কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

গ্ল’বেল ছাউথত কৃষি সহযোগিতা আৰু জ্ঞান বিনিময় শক্তিশালী কৰাৰ বাবে আইচিএআৰ আৰু আৰআইএছৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

কৃষি প্ৰযুক্তি, উত্তম পদ্ধতি, সামৰ্থ্য বিকাশ আৰু পাৰস্পৰিক শিক্ষণৰ আদান-প্ৰদানক উৎসাহিত কৰিবলৈ DAKSHIN-ৰ জৰিয়তে অংশীদাৰিত্ব

পোষ্ট কৰা হৈছে: 17 NOV 2026 5:31PM by PIB Guwahati

গ্ল’বেল ছাউথৰ দেশসমূহৰ মাজত কৃষি সহযোগিতা আৰু জ্ঞান বিনিময় শক্তিশালী কৰাৰ বাবে ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ) আৰু উন্নয়নশীল দেশসমূহৰ বাবে গৱেষণা আৰু তথ্য প্ৰণালী (আৰআইএছ)-ৰ মাজত ১৭ নৱেম্বৰ ২০২৬ তাৰিখে নতুন দিল্লীত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কৃষি গৱেষণা আৰু শিক্ষা বিভাগ (ডিএআৰই)-ৰ সচিব তথা আইচিএআৰৰ সঞ্চালক প্ৰধান ড° এম. এল. জাট আৰু আৰআইএছৰ সঞ্চালক প্ৰধান অধ্যাপক শচীন কুমাৰ শৰ্মাই এই বুজাবুজিৰ চুক্তিখন বিনিময় কৰে। ‘দক্ষিণ – গ্ল’বেল ছাউথ চেণ্টাৰ অব্ এক্সেলেন্স’-ৰ জৰিয়তে সম্পন্ন হোৱা এই অংশীদাৰিত্বই কৃষি প্ৰযুক্তিৰ আদান-প্ৰদান, উত্তম পদ্ধতিসমূহৰ নথিকৰণ, জ্ঞান বিনিময় আৰু সামৰ্থ্য বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

“গ্ল’বেল ছাউথ: এক নতুন কৌশলগত অংশীদাৰিত্বৰ দিশে” শীৰ্ষক উচ্চস্তৰীয় নীতি আলোচনাৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰি ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কীৰ্তি বৰ্ধন সিঙে উল্লেখ কৰে যে বিশ্বব্যাপী ধাৰণাসমূহ গঢ় দিয়াত, অৰ্থনৈতিক স্থিতিস্থাপকতা গঢ়ি তোলাত আৰু বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি উদীয়মান প্ৰযুক্তিসমূহত সম-অধিকাৰ নিশ্চিত কৰাত গ্ল’বেল ছাউথে ইয়াৰ সামূহিক কণ্ঠস্বৰ অধিক শক্তিশালী কৰিব লাগিব। তেওঁ ভাৰত-আফ্ৰিকাৰ মাজত অধিক শক্তিশালী অংশীদাৰিত্ব, বৃহত্তৰ প্ৰতিষ্ঠানিক সহযোগিতা আৰু জ্ঞানক অৰ্থপূৰ্ণ নীতিগত ফলাফললৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত যুৱ গৱেষক তথা নীতি নিৰ্ধাৰকসকলৰ সক্ৰিয় অংশগ্ৰহণৰ আহ্বান জনায়।

