বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

দ্বিপাক্ষিক অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ১৭–১৮ নৱেম্বৰ ২০২৬ তাৰিখে ইটালী ভ্ৰমণ কৰিব

ভাৰত–ইটালী অৰ্থনৈতিক সহযোগিতা যুটীয়া আয়োগৰ ২৩ সংখ্যক অধিৱেশনত সহ-অধ্যক্ষতা কৰিব শ্ৰী পীয়ুষ গোৱেলে

ৰোমত অনুষ্ঠিত হ’বলগীয়া ভাৰত–ইটালী ব্যৱসায় আৰু উদ্ভাৱন মঞ্চত অংশগ্ৰহণ কৰিব শ্ৰী গোৱেলে

ভাৰত–ইটালী ব্যৱসায় আৰু উদ্ভাৱন মঞ্চত অংশগ্ৰহণ কৰিব প্ৰায় ৮০ গৰাকী ভাৰতীয় ব্যৱসায়ী নেতা আৰু ষ্টাৰ্টআপে

পোষ্ট কৰা হৈছে: 17 NOV 2026 7:17PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল ১৭ৰ পৰা ১৮ নৱেম্বৰ ২০২৬ লৈ ইটালী গণৰাজ্যৰ আনুষ্ঠানিক ভ্ৰমণ কৰিছে। দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি, ঔদ্যোগিক আৰু প্ৰযুক্তিগত সহযোগিতা গভীৰ কৰা, আৰু ব্যৱসায়িক তথা ষ্টাৰ্টআপ সংযোগ শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ভাৰত–ইটালী অৰ্থনৈতিক অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাই হৈছে এই ভ্ৰমণৰ মূল লক্ষ্য।

ঐতিহাসিক, সভ্যতাগত আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ওপৰত আধাৰিত ভাৰত আৰু ইটালীৰ মাজত এক দীৰ্ঘদিনীয়া সুসম্পৰ্ক আছে, যি এতিয়া ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰতিৰক্ষা, বৈজ্ঞানিক আৰু সাংস্কৃতিক সহযোগিতাক সামৰি এক বহুমুখী অংশীদাৰিত্বলৈ বিকশিত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত–ইটালীৰ সম্পৰ্কই নতুন গতি লাভ কৰিছে, যাৰ পৰিণতিত ১৯–২০ মে’ ২০২৬ তাৰিখে প্ৰধানমন্ত্ৰীগৰাকীৰ ইটালী ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক সম্পৰ্কক ‘বিশেষ কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰা হয়। দুয়োখন দেশে ‘ভাৰত–ইটালী যুটীয়া কৌশলগত কাৰ্য পৰিকল্পনা ২০২৫–২৯’ ৰূপায়ণ কৰি আছে আৰু ২০২৯ চনৰ ভিতৰত বাৰ্ষিক দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ইউৰোলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

এই ভ্ৰমণকালত শ্ৰী পীয়ুষ গোৱেলে ইটালীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী মাননীয় শ্ৰী এণ্টনিঅ’ তাজানিৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ইয়াৰ উপৰি, তেওঁ ভাৰত–ইটালী অৰ্থনৈতিক সহযোগিতা যুটীয়া আয়োগ (জেচিইচি)-ৰ ২৩ সংখ্যক অধিৱেশনত সহ-অধ্যক্ষতা কৰিব আৰু ভাৰত–ইটালী ব্যৱসায় আৰু উদ্ভাৱন মঞ্চত অংশগ্ৰহণ কৰিব। লগতে, মন্ত্ৰীগৰাকীয়ে আগশাৰীৰ ইটালীয় কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰিব আৰু ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলটোৰ সৈতে মত বিনিময় কৰিব। এই কাৰ্যসূচীসমূহে দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ, ঔদ্যোগিক সহযোগিতা আৰু উদ্ভাৱনৰ সংযোগসমূহক অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

১৮ নৱেম্বৰ ২০২৬ তাৰিখে ৰোমস্থিত বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰালয়ত শ্ৰী পীয়ুষ গোৱেল আৰু মাননীয় শ্ৰী এণ্টনিঅ’ তাজানিৰ সহ-অধ্যক্ষতাত ভাৰত–ইটালী জেচিইচিৰ ২৩ সংখ্যক অধিৱেশন অনুষ্ঠিত হ’ব।

