কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

খেত বচাও অভিযান’ৰ অধীনত পঞ্জাৱৰ সমৰালা ভ্ৰমণ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ

“কৃষকৰ আঁচনিসমূহ দিল্লীৰ কাৰ্যালয়ত বহি নহয়, পথাৰত থাকিহে কৃষকৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হ’ব”: কেন্দ্ৰীয় কৃষি মন্ত্ৰী

নৰা জ্বলোৱাৰ বাবে কৃষকসকলক দোষাৰোপ কৰাসকলক কঠোৰ বাৰ্তা শ্ৰী শিৱৰাজ সিং চৌহানৰ: “কৃষকসকল হৈছে অন্নদাতা; নৰা হৈছে মাটিৰ খাদ্য আৰু জৈৱিক কাৰ্বন বৃদ্ধিৰ এক মাধ্যম”

পোষ্ট কৰা হৈছে: 17 NOV 2026 9:29PM by PIB Guwahati

সমন্বিত কৃষিয়ে কৃষকসকলৰ জীৱিকাৰ আমূল পৰিৱৰ্তন ঘটাব পাৰে: “পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ তিনি-শস্যৰ আৰ্হিয়ে প্ৰতি একৰত ₹১.৫ লাখ পৰ্যন্ত সঞ্চয় কৰিব পাৰে,” এই পদক্ষেপৰ প্ৰশংসা কৰি শ্ৰী শিৱৰাজ সিং চৌহানৰ মন্তব্য

সাৰৰ ক’লা বজাৰ আৰু নকল কীটনাশকৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ পদক্ষেপ: “ফাৰ্মাৰ আইডিয়ে ইউৰিয়া আৰু ডিএপি-ৰ অবৈধ সৰবৰাহ ৰোধ কৰিব; ভেজাল কীটনাশকৰ বিৰুদ্ধে কঠোৰ আইন অনা হ’ব,” বুলি কয় শ্ৰী শিৱৰাজ সিং চৌহানে

আলু, পিঁয়াজ আৰু বিলাহী খেতিয়কসকলৰ বাবে বৃহৎ সকাহ: “কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী আন ৰাজ্যত বিক্ৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ পৰিবহণ ব্যয় বহন কৰিব”:  কেন্দ্ৰীয় কৃষি মন্ত্ৰী

ফল-মূল আৰু শাক-পাচলিৰ মূল্য হ্ৰাস পালে চৰকাৰে পোনপটীয়াকৈ হস্তক্ষেপ কৰিব: “বজাৰ হস্তক্ষেপ আঁচনিৰ অধীনত লোকচানৰ ক্ষতিপূৰণ পোনপটীয়াকৈ কৃষকসকলৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হ’ব,” : শ্ৰী শিৱৰাজ সিং চৌহানে

ক্ষুদ্ৰ ভূমিখণ্ডসমূহ লাভজনক কৰি তুলিবলৈ যান্ত্ৰিকীকৰণ আৰু প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ: নৰা ব্যৱস্থাপনাৰ যন্ত্ৰপাতি অধিক সুলভ কৰি তোলা হ’ব : শ্ৰী শিৱৰাজ সিং চৌহানৰ

 

 

Posted On: 17 NOV 2026 9:29PM by PIB Delhi

 

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি পঞ্জাৱৰ লুধিয়ানাৰ চমৰালাস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে)-ত আয়োজিত এক কাৰ্যসূচীত কৃষক আৰু কৃষি বিজ্ঞানীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰে। ‘সুস্থ মাটি, সমৃদ্ধিশালী কৃষক’ৰ সংকল্প লৈ ২২ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰ ২০২৬ লৈ সমগ্ৰ দেশতে পৰিচালিত হৈ থকা ‘খেত বচাও অভিযান’ৰ অধীনত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পঞ্জাৱৰ ভূমিক শ্ৰদ্ধা নিবেদন কৰি আৰু পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় (পিএইউ)-এ বিকশিত কৰা উদ্ভাৱনসমূহক স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমন্বিত কৃষি, শস্য বৈচিত্ৰ্যকৰণ, মাটিৰ স্বাস্থ্য আৰু নৰা ব্যৱস্থাপনাকে ধৰি কৃষি উন্নয়নৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে আলোচনা কৰে। কৃষকসকলে যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ ন্যায্য মূল্য লাভ কৰে, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা মুখ্য পদক্ষেপ আৰু আগন্তুক কাৰ্যপন্থাৰ বিষয়েও তেওঁ অৱগত কৰে। কৃষিক অধিক বহনক্ষম আৰু লাভজনক কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে কৃষকসকলৰ প্ৰকৃত প্ৰয়োজনীয়তা আৰু পথাৰত তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ বুজি লৈহে নীতি আৰু কাৰ্যসূচীসমূহ প্ৰস্তুত কৰিব লাগিব। এই মত বিনিময় কাৰ্যসূচীত কৃষি আয় বৃদ্ধি কৰা, উপলব্ধ সম্পদৰ উন্নত ব্যৱহাৰ কৰা আৰু কৃষিভূমিৰ দীৰ্ঘম্যাদী স্বাস্থ্য ৰক্ষা কৰাৰ ব্যৱহাৰিক উপায়সমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

