পোষ্ট কৰা হৈছে:
20 NOV 2026 4:25PM by PIB Guwahati
নতুন দিল্লী, ২০ নৱেম্বৰ, ২০২৬: কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডব্যই শুকুৰবাৰে নতুন দিল্লীত ফিকিৰ (ফেডাৰেচন অব্ ইণ্ডিয়ান চেম্বাৰ্ছ অব্ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী) ক্ৰীড়া বাণিজ্য বিষয়ক গোলকীয় সন্মিলন ‘টাৰ্ফ’-ৰ ১৬ সংখ্যক সংস্কৰণ উদ্বোধন কৰে।
সমবেত লোকসকলক সম্বোধন কৰি ড° মাণ্ডব্যই কয়, “যুৱ বিকাশ, সামাজিক অন্তৰ্ভুক্তি, অৰ্থনৈতিক সুযোগ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক শক্তিশালী মাধ্যম হিচাপে ক্ৰীড়াই আত্মপ্ৰকাশ কৰিছে।”
তেওঁ কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ক্ৰীড়াক ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দুত স্থান দিছে। আমাৰ দৃষ্টিভংগী এক স্পষ্ট লক্ষ্যৰ দ্বাৰা পৰিচালিত – সেয়া হৈছে খেলপথাৰৰ পৰা প’ডিয়ামলৈকে প্ৰতিগৰাকী উদীয়মান খেলুৱৈৰ বাবে সুযোগ সৃষ্টি কৰা।”
এই সন্মিলনখন “পাৱাৰিং ইণ্ডিয়াজ স্প’ৰ্টছ ইকনমি: পাৰ্টনাৰশ্বিপছ, ইন’ভেচন এণ্ড গ্ল’বেল লীডাৰশ্বিপ” শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত হৈছে।
বিগত ১২ বছৰত ভাৰতৰ ক্ৰীড়া পৰিস্থিতিতন্ত্ৰত অহা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি ড° মাণ্ডব্যই কয়, “খেলো ইণ্ডিয়া মিছন, ফিট ইণ্ডিয়া মুভমেণ্ট আৰু টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে আমি তৃণমূল পৰ্যায়ত অংশগ্ৰহণ সম্প্ৰসাৰিত কৰিছোঁ, ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰিছোঁ আৰু উচ্চ-প্ৰদৰ্শনশীল ক্ৰীড়াৰ দিশে আগবঢ়াৰ পথ প্ৰশস্ত কৰিছোঁ।”
দেশজুৰি ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰা, প্ৰতিভা বিকাশ কৰা আৰু ক্ৰীড়াৰ উন্নয়নক উৎসাহিত কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ আগন্তুক পাঁচ বছৰৰ বাবে ₹ ৩৬,৪৪১ কোটি ব্যয় সাপেক্ষে নতুন খেলো ইণ্ডিয়া আঁচনিত অনুমোদন জনাইছে।
ভাৰতৰ প্ৰদৰ্শনৰ কথা উল্লেখ কৰি ড° মাণ্ডব্যই কয়, “২০২৬ চনৰ এছিয়ান গেমছত ভাৰতে পদক তালিকাৰ চতুৰ্থ স্থান লাভ কৰে।”
তেওঁ লগতে কয়, “২০২৬ চনৰ এছিয়ান পেৰা গেমছতো ভাৰতৰ প্ৰদৰ্শন সমানেই ঐতিহাসিক আছিল, য’ত আমাৰ পেৰা-খেলুৱৈসকলে অভিলেখসংখ্যক ১১৪ টা পদক অৰ্জন কৰে, যিটো এই ক্ৰীড়া মহোৎসৱত আমাৰ সৰ্বকালৰ সৰ্বাধিক পদক সংখ্যা।”
উদ্যোগ খণ্ডৰ ভূমিকা সন্দৰ্ভত বক্তব্য আগবঢ়াই ড° মাণ্ডব্যই কয়, “আমি স্বীকাৰ কৰোঁ যে ক্ৰীড়াৰ ভৱিষ্যত কেৱল খেলুৱৈ আৰু ক্ৰীড়া প্ৰতিষ্ঠানসমূহৰ দ্বাৰাই নহয়, বৰঞ্চ এক শক্তিশালী, প্ৰতিযোগিতামূলক আৰু উদ্ভাৱনমুখী ক্ৰীড়া উদ্যোগৰ দ্বাৰাও নিৰ্ধাৰিত হ’ব।”
