57th International Film Festival of India 2026
20 – 28 Nov 2026

পৰ্দাৰ সিপাৰে

ভাৰতীয় চলচ্চিত্ৰৰ ভৱিষ্যত গঢ় দিয়াত আই.এফ.এফ.আই. (IFFI)-ৰ ভূমিকা

পোষ্ট কৰা হৈছে: 19 NOV 2026 3:14PMby PIB Guwahatiৰিলিজ আই ডি : 2338916Views: 10

 

 

 

গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

 

 

উৎস: তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

 

চিনেমাৰ আছে মানুহক একত্ৰিত কৰাৰ এক অনন্য শক্তি। এখন দূৰৱৰ্তী গাঁৱৰ কাহিনীয়ে হাজাৰ মাইল দূৰৰ দৰ্শকৰো হৃদয় স্পৰ্শ কৰিব পাৰে। এক অপৰিচিত ভাষাৰ চলচ্চিত্ৰয়ো এনে আৱেগৰ সৃষ্টি কৰিব পাৰে, যিটো সকলোৱে সহজে বুজি পায়। ভৌগোলিক সীমা আৰু সাংস্কৃতিক পাৰ্থক্যৰ ঊৰ্ধ্বত কাহিনীসমূহে মানুহৰ মাজত সংযোগ স্থাপনৰ বাট বিচাৰি উলিয়ায়। চলচ্চিত্ৰ মহোৎসৱসমূহে বিভিন্ন কণ্ঠস্বৰ, নতুন দৃষ্টিভংগী আৰু নৱপ্ৰজন্মৰ প্ৰতিভাক একেখন মঞ্চলৈ আনি এই সংযোগসমূহ সম্ভৱ কৰি তোলে।

৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আই এফ এফ আই) কাহিনী কথনৰ এই মনোভাবেই মুখ্য স্থান লাভ কৰিছে। অহা ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ, ২০২৬ লৈ গোৱাত এই মহোৎসৱ পুনৰ অনুষ্ঠিত হ’ব। ইয়াৰ মূল বিষয়বস্তু ‘সীমাহীন কাহিনী’ (Stories Without Borders)। যিয়ে বিভিন্ন সংস্কৃতি আৰু দেশৰ মাজত মানুহক সংযোগ কৰাৰ ক্ষেত্ৰত চিনেমাৰ যি শক্তি, তাক উদযাপন কৰে। ৯ দিনীয়া এই মহোৎসৱে সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা, উদীয়মান প্ৰতিভা আৰু চিনেমাপ্ৰেমীসকলক একত্ৰিত কৰিব।

তথাপিও, আই.এফ.এফ.আই. (IFFI) কেৱল দৰ্শকে উপভোগ কৰা চলচ্চিত্ৰসমূহতেই সীমাবদ্ধ নহয়। এগৰাকী যুৱ চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে ই বিশ্ব চলচ্চিত্ৰ উদ্যোগৰ সৈতে প্ৰথম পৰিচয়ৰ সুযোগ হ’ব পাৰে। এগৰাকী আঞ্চলিক কাহিনীকাৰৰ বাবে ই পৰিচিত ভাষিক আৰু সাংস্কৃতিক সীমাৰ বাহিৰৰ দৰ্শকৰ ওচৰলৈ যোৱাৰ মাধ্যম হ’ব পাৰে। আকৌ, এগৰাকী স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে ই নতুন সহযোগিতা আৰু সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে। বিভিন্ন পদক্ষেপৰ জৰিয়তে আই.এফ.এফ.আই.-য়ে প্ৰতিভাৰ বিকাশ সাধন, ভাৰতৰ চলচ্চিত্ৰ বৈচিত্ৰ্য উদযাপন আৰু গোলকীয় সংযোগ সুদৃঢ় কৰাৰ ধাৰা অব্যাহত ৰাখিছে।

