স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰতিষ্ঠানিক কাৰ্যদক্ষতা মূল্যায়ন আৰু স্বাস্থ্যসেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ বাবে নতুন এইমছসমূহৰ কাৰ্যবাহী সঞ্চালকসকলৰ সৈতে কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলীলা শ্ৰীবাস্তৱৰ পৰ্যালোচনা বৈঠক

১৮টা কাৰ্যক্ষম এইমছত ১৪,৮৬০খন কাৰ্যকৰী বিছনা আৰু ৪০৪টা কাৰ্যক্ষম অস্ত্ৰোপচাৰ কক্ষৰ জৰিয়তে সমগ্ৰ দেশতে তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাৰ শক্তিশালীকৰণ

২০২৬-২৭ বিত্তীয় বৰ্ষত এতিয়ালৈকে নতুন এইমছসমূহত ৯৭.৪১ লাখ অ’পিডি পঞ্জীয়ন, ৪.৯১ লাখ আইপিডি ভৰ্তি, ৩.১৮ লাখ অস্ত্ৰোপচাৰ আৰু ৬২৯টা অংগ প্ৰতিস্থাপন নথিভুক্ত

২০২৬-২৭ বিত্তীয় বৰ্ষত এতিয়ালৈকে নতুন এইমছসমূহে ৩,৫৯৩খন গৱেষণা পত্ৰ প্ৰকাশ কৰিছে, যিয়ে প্ৰতিষ্ঠানিক গৱেষণা আৰু শৈক্ষিক অগ্ৰগতিক প্ৰতিফলিত কৰিছে

প্ৰতিষ্ঠান-নিৰ্দিষ্ট উৎকৰ্ষতাৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰা, আঞ্চলিক ৰেফাৰেল সংযোগ শক্তিশালী কৰা আৰু শিক্ষাৰ্থী তথা আৱাসিক চিকিৎসকসকলৰ বাবে এক সহায়ক, চাপমুক্ত আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰাৰ বাবে শ্ৰীমতী শ্ৰীবাস্তৱৰ আহ্বান

পোষ্ট কৰা হৈছে: 18 NOV 2026 7:52PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলীলা শ্ৰীবাস্তৱে আজি ইয়াত অনুষ্ঠিত এক বৈঠকত প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনস্থ সকলো নতুন এইমছৰ কাৰ্যকলাপৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ এই প্ৰতিষ্ঠানসমূহৰ সকলো কাৰ্যবাহী সঞ্চালক বৈঠকত উপস্থিত থাকে। পিএমএছএছৱাইৰ অধীনত ২২খন এইমছত অনুমোদন জনোৱা হৈছে, যাৰ ভিতৰত ১৮খন ইতিমধ্যে শিক্ষণ, শিকন আৰু গৱেষণা, আইপিডি/অ’পিডি সুবিধা, জৰুৰীকালীন আৰু ট্ৰমা, ৰোগ নিৰ্ণয়ৰ সুবিধা, বিশেষ আৰু অতি-বিশেষ বিভাগ, অমৃত ফাৰ্মাচী, জন ঔষধি কেন্দ্ৰ আদিৰ সৈতে কাৰ্যক্ষম হৈ আছে আৰু ৪খন এইমছ নিৰ্মাণ তথা কাৰ্যক্ষম কৰি তোলাৰ বিভিন্ন পৰ্যায়ত আছে।

শ্ৰীমতী শ্ৰীবাস্তৱে নতুন এইমছসমূহৰ সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত সকলো কাৰ্যবাহী সঞ্চালকে কৰা কামৰ শলাগ লয় আৰু ২০২৫ চনৰ ৮ এপ্ৰিলত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় প্ৰতিষ্ঠান নিকায়ৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ওপৰত লোৱা ব্যৱস্থাৰ বুজ লয়। তেওঁ সকলো নতুন এইমছৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা, অস্ত্ৰোপচাৰ, ৰোগ নিৰ্ণয়, চিকিৎসা সঁজুলিৰ কাৰ্যক্ষমতা, শিক্ষক/অনা-শিক্ষক পদ, মূলধনী পুঁজিৰ ব্যৱহাৰ, ৰাজহুৱা অভিযোগ আদিৰ স্থিতি মূল্যায়ন কৰে। বৈঠকত অৱগত কৰা হয় যে বৰ্তমান ১৮খন এইমছত ১৪,৮৬০খন বিছনা আৰু ৪০৪টা অস্ত্ৰোপচাৰ কক্ষ কাৰ্যক্ষম হৈ আছে। ২০২৬-২৭ বিত্তীয় বৰ্ষত এতিয়ালৈকে প্ৰায় ৯৭.৪১ লাখ অ’পিডি পঞ্জীয়ন আৰু ৪.৯১ লাখ আইপিডি ভৰ্তি সম্পন্ন হৈছে।