২০২৩ চনৰ নৱেম্বৰত অনুষ্ঠিত দ্বিতীয় 'ভইচ অব্ দ্য গ্ল’বেল ছাউথ ছামিট'ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাঙি ধৰা দৃষ্টিভংগীৰ কথা স্মৰণ কৰি মন্ত্ৰীগৰাকীয়ে উমৈহতীয়া প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত এক সামূহিক দৃষ্টিভংগী গঢ়ি তোলা, অৰ্থনৈতিক স্থিতিস্থাপকতা শক্তিশালী কৰা আৰু সুলভ, সম্প্ৰসাৰণযোগ্য তথা স্থানীয়ভাৱে প্ৰাসংগিক উন্নয়নমূলক সমাধানসমূহক উৎসাহিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ পৰম্পৰাগত উন্নয়নমূলক সহযোগিতাৰ পৰিধি অতিক্ৰম কৰি সহ-বিকাশ আৰু উমৈহতীয়া সমাধানৰ দিশে আগবঢ়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ডেয়াৰ (DARE)-ৰ সচিব তথা আইচিএআৰৰ সঞ্চালক প্ৰধান ড° এম. এল. জাটে কৃষি গৱেষণা, শিক্ষা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক শতিকা পুৰণি শীৰ্ষ সংস্থা হিচাপে আইচিএআৰৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই সংস্থাটোৱে ১১৪টা গৱেষণা প্ৰতিষ্ঠান, ১৫২টা আঞ্চলিক গৱেষণা কেন্দ্ৰ আৰু ৭৩১টা কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে)-ৰ জৰিয়তে কাম কৰাৰ লগতে প্ৰায় ৮০খন কৃষি বিশ্ববিদ্যালয়ৰ সৈতে সমন্বয় ৰক্ষা কৰি আহিছে। তেওঁ জানিবলৈ দিয়ে যে বিভিন্ন দেশ আৰু প্ৰতিষ্ঠানৰ সৈতে আইচিএআৰৰ ৭৪খন বুজাবুজিৰ চুক্তি আছে, যাৰ ভিতৰত প্ৰায় ৬০ শতাংশ চুক্তিয়েই গ্ল’বেল ছাউথৰ প্ৰতিষ্ঠানসমূহৰ সৈতে স্বাক্ষৰিত হৈছে।

ড° জাটে কয় যে আৰআইএছ আৰু দক্ষিণ (DAKSHIN)-ৰ সৈতে হোৱা এই অংশীদাৰিত্বই বিভিন্ন দেশৰ মাজত উপলব্ধ কৃষি প্ৰযুক্তি, পদ্ধতি, ব্যৱস্থা আৰু সঁজুলিসমূহৰ আদান-প্ৰদান তথা প্ৰয়োগ সহজতৰ কৰি দক্ষিণ-দক্ষিণ সহযোগিতাক অধিক শক্তিশালী কৰিব। তেওঁ দেশসমূহক সংযোগ কৰিবলৈ উপযুক্ত কৃষি-জলবায়ু আৰু গৱেষণাৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। তেওঁ ২০২৭ চনৰ এপ্ৰিল মাহৰ মাজভাগত ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰস্তাৱিত 'বিজ্ঞান আৰু অংশীদাৰিত্ব সপ্তাহ'ৰ কথা উল্লেখ কৰে, য’ত গ্ল’বেল ছাউথ আৰু নৰ্থৰ অংশগ্ৰহণকাৰীসকল একত্ৰিত হ’ব। ইয়াৰ উপৰি, চাহিদাভিত্তিক অংশীদাৰিত্বৰ জৰিয়তে নিজ নিজ প্ৰয়োজনীয়তা আৰু উপলব্ধ সামৰ্থ্যসমূহৰ বিষয়ে আলোচনা কৰিবলৈ গ্ল’বেল ছাউথ আৰু নৰ্থৰ নেতাসকলক একত্ৰিত কৰাৰ ধাৰণাটোৰ বিষয়েও তেওঁ ব্যক্ত কৰে।

আৰআইএছৰ সঞ্চালক প্ৰধান অধ্যাপক শচীন কুমাৰ শৰ্মাই গ্ল’বেল ছাউথৰ বাবে কৃষিৰ গুৰুত্ব আৰু জ্ঞান বিনিময়, পাৰস্পৰিক শিক্ষণ তথা সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। বিশ্ব বাণিজ্য সংস্থা (ডব্লিউটিঅ’)-ত কৃষি সম্পৰ্কীয় আলোচনাত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাৰ আধাৰত তেওঁ বহুপাক্ষিক আলোচনা আৰু বিশ্বব্যাপী সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত গ্ল’বেল ছাউথৰ দেশসমূহৰ কণ্ঠস্বৰ আৰু উদ্বেগসমূহ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে গ্ল’বেল ছাউথত আৰআইএছৰ এক শক্তিশালী নেটৱৰ্ক থকাৰ বিপৰীতে আইচিএআৰৰ ওচৰত ব্যাপক কৃষি প্ৰযুক্তি, গৱেষণা আৰু উত্তম পদ্ধতিসমূহ আছে। তেওঁ কয় যে এই অংশীদাৰিত্বই ভাৰতীয় প্ৰযুক্তি আৰু পদ্ধতিসমূহ বিশেষকৈ একে ধৰণৰ কৃষি-জলবায়ু পৰিস্থিতি থকা অন্যান্য দেশসমূহৰ সৈতে ভাগ-বতৰা কৰাত সহায় কৰাৰ লগতে অংশীদাৰ দেশসমূহৰ পৰাও পাৰস্পৰিক শিক্ষণ সম্ভৱ কৰি তুলিব।