পৰৱৰ্তী প্ৰজন্মৰ কাহিনীকাৰসকলক গঢ়ি তোলা

প্ৰতিগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰে যাত্ৰা ক’ৰবাত নহয় ক’ৰবাত আৰম্ভ হয়। যি একোটা ধাৰণা আৰু তাক জীৱন্ত কৰি তোলাৰ দৃঢ় সংকল্পৰে। সেই ধাৰণাটোক এখন চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ কেৱল সৃজনশীলতাই যথেষ্ট নহয়। ইয়াৰ বাবে কাৰিকৰী দক্ষতা, পাৰস্পৰিক সহযোগিতা, উদ্যোগটোৰ সৈতে প্ৰত্যক্ষ পৰিচয় আৰু নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগৰ প্ৰয়োজন। উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে আই.এফ.এফ.আই.-য়ে এই গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ গ্ৰহণ কৰাৰ এক সোণালী সুযোগ আগবঢ়ায়।

এই প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দুত আছে ২০২১ চনত আৰম্ভ কৰা 'ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো' (CMOT) কাৰ্যসূচী। আই.এফ.এফ.আই. ২০২৬-ত অনুষ্ঠিত হ'বলগীয়া ইয়াৰ ষষ্ঠ সংস্কৰণত চলচ্চিত্ৰ নিৰ্মাণৰ ১৩টা ভিন্ন শাখাৰ ১০০ গৰাকী যুৱ প্ৰতিভাক একত্ৰিত কৰা হ’ব। ইয়াত পৰিচালনা, চিত্ৰগ্ৰহণ (চিনেমেটোগ্ৰাফী) আৰু চিত্ৰনাট্য ৰচনাৰ পৰা আৰম্ভ কৰি শব্দ বাণীবদ্ধকৰণ (ছাউণ্ড ৰেকৰ্ডিং), সাজ-পোছাক পৰিকল্পনা আৰু ভিজুৱেল ইফেক্টছৰ দৰে দিশসমূহ অন্তৰ্ভুক্ত হৈ আছে। চলচ্চিত্ৰ নিৰ্মাণ যে বহুতো সৃজনশীল বিদ্যাৰ সমন্বিত প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰশীল, সেই কথাকেই এই পদক্ষেপে স্বীকৃতি দিয়ে।

অংশগ্ৰহণকাৰীসকলে প্ৰতিষ্ঠিত চলচ্চিত্ৰ পেছাদাৰীসকলৰ সৈতে মাষ্টাৰক্লাছ, কৰ্মশালা আৰু মত-বিনিময় অনুষ্ঠানত ভাগ ল’ব। এক ৪৮ ঘণ্টীয়া চলচ্চিত্ৰ নিৰ্মাণ প্ৰত্যাহ্বানে তেওঁলোকৰ ধাৰণাসমূহক পূৰ্ণাংগ চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰাৰ দক্ষতা পৰীক্ষা কৰিব। তদুপৰি এই কাৰ্যসূচীত 'চি.এম.অ’.টি. টেলেণ্ট কেম্প'ও অন্তৰ্ভুক্ত কৰা হৈছে, য’ত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ সৃজনশীল ধাৰণাসমূহ উপস্থাপন কৰিব পাৰিব আৰু সংবাদ মাধ্যম তথা মনোৰঞ্জন উদ্যোগৰ বিভিন্ন সুযোগ-সম্ভাৱনাসমূহৰ বিষয়ে অন্বেষণ কৰিব পাৰিব। সামগ্ৰিকভাৱে, এই কাৰ্যকলাপসমূহে পৰম্পৰাগত শ্ৰেণীকোঠাৰ শিক্ষাৰ বাহিৰলৈ গৈ ব্যৱহাৰিক অভিজ্ঞতা আৰু বাস্তৱ ক্ষেত্ৰখনৰ সৈতে পৰিচয় লাভৰ সুযোগ প্ৰদান কৰে।

 

উৎস: তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

এই পদক্ষেপৰ জৰিয়তে ইতিমধ্যেই বহু যুৱ চলচ্চিত্ৰ নিৰ্মাতাই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ২০২২ চনৰ চি.এম.অ’.টি. কাৰ্যসূচীৰ অংশগ্ৰহণকাৰী চিদানন্দ এছ. নায়ক ইয়াৰ এক উল্লেখযোগ্য উদাহৰণ। ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ (FTII) ছাত্ৰ হিচাপে তেওঁ নিৰ্মাণ কৰা চুটি ছবি ‘ছানফ্লাৱাৰ্ছ ৱেৰ দ্য ফাৰ্ষ্ট ৱানছ টু ন’’ (Sunflowers Were the First Ones to Know)-এ ২০২৪ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত 'লা চিনেফ বঁটা' (La Cinef Award) লাভ কৰে। ভাৰতীয় লোককথা আৰু পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত এই কানাড়া ভাষাৰ ছবিখনে স্থানীয় কাহিনী কথনৰ আন্তঃৰাষ্ট্ৰীয় আকৰ্ষণক প্ৰমাণ কৰিছিল। তেওঁৰ এই যাত্ৰাই উদীয়মান ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে থকা অপৰিসীম সম্ভাৱনাৰ দিশটোকে প্ৰতিফলিত কৰে।