ভাৰতক ক্ৰীড়া সামগ্ৰী উৎপাদন আৰু উদ্ভাৱনৰ এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে ₹ ১,৮৫৬.৬৭ কোটি ব্যয় সাপেক্ষে খেলো ইণ্ডিয়া ক্ৰীড়া সামগ্ৰী উৎপাদন আঁচনিত অনুমোদন জনাইছে।
খেলো ভাৰত নীতি ২০২৫-এ ভাৰতত ক্ৰীড়া বিকাশৰ বাবে এক ব্যাপক দৃষ্টিভংগী নিৰ্ধাৰণ কৰিছে, আনহাতে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন আইনে ক্ৰীড়া প্ৰশাসনত দায়বদ্ধতা আৰু স্বচ্ছতা নিশ্চিত কৰিছে।
ড° মাণ্ডব্যই বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ ক্ষেত্ৰত ভাৰতৰ আগ্ৰহৰ বিষয়েও উল্লেখ কৰে। ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছ আহমেদাবাদত আয়োজন কৰিবলৈ সাজু হৈছে, লগতে একেখন চহৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰো আশা পুহি ৰাখিছে।
“কেৱল বিগত ১৮ মাহতে ভাৰতে ১৮ খন চহৰত ৪০ খন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰিছে, যিয়ে কেৱল আমাৰ ক্ৰীড়া আন্তঃগাঁথনিৰ শক্তিকেই নহয়, বৰঞ্চ আমাৰ বৰ্ধিত সাংগঠনিক সামৰ্থ্যকো প্ৰদৰ্শন কৰিছে।”
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে উদ্যোগ জগতৰ নেতাসকলক এই খণ্ডটোৰ প্ৰতি এক দীৰ্ঘম্যাদী কৌশলগত দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয়, “ক্ৰীড়া আন্তঃগাঁথনি, উচ্চ-প্ৰদৰ্শনশীল একাডেমী, ক্ৰীড়া বিজ্ঞানৰ সা-সুবিধা, ক্ৰীড়া প্ৰযুক্তি আৰু খেলুৱৈ পৰিচালনা ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত বিশাল সম্ভাৱনা আছে। ব্যক্তিগত বিনিয়োগে আমাৰ ক্ৰীড়া পৰিস্থিতিতন্ত্ৰলৈ অধিক দক্ষতা, উদ্ভাৱন আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ পদ্ধতিসমূহ কঢ়িয়াই আনিব পাৰে।”
“আমাৰ লক্ষ্য হৈছে ভাৰতক এখন ক্ৰীড়াপ্ৰেমী ৰাষ্ট্ৰৰ পৰা এক গোলকীয় ক্ৰীড়া অৰ্থনীতিলৈ ৰূপান্তৰিত কৰা। ২০৪৭ চনৰ ভিতৰত এখন উন্নত দেশ হোৱাৰ দিশে আমি আগবাঢ়ি যোৱাৰ লগে লগে এই যাত্ৰাত ক্ৰীড়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব,” ড° মাণ্ডব্যই কয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ, বিনিয়োগকাৰী, উৎপাদক আৰু ক্ৰীড়া প্ৰতিষ্ঠানসমূহক এই ৰূপান্তৰৰ অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনায়। “আহক আমি ‘মেক ইন ইণ্ডিয়া, প্লে ইন ইণ্ডিয়া এণ্ড গ্ৰ’ উইথ ইণ্ডিয়া’ৰ বাবে একেলগে কাম কৰোঁ,” তেওঁ কয়।
উদ্বোধনী অধিৱেশনত ফিকি ক্ৰীড়া সমিতিৰ অধ্যক্ষ তথা জিএমআৰ গ্ৰুপৰ কৌশলগত উপদেষ্টা শ্ৰী পি.কে.এছ.ভি. সাগৰ; ফিকি ক্ৰীড়া সমিতিৰ সহ-অধ্যক্ষ তথা আদানি স্প’ৰ্টছলাইনৰ মুখ্য ব্যৱসায়িক বিষয়া শ্ৰী সঞ্জয় আদেছাৰা; ফিকিৰ সভাপতি শ্ৰী বিজয় শংকৰ; আৰু ফিকিৰ সঞ্চালক প্ৰধান শ্ৰীমতী জ্যোতি বিজৰ লগতে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ, ক্ৰীড়া জগতৰ নেতৃবৰ্গ, উদ্যোগ প্ৰতিনিধি আৰু খেলুৱৈসকল উপস্থিত থাকে।
Ayushman Kumar/MM