পোষ্ট কৰা হৈছে:
17 NOV 2026 4:10PM by PIB Guwahati
মহামান্য ৰাষ্ট্ৰপতি মাৰ্কোছ,
মহামহিম,
উপস্থিত মহামান্যসকল,
নমস্কাৰ!
পূব এছিয়া সন্মিলন এনে সুন্দৰভাবে আয়োজন কৰাৰ বাবে মই ৰাষ্ট্ৰপতি মাৰ্কোছক আন্তৰিক অভিনন্দন জনাইছোঁ।
বন্ধুসকল,
ক’ভিড মহামাৰীৰ পিছৰে পৰা বিশ্বই এটাৰ পিছত আনটো সংকটৰ সন্মুখীন হৈ আহিছে। সংঘাতসমূহে খাদ্য, ইন্ধন আৰু সাৰৰ যোগানৰ ওপৰত ক্ৰমাৎ অধিক চাপৰ সৃষ্টি কৰিছে।
আন্তঃৰাষ্ট্ৰীয় জলপথতো জাহাজ আৰু নাবিকসকলক লক্ষ্য কৰি লোৱা হৈছে। সন্ত্ৰাসবাদৰ গুৰুতৰ ভাবুকিৰ সমান্তৰালকৈ চাইবাৰ প্ৰৱঞ্চনা আৰু অনলাইন জালিয়াতিৰ দৰে আন্তঃসীমান্ত অপৰাধৰ নতুন ৰূপসমূহো বৃদ্ধি পাইছে।
বন্ধুসকল,
বিশ্বত বৰ্তমান আটাইতকৈ বেছি প্ৰয়োজন হৈছে শান্তি, সুস্থিৰতা আৰু পূৰ্বানুমান কৰিব পৰা ধৰণৰ এক পৰিৱেশৰ।
বহু বছৰ ধৰি পূব এছিয়া সন্মিলনে উমৈহতীয়া প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিওৱা তথা পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰি আহিছে। আলোচনা, পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ মনোভাৱেই হৈছে ভাৰতৰ বৈদেশিক নীতিৰ মূল আধাৰ।
আছিয়ানৰ ঐক্য তথা কেন্দ্ৰীয় ভূমিকা আমাৰ ‘এক্ট ইষ্ট’ নীতিৰ মূল কেন্দ্ৰবিন্দু। আমি এখন মুক্ত, সকলোকে সামৰি লোৱা আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সেয়া ইউক্ৰেইনেই হওক বা পশ্চিম এছিয়াই হওক, শান্তিৰ দিশত গ্ৰহণ কৰা প্ৰতিটো প্ৰচেষ্টাকেই আমি সমৰ্থন কৰি যাম।
বন্ধুসকল,
আমাৰ সাগৰসমূহ উমৈহতীয়া সমৃদ্ধিৰ জীৱনৰেখাস্বৰূপ। এই সাগৰসমূহৰ নিৰাপত্তা আৰু জাহাজ চলাচলৰ স্বাধীনতা সুনিশ্চিত কৰাটো আমাৰ সকলোৰে দায়িত্ব।
এই দিশত আমি ‘নাৱিকৰ সুৰক্ষাৰ পদক্ষেপ’ আৰম্ভ কৰিছোঁ। ইয়াৰ অধীনত যুটীয়া প্ৰশিক্ষণ আৰু জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত আমাৰ সহযোগিতা বৃদ্ধি কৰা হ’ব।
বন্ধুসকল,
ডিজিটেল জগতত বিশ্বাস আৰু নিৰাপত্তা সুনিশ্চিত কৰাটোও সমানেই প্ৰয়োজনীয় কথা। এই বছৰ ভাৰতত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় সন্মিলনত আমি মানৱকেন্দ্ৰিক, সামৰি লোৱা আৰু সুৰক্ষিত কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিলোঁ। একেদৰে ডিপফেক আৰু ভুৱা তথ্যৰ বিৰুদ্ধে যুঁজিবলৈ ডিজিটেল ৱাটাৰমাৰ্কিঙৰ দৰে প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ বিষয়তো আমি গুৰুত্ব আৰোপ কৰিছো।অনলাইন জালিয়াতিৰ বিৰুদ্ধে আজি প্ৰকাশ কৰা যুটীয়া বিবৃতিক আমি আদৰণি জনাইছোঁ।
এই ক্ৰমবৰ্ধমান ভাবুকিৰ ফলপ্ৰসূ মোকাবিলা কৰাৰ বাবে আমি ভাৰতৰ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ত ‘পূব এছিয়া সন্মিলনৰ চাইবাৰ অপৰাধ সন্মিলন’ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ।
বন্ধুসকল,
হাজাৰ হাজাৰ বছৰ পুৰণি উমৈহতীয়া ঐতিহ্যই হৈছে আমাৰ সম্পৰ্কৰ ভেটি । ভাৰতৰ লোথালত নিৰ্মাণ কৰি থকা ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য প্ৰকল্পই অতি সোনকালে এই উমৈহতীয়া ঐতিহ্য বিশ্বৰ সন্মুখত দাঙি ধৰিব। আমাৰ ঐতিহাসিক তথা সাংস্কৃতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আমি লোথালত পূব এছিয়া সন্মিলনৰ সামুদ্ৰিক ঐতিহ্য মহোৎসৱো অনুষ্ঠিত কৰিম।
অহা বছৰ আমি নালন্দাত পূব এছিয়া সন্মিলনৰ বিশ্ববিদ্যালয়সমূহৰ মুৰব্বীসকলৰ সন্মিলন অনুষ্ঠিত কৰিম। এই সন্মিলনে শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত আমাৰ সহযোগিতাক নতুন গতি প্ৰদান কৰিব।
বন্ধুসকল,
এই বছৰ আমি দক্ষিণ-পূব এছিয়াৰ ঐতিহাসিক মৈত্ৰী তথা সহযোগিতা চুক্তিৰ ৫০সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছোঁ।
পঞ্চাশ বছৰ পূৰ্বে এই অঞ্চলটোৱে বিশ্ববাসীক এক গুৰুত্বপূৰ্ণ বাৰ্তা দিছিল—শান্তি, সাৰ্বভৌমত্বৰ প্ৰতি সন্মান আৰু আলোচনাৰ প্ৰয়োজনীয়তাৰ বাৰ্তা। আজি এই বাৰ্তাৰ প্ৰাসংগিকতা আৰু অধিক বৃদ্ধি পাইছে। আমাৰ উমৈহতীয়া ভৱিষ্যৎ সংঘাতৰ দ্বাৰা নহয়, বৰঞ্চ পাৰস্পৰিক সন্মান তথা সহযোগিতাৰ দ্বাৰাহে গঢ় লৈ উঠিব।
এই দৃষ্টিভংগীকে সন্মুখত ৰাখি ভাৰতে আছিয়ানৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিব আৰু আঞ্চলিক শান্তি, সুস্থিৰতা তথা উমৈহতীয়া সমৃদ্ধিৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি অটুট ৰাখিব।
আপোনালোকক অশেষ ধন্যবাদ।
ঘোষণা: এয়া প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া ভাবানুবাদ । মূল ভাষণ তেওঁ হিন্দী ভাষাত প্ৰদান কৰিছিল।
**********
MJPS/SS/VJ/ST/DM