২০২৬ বৰ্ষৰ মহোৎসৱত চলচ্চিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত নতুন কণ্ঠস্বৰসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। এইবাৰ দেশ-বিদেশৰ ৫২ গৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতা আৰু ৬২ গৰাকী নৱাগত পৰিচালকৰ ছবি প্ৰদৰ্শিত হ’ব। ইয়াৰ ভিতৰত ১০ গৰাকী মহিলা নিৰ্মাতা আৰু ১২ গৰাকী নৱাগত পৰিচালকৰ ছবিয়ে প্ৰতিযোগিতামূলক শাখাত স্থান লাভ কৰিছে। তদুপৰি, শ্ৰেষ্ঠ নৱাগত পূৰ্ণদৈৰ্ঘ্য ছবিৰ প্ৰতিযোগিতাত বিভিন্ন দেশৰ মুঠ সাতখন ছবিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, যাৰ ভিতৰত ভাৰতৰ ‘দ্য শ্লেজ’ (The Sledge) আৰু ‘বাৰ্ডছ অন আইচ’ (Birds on Ice)-ও অন্তৰ্ভুক্ত হৈ আছে। এনে মঞ্চসমূহে প্ৰথমবাৰৰ বাবে ছবি নিৰ্মাণ কৰা পৰিচালকসকলক প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সমান্তৰালকৈ নিজৰ কৰ্মৰাজি উপস্থাপন কৰাৰ সুযোগ প্ৰদান কৰে।

আই.এফ.এফ.আই.-য়ে (IFFI) বিকাশৰ বিভিন্ন পৰ্যায়ত থকা প্ৰতিভাসমূহৰ বাবে এক উপযুক্ত ক্ষেত্ৰ সৃষ্টি কৰে। কিছুমান অংশগ্ৰহণকাৰীয়ে যেতিয়া চলচ্চিত্ৰ নিৰ্মাণৰ কৌশল শিকি আছে, আন কিছুমানে আকৌ তেওঁলোকৰ প্ৰথমখন ছবিৰ বাবে স্বীকৃতি বিচাৰি আগবাঢ়িছে। এই মহোৎসৱে সকলোকে একেলগে একত্ৰিত কৰি নতুন ধাৰণা আৰু উদীয়মান কণ্ঠস্বৰসমূহক বৃহত্তৰ দৰ্শক সমাজৰ ওচৰলৈ যোৱাৰ সুযোগ প্ৰদান কৰিছে।

ইণ্ডিয়ান পেনোৰামা: ভাৰতৰ বহুভাষিক চলচ্চিত্ৰৰ সমাহাৰ

ভাৰতৰ চলচ্চিত্ৰ ক্ষেত্ৰখন ইয়াক গঢ় দিয়া বিভিন্ন সম্প্ৰদায় আৰু সংস্কৃতিৰ দৰেই বৈচিত্ৰ্যময়। মূলসুঁতিৰ চিনেমাৰ বাহিৰেও দেশৰ আঞ্চলিক ভাষা আৰু চলচ্চিত্ৰ নিৰ্মাণৰ পৰম্পৰাসমূহৰ পৰা অগণন কাহিনী সৃষ্টি হয়। ইয়াৰে কিছুমানে আমাৰ চিনাকি মানৱীয় অভিজ্ঞতাসমূহৰ অন্বেষণ কৰে, আনহাতে আন কিছুমানে পৰ্দাত কমেইহে দেখা পোৱা জীৱনবোধক তুলি ধৰে। এই ভিন্ন দৃষ্টিভংগীসমূহক একেলগে একত্ৰিত কৰাটো দীৰ্ঘদিন ধৰি আই.এফ.এফ.আই.-ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে।

