পোষ্ট কৰা হৈছে:
18 NOV 2026 11:49AM by PIB Guwahati
জলশক্তি মন্ত্ৰ্যালয়ৰ অধীনস্থ জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱন বিভাগে কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ দপ্তৰৰ তত্ত্বাৱধানত যোৱা ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ বিশেষ অভিযান ৬ ৰূপায়ণ কৰে।
এই অভিযানৰ অধীনত জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱন বিভাগ তথা ইয়াৰ অধীনস্থ সংস্থাসমূহে সক্ৰিয়ভাৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে আৰু বিভাগটোৰ প্ৰদৰ্শন সন্তোষজনক হিচাপে পৰিলক্ষিত হয়। বিভিন্ন ক্ষেত্ৰত নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ পূৰণৰ দিশত বিভাগটোৱে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হয়। অভিযানৰ সময়ছোৱাত বিভাগটোৰ সচিব আৰু যুটীয়া সচিব পৰ্যায়ত সময়ে সময়ে অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়।
বিশেষ অভিযান ৬-ৰ সামৰণিত বিভাগটোৱে (সকলো অধীনস্থ সংস্থাকে ধৰি) বিভিন্ন ক্ষেত্ৰত নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে লাভ কৰা সাফল্যৰ বিৱৰণ তলত দিয়া ধৰণৰ—
|
ক্ৰমিক নং
|
পৰিমাপক
|
নিৰ্ধাৰিত লক্ষ্য
|
অৰ্জন
|
অৰ্জনৰ হাৰ
|
|
১
|
ই-ফাইল পৰ্যালোচনা
|
৬,৪৪৩
|
১২,৬২৬
|
১৯৫.৯৬%
|
|
২
|
ই-আৱৰ্জনা নিষ্কাশন (সামগ্ৰীৰ সংখ্যা)
|
১,৫৭০
|
২,৭৯১
|
১৭৭.৭৭%
|
|
৩
|
আনুষ্ঠানিক নথি পৰ্যালোচনা
|
৭,৭২৪
|
১২,১৮৩
|
১৫৭.৭৩%
|
|
৪
|
স্থান পৰিষ্কৰণ
|
৩৭১
|
৫১৫
|
১৩৮.৮১%
|
|
৫
|
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা বিষয়
|
২৯
|
৩৮
|
১৩১%
|
|
৬
|
ৰাজ্য চৰকাৰৰ পৰা প্ৰেৰণ কৰা বিষয়
|
৭
|
৭
|
১০০%
|
|
৭
|
আই এম চি (কেবিনেট টোকা)
|
১
|
১
|
১০০%
|
|
৮
|
নিয়ম/প্ৰক্ৰিয়া সৰলীকৰণ
|
২
|
২
|
১০০%
|
|
৯
|
সাংসদ (ভি আই পি) সম্পৰ্কীয় বিষয়
|
৯৮
|
৯৬
|
৯৭.৯৬%
|
|
১০
|
ৰাজহুৱা অভিযোগ
|
১৯০
|
১৮৬
|
৯৭.৮৯%
|
|
১১
|
ৰাজহুৱা অভিযোগ সম্পৰ্কীয় আবেদন
|
৬১
|
৪৭
|
৭৭%
|
|
১২
|
সংসদীয় আশ্বাস
|
৩২
|
১৯
|
৫৯.৩৭%
|
|
১৩
|
ৰাজহ আহৰণ
|
|
|
পেলনীয়া সামগ্ৰী নিষ্কাশনৰ পৰা
|
|
৭৯,৯৪,৪৪৭ টকা
|
|
|
ই-আৱৰ্জনা নিষ্কাশনৰ পৰা
|
|
১৪,৬৬,০৩৫ টকা
|
|
|
মুঠ ৰাজহ আহৰণ
|
|
৯৪,৬০,৪৮২ টকা
|
|
|
১৪
|
ৱহাৰৰ অনুপযোগী বুলি বাদ দিয়া আনুষ্ঠানিক নথিৰ সংখ্যা
|
|
৪,৩২৪
|
|
|
১৫
|
বন্ধ কৰা ই-ফাইলৰ সংখ্যা
|
|
৩,৫৪৭
|
|
|
১৬
|
মুকলি কৰা এলেকা
|
|
৩,১৫৪ বৰ্গফুট
|
|
ইয়াৰ উপৰি, বিশেষ অভিযান ৬-ৰ অধীনত সংশিষ্ট দপ্তৰ আৰু ইয়াৰ অধীনস্থ সংস্থাসমূহে গ্ৰহণ কৰা স্থান পৰিষ্কৰণৰ কাৰ্যসূচী আৰু সাফল্যৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ (পি আই বি)ৰ জৰিয়তে তিনিখন প্ৰেছ বিজ্ঞপ্তিৰ লগতে বিভিন্ন সামাজিক মাধ্যমৰ একাউণ্টযোগে মুঠ ২৬৫টা বাৰ্তা প্ৰকাশ কৰা হয়। ইয়াৰ ভিতৰত এক্স (পূৰ্বৰ টুইটাৰ)ত ১০১টা, ইনষ্টাগ্ৰামত ৮৮টা, ফে’চবুকত ৭০টা, লিংকডইনত ৫টা আৰু ইউটিউবত এটা বাৰ্তা প্ৰকাশ কৰা হয়।
***
ND/HM/UD