প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডৰ তেহৰী গড়ৱালত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 17 NOV 2026 10:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ তেহৰী গড়ৱাল জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰে।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে;

উত্তৰাখণ্ডৰ তেহৰী গড়ৱাল জিলাত সংঘটিত দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত অত্যধিক বিচলিত হৈছো। এই দুখৰ সময়ত মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi

 

****

MJPS/SS/VJ/NB


(ৰিলিজ আই ডি : 2337434) অতিথি কক্ষ : 15