১৯৭৮ চনত আৰম্ভ কৰা 'ইণ্ডিয়ান পেনোৰামা'ই এই প্ৰচেষ্টাত এক কেন্দ্ৰীয় ভূমিকা পালন কৰে। আই.এফ.এফ.আই.-ৰ এই ফ্লেগশ্বিপ (মুখ্য) শিতানটোত সমসাময়িক ভাৰতৰ উৎকৃষ্ট কাহিনী চিত্ৰ (ফিচাৰ ফিল্ম) আৰু অ-কাহিনী চিত্ৰসমূহ (নন-ফিচাৰ ফিল্ম) প্ৰদৰ্শিত হয়।

                               

উৎস: তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

বছৰ বছৰ ধৰি ইণ্ডিয়ান পেনোৰামাই কেইবাটাও স্বকীয় আঞ্চলিক কাহিনীক চৰ্চাৰ মাজলৈ আনিছে। ২০২৩ চনৰ আই.এফ.এফ.আই.-ত মণিপুৰী তথ্যচিত্ৰ ‘আন্দ্ৰ’ ড্ৰীমছ’ (Andro Dreams)-এ অ-কাহিনী চিত্ৰ (নন-ফিচাৰ) শাখাৰ মুকলি কৰিছিল। মীনা লংজামৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত গ্ৰাম্য মণিপুৰৰ এটি সম্পূৰ্ণ ছোৱালীৰ ফুটবল ক্লাবৰ যাত্ৰা দেখুওৱা হৈছিল। আৰ্থিক সংকট আৰু গভীৰভাৱে শিপাই থকা সামাজিক বাধাসমূহৰ মাজতো মহিলাসকলৰ দৃঢ় সংকল্পক ছবিখনে অন্বেষণ কৰিছিল। ২০২৪ চনত লাডাখী চুটি ছবি ‘ঘৰ জেইছা কুছ’ (Ghar Jaisa Kuch)-এ আন এক মাইলৰ খুঁটি স্থাপন কৰে। ইণ্ডিয়ান পেনোৰামাৰ অ-কাহিনী চিত্ৰ শাখা উদ্বোধন কৰা ই প্ৰথমখন লাডাখী ছবি হিচাপে পৰিগণিত হয়। পৰিচালক হৰ্ষ চাংগানীৰ এই ছবিখনে স্থানচ্যুতি, আত্মীয়তা আৰু নিজ গৃহভূমিৰ প্ৰতি থকা আকুলতাক ফুটাই তুলিছিল।

প্ৰতিষ্ঠিত আৰু কম প্ৰতিনিধিত্ব থকা উভয় চলচ্চিত্ৰ পৰম্পৰাক প্ৰতিনিধিত্ব কৰা ছবিসমূহৰ জৰিয়তে ২০২৫ চনতো এই বৈচিত্ৰ্য অব্যাহত থাকে। তামিল ছবি ‘অমৰণ’ (Amaran) কাহিনী চিত্ৰ (ফিচাৰ) শাখাৰ উদ্বোধনী ছবি হিচাপে আৰু হিন্দী ছবি ‘কাকোৰী’ (Kakori) অ-কাহিনী চিত্ৰ শাখাৰ উদ্বোধনী ছবি হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ উপৰিও নিৰ্বাচিত ছবিসমূহৰ ভিতৰত আছিল ব্ৰজ ভাষাৰ ‘বিমুক্ত’ (Vimukt), তুলু ভাষাৰ ‘ইম্বু’ (Imbu) আৰু মণিপুৰী ভাষাৰ ‘ঐথাৰেই’ (Oitharei)। এই ছবিসমূহে ইণ্ডিয়ান পেনোৰামাৰ জৰিয়তে উপস্থাপিত কাহিনীসমূহৰ বৰ্ধিত ভাষিক পৰিসৰকে প্ৰতিফলিত কৰিছিল।