কাৰ্যসূচীৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে শ্ৰী গুৰু নানক দেৱ জীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে আৰু কয় যে গুৰু চাহিবে ‘কিৰত কৰো, নাম জপো আৰু ৱণ্ড ছাকো’ — অৰ্থাৎ “সৎভাৱে কাম কৰা, ঈশ্বৰক স্মৰণ কৰা আৰু আনৰ সৈতে ভাগ-বতৰা কৰা” বাণীৰ জৰিয়তে দেখুওৱা পথটোৱে সমগ্ৰ বিশ্বকে এক উন্নত স্থানলৈ ৰূপান্তৰিত কৰাৰ শক্তি ৰাখে। তেওঁ কয় যে তেওঁ মন্ত্ৰী পদবীৰ অহংকাৰেৰে এই কাৰ্যসূচীলৈ অহা নাই, বৰঞ্চ কৃষক সমাজক সেৱা আগবঢ়াবলৈ এজন কৃষক আৰু ‘মামা’ হিচাপেহে আহিছে। শ্ৰী চৌহানে কয় যে দিল্লীৰ বন্ধ কোঠাত বহি কৃষি নীতি আৰু আঁচনিসমূহ প্ৰস্তুত কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, সিদ্ধান্ত গ্ৰহণৰ দায়িত্বত থকাসকলে পথাৰলৈ যাব লাগিব, কৃষকসকলৰ সৈতে বহিব লাগিব আৰু তেওঁলোকৰ অভিজ্ঞতা, প্ৰয়োজনীয়তা তথা অসুবিধাসমূহ প্ৰত্যক্ষভাৱে বুজি ল’ব লাগিব। তেওঁ কয় যে কৃষি নীতি নিৰ্ধাৰণৰ কেন্দ্ৰবিন্দুত কৃষকসকল থাকিব লাগে, আৰু তেওঁলোকৰ জীৱিকাত প্ৰভাৱ পেলোৱা সিদ্ধান্তসমূহ তেওঁলোকৰ কণ্ঠস্বৰ আৰু ব্যৱহাৰিক জ্ঞানৰ দ্বাৰা পৰিচালিত হ’ব লাগিব। তেওঁৰ মতে, পথাৰত কাম কৰা লোকসকলৰ সৈতে পোনপটীয়া যোগাযোগৰ জৰিয়তেহে অৰ্থপূৰ্ণ কৃষি পৰিকল্পনা সম্ভৱ হ’ব পাৰে।

পঞ্জাৱৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰম আৰু অৱদানক অভিবাদন জনাই শ্ৰী চৌহানে স্মৰণ কৰে যে এটা সময় আছিল যেতিয়া ভাৰতে নিজৰ খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আন দেশৰ পৰা ৰঙা ঘেঁহু আমদানি কৰিবলৈ বাধ্য হৈছিল। অৱশ্যে, পঞ্জাৱত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ পাছত দেশৰ খাদ্যশস্যৰ ভঁৰাল যথেষ্ট বৃদ্ধি পালে, আৰু ভাৰতে এতিয়া নিজৰ উৎপাদনেৰেই খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা অৱস্থাত উপনীত হৈছে। তেওঁ কয় যে ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্ববৃহৎ চাউল উৎপাদনকাৰী দেশত পৰিণত হৈছে আৰু ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় বৃহত্তম দেশ হিচাপে পৰিগণিত হৈছে। এই পৰিৱৰ্তনত মুখ্য ভূমিকা পালন কৰা আৰু নিজৰ নিষ্ঠা তথা কঠোৰ পৰিশ্ৰমৰ জৰিয়তে দেশৰ খাদ্য সুৰক্ষা শক্তিশালী কৰাত সহায় কৰাৰ বাবে তেওঁ পঞ্জাৱৰ কৃষকসকলক কৃতিত্ব দিয়ে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মেনিলা ভ্ৰমণৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে তাত থকা খালছা দিৱান গুৰুদ্বাৰত মূৰ দোঁৱাই সেৱা জনোৱাৰ লগতে সংগতৰ সদস্যসকলৰ সৈতে ইয়াৰ পুনৰ্নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। এনে কাৰ্যই শিখ সম্প্ৰদায়ৰ পৰম্পৰা আৰু সমাজলৈ তেওঁলোকে আগবঢ়োৱা অৱদানৰ গুৰুত্বকে প্ৰতিফলিত কৰে বুলি শ্ৰী চৌহানে মন্তব্য কৰে।