জেচিইচি হৈছে ভাৰত–ইটালীৰ অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাৰ পৰ্যালোচনা আৰু পথ-প্ৰদৰ্শন কৰাৰ মুখ্য প্ৰতিষ্ঠানিক ব্যৱস্থা। ২০২৫ চনৰ জুন মাহত ব্ৰেছিয়াত দুয়োগৰাকী মন্ত্ৰীৰ সহ-অধ্যক্ষতাত অনুষ্ঠিত ২২ সংখ্যক অধিৱেশনত উদ্যোগ ৪.০, মহাকাশ, শক্তি পৰিৱৰ্তন আৰু বহনক্ষম গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতাক অগ্ৰাধিকাৰ দিয়া হৈছিল, লগতে অট’ম’বাইল আৰু মহাকাশ খণ্ডৰ বাবে যুটীয়া কাৰ্যকৰী গোট গঠন কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰা হৈছিল। ২৩ সংখ্যক অধিৱেশনে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক বাণিজ্যৰ পৰিসৰ অধিক বৈচিত্ৰ্যময় আৰু সম্প্ৰসাৰিত কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। এই আলোচনাত পাৰস্পৰিক স্বাৰ্থজড়িত অন্যান্য ক্ষেত্ৰসমূহৰ উপৰি অট’ম’বাইল আৰু অট’ যন্ত্ৰাংশ, ঔদ্যোগিক যন্ত্ৰপাতি, কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণ, ফাৰ্মাচিউটিকেলছ আৰু ৰাসায়নিক দ্ৰব্য, নৱীকৰণযোগ্য শক্তি, এৰ’স্পেচ আৰু মহাকাশ, ষ্টাৰ্টআপ আৰু উদ্ভাৱন, তথা সংযোগ ব্যৱস্থা আদি বিষয়সমূহ সামৰি লোৱা হ’ব।

ইটালী হৈছে ইউৰোপীয় সংঘত ভাৰতৰ চতুৰ্থ বৃহত্তম বাণিজ্যিক অংশীদাৰ। ২০২৬ চনৰ এপ্ৰিল–আগষ্ট মাহত পূৰ্বৱৰ্তী বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত ইটালীলৈ ভাৰতৰ ৰপ্তানি ২৯.৯ শতাংশ বৃদ্ধি পাই ৩.৯২ বিলিয়ন আমেৰিকান ডলাৰ হয়গৈ। ইটালীলৈ ভাৰতৰ প্ৰধান ৰপ্তানি সামগ্ৰীসমূহৰ ভিতৰত লোহা আৰু তীখা তথা ধাতুৰ সামগ্ৰী, বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক সঁজুলি, ৰাসায়নিক দ্ৰব্য, আৰু বস্ত্ৰ তথা সাজ-পোছাক অন্যতম; আনহাতে ভাৰতৰ প্ৰধান আমদানি সামগ্ৰীসমূহৰ ভিতৰত যন্ত্ৰপাতি আৰু বৈদ্যুতিক সঁজুলি, ৰাসায়নিক দ্ৰব্য আৰু ধাতুৰ সামগ্ৰী উল্লেখযোগ্য।

বিভিন্ন খণ্ডৰ প্ৰায় ৮০ গৰাকী ব্যৱসায়ী নেতা আৰু ষ্টাৰ্টআপক সামৰি গঠিত এক উচ্চস্তৰীয় ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলে ১৮ নৱেম্বৰ ২০২৬ তাৰিখে ৰোমত অনুষ্ঠিত হ’বলগীয়া ভাৰত–ইটালী ব্যৱসায় আৰু উদ্ভাৱন মঞ্চত অংশগ্ৰহণ কৰিব। এই মঞ্চত ইটালীয় প্ৰচাৰ সংস্থাসমূহ যেনে— আইচিই – ইটালীয় বাণিজ্য সংস্থা, কাছা ডেপ’জিটি ই প্ৰেষ্টিটি , এছএচিই আৰু ছিমেষ্ট-ৰ সৈতে এক মত বিনিময় অধিৱেশন, ব্যৱসায়িক বৈঠক আৰু অট’মোটিভ তথা অট’মোটিভ যন্ত্ৰাংশ; ঔদ্যোগিক আৰু কৃষি-খাদ্য যন্ত্ৰপাতি তথা খাদ্য প্ৰক্ৰিয়াকৰণ; ফাৰ্মাচিউটিকেলছ আৰু ৰাসায়নিক দ্ৰব্য; আৰু নৱীকৰণযোগ্য শক্তি তথা চক্ৰীয় অৰ্থনীতিৰ ওপৰত সমান্তৰাল বিষয়ভিত্তিক অধিৱেশন অনুষ্ঠিত হ’ব।

