বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত আৰু ইজিপ্তৰ দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ আৰু ঔদ্যোগিক সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ়ীকৰণ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলৰ ইজিপ্তৰ চৰকাৰী ভ্ৰমণ সামৰণি

পোষ্ট কৰা হৈছে: 17 NOV 2026 10:05AM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে ১৫ৰ পৰা ১৬ নৱেম্বৰলৈ ইজিপ্তৰ আৰব গণৰাজ্যৰ চৰকাৰী ভ্ৰমণৰ সামৰণি মাৰিছে। এয়া আছিল আফ্ৰিকা মহাদেশৰ কোনো এখন দেশলৈ তেওঁৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কেইবাখনো উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে ভাৰত–ইজিপ্তৰ যুটীয়া বাণিজ্য সমিতি (জে টি চি)ৰ সপ্তম অধিৱেশনত যুটীয়াভাৱে সভাপতিত্ব কৰে। তেওঁ বাণিজ্যিক কাৰ্যসূচীতো অংশগ্ৰহণ কৰাৰ লগতে ভাৰত আৰু ইজিপ্তৰ ব্যৱসায়িক মহলৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে।

 

ভাৰত আৰু ইজিপ্তৰ মাজত ঐতিহাসিক, সভ্যতাগত আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ আধাৰত দীৰ্ঘদিনীয়া সম্পৰ্ক গঢ় লৈ উঠিছে । সময়ৰ লগে লগে এই সম্পৰ্ক ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তা আৰু সাংস্কৃতিক সহযোগিতাকে ধৰি বহুমুখী অংশীদাৰিত্বলৈ ৰূপান্তৰিত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত–ইজিপ্তৰ সম্পৰ্কই নতুন গতি লাভ কৰিছে। ইয়াৰ ফলস্বৰূপে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হৈছে। ৰাজনৈতিক, নিৰাপত্তা, শক্তি আৰু অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ত দুয়োখন দেশে উমৈহতীয়া প্ৰতিশ্ৰুতি পালন কৰি আহিছে ।

 

এই ভ্ৰমণৰ অংশ হিচাপে ভাৰত–ইজিপ্তৰ যুটীয়া বাণিজ্য সমিতিৰ সপ্তম অধিৱেশন, ষষ্ঠ ভাৰত–ইজিপ্ত যুটীয়া বাণিজ্য পৰিষদৰ বৈঠক আৰু ব্যৱসায়িক মঞ্চ তথা ভাৰত–ইজিপ্ত ষ্টাৰ্টআপছ ফ’ৰাম অনুষ্ঠিত হয়। ভ্ৰমণকালত শ্ৰী পীয়ূষ গোৱেলে ইজিপ্তৰ প্ৰধানমন্ত্ৰী ড০ মোস্তাফা মাদবৌলীক সৌজন্যমূলক সাক্ষাৎ কৰাৰ লগতে ইজিপ্তৰ কেইবাগৰাকীও মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় আৰু দেশখনৰ আগশাৰীৰ ব্যৱসায়িক প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে।

 

এই ভ্ৰমণে ভাৰত আৰু ইজিপ্তৰ মাজৰ দীৰ্ঘদিনীয়া অৰ্থনৈতিক অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰে। দুয়োপক্ষই দ্বিপাক্ষিক বাণিজ্যৰ সম্প্ৰসাৰণ, বিনিয়োগৰ প্ৰসাৰ, ঔদ্যোগিক সহযোগিতা শক্তিশালী কৰা আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ মাজত সম্পৰ্ক বৃদ্ধিৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। দুয়োপক্ষই সামগ্ৰী, সেৱা আৰু বিনিয়োগৰ ক্ষেত্ৰ সামৰি পাৰস্পৰিকভাৱে লাভজনক অগ্ৰাধিকাৰমূলক বাণিজ্য চুক্তি (পিটিএ), মুক্ত বাণিজ্য চুক্তি (এফটিএ) অথবা ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চেপা) স্বাক্ষৰৰ বাবে প্ৰয়োজনীয় চৰ্তাৱলী আৰু কাঠামো নিৰ্ধাৰণৰ পদ্ধতি সন্দৰ্ভত আলোচনা কৰিবলৈ এটা কৰ্মগোট গঠনৰ সিদ্ধান্ত লয়। অৱশ্যে, এনে চুক্তিৰ জৰিয়তে দুয়োপক্ষৰ লাভালাভৰ দিশসমূহ মূল্যায়ন কৰাৰ পাছতহে এই প্ৰক্ৰিয়াক আগবঢ়াই নিয়া হ’ব।

 