কৃষি ভূমিখণ্ডৰ আকাৰ ক্ৰমাৎ হ্ৰাস পাই অহাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে কয় যে আন কিছুমান দেশত সচৰাচৰ দেখা পোৱা হাজাৰ হাজাৰ হেক্টৰ জুৰি বিস্তৃত বৃহৎ কৃষি পাম ভাৰতত নাই। সেয়েহে, সৰু ভূমিখণ্ডৰ পৰা অধিক লাভ উপাৰ্জন কৰিব পৰা কৃষি আৰ্হি বিকশিত কৰাটো অতি প্ৰয়োজনীয়। তেওঁ পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰা তিনি-শস্যৰ আৰ্হিটোৰ প্ৰশংসা কৰে, যাৰ অধীনত কৃষকসকলে মাত্ৰ এক একৰ ভূমিত তিনিটা শস্যৰ খেতি কৰি বাৰ্ষিক ₹১.৫ লাখ পৰ্যন্ত নিট আয় উপাৰ্জন কৰিব পাৰে। ক্ষুদ্ৰ ভূমিখণ্ডসমূহ কেনেকৈ অধিক উৎপাদনশীল আৰু লাভজনকভাৱে ব্যৱহাৰ কৰিব পাৰি, তাৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে তেওঁ এই আৰ্হিটোৰ বৰ্ণনা কৰে। তেওঁ লগতে কেভিকে চমৰালাক সমগ্ৰ অঞ্চলটোত এই আৰ্হিটো জনপ্ৰিয় কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে অধিক কৃষকে ইয়াৰ বিষয়ে জানিব পাৰে আৰু নিজৰ প্ৰয়োজন অনুসৰি ইয়াক গ্ৰহণ কৰিব পাৰে। এনে ব্যৱহাৰিক আৰ্হিসমূহে সংকুচিত হৈ অহা ভূমিখণ্ডৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লগতে ক্ষুদ্ৰ কৃষকসকলৰ অৰ্থনৈতিক সম্ভাৱনা উন্নত কৰাত সহায় কৰিব পাৰে বুলি তেওঁ কয়।

শ্ৰী চৌহানে কয় যে কেৱল ঘেঁহু-ধানৰ শস্য চক্ৰৰ ওপৰত নিৰন্তৰ নিৰ্ভৰশীল হৈ থকাটোৱে কৃষিভূমিৰ উৰ্বৰতা ক্ৰমান্বয়ে হ্ৰাস কৰি আনিছে। তেওঁ কৃষকসকলক শস্যৰ বৈচিত্ৰ্যকৰণ কৰিবলৈ আৰু খাদ্যশস্য খেতিৰ লগতে ফল-মূল, ফুল আৰু শাক-পাচলিৰ খেতি, ঔষধি উদ্ভিদৰ খেতি, পশুপালন, ছাগলী পালন আৰু মীন পালনৰ দৰে কাৰ্যকলাপসমূহ একত্ৰিত কৰি সমন্বিত কৃষিৰ দিশে আগবাঢ়িবলৈ আহ্বান জনায়। তেওঁ বুজাই দিয়ে যে কৃষকসকলে কেৱল ঘেঁহু আৰু ধানৰ ওপৰতে নিৰ্ভৰশীল হৈ নাথাকি, বৰঞ্চ নিজৰ মাটি, সম্পদ আৰু স্থানীয় পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি অন্যান্য উপযুক্ত কৃষি আৰু আনুষংগিক কাৰ্যকলাপসমূহৰ সন্ধান কৰা উচিত। বিভিন্ন শস্য আৰু কাৰ্যকলাপসমূহ একত্ৰিত কৰি কৃষকসকলে নিজৰ ভূমিৰ উন্নত ব্যৱহাৰ কৰিব পাৰে, অতিৰিক্ত আয়ৰ উৎস সৃষ্টি কৰিব পাৰে আৰু এটা মাত্ৰ শস্যৰ আৰ্হিৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে। শস্য বৈচিত্ৰ্যকৰণ আৰু সমন্বিত কৃষি কেৱল কৃষকৰ উপাৰ্জন বৃদ্ধিৰ বাবেই নহয়, বৰঞ্চ মাটিৰ দীৰ্ঘম্যাদী উৎপাদনশীলতা আৰু স্বাস্থ্য অটুট ৰখাৰ বাবেও গুৰুত্বপূৰ্ণ বুলি তেওঁ জোৰ দিয়ে।