৫৭ সংখ্যক আই.এফ.এফ.আই.-য়ে ২৫খন কাহিনী চিত্ৰ আৰু ২০খন অ-কাহিনী চিত্ৰৰ সৈতে এই পৰম্পৰা আগুৱাই নিছে। এইসমূহ ক্ৰমে ৪০৪খন কাহিনী চিত্ৰ আৰু ৩৫৮খন অ-কাহিনী চিত্ৰৰ আবেদনৰ মাজৰ পৰা নিৰ্বাচিত কৰা হৈছে। সৰ্বমুঠ, ভাৰতীয় চলচ্চিত্ৰ শিতানত ১৮টা ভাষাৰ ৭৬খন ছবি প্ৰদৰ্শিত হ’ব। লীনা যাদৱৰ পৰিচালনাত নিৰ্মিত লাডাখী ছবি ‘বিকামিং’ (Becoming)-এ অ-কাহিনী চিত্ৰ শাখা উদ্বোধন কৰিব আৰু ইয়াৰ সমান্তৰালকৈ আদিত্য ধৰৰ পৰিচালিত ‘ধুৰন্ধৰ’ (Dhurandhar) উদ্বোধনী কাহিনী চিত্ৰ হিচাপে প্ৰদৰ্শিত হ’ব। আন নিৰ্বাচিত ছবিসমূহৰ ভিতৰত আছে নিছি ভাষাৰ ‘উৰুম’ (Urum), তুলু ভাষাৰ ‘পিলি চান্নে’ (Pili Channe) আৰু লাডাখী ভাষাৰ ‘বাৰ্ডছ অন আইচ’ (Birds on Ice)। মহোৎসৱটোত মাৰাঠী আৰু মালয়ালম চিনেমাৰ ঐতিহ্য আৰু সমসাময়িক কণ্ঠস্বৰসমূহকো বিশেষভাৱে উদযাপন কৰা হ’ব।

 

 

পিলি চান্নে (বাঘ আৰু ছাগলী)

 

 

বাৰ্ডছ অন আইচ (বৰফৰ ওপৰত চৰাই)

এনে নিৰ্বাচনসমূহে ভাৰতীয় চিনেমাৰ ভিতৰত বিভিন্ন কণ্ঠস্বৰক স্থান দিয়াৰ গুৰুত্বকে প্ৰতিপন্ন কৰে। এখন আঞ্চলিক চলচ্চিত্ৰই দৰ্শকক অপৰিচিত ভূখণ্ড, পৰম্পৰা আৰু অভিজ্ঞতাৰ সৈতে পৰিচয় কৰাই দিব পাৰে। তথাপিও, ইয়াৰ অন্তৰ্নিহিত বিষয়বস্তুসমূহ সকলোৰে বাবে গভীৰভাৱে আপোন বা প্ৰাসংগিক হৈ থাকিব পাৰে। এই কাহিনীসমূহক একেলগে একত্ৰিত কৰি ‘ইণ্ডিয়ান পেনোৰামা’ই ভাৰতৰ চলচ্চিত্ৰ পৰিচয়ৰ ধাৰণাটোক অধিক বিস্তৃত কৰি তুলিছে। ইয়াৰ উপৰিও, ই চলচ্চিত্ৰ নিৰ্মাতাসকলক নিজৰ অঞ্চলৰ সীমাৰ বাহিৰৰ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে।

ৱেভছ ফিল্ম বাজাৰ আৰু ব্ৰিকছ চলচ্চিত্ৰ প্ৰদৰ্শনী

অন্তিম দৃশ্যটোৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগেই এখন চলচ্চিত্ৰৰ যাত্ৰা শেষ হৈ নাযায়। দৰ্শকৰ ওচৰলৈ যাবলৈ প্ৰায়ে আৰ্থিক সাহায্য, উদ্যোগটোৰ সৈতে সংযোগ আৰু চিনাকি বজাৰৰ বাহিৰৰ সুযোগ-সম্ভাৱনাৰ প্ৰয়োজন হয়। স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এই সুযোগসমূহ বিচাৰি উলিওৱাটো বিশেষভাৱে কঠিন হ’ব পাৰে। বছৰ বছৰ ধৰি আই.এফ.এফ.আই. এনে এক মঞ্চ হিচাপে বিকশিত হৈছে য’ত এনে সংযোগসমূহে বাস্তৱ ৰূপ লাভ কৰিব পাৰে।