১৫ নৱেম্বৰত অনুষ্ঠিত ভাৰত–ইজিপ্তৰ যুটীয়া বাণিজ্য সমিতিৰ সপ্তম অধিৱেশনত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেল আৰু ইজিপ্তৰ বিনিয়োগ আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী ড০ মহম্মদ ফাৰিদ ছালেহে যূটীয়াভাৱে সভাপতিত্ব কৰে। দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ গুৰুত্ব প্ৰতিফলিত কৰি যুটীয়া বাণিজ্য সমিতিখন মন্ত্ৰী পৰ্যায়লৈ উন্নীত কৰা হয়।

 

দুয়োপক্ষই দ্বিপাক্ষিক বাণিজ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি মুঠ বাণিজ্যৰ পৰিমাণ ১২ বিলিয়ন মাৰ্কিন ডলাৰলৈ উন্নীত কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰিবলৈ সহমত প্ৰকাশ কৰে। বাণিজ্যিক সামগ্ৰীৰ বৈচিত্ৰ্য বৃদ্ধি, মূল্য সংযোজিত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিক উৎসাহিত কৰা, বজাৰত প্ৰৱেশৰ সুবিধা শক্তিশালী কৰা আৰু বাণিজ্য সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ ভাৰত আৰু ইজিপ্তৰ মাজত সামগ্ৰীৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ৫.০৪ বিলিয়ন মাৰ্কিন ডলাৰ। পূৰ্বৰ বছৰৰ একে সময়ছোৱাৰ তুলনাত এই বৃদ্ধিৰ হাৰ হ’ল ৬৪ শতাংশ । ২০২৫–২৬ বিত্তীয় বৰ্ষত ইজিপ্তলৈ ভাৰতৰ ৰপ্তানিৰ পৰিমাণ আছিল ৩.৮৭ বিলিয়ন মাৰ্কিন ডলাৰ আৰু ইজিপ্তৰ পৰা ভাৰতলৈ আমদানিৰ পৰিমাণ আছিল ২.৬০ বিলিয়ন মাৰ্কিন ডলাৰ। (উৎস: ডি জি চি আই এছ)

 

আলোচনাত কৃষি আৰু পশু চিকিৎসা সহযোগিতা, ঔষধ আৰু স্বাস্থ্যসেৱা, অভিযান্ত্ৰিক সামগ্ৰী, ৰাসায়নিক আৰু পেট্ৰ’ ৰাসায়নিক সামগ্ৰী, সাৰ, বস্ত্ৰশিল্প, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এমএছএমই), শুল্ক, সেৱা, নৱীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰ’জেন, খাদ্য সুৰক্ষা, পৰিবহণ আৰু পৰিবহণ-ব্যৱস্থাপনা আদি বিস্তৃত বিষয়ক সামৰি লোৱা হয়। ব্যৱসায়িক প্ৰতিনিধি দলৰ নিয়মীয়া আদান-প্ৰদান, ক্ৰেতা প্ৰতিনিধি দলৰ ভ্ৰমণ, বাণিজ্য প্ৰদৰ্শনী আৰু ব্যৱসায়িক সংযোগ স্থাপনৰ কাৰ্যসূচীৰ গুৰুত্বৰ ওপৰতো দুয়োপক্ষই গুৰুত্ব আৰোপ কৰে।

 

ভাৰতীয় চেৰামিক টাইলছ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ জিঅ’ইআইচি পঞ্জীয়ন, বাকী থকা বাণিজ্যিক ধন আদায়, বাণিজ্যিক প্ৰতিকাৰমূলক ব্যৱস্থা আৰু ইজিপ্তৰ চৰকাৰী ক্ৰয় নিবিদাত ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণ সম্পৰ্কীয় উদ্বেগসমূহৰ বিষয়েও দুয়োপক্ষই আলোচনা কৰে। মান নিৰ্ধাৰণ আৰু অনুৰূপতা মূল্যায়ন, কৃষিজাত সামগ্ৰীৰ বজাৰ প্ৰৱেশৰ সুবিধা, পশু চিকিৎসা সেৱা আৰু ভাৰতীয় সামগ্ৰীৰ স্বীকৃতি তথা প্ৰমাণীকৰণৰ বিষয়সমূহেও আলোচনাত স্থান পায়।

 

দুয়োপক্ষই বিশেষকৈ ছুৱেজ খাল অৰ্থনৈতিক অঞ্চল (এছ চি জ’ন)ত  ইজিপ্তৰ বিনিয়োগৰ সম্ভাৱনাসমূহ পৰ্যালোচনা কৰে। বৰ্তমান প্ৰায় ৭০টা ভাৰতীয় প্ৰতিষ্ঠানে ইজিপ্তত কাৰ্যনিৰ্বাহ কৰি আছে আৰু এই প্ৰতিষ্ঠানসমূহৰ বিনিয়োগৰ পৰিমাণ প্ৰায় ৫ বিলিয়ন মাৰ্কিন ডলাৰ। ইজিপ্তে মটৰগাড়ী আৰু ইয়াৰ উপাদান, ঔষধ, ৰাসায়নিক সামগ্ৰী, বস্ত্ৰশিল্প, খাদ্য সংসাধন, অভিযান্ত্ৰিক, নৱীকৰণযোগ্য শক্তি আৰু পৰিবহণ-ব্যৱস্থাপনা আদি ক্ষেত্ৰত ভাৰতৰ অধিক বিনিয়োগক আদৰণি জনায়।

 

নৱীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰ’জেন, ঔষধ, সাৰ, বস্ত্ৰশিল্প, মটৰ গাড়ীৰ উপাদান আৰু ডিজিটেল ৰূপান্তৰ আদি ক্ষেত্ৰত ঔদ্যোগিক অংশীদাৰিত্ব আৰু যৌথ উদ্যোগ গঢ়ি তোলাৰ বাবেও দুয়োপক্ষই সহমত প্ৰকাশ কৰে। ডিজিটেল প্ৰযুক্তি আৰু বিত্তীয় প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ইউপিআই আৰু ইজিপ্তৰ ইনষ্টাপে’ৰ মাজত সংযোগ স্থাপনৰ সম্ভাৱনা, ৰপ্তানি বৃদ্ধিত স্থানীয় মুদ্ৰাত বাণিজ্যৰ ইতিবাচক ভূমিকা আৰু ইজিপ্তৰ ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বাবে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই) ব্যৱহাৰৰ সম্ভাৱনা সন্দৰ্ভত দুয়োপক্ষই সহমতত উপনীত হয়।

 

ভাৰত–ইজিপ্তৰ যুটীয়া বাণিজ্য সমিতিৰ সপ্তম অধিৱেশনৰ সহমতসূচক কাৰ্য বিৱৰণীত দুয়োগৰাকী মন্ত্ৰীয়ে স্বাক্ষৰ কৰে। যুটীয়া বাণিজ্য সমিতিৰ পৰৱৰ্তী বৈঠক ২০২৮ চনত অথবা দুয়োপক্ষৰ সুবিধাজনক আন কোনো সময়ত নতুন দিল্লীত অনুষ্ঠিত হ’ব।

 

ভ্ৰমণৰ প্ৰথম দিনটোত শ্ৰী পীয়ূষ গোৱেলে ইজিপ্তৰ বিনিয়োগ আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী ড০ মহম্মদ ফাৰিদ ছালেহৰ সৈতে ষষ্ঠ ভাৰত–ইজিপ্ত যুটীয়া ব্যৱসায় পৰিষদৰ বৈঠক আৰু ভাৰত–ইজিপ্ত ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰে। যুটীয়া বাণিজ্য পৰিষদৰ বৈঠকত ভাৰত আৰু ইজিপ্তৰ ব্যৱসায়িক মহলৰ ২৫০ৰো অধিক প্ৰতিনিধি উপস্থিত থাকে। এই বৈঠকে বাণিজ্য, বিনিয়োগ আৰু ঔদ্যোগিক সহযোগিতাৰ নতুন সম্ভাৱনাসমূহ চিনাক্ত কৰাৰ সুযোগ প্ৰদান কৰে।

 

আলোচনাত ৰাসায়নিক আৰু পেট্ৰ’ ৰাসায়নিক সামগ্ৰী, ঔষধ আৰু স্বাস্থ্যসেৱা, খাদ্য সংসাধন আৰু কৃষিভিত্তিক ব্যৱসায়, নৱীকৰণযোগ্য শক্তি আৰু সেউজ হাইড্ৰ’জেন, আন্তঃগাঁথনি, বন্দৰ আৰু পৰিবহণ-ব্যৱস্থাপনা, তথ্য-প্ৰযুক্তি আৰু ডিজিটেল প্ৰযুক্তি, বস্ত্ৰশিল্প তথা মটৰগাড়ী উদ্যোগৰ দৰে বিষয়সমূহক সামৰি লোৱা হয়। ভাৰত–ইজিপ্ত ব্যৱসায়িক মঞ্চই খণ্ডভিত্তিক সম্ভাৱনা, বিনিয়োগৰ সুযোগ আৰু ব্যৱসায়িক অংশীদাৰিত্বৰ বিষয়ে আলোচনাৰ সুবিধা প্ৰদান কৰে। এই কাৰ্যসূচীসমূহে দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কৰ সম্ভাৱনাক বাস্তৱ ব্যৱসায়িক সাফল্যলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অধিক অংশগ্ৰহণৰ গুৰুত্ব প্ৰতিফলিত কৰে।

