পোষ্ট কৰা হৈছে:
17 NOV 2026 10:53AM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিৰক্ষা সদৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডি এইচ টি আই)এ ফিজিৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াসকলৰ বাবে সম্ভাৱনাপুৰ্ণ নেতৃত্বৰ ক্ষেত্ৰত প্ৰতিৰক্ষা শাসন আৰু ৰাজহুৱা প্ৰশাসন বিষয়ক প্ৰথমটো গোলকীয় নেতৃত্ব কাৰ্যসূচী আৰম্ভ কৰিছে। চাৰি সপ্তাহজোৰা এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায় ২০২৬ চনৰ ১৬ৰ পৰা ২৭ নৱেম্বৰলৈ ছুভাত অনুষ্ঠিত হৈছে। ফিজিৰ প্ৰতিৰক্ষা আৰু সৈনিক পৰিক্ৰমা দপ্তৰৰ প্ৰাক্তন মন্ত্ৰী শ্ৰী পিঅ’ টিকোডুৱাডুৱাই এই কাৰ্যসূচী উদ্বোধন কৰে। ভাৰতৰ এই পদক্ষেপক প্ৰশংসা কৰি তেওঁ কয় যে এই কাৰ্যসূচীয়ে ফিজিৰ প্ৰতিষ্ঠানিক সক্ষমতা শক্তিশালী কৰাত সহায় কৰিব।
ফিজিত থকা ভাৰতৰ উচ্চায়ুক্ত শ্ৰী সুনীত মেহতাই ডি এইচ টি আইৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু এই কাৰ্যসূচীয়ে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান ঘনিষ্ঠ অংশীদাৰিত্বৰ প্ৰতিফলন ঘটাইছে বুলি উল্লেখ কৰে।
প্ৰথম পৰ্যায়ত সুশাসনৰ বিভিন্ন দিশ, প্ৰতিৰক্ষা ক্ৰয়, শাসন ব্যৱস্থাত নৈতিকতা, প্ৰতিভা ব্যৱস্থাপনা আৰু সক্ষমতা বৃদ্ধি, প্ৰশাসনিক আইন, নাগৰিককেন্দ্ৰিক শাসন, প্ৰতিৰক্ষা খণ্ডৰ নিৰীক্ষণ ব্যৱস্থাৰ আধুনিকীকৰণ, ডিজিটেল ৰূপান্তৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ, উদ্দেশ্যপ্ৰণোদিত নেতৃত্ব, কৌশলগত যোগাযোগ আৰু প্ৰতিৰক্ষা খণ্ডৰ নেতাসকলৰ বাবে আৱেগিক বুদ্ধিমত্তা আদি বিষয়ক সামৰি লোৱা হৈছে।
কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় ২০২৭ চনৰ প্ৰথম তিনিটা মাহত নতুন দিল্লীত দুসপ্তাহৰ বাবে অনুষ্ঠিত হোৱাৰ কথা। এই কাৰ্যসূচীয়ে ফিজিৰ সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতা প্ৰতিফলিত কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাক অধিক শক্তিশালী কৰিব।

***
SR/Savvy/UD