এনে এক গুৰুত্বপূৰ্ণ মঞ্চ হৈছে ‘ৱেভছ ফিল্ম বাজাৰ’ (WAVES Film Bazaar), যিয়ে ২০২৬ চনত ইয়াৰ বিংশতিতম সংস্কৰণ উদযাপন কৰিছে। ২০০৭ চনত স্থাপিত এই বাজাৰখনেই হৈছে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বজাৰ, যি গোৱাত আই.এফ.এফ.আই.-ৰ সমান্তৰালকৈ অনুষ্ঠিত হয়। পৰম্পৰাগত চলচ্চিত্ৰ মহোৎসৱৰ বিপৰীতে 'ফিল্ম বাজাৰে' চিনেমাৰ ব্যৱসায় আৰু বিকাশৰ দিশটোত অধিক গুৰুত্ব আৰোপ কৰে। ই সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, বিত্তীয় যোগানকাৰী, বিতৰক আৰু অন্যান্য পেছাদাৰীসকলক একেখন মঞ্চলৈ আনে। সম্ভাৱনাপূৰ্ণ চলচ্চিত্ৰ প্ৰকল্পসমূহে যাতে দৰ্শকৰ ওচৰলৈ যাবলৈ প্ৰয়োজনীয় সহযোগিতা লাভ কৰে, সেয়াই ইয়াৰ মূল লক্ষ্য।

এখন উৎকৃষ্ট চিত্ৰনাট্যৰ বাবে এজন প্ৰযোজকৰ প্ৰয়োজন হ’ব পাৰে, আনহাতে এখন অসম্পূৰ্ণ ছবিৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শৰ প্ৰয়োজন হ’ব পাৰে। তেনেদৰে আন এখন ছবি বিতৰণৰ বাবে সাজু হ’ব পাৰে, কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাৰ ওচৰলৈ যোৱাৰ পথ নাথাকিব পাৰে। ফিল্ম বাজাৰে বিভিন্ন বিশেষ কাৰ্যসূচীৰ জৰিয়তে এই ভিন্ন প্ৰয়োজনসমূহ পূৰণ কৰে। ইয়াৰ ‘সহ-প্ৰযোজনা বজাৰ’ (Co-Production Market)-এ প্ৰকল্পসমূহক সম্ভাৱ্য সহযোগী আৰু বিনিয়োগকাৰীসকলৰ সৈতে সংযোগ কৰে। ‘স্ক্ৰীণৰাইটাৰ্ছ লেব’ (Screenwriters' Lab)-এ লেখকসকলক সহায় কৰে, আনহাতে ‘ৱৰ্ক-ইন-প্ৰগ্ৰেছ লেব’ (Work-in-Progress Lab)-এ চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ ছবিসমূহ অধিক নিখুঁত কৰি তোলাত সহায় কৰে। ইয়াৰ উপৰিও ‘ভিউয়িং ৰুম’ (Viewing Room), বজাৰ প্ৰদৰ্শনী (market screenings) আৰু ‘প্ৰডিউচাৰ্ছ লেব’ (Producers' Lab)-এ চলচ্চিত্ৰ নিৰ্মাতাসকলক সম্ভাৱ্য ক্ৰেতা আৰু বিতৰকৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে।

এই মঞ্চখনৰ সৈতে জড়িত ছবিসমূহৰ জৰিয়তে এই প্ৰচেষ্টাসমূহৰ প্ৰভাৱ স্পষ্টকৈ দেখা যায়। ‘দ্য লাঞ্চবক্স’ (The Lunchbox), ‘ক’ৰ্ট’ (Court), ‘নিউটন’ (Newton) আৰু ‘গাৰ্লছ উইল বি গাৰ্লছ’ (Girls Will Be Girls)-ৰ দৰে প্ৰশংসিত ছবিসমূহৰ যাত্ৰাত এই বাজাৰখনে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ফিল্ম বাজাৰে দুটা দশক সম্পূৰ্ণ কৰাৰ লগে লগে ইয়াৰ তাৎপৰ্য কেৱল ব্যক্তিগত ছবিসমূহতেই সীমাবদ্ধ হৈ থকা নাই; বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু দৰ্শকৰ সন্ধানত থকা ভাৰতীয় কাহিনীকাৰসকলৰ বাবে ই সুযোগৰ এক বৰ্ধিত নেটৱৰ্কক প্ৰতিনিধিত্ব কৰে।