শ্ৰী পীয়ুষ গোৱেলে ব্যৱসায়িক প্ৰতিনিধি দলটোৰ সৈতে মত বিনিময় কৰিব আৰু মাননীয় শ্ৰী এণ্টনিঅ’ তাজানিৰ সৈতে মঞ্চৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ প্ৰদান কৰিব।

ব্যৱসায় আৰু উদ্ভাৱন মঞ্চৰ অংশ হিচাপে ষ্টাৰ্টআপ আৰু উদ্ভাৱকসকলৰ ওপৰত এক বিশেষ উদ্ভাৱন মঞ্চও অনুষ্ঠিত হ’ব। ৩১ অক্টোবৰ ২০২৬ লৈকে ‘ষ্টাৰ্টআপ ইণ্ডিয়া’ পদক্ষেপৰ অধীনত স্বীকৃতিপ্ৰাপ্ত ২.৬১ লাখৰো অধিক ষ্টাৰ্টআপৰ সৈতে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰৰ অধিকাৰী হিচাপে বিবেচিত হৈছে। এই মঞ্চই ভাৰতীয় ষ্টাৰ্টআপসমূহক ইটালীয় বিনিয়োগকাৰী, গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যোগসমূহৰ সৈতে জড়িত হোৱাৰ লগতে উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত অংশীদাৰিত্ব, বজাৰ প্ৰৱেশ আৰু সহযোগিতাৰ সুযোগ অন্বেষণ কৰাৰ সুবিধা প্ৰদান কৰিব।

এই ভ্ৰমণকালত শ্ৰী পীয়ুষ গোৱেলে ভাৰতত বিনিয়োগ আৰু অংশীদাৰিত্বৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰিবলৈ গধুৰ অভিযান্ত্ৰিক, বিমান সেৱা আৰু স্বচ্ছ শক্তিৰ দৰে খণ্ডসমূহৰ আগশাৰীৰ ইটালীয় কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হ’ব। মঞ্চৰ সামৰণিৰ পাছত ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলটোৰ সদস্যসকলে ১৯ নৱেম্বৰ ২০২৬ তাৰিখে ইটালীত ঔদ্যোগিক ভ্ৰমণ কৰিব।

এই ভ্ৰমণে ইউৰোপীয় সংঘৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ তথা ভূমধ্যসাগৰীয় অঞ্চলৰ এক মুখ্য অৰ্থনীতি ইটালীৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। ২০২৬ চনৰ জানুৱাৰী মাহত ভাৰত–ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিৰ আলোচনা সম্পন্ন হোৱাৰ লগে লগে দুয়োখন দেশে উৎপাদন, অট’ম’বাইল, যন্ত্ৰপাতি, খাদ্য প্ৰক্ৰিয়াকৰণ, ফাৰ্মাচিউটিকেলছ, ৰাসায়নিক দ্ৰব্য, বস্ত্ৰশিল্প, নৱীকৰণযোগ্য শক্তি, এৰ’স্পেচ আৰু উদীয়মান প্ৰযুক্তিকে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্প্ৰসাৰণ কৰাৰ ব্যাপক সুযোগ লাভ কৰিছে।

এই ভ্ৰমণে ভাৰত–ইটালী বিশেষ কৌশলগত অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰাৰ লগতে প্ৰতিষ্ঠানিক সহযোগিতা শক্তিশালী কৰিব আৰু দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ তথা ঔদ্যোগিক সহযোগিতাৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

 

 

***

Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/MM


(ৰিলিজ আই ডি : 2337812) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil