বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিল-ছেপ্টেম্বৰৰ সময়ছোৱাত ভাৰতৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানি ৪৪ শতাংশ বৃদ্ধি পাই ৩১.৯৭ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত

স্মাৰ্টফোনৰ ৰপ্তানিৰ পৰিমাণ ৩৫.৮ শতাংশ বৃদ্ধি পাই হ’লগৈ ১৮.১৭ বিলিয়ন মাৰ্কিন ডলাৰ

স্মাৰ্টফোনৰ বাহিৰে অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানি ৫৬.৫ শতাংশ বৃদ্ধি পাই ১৩.৭৯ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত

পোষ্ট কৰা হৈছে: 17 NOV 2026 3:26PM by PIB Guwahati

২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ সময়ছোৱাত ভাৰতৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানি ৪৪ শতাংশ বৃদ্ধি পাইছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ উল্লিখিত সময়ছোৱাত ২২.২০ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ ইলেক্ট্ৰনিক সামগ্ৰী ৰপ্তানি কৰাৰ বিপৰীতে এইবাৰ ৰপ্তানিৰ পৰিমাণ ৩১.৯৭ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত স্মাৰ্টফোনে সৰ্বাধিক অংশ দখল কৰি থকাৰ সময়তে স্মাৰ্টফোনৰ বাহিৰে অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিও তুলনামূলকভাৱে অধিক হাৰত বৃদ্ধি পাইছে। ইয়াৰ ফলত বিভিন্ন যন্ত্ৰাংশ, প্ৰিণ্টেড চাৰ্কিট ব'ৰ্ড, যোগাযোগ সঁজুলি, মেম'ৰী সামগ্ৰী আৰু তথ্য সংৰক্ষণৰ সঁজুলিকে ধৰি ভাৰতৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিৰ পৰিসৰ আৰু বৈচিত্ৰ্য বৃদ্ধি পোৱাৰ ইংগিত পোৱা গৈছে।

 

এই সময়ছোৱাত স্মাৰ্টফোনৰ (এইচএছ ৮৫১৭১৩০০) ৰপ্তানিৰ হাৰ ৩৫.৮ শতাংশ বৃদ্ধি পাইছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিল-ছেপ্টেম্বৰৰ সময়ছোৱাত ১৩.৩৮ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ স্মাৰ্টফোন ৰপ্তানি কৰাৰ বিপৰীতে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত এই পৰিমাণ ১৮.১৭ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। ভাৰতৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিত স্মাৰ্টফোনে সৰ্বাধিক অংশ দখল কৰি আছে। অৱশ্যে অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিও অধিক হাৰত বৃদ্ধি পোৱাৰ ফলত মুঠ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিত স্মাৰ্টফোনৰ অংশ ৬০.৩ শতাংশৰ পৰা ৫৬.৮ শতাংশলৈ হ্ৰাস পাইছে।

 

আনহাতে, স্মাৰ্টফোনৰ বাহিৰে অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানি ৫৬.৫ শতাংশ বৃদ্ধি পাইছে। পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ৮.৮১ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ এনে সামগ্ৰী ৰপ্তানি কৰাৰ বিপৰীতে এইবাৰ এই পৰিমাণ ১৩.৭৯ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। ফলস্বৰূপে, মুঠ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিত এই শ্ৰেণীৰ সামগ্ৰীৰ অংশ ৩৯.৭ শতাংশৰ পৰা ৪৩.২ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা ভাৰতৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিৰ পৰিসৰ ক্ৰমাৎ সম্প্ৰসাৰিত হোৱাৰ ইংগিত পোৱা গৈছে।

 

মাউণ্টেড প্ৰিণ্টেড চাৰ্কিট ব'ৰ্ড (এইচএছ ৮৪৭৩৩০৩) সম্বলিত যন্ত্ৰাংশ আৰু আনুসংগিক সামগ্ৰীৰ ৰপ্তানি পূৰ্বৰ ৬৩.৩ নিযুত মাৰ্কিন ডলাৰৰ পৰা বৃদ্ধি পাই ২.১০ বিলিয়ন মাৰ্কিন ডলাৰ হৈছেগৈ। ইয়াৰ ফলত এই শ্ৰেণীৰ সামগ্ৰীৰ ৰপ্তানিৰ হাৰ ৩,২১৯ শতাংশ বৃদ্ধি পোৱাটো প্ৰতীয়মান হৈছে। ছিংগাপুৰলৈ সৰ্বাধিক ১.৮৭ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ এনে সামগ্ৰী ৰপ্তানি কৰা হৈছে। ইয়াৰ পিছতে চীনলৈ ৰপ্তানি কৰা এনে সামগ্ৰীৰ পৰিমাণ হ’ল ১১১.৫ নিযুত মাৰ্কিন ডলাৰ।

 