 

১৬ নৱেম্বৰত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে ইজিপ্তৰ পৰিকল্পনা আৰু অৰ্থনৈতিক উন্নয়ন মন্ত্ৰী ড০ আহমেদ ৰষ্টমৰ সৈতে ভাৰত–ইজিপ্ত ষ্টাৰ্টআপছ ফ’ৰামত অংশগ্ৰহণ কৰে। এই মঞ্চত দুয়োখন দেশৰ ষ্টাৰ্টআপ, ইনকিউবেটৰ, এক্সেলেৰেটৰ, ভেঞ্চাৰ বিনিয়োগকাৰী আৰু সংশ্লিষ্ট চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকল একত্ৰিত হয়।

 

এই মঞ্চই প্ৰায় ৫০টা ভাৰতীয় আৰু ইজিপ্তৰ ষ্টাৰ্টআপক নিজ নিজ উদ্ভাৱনী পৰিৱেশতন্ত্ৰৰ বিষয়ে অৱগত কৰা, অভিজ্ঞতা বিনিময় কৰা আৰু চিনাক্ত কৰা বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনা অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰী পীয়ূষ গোৱেলে এখন ষ্টাৰ্ট আপছৰ ৰাউণ্ডটেবুল বৈঠকত অংশগ্ৰহণ কৰি ইজিপ্তৰ পৰিকল্পনা আৰু অৰ্থনৈতিক উন্নয়ন মন্ত্ৰী ড০ আহমেদ ৰষ্টমৰ সৈতে ভাৰতীয় আৰু ইজিপ্তৰ ষ্টাৰ্ট আপসমূহৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। ভাৰতীয় ষ্টাৰ্ট আপৰ প্ৰতিষ্ঠাপকসকলে ইজিপ্তৰ বজাৰৰ বাবে তেওঁলোকৰ সামগ্ৰী আৰু সেৱাসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বিতৰণ সহযোগী, পৰীক্ষামূলক প্ৰকল্প, প্ৰমাণীকৰণ আৰু স্থানীয় উৎপাদনকে ধৰি তেওঁলোকৰ প্ৰয়োজনীয় সহযোগিতাৰ বিষয়সমূহ দাঙি ধৰে। তেওঁলোকে সংশ্লিষ্ট ক্ষেত্ৰসমূহত ইজিপ্তৰ সমকক্ষ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে।

 

ভ্ৰমণকালত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে ইজিপ্তৰ আৰব গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ড০ মোস্তাফা মাদবৌলীৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। তেওঁ ইজিপ্তৰ বিনিয়োগ আৰু বৈদেশিক বাণিজ্য দপ্তৰৰ মন্ত্ৰী ড০ মহম্মদ ফাৰিদ ছালেহ, উদ্যোগ দপ্তৰৰ মন্ত্ৰী অভিযন্তা খালেদ হাশ্বেম, বৈদেশিক পৰিক্ৰমা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু ইজিপ্তীয় প্ৰবাসীসকলৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ বদৰ আব্দেলাত্তি, পৰিকল্পনা আৰু অৰ্থনৈতিক উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড০ আহমেদ ৰষ্টম আৰু পৰিবহণ দপ্তৰৰ মন্ত্ৰী লেফটেনেণ্ট জেনেৰেল অভিযন্তা কামেল ৱাজিৰৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

 

এই বৈঠকসমূহত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক শক্তিশালী কৰা, ঔদ্যোগিক সহযোগিতাৰ প্ৰসাৰ, বাণিজ্যিক কাৰ্যকলাপৰ সুবিধা প্ৰদান আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন ক্ষেত্ৰত নতুন সুযোগৰ সন্ধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই ক্ষেত্ৰসমূহৰ ভিতৰত বন্দৰৰ আধুনিকীকৰণ, জাহাজ নিৰ্মাণ, নতুনকৈ বিমানবন্দৰ নিৰ্মাণ আৰু বৰ্তমানৰ বিমানবন্দৰৰ উন্নয়ন তথা সুলভ মূল্যত উন্নত মানৰ মেট্ৰ’ ৰে’ল ব্যৱস্থা নিৰ্মাণ আদি অন্তৰ্ভুক্ত।

 

