57th International Film Festival of India 2026
20 – 28 Nov 2026

ভাষা আৰু সীমাৰ পৰিধি ভাঙি: ৫৭ সংখ্যক ইফিত 'ইণ্ডিয়ান পেনোৰামা'ই উদযাপন কৰিছে ভাৰতীয় চলচ্চিত্ৰৰ বৈচিত্ৰ্য

ভাৰতৰ বৈচিত্ৰ্যময় চলচ্চিত্ৰ পৰম্পৰাৰ মাজেৰে মৌলিকত্ব, নতুন কণ্ঠস্বৰ আৰু উমৈহতীয়া আৱেগৰ ওপৰত জুৰীৰ গুৰুত্ব আৰোপ

পোষ্ট কৰা হৈছে: 21 NOV 2026 3:10PMby PIB Guwahatiৰিলিজ আই ডি : 2339625Views: 3

দক্ষিণৰ একেবাৰে শেষ প্ৰান্তৰ পৰা আৰম্ভ কৰি উত্তৰ-পূৰ্বাঞ্চললৈকে, ভাৰতীয় চলচ্চিত্ৰই ইয়াৰ কাহিনী, সংস্কৃতি আৰু সৃজনশীল অভিব্যক্তিৰ অনন্য বৈচিত্ৰ্যৰ পৰাই শক্তি আহৰণ কৰে। তথাপিও, আঞ্চলিক পৰিচয় আৰু চলচ্চিত্ৰীয় শৈলীৰ ঊৰ্ধত থকা উমৈহতীয়া মানৱীয় আৱেগবোৰেই এই কাহিনীসমূহক সমগ্ৰ দেশৰ দৰ্শকৰ সৈতে সংযুক্ত কৰি ৰাখে। এই বৈচিত্ৰ্যক প্ৰতিফলিত কৰি, চলচ্চিত্ৰ নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰৰ অধ্যক্ষতাত গঠিত 'ইণ্ডিয়ান পেনোৰামা ২০২৬'ৰ কাহিনী চিত্ৰ জুৰীয়ে গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (ইফি) আয়োজিত এখন সংবাদমেলত ৪০৪ খন ছবিৰ মাজৰ পৰা ২৫ খন ছবি নিৰ্বাচন কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰে।

নিৰ্বাচন প্ৰক্ৰিয়াটোৰ বিষয়ে আলোকপাত কৰি মধুৰ ভাণ্ডাৰকাৰে কয় যে জুৰীয়ে বিভিন্ন শ্ৰেণীৰ ছবি উপভোগ কৰিছিল আৰু সমূহীয়া সিদ্ধান্তৰ ভিত্তিত চূড়ান্ত বাছনি সম্পন্ন কৰিছিল। তেওঁ এই অভিজ্ঞতাক অতি সমৃদ্ধ বুলি অভিহিত কৰি কয় যে চলচ্চিত্ৰ মহোৎসৱসমূহে নতুন কথা শিকাৰ লগতে নতুন দৃষ্টিভংগী লাভ কৰাৰ সুযোগ প্ৰদান কৰে। চূড়ান্ত তালিকাখনক লৈ সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে জুৰীয়ে বাছনি কৰা ছবিসমূহক লৈ আত্মবিশ্বাসী। তেওঁ বিশেষকৈ কেইখনমান মাৰাঠী, লাডাখী আৰু মালয়ালম ছবিৰ কথা উল্লেখ কৰে, যিবোৰে জুৰীৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু সেইবোৰক তেওঁ মন্ত্ৰমুগ্ধকৰ বুলি বৰ্ণনা কৰে।

মৌলিকত্ব আৰু প্ৰতিনিধিত্বৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি জ্যেষ্ঠ স্তম্ভলেখক তথা জুৰীৰ সদস্য ভাৰতী প্ৰধানে কয় যে পেনেলে এনে ছবিসমূহ বিচাৰিছিল যিবোৰে নিজৰ মৌলিক ধাৰণা অক্ষুণ্ণ ৰখাৰ লগতে সমগ্ৰ দেশৰ দৃষ্টিভংগীক একত্ৰিত কৰিব পাৰিছে। নিৰ্বাচন প্ৰক্ৰিয়াত সৰ্বভাৰতীয় প্ৰতিনিধিত্ব সুনিশ্চিত হোৱাত তেওঁ সন্তোষ প্ৰকাশ কৰে। লগতে মূলসুঁতিৰ চলচ্চিত্ৰ শিতানত ছবি নিৰ্বাচনৰ মাপকাঠী 'ইণ্ডিয়ান পেনোৰামা'ৰ কাহিনী চিত্ৰ শিতানতকৈ পৃথক আছিল বুলিও তেওঁ উল্লেখ কৰে।

অভিনেত্ৰী তথা জুৰীৰ সদস্য বিন্দু চন্দ্ৰমৌলিৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ছবি চোৱাটো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উপভোগ কৰাৰ দৰেই এক অভিজ্ঞতা আছিল। ভাষা, শৈলী আৰু বিষয়বস্তুৰ ভিন্নতা থকা সত্ত্বেও ছবিসমূহক সংযুক্ত কৰি ৰখা অন্তৰ্নিহিত আৱেগৰ এক উমৈহতীয়া সূতা তেওঁ লক্ষ্য কৰিছিল। দৰ্শকক নিজৰ ভাষাৰ গণ্ডীৰ বাহিৰলৈ গৈ আন ভাষাৰ ছবি চাবলৈ উৎসাহিত কৰি তেওঁ তেলেগু দৰ্শকসকলক বিভিন্ন ভাষাৰ ছবিৰ প্ৰতি মুকলি মন ৰাখিবলৈ আৰু বৈচিত্ৰ্যময় কাহিনী কথন শৈলীৰ শলাগ ল’বলৈ আহ্বান জনায়।

চিত্ৰগ্ৰাহক তথা জুৰীৰ সদস্য এম এছ প্ৰভুৱে এই অভিজ্ঞতাক ভাৰতৰ এক ভাৰ্চুৱেল ভ্ৰমণ বুলি বৰ্ণনা কৰে, যিয়ে দেশৰ বৈচিত্ৰ্যৰ মাজত ঐক্যক প্ৰতিফলিত কৰে। জুৰীয়ে বিভিন্ন অঞ্চলৰ ছবি চোৱাৰ লগে লগে সেইবোৰৰ কাহিনী আৰু আৱেগৰ মাজৰ সংযোগবোৰ অধিক স্পষ্ট হৈ পৰিছিল। তেওঁ নতুন পৰিচালকসকলৰ কামৰো প্ৰশংসা কৰে আৰু এই নিৰ্বাচন প্ৰক্ৰিয়াটো নিজেই এক মূল্যৱান শিক্ষণ অভিজ্ঞতা আছিল বুলি মন্তব্য কৰে।

নিৰ্বাচিত ছবিসমূহৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিত্ৰগ্ৰাহক তথা জুৰীৰ সদস্য কে এছ শিৱৰমণে কয় যে কিছুমান কাহিনীয়ে কঢ়িয়াই অনা আৱেগ ইমানেই হৃদয়স্পৰ্শী আছিল যে তেওঁ দক্ষিণ ভাৰতীয় দৰ্শকৰ বাবে সেই ছবিসমূহ পুনৰ নিৰ্মাণ কৰাৰ কথাও কল্পনা কৰিব পাৰে। জুৰীৰ আন এগৰাকী সদস্য চোহম পি শ্বাহে নিৰ্বাচন প্ৰক্ৰিয়াত ছবি এখনে দিয়া বাৰ্তাক এক গুৰুত্বপূৰ্ণ বিবেচনা হিচাপে উল্লেখ কৰে।

জুৰীয়ে মূলসুঁতিৰ চলচ্চিত্ৰ শিতানৰ পাঁচখন ছবিৰ নিৰ্বাচনৰ বিষয়েও আলোচনা কৰে, য’ত ভাণ্ডাৰকাৰে উল্লেখ কৰে যে এই সিদ্ধান্ত সমূহীয়া আছিল আৰু ছবিসমূহে উপস্থাপন কৰা সম্ভাৱনা, ধাৰণা আৰু চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত হৈছিল। সংবাদমেলখন সঞ্চালনা কৰে শ্ৰী ৰজিত চন্দ্ৰনে।

নিৰ্বাচিত কাহিনী চিত্ৰৰ পেকেজটোত 'ইণ্ডিয়ান পেনোৰামা'ৰ কাহিনী চিত্ৰ শিতানত ২০ খন আৰু মূলসুঁতিৰ চলচ্চিত্ৰ শিতানত ৫ খন ছবি অন্তৰ্ভুক্ত কৰা হৈছে। আদিত্য ধৰৰ দ্বাৰা পৰিচালিত হিন্দী ছবি 'ধুৰন্ধৰ'ক 'ইণ্ডিয়ান পেনোৰামা ২০২৬'ৰ উদ্বোধনী কাহিনী চিত্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। 'ইণ্ডিয়ান পেনোৰামা'ৰ এই বহল নিৰ্বাচনত ২০ খন অ-কাহিনী চিত্ৰও অন্তৰ্ভুক্ত কৰা হৈছে।

জুৰীৰ এই চিন্তাধাৰাই ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণৰ বিশাল পৰিসৰক স্পষ্ট কৰি তুলিছে, য’ত সুকীয়া আঞ্চলিক পৰিচয় আৰু চলচ্চিত্ৰীয় শৈলীসমূহ এনে কাহিনীৰ মাজেৰে একত্ৰিত হয় যিয়ে সকলো দৰ্শকৰ হৃদয় স্পৰ্শ কৰে। ইফিত 'ইণ্ডিয়ান পেনোৰামা'ই এই বৈচিত্ৰ্যক নিৰন্তৰভাৱে পোহৰলৈ আনিছে আৰু সমসাময়িক ভাৰতীয় চলচ্চিত্ৰক বিভিন্ন ভাষা আৰু সংস্কৃতিৰ মাজেৰে উপভোগ তথা প্ৰশংসা কৰাৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰিছে।

 

 

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Nikhitha A. S./ Darshana Rane | IFFI 57 - 046


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339625
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026