এফালে ফিল্ম বাজাৰে ছবিসমূহক নতুন বজাৰলৈ যোৱাত সহায় কৰাৰ বিপৰীতে চিনেমাই উমৈহতীয়া অভিজ্ঞতাৰ জৰিয়তে বিভিন্ন দেশকো একত্ৰিত কৰে। এই সাংস্কৃতিক দিশটোৱে আই.এফ.এফ.আই.-ৰ ব্ৰিকছ (BRICS) চলচ্চিত্ৰ প্ৰদৰ্শনীত প্ৰকাশ পাইছে, য’ত ২০২৬ বৰ্ষত ২১খন ছবি প্ৰদৰ্শিত হৈছে। ব্ৰিকছ দেশসমূহৰ কাহিনীসমূহক একেলগে একত্ৰিত কৰি এই কাৰ্যসূচীয়ে বিভিন্ন ইতিহাস, সমাজ আৰু সমসাময়িক বাস্তৱতাক অন্বেষণ কৰে। ই দৰ্শকসকলক নিজৰ অভিজ্ঞতাৰ বাহিৰৰ দৃষ্টিভংগীসমূহৰ সৈতে পৰিচিত হোৱাৰ সুযোগ প্ৰদান কৰে।

এই নিৰ্বাচনসমূহে এই সমাজসমূহৰ বৈচিত্ৰ্য আৰু সেইবোৰক সংযোগ কৰা উমৈহতীয়া উদ্বেগসমূহক প্ৰতিফলিত কৰে। ব্ৰাজিলৰ ‘আমাডিঅ’ এণ্ড দ্য হাইপ’থেটিকেল নিউ ৱৰ্ল্ড’ (Amadeo and the Hypothetical New World)-এ দাসত্বৰ বিৰুদ্ধে চলা সংগ্ৰামক পুনৰ সোঁৱৰাই দিয়ে। ইণ্ডোনেছিয়াৰ ‘দ্য ছী স্পীকছ হিজ নেম’ (The Sea Speaks His Name)-এ দেশখনৰ ১৯৯৮ চনৰ গণ আন্দোলনৰ সময়ত এজন ছাত্ৰ কৰ্মীৰ অন্তৰ্ধানৰ কাহিনী অনুসৰণ কৰে। দক্ষিণ আফ্ৰিকাৰ ‘দ্য ট্ৰেক’ (The Trek)-এ ঔপনিৱেশিক সীমান্তৰ অন্যায়সমূহ পৰীক্ষা কৰে। ভিন্ন ইতিহাসৰ পটভূমিত নিৰ্মিত হ’লেও এই ছবিসমূহে স্বাধীনতা, পৰিচয় আৰু আত্মীয়তাৰ প্ৰশ্নসমূহকেই অন্বেষণ কৰে।

আন কিছুমান ছবিয়ে দৈনন্দিন জীৱনৰ অধিক ওচৰৰ অভিজ্ঞতাসমূহক তুলি ধৰিছে। উগাণ্ডা আৰু ব্ৰিটেইনৰ যৌথ তথ্যচিত্ৰ ‘ড্ৰীমিং অৱ চেৰেনাডা’ (Dreaming of Serenada)-ই পিতৃ-কন্যাৰ সম্পৰ্কৰ মাজেৰে জলবায়ু পৰিৱৰ্তনৰ দিশটোক উপস্থাপন কৰিছে। চীনৰ ‘এম্বাৰ্ছ’ (Embers)-এ শোক, বিচ্ছেদ আৰু জীৱনৰ নশ্বৰতাৰ ওপৰত আলোকপাত কৰিছে। এনে কাহিনীসমূহে দেখুৱাইছে যে ব্যক্তিগত অভিজ্ঞতাসমূহে কেনেকৈ বৃহত্তৰ সামাজিক উদ্বেগসমূহক পোহৰলৈ আনিব পাৰে। লগতে ভিন্ন সমাজৰ কাহিনীসমূহেও যে কেনেকৈ এক উমৈহতীয়া আৱেগিক ভিত্তি বিচাৰি পাব পাৰে, তাকো ই প্ৰকাশ কৰে।

 

ড্ৰীমিং অৱ চেৰেনাডা

 

 