মন্ত্ৰীগৰাকীয়ে ইজিপ্তৰ ব্যৱসায়িক নেতৃবৰ্গ আৰু দেশখনৰ কেইবাটাও নিৰ্বাচিত প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতেও মত বিনিময় কৰে। দুয়োখন দেশৰ মাজত বিনিয়োগ, অংশীদাৰিত্ব আৰু ব্যৱসায়িক কাৰ্যকলাপৰ সম্প্ৰসাৰণৰ সম্ভাৱনা অন্বেষণ কৰাই আছিল এই মত বিনিময়ৰ উদ্দেশ্য।

 

এই ভ্ৰমণৰ অংশ হিচাপে ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলটোৱে আফ্ৰিকান এক্সপ’ৰ্ট-ইমপ’ৰ্ট বেংক (Afreximbank)-ৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে। আলোচনাত বেংকটোৰ বিভিন্ন পদক্ষেপ আৰু সম্ভাৱ্য সহযোগিতাৰ ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ ভিতৰত প্ৰকল্প প্ৰস্তুতি, প্ৰকল্প বিত্তীয় সাহায্য, পৰামৰ্শমূলক সেৱা আৰু মূলধনী বজাৰ, ৰপ্তানি উন্নয়ন, উদ্যোগিক উদ্যান আৰু আফ্ৰিকা ট্ৰেড গে’টৱে আদি অন্তৰ্ভুক্ত। এই মত বিনিময়ে আফ্ৰিকাৰ বজাৰসমূহত ভাৰতীয় বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণৰ সুবিধা সৃষ্টি আৰু বেংকটোৰ সৈতে সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ সুযোগ প্ৰদান কৰে।

 

শ্ৰী পীয়ূষ গোৱেলে ইজিপ্তৰ জুনিয়ৰ বিজনেছমেন এছ’চিয়েচন (ইজেবিএ)-ৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰে। এই সংস্থাটোত ইজিপ্তৰ আগশাৰীৰ পাৰিবাৰিক বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ দ্বিতীয় আৰু তৃতীয় প্ৰজন্মৰ উদ্যোগীসকল অন্তৰ্ভুক্ত। এই কাৰ্যসূচীত ইজিপ্তত কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় প্ৰতিষ্ঠানসমূহ আৰু ভাৰতৰ পৰা যোৱা ব্যৱসায়িক প্ৰতিনিধি দলটোৱেও অংশগ্ৰহণ কৰে। এই মত বিনিময়ৰ মূল লক্ষ্য আছিল উদ্যোগীসকলৰ মাজত সম্পৰ্ক শক্তিশালী কৰা, অংশীদাৰিত্বৰ প্ৰসাৰ আৰু দ্বিপাক্ষিক ব্যৱসায়িক সহযোগিতাৰ নতুন সুযোগৰ সন্ধান কৰা।

 

ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ১৪ নৱেম্বৰত ইজিপ্তৰ ইণ্ডিয়ান কমিউনিটি এছ’চিয়েচনৰ উদ্যোগত আয়োজিত এটা অনুষ্ঠানত ইজিপ্তত বসবাস কৰা প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় ব্যৱসায়িক মহলৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰে। দুয়োখন দেশৰ মাজত জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ক আৰু ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলে আগবঢ়োৱা অৱদানৰ কথা তেওঁ স্বীকাৰ কৰে।

 

ইজিপ্তৰ নেতা আৰু ব্যৱসায়িক মহলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত শ্ৰী পীয়ূষ গোৱেলে তেওঁলোকক গুজৰাটৰ গান্ধীনগৰত হ’বলগীয়া ‘ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০২৭’ আৰু নতুন দিল্লীত ২০২৭ চনৰ ৪ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ হ’বলগীয়া ‘ভাৰত মবিলিটি ২০২৭’ত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়।

 

ভাৰত আৰু ইজিপ্তৰ মাজত ঐতিহাসিক, সাংস্কৃতিক আৰু কূটনৈতিক সম্পৰ্ক দীৰ্ঘদিনীয়া। ২০২৩ চনত আৰম্ভ হোৱা ভাৰত–ইজিপ্তৰ কৌশলগত অংশীদাৰিত্বই বাণিজ্য, বিনিয়োগ, উদ্যোগ আৰু পাৰস্পৰিক স্বাৰ্থ জড়িত অন্যান্য ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বাবেক শক্তিশালী ভেটি প্ৰদান কৰিছে। এই ভ্ৰমণে দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ, উদ্যোগিক অংশীদাৰিত্ব, উদ্ভাৱন আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা অধিক গভীৰ কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ উমৈহতীয়া প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

 

***

Abhishek Dayal/ Garima Singh/ Ishita Biswas/UD


(ৰিলিজ আই ডি : 2337450) অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Tamil