নতুন এইমছসমূহে বৃক্ক, যকৃত, হৃদযন্ত্ৰ, কৰ্ণিয়া আৰু অস্থিমজ্জাকে ধৰি ব্যাপক অংগ প্ৰতিস্থাপন কাৰ্যসূচী পৰিচালনা কৰি আছে আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষত এতিয়ালৈকে প্ৰায় ৬২৯টা অংগ প্ৰতিস্থাপন সম্পন্ন কৰা হৈছে। এইমছসমূহত উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হৈছে আৰু চলিত বৰ্ষত এতিয়ালৈকে প্ৰায় ৩.১৮ লাখ অস্ত্ৰোপচাৰ কৰা হৈছে। কেইবাখনো এইমছত পিকচাৰ আৰ্কাইভিং এণ্ড কমিউনিকেচন ছিষ্টেমকে ধৰি সকলো এইমছতে অত্যাধুনিক ৰোগ নিৰ্ণয়ৰ সুবিধা স্থাপন কৰা হৈছে। বৈঠকত অৱগত কৰা হয় যে গৱেষণাৰ ফলাফলো বৃদ্ধি পাইছে আৰু চলিত বৰ্ষত এতিয়ালৈকে ৩,৫৯৩খন গৱেষণা পত্ৰ প্ৰকাশ পাইছে।

এইমছসমূহৰ কাৰ্যদক্ষতা লক্ষ্য কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে নিৰ্দেশ দিয়ে যে “প্ৰতিখন এইমছে নিজৰ উৎকৰ্ষতাৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰি এক পথ-নিৰ্দেশনা আৰু কাৰ্যকৰী দিশসমূহ প্ৰস্তুত কৰা উচিত। সামগ্ৰিকভাৱে অঞ্চলটোত তৃতীয় পৰ্যায়ৰ চিকিৎসা সুবিধা শক্তিশালী কৰাৰ বাবে স্থানীয় চিকিৎসালয়সমূহৰ সৈতে ৰেফাৰেল সংযোগসমূহ সুশৃংখল কৰিবলৈ সকলো প্ৰচেষ্টা হাতত ল’ব লাগে।” তেওঁ শিক্ষাৰ্থী আৰু আৱাসিক চিকিৎসকসকলৰ মানসিক সুস্থতাৰ বাবে প্ৰতিষ্ঠানসমূহত এক সহায়ক, চাপমুক্ত আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিবলৈ সক্ৰিয় আৰু নিৰন্তৰ ব্যৱস্থা গ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

শ্ৰীমতী শ্ৰীবাস্তৱে সকলো কাৰ্যবাহী সঞ্চালকক খালী হৈ থকা শিক্ষক পদসমূহ পূৰণ কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ ল’বলৈ আৰু বছৰত কমেও ৪ বাৰ স্থায়ী বাছনি সমিতিৰ বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে নিৰ্দেশ দিয়ে যে প্ৰতিষ্ঠানসমূহে সম্পদসমূহৰ, বিশেষকৈ অত্যাধুনিক ৰোগ নিৰ্ণয় আৰু চিকিৎসা সঁজুলিসমূহৰ সৰ্বোত্তম ব্যৱহাৰ নিশ্চিত কৰিব লাগিব। এইমছৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস অটুট ৰখাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ কাৰ্যবাহী সঞ্চালকসকলক অভিযোগসমূহৰ প্ৰতি সংবেদনশীল হ’বলৈ আৰু প্ৰতিটো প্ৰতিষ্ঠানতে ইয়াৰ নিষ্পত্তিৰ মান উন্নত কৰিবলৈ পৰামৰ্শ দিয়ে।

SR/MM


(ৰিলিজ আই ডি : 2338374) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil