আয়ুষ
azadi ka amrit mahotsav

দায়িত্বশীলভাৱে এণ্টিমাইক্ৰ’বিয়েল ঔষধৰ ব্যৱহাৰক উৎসাহিত কৰিবলৈ চি চি আৰ এইচ-ৰ দ্বাৰা এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিযানৰ আয়োজন

এ এম আৰ প্ৰতিৰোধৰ বাবে সামূহিক পদক্ষেপ, অধিক জনসজাগতা আৰু শক্তিশালী গৱেষণাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱৰ আহ্বান

চি চি আৰ এইচ-ৰ বিশেষ এ এম আৰ ৱেব পে’জ মুকলি আৰু দ্বিভাষিক সজাগতা পুস্তিকা প্ৰকাশ

পোষ্ট কৰা হৈছে: 19 NOV 2026 3:28PM by PIB Guwahati

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় হোমিঅ'পেথী গৱেষণা পৰিষদে দায়িত্বশীলভাৱে এণ্টিমাইক্ৰ'বিয়েল ঔষধৰ ব্যৱহাৰক উৎসাহিত কৰা, জনসজাগতা শক্তিশালী কৰা আৰু বৈজ্ঞানিক গৱেষণা তথা সমন্বিত পদক্ষেপৰ গুৰুত্ব দাঙি ধৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীত এণ্টিমাইক্ৰ'বিয়েল ৰেজিষ্টেন্স সম্পৰ্কীয় এটা ৰাষ্ট্ৰীয় অভিযানৰ আয়োজন কৰে। 'ৱান হেল্থ, ৱান একশ্যন : প্ৰিভেণ্ট এ এম আৰ নাও' শীৰ্ষক বিষয়বস্তুৰে আয়োজিত এই অভিযানৰ মূলমন্ত্ৰ হৈছে 'এক্ট টুগেদাৰ, ফাইট এ এম আৰ, প্ৰটেক্ট দ্য ফিউচাৰ' ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে এণ্টিবায়'টিকৰ অবিবেচক ব্যৱহাৰ পৰিহাৰ কৰিবলৈ গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে প্ৰতিটো অসুখৰ ক্ষেত্ৰতে এণ্টিবায়'টিকৰ প্ৰয়োজন নহয়। সাধাৰণ চৰ্দি আৰু ফ্লুৰ দৰে ভাইৰাছজনিত সংক্ৰমণৰ বিৰুদ্ধে এণ্টিবায়'টিকে কাম নকৰে। তথাপিও স্ব-চিকিৎসা, পূৰ্বে ব্যৱহাৰ নকৰাকৈ ৰৈ যোৱা ঔষধ সেৱন আৰু চিকিৎসকৰ পৰামৰ্শ অবিহনে এণ্টিবায়'টিক গ্ৰহণে এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স (এ এম আৰ)-ৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ্বান সৃষ্টি কৰিছে।

২০২৫ চনৰ ২৮ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মন কী বাত' অনুষ্ঠানত আগবঢ়োৱা বাৰ্তাৰ কথা উল্লেখ কৰি শ্ৰী প্ৰতাপৰাও যাদৱে পুনৰ আহ্বান জনায় যে , 'চিকিৎসকৰ পৰামৰ্শ অবিহনে এণ্টিবায়'টিক গ্ৰহণ নকৰিব।' ঔষধৰ বিবেচনাপূৰ্ণ ব্যৱহাৰক উৎসাহিত কৰাৰ ক্ষেত্ৰত জনসজাগতা আৰু সামূহিক দায়বদ্ধতা অপৰিহাৰ্য বুলিও তেওঁ গুৰুত্ব আৰোপ কৰে।

এ এম আৰৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে শ্ৰী যাদৱে চাৰিটা মূল অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। সেইকেইটা হৈছে - চিকিৎসকৰ পৰামৰ্শ অনুসৰি এণ্টিবায়'টিকৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ আৰু নিৰ্ধাৰিত ঔষধৰ সম্পূৰ্ণ কোৰ্চ সম্পূৰ্ণ কৰা, বিশুদ্ধ খোৱাপানী, হাতৰ পৰিচ্ছন্নতা, অনাময় ব্যৱস্থা, খাদ্য সুৰক্ষা আৰু টিকাকৰণৰ জৰিয়তে সংক্ৰমণ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰা, গৱেষণা, পৰীক্ষাগাৰৰ আন্তঃগাঁথনি আৰু ৰোগ নিৰীক্ষণ ব্যৱস্থা উন্নত কৰা আৰু চিকিৎসা শিক্ষা তথা স্বাস্থ্যসেৱা কৰ্মীসকলৰ প্ৰশিক্ষণত এ এম আৰ আৰু ঔষধৰ যুক্তিসংগত ব্যৱহাৰ অন্তৰ্ভুক্ত কৰা।

