পোষ্ট কৰা হৈছে:
19 NOV 2026 9:09PM by PIB Guwahati
নতুন দিল্লীৰ বাণিজ্য ভৱনত হাইব্ৰিড পদ্ধতিৰে ভাৰত-ইণ্ডোনেছিয়া বাণিজ্য আৰু বিনিয়োগ কাৰ্যকৰী গোটৰ (ডব্লিউ জি টি আই) দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰী অমিত বাৰ্মাই আৰু ইণ্ডোনেছিয়াৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে ইণ্ডোনেছিয়াৰ বাণিজ্য মন্ত্ৰালয়ৰ দ্বিপাক্ষিক আলোচনা সঞ্চালক শ্ৰীমতী বাছাৰিয়া টিয়াৰা ডেছিকা এল. গাওলে। এই বৈঠকত দুয়োখন দেশৰ সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ আৰু সংস্থাসমূহৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে।
বৈঠকত দ্বিপাক্ষিক বাণিজ্যৰ পৰ্যালোচনা কৰা হয়।২০২৫-২৬ বিত্তীয় বৰ্ষত এই বাণিজ্যৰ পৰিমাণ ২৪.৭৮ বিলিয়ন আমেৰিকান ডলাৰ। ইয়াৰে আছীয়ানৰ সৈতে ভাৰতৰ বাণিজ্যৰ ১৯.৩০ শতাংশ অংশীদাৰ ইণ্ডোনেছিয়া। ভাৰতে সুষম আৰু বৈচিত্ৰ্যপূৰ্ণ বাণিজ্যৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ঔষধ, প্ৰতিষেধক আৰু চিকিৎসা সঁজুলি, অটোম'বাইল আৰু ইয়াৰ যন্ত্ৰাংশ, যন্ত্ৰপাতি, দুগ্ধজাত সামগ্ৰী, চাউল, মছলা, ইলেক্ট্ৰনিকছ আৰু সৌৰ তথা শক্তি সম্পৰ্কীয় সামগ্ৰীৰ ৰপ্তানিৰ সুযোগৰ বিষয়ে উল্লেখ কৰে।
আলোচনাত ৰপ্তানিকাৰকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ ওপৰত গুৰুত্ব দিয়া হয়। এই ক্ষেত্ৰত বাদাম, উদ্যান শস্যৰ সামগ্ৰী, ম'হৰ মাংস আৰু ফ্ৰ'জেন চিংৰাৰ দৰে কৃষি তথা পশু সামগ্ৰীৰ বাবে বজাৰ প্ৰৱেশ, প্ৰতিষ্ঠানসমূহৰ অনুমোদন, হালাল প্ৰমাণীকৰণ, টায়াৰ আৰু অটোম'বাইলৰ বাবে মান তথা প্ৰমাণীকৰণৰ প্ৰয়োজনীয়তা, ঔষধ আৰু আয়ুষ সামগ্ৰীৰ পঞ্জীয়ন আৰু ইলেক্ট্ৰনিকছত স্থানীয় বিষয়বস্তুৰ প্ৰয়োজনীয়তাকো সামৰি লোৱা হৈছে । ভাৰতে এই সমস্যাসমূহৰ সময়সীমাৰ ভিতৰত সমাধানৰ বাবে প্ৰতিপক্ষ সংস্থাসমূহত যোগাযোগৰ কেন্দ্ৰ নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ দিয়ে। বৈঠকত কৃষি সামগ্ৰীৰ বাবে বজাৰ প্ৰৱেশ আৰু ভাৰতৰ গুণগত নিয়ন্ত্ৰণ আদেশকে ধৰি ইণ্ডোনেছিয়াই উত্থাপন কৰা বিষয়সমূহো আলোচনা কৰা হয়।
দুয়োপক্ষই পেছাদাৰী অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতি, পেছাদাৰীসকলৰ গতিশীলতা, সামাজিক সুৰক্ষা, ডিজিটেল সেৱা, স্বাস্থ্য, শিক্ষা আৰু পৰ্যটনকে ধৰি সেৱা খণ্ডত সহযোগিতাৰ বিষয়ে অন্বেষণ কৰে। ভাৰতে আছীয়ান-ভাৰত বাণিজ্য সামগ্ৰী চুক্তি (এ আই টি আই জি এ) পৰ্যালোচনা সোনকালে সম্পন্ন কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত (৬-৮ জুলাই ২০২৬) জাৰি কৰা ভাৰত-ইণ্ডোনেছিয়া যুটীয়া বিবৃতি অনুসৰি ২০২১ চনৰ আগষ্টত অনুষ্ঠিত প্ৰথম ডব্লিউ জি টি আই-ৰ পিছত প্ৰথমবাৰৰ বাবে এই বৈঠকৰ আহ্বান কৰা হয়। নেতাসকলে ২০২৬ চনত ২য় ডব্লিউ জি টি আই আহ্বান কৰাৰ পোষকতা কৰাৰ লগতে দ্বিপাক্ষিক অৰ্থনৈতিক ব্যৱস্থাসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ আৰু শক্তিশালী কৰা তথা দৃঢ় আৰু ব্যৱসায়মুখী ফলাফলৰ দিশত কাম কৰাৰ ওপৰতো গুৰুত্ব দিয়ে।
দুয়োপক্ষই শুল্ক সহযোগিতা, জটিল খনিজ আৰু খনন, স্থানীয় মুদ্ৰা নিষ্পত্তি, ভাৰতৰ ইউ পি আই-ক ইণ্ডোনেছিয়াৰ কিউ আৰ আই এচ-ৰ সৈতে সংযোগ আৰু বেংকিং তথা বীমা; নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰ'জেন আৰু জৈৱ ইন্ধনকে ধৰি শক্তি, সাৰ, বন্দৰ আৰু বিমান সংযোগ আৰু জুলাই ২০২৬ৰ ভ্ৰমণৰ সময়ত স্বাক্ষৰিত চুক্তি তথা বুজাবুজিৰ স্মাৰক পত্ৰসমূহৰ ৰূপায়ণৰ বিষয়েও আলোচনা কৰে।
এই বৈঠকত ভাৰত-ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে দুয়োপক্ষৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰা হয়। ভাৰতে গতি বজাই ৰাখিবলৈ ডব্লিউ জি টি আই-ৰ নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়ে। ডব্লিউ জি টি আই-ৰ পৰৱৰ্তী বৈঠক ইণ্ডোনেছিয়াত অনুষ্ঠিত হ'ব।

***
Abhishek Dayal/Garima Singh/Anushka Pandey/DD