একেদৰে, সংযোজিত, লোড কৰা বা সংস্থাপিত প্ৰিণ্টেড চাৰ্কিট ব'ৰ্ডৰ (এইচএছ  ৮৫১৭৭৯১০) ৰপ্তানি ৩০৪ শতাংশ বৃদ্ধি পাইছে। পূৰ্বৰ ২১৩.৭ নিযুত মাৰ্কিন ডলাৰৰ বিপৰীতে এইবাৰ এইবিধ সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ ৮৬৪.১ নিযুত মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত ৭৮৯.২ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ ৰপ্তানিৰে চীন শীৰ্ষস্থানত আছে। আনহাতে, হংকঙলৈ এই শ্ৰেণীৰ সামগ্ৰীৰ ৰপ্তানি ৫.৯ নিযুত মাৰ্কিন ডলাৰৰ পৰা বৃদ্ধি পাই ২৫.৩ নিযুত মাৰ্কিন ডলাৰ হৈছেগৈ।

 

নেটৱৰ্ক ট্ৰেন্সমিছন আৰু ৰাউটিং সঁজুলিৰ (এইচএছ ৮৫১৭৬২৯০) ৰপ্তানিও প্ৰায় দুগুণ বৃদ্ধি পাইছে। পূৰ্বৰ ৭৩২.৯ নিযুত মাৰ্কিন ডলাৰৰ পৰা ৯৮ শতাংশ বৃদ্ধি পাই এইবাৰ এই পৰিমাণ ১.৪৫ বিলিয়ন মাৰ্কিন ডলাৰ হৈছেগৈ। হংকঙলৈ এই শ্ৰেণীৰ সামগ্ৰীৰ ৰপ্তানি ২৬৪.৭ নিযুত মাৰ্কিন ডলাৰৰ পৰা ৮৫৭.৭ নিযুত মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নেদাৰলেণ্ডছলৈ ক্ৰমে ১৩০.৯ নিযুত আৰু ১২৪.৪ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানি কৰা হৈছে।

 

মেম'ৰী ইণ্টিগ্ৰেটেড চাৰ্কিটৰ (এইচএছ ৮৫৪২৩২০০) ৰপ্তানিত ২,৩৩৩ শতাংশ বৃদ্ধি পঞ্জীভুক্ত হৈছে। পূৰ্বৰ ২৩.১ নিযুত মাৰ্কিন ডলাৰৰ পৰা বৃদ্ধি পাই এইবাৰ এই পৰিমাণ ৫৬২.৪ নিযুত মাৰ্কিন ডলাৰ হৈছেগৈ। ৩৯০.৮ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ ৰপ্তানিৰে মালয়েছিয়া এই শ্ৰেণীৰ সামগ্ৰীৰ সৰ্ববৃহৎ বজাৰ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পিছতে ছিংগাপুৰলৈ ১০২.৪ নিযুত আৰু হংকঙলৈ ২৫.২ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানি কৰা হৈছে।

 

একেদৰে, ছলিড-ষ্টেট নন-ভলেটাইল ষ্ট'ৰেজ ডিভাইচৰ (এইচএছ  ৮৫২৩৫১০০) ৰপ্তানি ১,৬৮০ শতাংশ বৃদ্ধি পাইছে। পূৰ্বৰ ১৪.৬ নিযুত মাৰ্কিন ডলাৰৰ পৰা বৃদ্ধি পাই এইবাৰ এই পৰিমাণ ২৬০.৫ নিযুত মাৰ্কিন ডলাৰ হৈছেগৈ। ১০৮.৬ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ ৰপ্তানিৰে চীন দেশ এই ক্ষেত্ৰত শীৰ্ষস্থানত আছে। ইয়াৰ পিছতে ছিংগাপুৰলৈ ৭৬.৮ নিযুত, হংকঙলৈ ২২.৩ নিযুত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ২০.৭ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানি কৰা হৈছে।

 

ভাৰতৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিৰ এই বৃদ্ধিয়ে দেশৰ ৰপ্তানিৰ ক্ষেত্ৰখনত ক্ৰমবৰ্ধমান বৈচিত্ৰ্যৰ প্ৰতিফলন ঘটাইছে। স্মাৰ্টফোনৰ বাহিৰে অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানি অধিক হাৰত বৃদ্ধি পোৱাৰ লগতে মুঠ ৰপ্তানিত এই শ্ৰেণীৰ সামগ্ৰীৰ অংশও বৃদ্ধি পাইছে। স্মাৰ্টফোনে ১৮.১৭ বিলিয়ন মাৰ্কিন ডলাৰ ৰপ্তানিৰে সৰ্ববৃহৎ অংশ দখল কৰি থাকিলেও অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিয়ে অধিক শক্তিশালী বৃদ্ধিৰ ধাৰা প্ৰদৰ্শন কৰিছে।

 

প্ৰিণ্টেড চাৰ্কিট ব'ৰ্ড, যোগাযোগ সঁজুলি, মেম'ৰী ইণ্টিগ্ৰেটেড চাৰ্কিট আৰু ছলিড-ষ্টেট ষ্ট'ৰেজ ডিভাইচৰ ৰপ্তানি বৃদ্ধিৰ লগতে ছিংগাপুৰ, চীন, হংকং আৰু মালয়েছিয়াৰ দৰে বজাৰলৈ ৰপ্তানি সম্প্ৰসাৰিত হোৱাৰ ফলত ভাৰতৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিত এই শ্ৰেণীসমূহৰ বৰঙণি ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

***

Abhishek Dayal/ Shabbir Azad/ Ishita Biswas/UD


(ৰিলিজ আই ডি : 2337472) অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক: Tamil , English , Urdu , Marathi , हिन्दी , Bengali , Gujarati