মাটিৰ অৱনতি ঘটা অৱস্থা আৰু সাৰৰ অবাধ ব্যৱহাৰ সন্দৰ্ভত বক্তব্য ৰাখি শ্ৰী চৌহানে কয় যে প্ৰথমে মাটি পৰীক্ষা নকৰাকৈ অত্যধিক পৰিমাণৰ সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা কাৰ্যই কৃষিভূমিৰ প্ৰাকৃতিক পৰিৱেশতন্ত্ৰৰ ক্ষতি কৰিছে। এনে কাৰ্যকলাপে মাটিৰ উৰ্বৰতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উপকাৰী পোক-পৰুৱা আৰু কেঁচুবোৰ ধ্বংস কৰি পেলাইছে। তেওঁ কৃষকসকলক লগে লগে নিজৰ সম্পূৰ্ণ মাটিখিনি প্ৰাকৃতিক কৃষিলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে অন্ততঃ আধা মাটিত প্ৰাকৃতিক কৃষিৰ পৰীক্ষা-নিৰীক্ষা চলাবলৈ আহ্বান জনায়। তেওঁ কয় যে মাটিৰ এটা অংশত প্ৰাকৃতিক কৃষি গ্ৰহণ কৰিলে মাটিৰ স্বাস্থ্য উন্নত হোৱাত সহায় হ’ব আৰু কৃষকসকলে নিজৰ উৎপাদনৰ স্তৰো বজাই ৰাখিব পাৰিব। তেওঁ কৃষকসকলক ইয়াৰ ফলাফল মূল্যাংকন কৰিবলৈ আৰু ক্ৰমান্বয়ে এই পদ্ধতি সম্প্ৰসাৰণ কৰিবলৈ উৎসাহিত কৰে। কৃষকসকলে নিজৰ মাটিৰ প্ৰকৃত পুষ্টিগত প্ৰয়োজনীয়তাৰ প্ৰতি অধিক মনোযোগ দিয়া আৰু ৰাসায়নিক সামগ্ৰীৰ অনাৱশ্যকীয় ব্যৱহাৰ পৰিহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। কৃষি উৎপাদনশীলতা বজাই ৰাখিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে কৃষিভূমি উৰ্বৰ কৰি ৰাখিবলৈ মাটিৰ স্বাস্থ্য ৰক্ষা কৰাটো অপৰিহাৰ্য বুলি তেওঁ কয়।

