আয়ুষ
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় ইউনানী চিকিৎসা প্ৰতিষ্ঠানৰ (NIUM) ত্ৰয়োদশ পৰিচালনা সমিতিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱৰ অধ্যক্ষতা

ইউনানী চিকিৎসা শিক্ষা আৰু গৱেষণাৰ সম্প্ৰসাৰণৰ লগতে সময়মতে পদক্ষেপ গ্ৰহণ আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ আহ্বান শ্ৰী যাদৱৰ

পোষ্ট কৰা হৈছে: 18 NOV 2026 6:06PM by PIB Guwahati

নতুন দিল্লী, ১৮ নৱেম্বৰ, ২০২৬: আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে আজি নতুন দিল্লীৰ কৰ্তব্য ভৱন-১ত ৰাষ্ট্ৰীয় ইউনানী চিকিৎসা প্ৰতিষ্ঠানৰ (NIUM)  ত্ৰয়োদশ পৰিচালনা সমিতিৰ বৈঠকত অধ্যক্ষতা কৰে।

ইউনানী চিকিৎসা শিক্ষা, গৱেষণা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি শ্ৰী প্ৰতাপৰাও যাদৱে কয় যে, বৰ্তমান প্ৰতিষ্ঠানটোত স্নাতকোত্তৰ পৰ্যায়ৰ ১০টা বিভাগত মুঠ ৭১গৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে। তেওঁ লগতে প্ৰতিষ্ঠানটোৰ সম্প্ৰসাৰণৰ প্ৰস্তাৱৰ বিষয়ে উল্লেখ কৰে। এই প্ৰস্তাৱ অনুসৰি অতিৰিক্ত পাঁচটা স্নাতকোত্তৰ বিভাগ, ৩৫খন অতিৰিক্ত আসন আৰু একত্ৰিত তথা ৰূপান্তৰমূলক গৱেষণা বিভাগ (Department of Integrative and Translational Research) স্থাপনৰ পৰিকল্পনা কৰা হৈছে।

শ্ৰী যাদৱে দিল্লীৰ সমীপৱৰ্তী গাজিয়াবাদত প্ৰতিষ্ঠানটোৰ দ্বিতীয়টো চৌহদ নিৰ্মাণৰ পৰিকল্পনাৰ বিষয়েও আলোকপাত কৰে। এই চৌহদত ২০০খন বিচনাযুক্ত এক ৰেফাৰেল চিকিৎসালয়, স্নাতকোত্তৰ শিক্ষা আৰু গৱেষণাৰ সুবিধা গঢ়ি তোলাৰ প্ৰস্তাৱ আছে। বৰ্তমানৰ নামভৰ্তিৰ আসনৰ ভিতৰতে বিদেশী শিক্ষাৰ্থীৰ বাবে ২৪খন আসন সংৰক্ষণৰ প্ৰস্তাৱক আদৰণি জনাই তেওঁ কয় যে ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক সহযোগিতা অধিক শক্তিশালী হ’ব আৰু ‘বসুধৈৱ কুটুম্বকম’ (সমগ্ৰ বিশ্ব একেটা পৰিয়াল)ৰ মহান আদৰ্শ প্ৰতিফলিত হ’ব।

মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ইউনানী চিকিৎসা প্ৰতিষ্ঠানৰ পৰা তিনিটা বিষয়ত বিশেষ গুৰুত্ব প্ৰদানৰ আশা প্ৰকাশ কৰে—সময়ানুৱৰ্তিতা, দায়বদ্ধতা আৰু সেৱা। তেওঁ উল্লেখ কৰে যে প্ৰতিষ্ঠানটোৰ অসমাপ্ত বিষয়সমূহ শীঘ্ৰে নিষ্পত্তি কৰিব লাগিব আৰু প্ৰতিটো প্ৰকল্পৰ বাবে নিৰ্দিষ্ট সময়সীমা তথা দায়িত্ব নিৰ্ধাৰণ কৰাটো নিশ্চিত কৰিব লাগিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে গুৰুত্ব আৰোপ কৰে যে প্ৰতিষ্ঠানটোৱে বিকশিত কৰা স্বাস্থ্যসেৱা আৰু চিকিৎসা পদ্ধতি যাতে সমাজৰ দৰিদ্ৰতম শ্ৰেণীৰ লোকসকলেও লাভ কৰিব পাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ইউনানী চিকিৎসা প্ৰতিষ্ঠানৰ (NIUM) সঞ্চালক অধ্যাপক ছৈয়দ শ্বাহ আলমে কেন্দ্ৰীয় মন্ত্ৰী আৰু আয়ুষ মন্ত্ৰালয়ৰ সচিবক আদৰণি জনায়। তেওঁ প্ৰতিষ্ঠানটোৰ বিভিন্ন কাৰ্যকলাপ, সাফল্য আৰু প্ৰস্তাৱিত পদক্ষেপসমূহৰ বিষয়ে এক বিস্তৃত উপস্থাপনো আগবঢ়ায়।

বৈঠকত আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা; অতিৰিক্ত সচিব তথা বিত্ত উপদেষ্টা শ্ৰীমতী হোয়েদা আব্বাছ; কৰ্ণাটক চৰকাৰৰ বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী ৰিতেশ কুমাৰ সিং; আয়ুষ মন্ত্ৰালয়ৰ ইউনানী উপদেষ্টা ড০ এম. এ. কাছমি; ইউনানী, সিদ্ধ আৰু সোৱা-ৰিগপা ব’ৰ্ডৰ সভাপতি অধ্যাপক আছিম আলী খান; আৰু ইউনানী চিকিৎসা গৱেষণাৰ কেন্দ্ৰীয় পৰিষদৰ (CCRUM) সঞ্চালক প্ৰধান ড০ এন. জহীৰ আহমেদকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে।

প্ৰতিষ্ঠানটোৰ ভৱিষ্যৎ উন্নয়নৰ বাবে প্ৰাতিষ্ঠানিক পৰিচালনা ব্যৱস্থা অধিক শক্তিশালী কৰা, অনুমোদিত পদক্ষেপসমূহৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা আৰু সংশ্লিষ্ট সকলো পক্ষৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপেৰে বৈঠকৰ সামৰণি পৰে।

***

SR/AK/SG/MS


(ৰিলিজ আই ডি : 2338209) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: हिन्दी , English , Urdu , Tamil