প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাণী লক্ষ্মীবাইলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 19 NOV 2026 1:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত মাতৃৰ বীৰ কন্যা ৰাণী লক্ষ্মীবাইৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে বিদেশী শাসনৰ বিৰুদ্ধে যুঁজত ৰাণী লক্ষ্মীবাইৰ অদম্য সাহস আৰু অসাধাৰণ বীৰত্বৰ কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মক মাতৃভূমিৰ বাবে সকলো ত্যাগ কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰেঃ

‘ভাৰত মাতৃৰ বীৰ কন্যা ৰাণী লক্ষ্মীবাইক তেওঁৰ জয়ন্তী উপলক্ষে প্ৰণাম জনাইছো। কঠিনতম পৰিস্থিতিতো নিজৰ কৰ্তব্য আৰু আত্মসন্মানৰ সৈতে তেওঁ কেতিয়াও আপোচ কৰা নাছিল। বিদেশী শাসনৰ বিৰুদ্ধে তেওঁৰ অদম্য সাহস আৰু বিস্ময়কৰ বীৰত্বৰ কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মক মাতৃভূমিৰ বাবে সকলো ত্যাগ কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।’

 

***

MJPS/SS/VJ/NB


(ৰিলিজ আই ডি : 2338509) অতিথি কক্ষ : 5