ভাৰতত থকা দক্ষিণ আফ্ৰিকাৰ উচ্চায়ুক্ত মাননীয় অধ্যাপক অনিল শুক্লালে বৰ্তমানৰ বিশ্বব্যাপী অনিশ্চয়তাক এক বহুমুখী বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত গ্ল’বেল ছাউথে নিজৰ নেতৃত্ব প্ৰতিষ্ঠা কৰাৰ এক নিৰ্ণায়ক মুহূৰ্ত হিচাপে অভিহিত কৰে। তেওঁ বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰ, অধিক শক্তিশালী কৌশলগত অংশীদাৰিত্ব আৰু গ্ল’বেল ছাউথৰ ভিতৰৰ পৰাই জ্ঞান তথা নীতিগত দৃষ্টিভংগীৰ উদ্ভাৱনৰ আহ্বান জনায়।

ভাৰতত থকা ইৰিট্ৰিয়া ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত তথা ভাৰতৰ কূটনৈতিক বাহিনীৰ ডীন মাননীয় শ্ৰী আলেম চেহায়ে ৱল্ডেমাৰিয়ামে অৰ্থনৈতিক সহযোগিতা, সংযোগ ব্যৱস্থা, আন্তঃগাঁথনি উন্নয়ন আৰু যুৱপ্ৰজন্মৰ অংশগ্ৰহণৰ জৰিয়তে ভাৰত আৰু আফ্ৰিকাৰ মাজৰ ঐতিহাসিক সংহতিক অৰ্থপূৰ্ণ অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

গেটছ ফাউণ্ডেচন, ভাৰতৰ কান্ট্ৰী ডাইৰেক্টৰ শ্ৰীমতী অৰ্চনা ব্যাসে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, স্বাস্থ্য সুৰক্ষা, কৃষি আৰু খাদ্য ব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰতিষ্ঠানিক সামৰ্থ্য বিকাশক ভাৰত-আফ্ৰিকা সহযোগিতাৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে কাৰ্যকৰী অংশীদাৰিত্বসমূহ দেশীয় মালিকানা, সহ-সৃষ্টি আৰু পাৰস্পৰিক শিক্ষণৰ ওপৰত আধাৰিত হ’ব লাগিব, য’ত সুলভ আৰু সম্প্ৰসাৰণযোগ্য সমাধানৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।

দক্ষিণ (DAKSHIN) – গ্ল’বেল ছাউথ চেণ্টাৰ অব্ এক্সেলেন্সৰ সমন্বয়ক ড° ৰাজন সুদেশ ৰত্নই দেশ-নেতৃত্বাধীন অগ্ৰাধিকাৰ, প্ৰতিষ্ঠানিক সহযোগিতা আৰু সামৰ্থ্য বিকাশৰ জৰিয়তে আলোচনাৰ পৰা কাৰ্যকৰী অংশীদাৰিত্বলৈ আগবঢ়াৰ ক্ষেত্ৰত ‘দক্ষিণ’ৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ দোহাৰে।

দক্ষিণ দিৱস ২০২৬ উপলক্ষে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত আৰআইএছ–দক্ষিণে ১৭–১৮ নৱেম্বৰ ২০২৬ তাৰিখে নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত আয়োজন কৰা দুদিনীয়া উচ্চস্তৰীয় নীতি আলোচনাৰ সময়ত এই বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়। বিকশিত হৈ অহা ভাৰত-আফ্ৰিকা কৌশলগত অংশীদাৰিত্বৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি দক্ষিণ-দক্ষিণ সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিবলৈ এই আলোচনাত কূটনীতিবিদ, নীতি নিৰ্ধাৰক, গৱেষক, উন্নয়ন কৰ্মী আৰু শৈক্ষিক তথা অংশীদাৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকল একত্ৰিত হয়। আইচিএআৰ আৰু আৰআইএছৰ মাজৰ এই সহযোগিতাৰ লক্ষ্য হৈছে সমগ্ৰ গ্ল’বেল ছাউথত কৃষি প্ৰযুক্তি, জ্ঞান, উত্তম পদ্ধতি আৰু সামৰ্থ্য বিকাশৰ সুযোগসমূহৰ আদান-প্ৰদানক উৎসাহিত কৰা।

****


SS/MS/MM


(ৰিলিজ আই ডি : 2337835) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी , Tamil