এম্বাৰ্ছ

ব্ৰিকছ (BRICS) চলচ্চিত্ৰ প্ৰদৰ্শনীয়ে বিভিন্ন দেশৰ মাজত সাংস্কৃতিক বুজাবুজি আৰু মত-বিনিময় গঢ়ি তোলাত চিনেমাৰ যি ভূমিকা, তাকেই প্ৰতিফলিত কৰে। অন্যথা আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে অপৰিচিত হৈ থাকিবলগীয়া কাহিনীসমূহৰ বাবে ই এক বিশেষ স্থান সৃষ্টি কৰে। ফিল্ম বাজাৰৰ সমান্তৰালকৈ ই আই.এফ.এফ.আই.-ৰ (IFFI) বৰ্ধিত গোলকীয় সম্পৰ্কত আন এক নতুন মাত্ৰা যোগ কৰিছে।

সামগ্ৰিকভাৱে, এই মঞ্চসমূহে মহোৎসৱৰ ৯ দিনৰ সীমা অতিক্ৰম কৰি আই.এফ.এফ.আই.-ৰ প্ৰভাৱ কেনেদৰে বিস্তাৰিত হৈছে, সেয়াই প্ৰতিফলিত কৰে। এইবোৰে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে নতুন সম্ভাৱনা আৰু দৰ্শকৰ বাবে নতুন দৃষ্টিভংগী কঢ়িয়াই আনে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই দেখুৱাইছে যে পাৰস্পৰিক সহযোগিতা আৰু উমৈহতীয়া অভিজ্ঞতা—এই দুয়োটাৰে জৰিয়তে চিনেমাই কেনেদৰে মানুহক একত্ৰিত কৰিব পাৰে।

 

এক মহোৎসৱ, য’ত কাহিনীয়ে আৰম্ভ কৰে নতুন যাত্ৰা

এক চলচ্চিত্ৰ মহোৎসৱ কেৱল ইয়াৰ চলচ্চিত্ৰ প্ৰদৰ্শন, বঁটা আৰু উদযাপনতেই সীমাবদ্ধ নহয়। ই এনে কিছুমান সুযোগ আৰু সংযোগো সৃষ্টি কৰে, যিবোৰ মহোৎসৱৰ পাছতো অব্যাহত থাকে। উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এই সাক্ষাৎসমূহে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে। আঞ্চলিক আৰু স্বতন্ত্ৰ চিনেমাৰ বাবে ই বৃহত্তৰ দৰ্শক সমাজৰ ওচৰলৈ যোৱাৰ এক সুযোগ প্ৰদান কৰে। সামগ্ৰিকভাৱে, এই সুযোগসমূহে ক্ৰমাৎ অধিক বৈচিত্ৰ্যময় আৰু গোলকীয়ভাৱে সংযুক্ত হৈ পৰা ভাৰতীয় চলচ্চিত্ৰ উদ্যোগটোলৈ বিশেষ অৰিহণা যোগায়।

‘সীমাহীন কাহিনী’ (Stories Without Borders) শীৰ্ষক মূল বিষয়বস্তুৱে দৰ্শকে উপভোগ কৰা কাহিনীসমূহ আৰু সেইবোৰ নিৰ্মাণ কৰা লোকসকলৰ কৰ্মৰাজিৰ মাজেৰে এই দিশটোকেই প্ৰতিফলিত কৰিছে। ৫৭ সংখ্যক আই.এফ.এফ.আই.-য়ে প্ৰতিভা, সৃজনশীলতা আৰু বিভিন্ন সংস্কৃতিক একত্ৰিত কৰাৰ লগে লগে মানুহক সংযোগ কৰাৰ ক্ষেত্ৰত চিনেমাৰ যি শক্তি, তাক অধিক সুদৃঢ় কৰি তুলিছে। এটি মহোৎসৱৰ স্থায়ী অৱদান ইয়াত প্ৰদৰ্শিত চলচ্চিত্ৰসমূহৰ লগতে সেই ছবিসমূহ আৰু ইয়াৰ নিৰ্মাতাসকলে ভৱিষ্যতে যি কৰ্ম সম্পাদন কৰে, তাৰ মাজতেই নিহিত হৈ থাকে।

তথ্যসূত্ৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2335780

https://www.iffigoa.org/pdfs/catalogue-57.pdf

https://www.iffigoa.org/cmot/about-cmot

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2021475

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2070656

https://www.iffigoa.org/index.php/indian-panorama/about-ip

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1978678

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2075681

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2187868

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2336235

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2337040

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2336497

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2336493

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2174755

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2336218

Click here to see pdf

PIB Research/CMS

 


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2338916
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026