নৰা জ্বলোৱা বিষয়টোত কৃষকসকলৰ সমৰ্থনত স্পষ্ট স্থিতি গ্ৰহণ কৰি শ্ৰী চৌহানে কয় যে প্ৰতিবাৰেই প্ৰদূষণৰ বিষয়ে আলোচনা হ’লে কৃষকসকলক অন্যায়ভাৱে দোষাৰোপ কৰা বা নেতিবাচকভাৱে উপস্থাপন কৰা উচিত নহয়। তেওঁ কয় যে কৃষকসকল শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাৰ গুৰুত্বৰ বিষয়ে ক্ৰমান্বয়ে অধিক সজাগ হৈ উঠিছে আৰু নৰা জ্বলোৱাৰ পৰিৱৰ্তে ইয়াক ব্যৱস্থাপনা কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে। নৰা হৈছে মাটিৰ খাদ্য, আৰু ইয়াক পথাৰত মিহলাই দিলে মাটিত জৈৱিক কাৰ্বনৰ পৰিমাণ বৃদ্ধি পোৱাত সহায় হয় বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। সেয়েহে, মাটিৰ স্বাস্থ্য অটুট ৰখা আৰু কৃষিভূমিৰ গুণগত মান উন্নত কৰাত ইয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ কৃষকসকলক আশ্বাস দিয়ে যে নৰা ব্যৱস্থাপনাৰ বাবে ব্যৱহৃত ছীডাৰৰ দৰে যন্ত্ৰপাতি অধিক সুলভ কৰি তোলাৰ লগতে যান্ত্ৰিকীকৰণ আঁচনিসমূহ যাতে তেওঁলোকৰ প্ৰয়োজনীয়তাৰ সৈতে অধিক উপযোগী হয়, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে কাম কৰিব। কৃষকসকলে যাতে নৰা নজ্বলোৱাকৈ শস্যৰ অৱশিষ্ট ব্যৱস্থাপনা কৰিব পাৰে, তাৰ বাবে তেওঁলোকক ব্যৱহাৰিক আৰু কম খৰচী সঁজুলিৰ সুবিধা প্ৰদান কৰাটো প্ৰয়োজন বুলি তেওঁ কয়। চৰকাৰে এনে যন্ত্ৰপাতি অধিক সুলভ কৰি তোলাত আৰু কৃষকসকলক উপযুক্ত যান্ত্ৰিক সমাধান গ্ৰহণ কৰাত সহায় কৰাৰ ওপৰত গুৰুত্ব দিব বুলিও তেওঁ লগতে উল্লেখ কৰে।

ক’লা বজাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি শ্ৰী চৌহানে কয় যে প্ৰতি বস্তা ডিএপি-ৰ মূল্য প্ৰায় ₹৫,০০০ হোৱা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক ₹১,৩৫০ দৰত উপলব্ধ কৰাইছে। একেদৰে, প্ৰায় ₹৩,০০০ মূল্যৰ এবস্তা ইউৰিয়া কৃষকসকলক মাত্ৰ ₹২৬৬ দৰত যোগান ধৰা হৈছে। কৃষকসকলে যাতে সুলভ মূল্যত এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ লাভ কৰিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে ৰাজসাহায্যৰ এই বৃহৎ বোজা বহন কৰি আছে বুলি তেওঁ বুজাই দিয়ে। ৰাজসাহায্যযুক্ত সাৰ যাতে ঔদ্যোগিক উদ্দেশ্যত বা অন্যান্য অননুমোদিত কামত ব্যৱহাৰ হ’ব নোৱাৰে, তাৰ বাবে চৰকাৰে ক্ষিপ্ৰতাৰে ‘ফাৰ্মাৰ আইডি’ জাৰি কৰি আছে। তেওঁ কৃষকসকলক অৱগত কৰে যে পঞ্জাৱত ইতিমধ্যে ছয় লাখ ফাৰ্মাৰ আইডি প্ৰস্তুত কৰা হৈছে। এই আইডিসমূহে আলুৰ দৰে শস্যকে ধৰি কৃষকসকলৰ মাটি আৰু শস্যৰ প্ৰকৃত প্ৰয়োজনীয়তাৰ ভিত্তিত সঠিক পৰিমাণত আৰু সময়মতে সাৰ লাভ কৰাটো নিশ্চিত কৰাত সহায় কৰিব। এই ব্যৱস্থাই ৰাজসাহায্যযুক্ত ইউৰিয়া আৰু ডিএপি-ৰ অবৈধ সৰবৰাহ তথা অপব্যৱহাৰ ৰোধ কৰাত সহায় কৰিব বুলি তেওঁ কয়। বজাৰত বিক্ৰী হোৱা নকল কীটনাশক আৰু নিম্নমানৰ বীজৰ পৰা কৃষকসকলক ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এখন নতুন বীজ আইনৰ লগতে এখন নতুন আৰু কঠোৰ কীটনাশক আইন প্ৰৱৰ্তন কৰাৰ প্ৰস্তুতি চলাই আছে বুলিও তেওঁ ঘোষণা কৰে। প্ৰস্তাৱিত আইনী ব্যৱস্থাসমূহে ভুৱা আৰু নিম্নমানৰ কৃষি সামগ্ৰীৰ বিৰুদ্ধে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰিব।

শস্যৰ মূল্যৰ উঠা-নমা আৰু মধ্যভোগীৰ ভূমিকা নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কৃষকসকলক সকাহ দিবলৈ দুটা মুখ্য পদক্ষেপৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ কয় যে যদি পঞ্জাৱত আলু, পিঁয়াজ বা বিলাহীৰ মূল্য হ্ৰাস পায়, আনহাতে দিল্লী, মুম্বাই, কলকাতা বা চেন্নাইৰ দৰে ডাঙৰ চহৰসমূহত উন্নত মূল্য উপলব্ধ হয়, তেন্তে ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ জৰিয়তে বিক্ৰীৰ বাবে সেই বজাৰসমূহলৈ উৎপাদিত সামগ্ৰী কঢ়িয়াই নিয়াৰ সম্পূৰ্ণ পৰিবহণ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। ইয়াৰ ফলত কৃষকসকলে পৰিবহণ ব্যয়ৰ অতিৰিক্ত বোজা বহন নকৰাকৈয়ে আন ৰাজ্যৰ অধিক লাভজনক বজাৰসমূহত প্ৰৱেশ কৰিব পাৰিব। তেওঁ লগতে বুজাই দিয়ে যে ‘বজাৰ হস্তক্ষেপ আঁচনি’ৰ অধীনত যদি কৃষকসকলে অতি কম মূল্যত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ বাধ্য হয়, তেন্তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে হস্তক্ষেপ কৰিব আৰু ইয়াৰ ব্যয় সমানে অৰ্থাৎ ৫০ শতাংশকৈ বহন কৰিব। মূল্যৰ পাৰ্থক্যৰ এই ধনৰাশি পোনপটীয়াকৈ কৃষকসকলৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হ’ব। এই পদক্ষেপসমূহৰ উদ্দেশ্য হৈছে কৃষকসকলক মূল্যৰ আকস্মিক পতনৰ পৰা ৰক্ষা কৰা, বজাৰৰ অস্থিৰতাৰ প্ৰভাৱ হ্ৰাস কৰা আৰু তেওঁলোকে যাতে নিজৰ উৎপাদিত সামগ্ৰীৰ উন্নত মূল্য লাভ কৰে সেয়া নিশ্চিত কৰা।

কাৰ্যসূচীৰ সময়ত শ্ৰী চৌহানে এখন আধুনিক, চালকবিহীন, মেপিং-ভিত্তিক ট্ৰেক্টৰৰ ব্যৱহাৰৰো শলাগ লয় আৰু কৃষি কাৰ্যত এনে প্ৰযুক্তিৰ সম্ভাৱনীয়তাক স্বীকাৰ কৰে। তেওঁ কয় যে কৃষি হৈছে ৰাজ্যিক বিষয়, কিন্তু কৃষকসকলক সেৱা আগবঢ়োৱা আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত কোনো ৰাজনীতি থাকিব নালাগে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (আৰকেভিৱাই)-ৰ অধীনত পঞ্জাৱৰ কৃষি মন্ত্ৰীয়ে দাখিল কৰা সকলো প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে বুলি তেওঁ সমাৱেশক অৱগত কৰে। কৃষি উন্নয়নত সহায় কৰিবলৈ আৰু কৃষকৰ কল্যাণ সাধন কৰিবলৈ কেন্দ্ৰই ৰাজ্য চৰকাৰৰ সৈতে একেলগে কাম কৰিবলৈ সাজু আছে বুলি তেওঁ পুনৰ দোহাৰে। শ্ৰী চৌহানে লগতে কয় যে যিকোনো কৃষকে পৰামৰ্শ আগবঢ়াবলৈ বা সমস্যা উত্থাপন কৰিবলৈ বিচাৰিলে আগতীয়া সাক্ষাতৰ সময় লৈ দিল্লীত তেওঁক পোনপটীয়াকৈ লগ কৰিব পাৰে। কৃষকসকলে যাতে নিজৰ সমস্যা আৰু ধাৰণাসমূহ তেওঁৰ দৃষ্টিগোচৰ কৰিবলৈ সংকোচ নকৰে, তাৰ ওপৰত তেওঁ জোৰ দিয়ে যাতে সেইসমূহ বিবেচনা কৰি সমাধান কৰিব পৰা যায়। এই অনুষ্ঠানত কেন্দ্ৰীয় কৃষি আয়ুক্ত পি. কে. সিং, পিএইউ -ৰ উপাচাৰ্য ড° হৰবিন্দৰ সিং ধালিৱাল, আৰু বৃহৎ সংখ্যক কৃষি বিজ্ঞানী তথা কৃষক উপস্থিত আছিল।

***

SS/MS/MK/MM


(ৰিলিজ আই ডি : 2337842) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: Punjabi , हिन्दी , English , Urdu , Tamil