আয়ুষ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী আলামেলমাংগাই ডি.-য়ে বিশেষ ভাষণ প্ৰদান কৰি এ এম আৰ প্ৰতিৰোধৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ গৱেষণা প্ৰতিষ্ঠান, ক্লিনিকেল নেটৱৰ্ক আৰু শৈক্ষিক কাৰ্যকলাপৰ জৰিয়তে উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে। চি চি আৰ এইচ-ৰ এই পদক্ষেপক প্ৰশংসা কৰি তেওঁ উল্লেখ কৰে যে পৰিষদে এ এম আৰ সম্পৰ্কীয় সজাগতা কাৰ্যসূচীক বাৰ্ষিক উদযাপনৰ মাজতে সীমাবদ্ধ নাৰাখি এটা নিৰন্তৰ, সুসংগঠিত আৰু ব্যাপক ৰাষ্ট্ৰীয় অভিযানলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

চি চি আৰ এইচ-ৰ সঞ্চালক প্ৰধান ড° সুভাষ কৌশিকে এ এম আৰ সম্পৰ্কীয় পৰিষদৰ পদক্ষেপ আৰু গৱেষণামূলক দৃষ্টিভংগীৰ বিষয়ে বৰ্ণনা কৰে। বৈজ্ঞানিক বুজাবুজি আৰু অংশীদাৰসকলৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে চলি থকা গৱেষণা, সজাগতা সৃষ্টি, সামৰ্থ্য বিকাশ আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ প্ৰচেষ্টাসমূহৰ দিশতো তেওঁ আলোকপাত কৰে।

অনুষ্ঠানত আয়ুষ মন্ত্ৰালয়ৰ উপদেষ্টা (হোমিঅ'পেথী) ড° প্ৰীতা কিঝাক্কুট্টিল, ৰাষ্ট্ৰীয় হোমিঅ'পেথী আয়োগৰ অধ্যক্ষ ড° তাৰকেশ্বৰ জৈন আৰু চি চি আৰ এইচ-ৰ উপ-সঞ্চালক প্ৰধান ড° কে চি মুৰলীধৰণৰ লগতে আয়ুষ মন্ত্ৰালয়, এন চি এইচ আৰু চি চি আৰ এইচ-ৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে ।

অনুষ্ঠানৰ এটা অন্যতম আকৰ্ষণ আছিল এণ্টিমাইক্ৰ'বিয়েল ৰেজিষ্টেন্স সম্পৰ্কীয় চি চি আৰ এইচ-ৰ এটা বিশেষ ৱেবপেজ মুকলি কৰা আৰু এ এম আৰ সম্পৰ্কীয় এখন দ্বিভাষিক সজাগতা পুস্তিকা প্ৰকাশ কৰা। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে নিৰ্ভৰযোগ্য তথ্যৰ সহজলভ্যতা বৃদ্ধি, জনসাধাৰণৰ মাজত সঠিক বুজাবুজি গঢ়ি তোলা আৰু এণ্টিমাইক্ৰ'বিয়েল ঔষধৰ দায়িত্বশীল ব্যৱহাৰক উৎসাহিত কৰা।

অনুষ্ঠানত এ এম আৰ সম্পৰ্কীয় এটা শপত গ্ৰহণ কাৰ্যসূচীও অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে এণ্টিমাইক্ৰ'বিয়েল ঔষধৰ দায়িত্বশীল ব্যৱহাৰ আৰু এ এম আৰ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণৰ বাবে সামূহিক প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ নিশ্চিত কৰা হয়।

বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আৰু পৰজীৱীকে ধৰি বিভিন্ন অণুজীৱই সিহঁতৰ বিৰুদ্ধে ব্যৱহৃত ঔষধৰ প্ৰভাৱ প্ৰতিহত কৰিব পৰা ক্ষমতা আহৰণ কৰাকে এণ্টিমাইক্ৰ'বিয়েল ৰেজিষ্টেন্স বুলি কোৱা হয়। ইয়াৰ ফলত সংক্ৰমণৰ চিকিৎসা ক্ৰমাৎ কঠিন হৈ পৰে। এ এম আৰ সম্প্ৰতি এটা গুৰুত্বপূৰ্ণ জনস্বাস্থ্যজনিত প্ৰত্যাহ্বানলৈ ৰূপান্তৰিত হৈছে আৰু ইয়াৰ মোকাবিলাৰ বাবে 'ৱান হেল্থ' দৃষ্টিভংগীৰ অধীনত মানৱ স্বাস্থ্য, পশু স্বাস্থ্য, কৃষি আৰু পৰিৱেশৰ ক্ষেত্ৰসমূহক সামৰি সমন্বিত পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয়।

এই অভিযানে এএমআৰৰ বৰ্ধিত প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ বাবে বিভিন্ন অংশীদাৰৰ মাজত সমন্বিত সহযোগিতাৰ জৰিয়তে গৱেষণা শক্তিশালী কৰা, জনসজাগতা বৃদ্ধি কৰা আৰু দায়িত্বশীলভাৱে এণ্টিমাইক্ৰ'বিয়েল ঔষধৰ ব্যৱহাৰক উৎসাহিত কৰাৰ ক্ষেত্ৰত আয়ুষ মন্ত্ৰালয় আৰু চি চি আৰ এইচ-ৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে।

SR/AK/SG/KrDD


(ৰিলিজ আই ডি : 2338538) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Bengali-TR