স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ঔষধীয় গেছ, খালী জেলেটিন কেপচুল আৰু বীজাণুনাশক তৰল পদাৰ্থৰ ক্ষেত্ৰত নিয়ন্ত্ৰণমূলক শিথিলতা প্ৰদানৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ঔষধ নিয়ম, ১৯৪৫-ৰ সংশোধনীৰ প্ৰস্তাৱ

প্ৰস্তাৱিত সংশোধনীত পূৰ্ব-সংশোধিত সূচী ‘এম’ ৰ অধীনত উপলব্ধ ৰেহাইসমূহ অব্যাহত ৰখাৰ প্ৰস্তাৱ

পোষ্ট কৰা হৈছে: 19 NOV 2026 1:01PM by PIB Guwahati

ভাৰত চৰকাৰৰ ৰাজপত্ৰত প্ৰকাশিত যোৱা ৬ নৱেম্বৰৰ খচৰা ৰাজপত্ৰ অধিসূচনা জি.এছ.আৰ. ৯৮৫ (ই) [জি এছ আৰ ৯৮৫(ই)]-ৰ জৰিয়তে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ঔষধ বিধি, ১৯৪৫-ৰ সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ জৰিয়তে সংশোধিত অনুসূচী এম-ৰ অধীনত নিৰ্দিষ্ট শ্ৰেণীৰ ঔষধ, যেনে— ঔষধি গেছ, খালী জেলেটিন কেপচুল আৰু বীজাণুনাশক তৰল পদাৰ্থৰ ক্ষেত্ৰত নিয়ামক শিথিলতা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।"

 

এই প্ৰস্তাৱিত সংশোধনী সংশোধিত অনুসূচী এম-ৰ কিছুমান নিৰ্দিষ্ট বিধান এই শ্ৰেণীৰ সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাৰ সন্দৰ্ভত বিভিন্ন অংশীদাৰৰ পৰা লাভ কৰা প্ৰতিনিধিত্বৰ ভিত্তিত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে, এই সংশোধিত অনুসূচী এম ২৮ ডিচেম্বৰ, ২০২৩ তাৰিখে জি এছ আৰ ৯২২(ই) নম্বৰৰ অধিসূচনাৰ জৰিয়তে প্ৰকাশ কৰা হৈছিল।

এই বিষয়টো ২০২৬ চনৰ ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত ঔষধ কাৰিকৰী পৰামৰ্শদাতা ব’ৰ্ডৰ (ডি টি এ বি) ৯৩সংখ্যক বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয়। ব’ৰ্ডে পৰ্যবেক্ষণ কৰে যে সংশোধিত অনুসূচী এম-ৰ অধীনত থকা কিছুমান চৰ্ত ঔষধি গেছ, খালী জেলেটিন কেপছুল আৰু বীজাণুনাশক তৰল পদাৰ্থৰ উৎপাদন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰাসংগিক নহ’বও পাৰে। সেই অনুসৰি, অনুসূচী এম সংশোধনৰ পূৰ্বে এই শ্ৰেণীৰ সামগ্ৰীসমূহৰ বাবে উপলব্ধ ৰেহাইসমূহ অব্যাহত ৰখাৰ পৰামৰ্শ আগবঢ়ায়।

এই প্ৰস্তাৱিত সংশোধনীৰ লক্ষ্য হৈছে ঔষধৰ নিৰ্দিষ্ট শ্ৰেণীসমূহৰ প্ৰকৃতি আৰু উৎপাদন প্ৰক্ৰিয়াৰ সৈতে সংগতি ৰাখি নিয়ামকীয় চৰ্তসমূহ যথাযথভাৱে নিৰ্ধাৰণ কৰাৰ লগতে ফলপ্ৰসূ নিয়ামকীয় তদাৰকী অব্যাহত ৰখা। ইয়াৰ উপৰি, প্ৰাসংগিক বৈজ্ঞানিক আৰু ব্যৱহাৰিক দিশসমূহ বিবেচনা কৰি অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষসমূহক প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত পৃথকভাৱে সিদ্ধান্ত গ্ৰহণৰ ব্যৱস্থা প্ৰদান কৰা হৈছে।

এই প্ৰস্তাৱে প্ৰযোজ্য গুণগত মান, সুৰক্ষা বা নিয়ামকীয় তদাৰকীৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা প্ৰদান নকৰে। বৰঞ্চ, প্ৰযোজ্য গুণগত মান সম্পৰ্কীয় চৰ্তসমূহৰ অব্যাহত পালন নিশ্চিত কৰাৰ লগতে সামগ্ৰীৰ প্ৰকৃতি অনুসৰি এক বাস্তৱসন্মত আৰু নিৰ্দিষ্ট নিয়ামকীয় ব্যৱস্থা প্ৰৱৰ্তনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

খচৰা অধিসূচনা চৰকাৰী ৰাজপত্ৰত প্ৰকাশৰ তাৰিখৰ পৰা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অংশীদাৰসকল আৰু সাধাৰণ জনতাক তেওঁলোকৰ আপত্তি আৰু পৰামৰ্শ, যদি কিবা থাকে, দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। এই সন্দৰ্ভত মতামতসমূহ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ঔষধ বিভাগৰ অবৰ সচিব (ড্ৰাগছ), কৰ্তব্য ভৱন-১, নতুন দিল্লী–১১০০১১ ঠিকনালৈ প্ৰেৰণ কৰিব পাৰিব। লগতে drugsdiv-mohfw[at]gov[dot]in ই-মেইলযোগেও মতামত দাখিল কৰিব পাৰিব।

খচৰা ৰাজপত্ৰ অধিসূচনাখন তলৰ লিংকত উপলব্ধ:

https://egazette.gov.in/(S(v14ga5sxvesv0yfxhdm40iu0))/ViewPDF.aspx

 

*****

SR/US

HFW/Amendments to Drug Rules, 1945 /19 November 2026/4


(ৰিলিজ আই ডি : 2338439) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil