিত এই ছবিখনে তেওঁৰ অভিজ্ঞতাৰ পৰাই উষ্ণতা আৰু বাস্তৱতা আহৰণ কৰিছে। দৈনন্দিন জীৱনৰ সূক্ষ্ম পৰ্যবেক্ষণে কাহিনীটোক এক আৱেগিক সততা প্ৰদান কৰিছে, যিয়ে চৰিত্ৰসমূহৰ প্ৰত্যাহ্বান আৰু আকাংক্ষাক জীৱন্ত ৰূপত পৰ্দাত তুলি ধৰিছে।

অধিৱেশনত বক্তব্য প্ৰদান কৰি পৰিচালক হুৱানা মাচিয়াছে মন্তব্য কৰে, “হাস্যৰস হৈছে জীৱনক চোৱাৰ এক বুদ্ধিদীপ্ত উপায়।” তেওঁ কয় যে অসুস্থতা, গভীৰ শোক বা আন কোনো অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ মাজেৰে প্ৰতিজন মানুহেই জীৱনৰ কোনোবা নহয় কোনোবা সময়ত কঠিন পৰিস্থিতিৰ সন্মুখীন হয়। তেওঁৰ মতে, এই সাৰ্বজনীনতাই ছবিখনক এক বহল গ্ৰহণযোগ্যতা প্ৰদান কৰিছে, যাৰ ফলত ৫৭ সংখ্যক ইফিৰ মূল বিষয়বস্তুৰ সৈতে সংগতি ৰাখি ছবিখনৰ মূল বাৰ্তাই সীমা আৰু প্ৰজন্মৰ পৰিধি অতিক্ৰম কৰি সকলো দৰ্শকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।

ছবিখনত ডৰিছৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী লৰেনা লোপেজে চৰিত্ৰটোৰ সহনশীলতা, প্রাণৱন্ত ব্যক্তিত্ব আৰু নুৰিয়া হেৰেৰোৱে ৰূপায়ণ কৰা ছোনিয়াৰ সৈতে থকা বন্ধুত্বৰ বিষয়ে উল্লেখ কৰে। হুইলচেয়াৰ ব্যৱহাৰ কৰা ডৰিছে যাত্ৰাপথত ছোনিয়াৰ বন্ধু আৰু পথপ্ৰদৰ্শক উভয়েই হৈ পৰে, যিয়ে জীৱনৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত সংগ আৰু পাৰস্পৰিক সমৰ্থনৰ গুৰুত্বক স্পষ্ট কৰি তোলে।

মাচিয়াছে অভিনেতাসকলক পৰিচালনা কৰাৰ নিজৰ কৌশলৰ বিষয়েও জানিবলৈ দি কয় যে তেওঁ আখৰা আৰু দৃশ্যগ্ৰহণৰ সময়ত অভিনেতাসকলক তাৎক্ষণিকভাৱে নিজাববীয়াকৈ সংলাপ বা অভিনয় সংযোজন কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ উল্লেখ কৰে যে হাস্যৰসাত্মক ছবিত এই কৌশল বিশেষভাৱে ফলপ্ৰসূ হয়, কিয়নো ই অভিনেতাসকলক তেওঁলোকৰ চৰিত্ৰসমূহৰ মাজত স্বাভাৱিক সম্পৰ্ক আৰু ভাৱ-বিনিময় গঢ়ি তোলাত সহায় কৰে।

ছবিখনত সংগীতৰ ভূমিকা সন্দৰ্ভত মাচিয়াছে বুজাই দিয়ে যে গীতসমূহে নিজৰ অসুস্থতাৰ সৈতে ছোনিয়াৰ বিকশিত হোৱা সম্পৰ্কক প্ৰতিফলিত কৰে আৰু চৰিত্ৰসমূহৰ আৱেগ তথা অভিজ্ঞতাৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে। ছবিখনৰ আৰম্ভণিৰ গীতটোৰ প্ৰসংগ টানি তেওঁ বৰ্ণনা কৰে যে, কেনেকৈ অসুখটো নিয়ন্ত্ৰণত ৰাখিবলৈ ছোনিয়াই প্ৰতিদিনে আঠটা বড়ি খোৱাৰ অভ্যাসটোক গীতটোত সামৰি লোৱা হৈছে, আৰু এনেদৰেই সংগীতৰ মাধ্যমেৰে দৈনন্দিন জীৱনৰ এক কঠিন বাস্তৱক ছবিখনৰ আৱেগিক যাত্ৰাৰ অংশ কৰি তোলা হৈছে।

ছবিখনৰ আঁৰৰ গৱেষণা সন্দৰ্ভত মাচিয়াছে য়েছ আন্দ্ৰেজ আৰু পাৰ্কিনছন ৰোগত আক্ৰান্ত আন লোকসকলৰ সৈতে লোৱা বিস্তৃত সাক্ষাৎকাৰৰ কথা উল্লেখ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে মানুহৰ কাহিনী পৰ্দালৈ আনোঁতে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে এক বাস্তৱসন্মত আৰু সৎ বুজাবুজি থকাটো অত্যন্ত জৰুৰী।

স্পেনিছ ছবিসমূহে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সৈতে কেনেকৈ সংযোগ স্থাপন কৰিব পাৰে বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত মাচিয়াছে কয় যে সংগীত আৰু প্ৰতিকূলতা জয় কৰাৰ কাহিনীসমূহৰ এক সাৰ্বজনীন আকৰ্ষণ আছে। অধিক দৰ্শকৰ ওচৰলৈ যোৱাৰ উদ্দেশ্যে স্পেনিছ আৰু আন্তঃৰাষ্ট্ৰীয় অ’টিটি প্লেটফৰ্মসমূহৰ সৈতে সহযোগিতা কৰাৰ পৰিকল্পনাৰ বিষয়েও তেওঁ অৱগত কৰে।

ইফিত হোৱা ছবিখনৰ বিশ্ব প্ৰিমিয়াৰে মহোৎসৱখনলৈ ভৌগোলিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰা এনে এক কাহিনী কঢ়িয়াই আনিছে, যিয়ে দৰ্শকক জীৱনৰ অনিশ্চয়তাসমূহ পাৰ হোৱাৰ ক্ষেত্ৰত হাস্যৰস, সংগীত আৰু মানৱীয় সম্পৰ্কৰ চিৰন্তন শক্তিৰ কথা সোঁৱৰাই দিয়ে।

অধিৱেশনখন সঞ্চালনা কৰে শ্ৰী কুলদীপ মীনাই।

 

 

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Anushka Sarkar/ Darshana Rane | IFFI 57 - 50

 


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339718
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026