পোষ্ট কৰা হৈছে:
16 NOV 2026 9:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘সমবায়ৰ জৰিয়তে সমৃদ্ধি’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত সমবায় খণ্ডত স্বচ্ছতা, দায়বদ্ধতা, সুশাসন আৰু প্ৰতিষ্ঠানিক শক্তিশালীকৰণৰ প্ৰচেষ্টা অব্যাহত আছে।এই প্ৰচেষ্টাৰ অংশ হিচাপে আজি শ্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত কেন্দ্ৰীয় সমবায় পঞ্জীয়কৰ (CRCS) আঞ্চলিক কাৰ্যালয় পৰিদৰ্শন কৰে।
এই পৰিদৰ্শনকালত তেওঁ বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বহু-ৰাজ্যিক সমবায় সমিতিসমূহৰ পঞ্জীয়ন, নিয়ন্ত্ৰণ, নিৰীক্ষণ আৰু সংস্কাৰ সম্পৰ্কীয় বিভিন্ন পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।বিশেষকৈ শ্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ সমবায় সমিতিসমূহৰ কাম-কাজ, পঞ্জীয়নৰ স্থিতি আৰু নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে তথ্য বিচাৰে।
কেন্দ্ৰীয় সমবায় পঞ্জীয়কৰ আঞ্চলিক কাৰ্যালয়সমূহ স্থাপন কৰাটো দেশজুৰি বহু-ৰাজ্যিক সমবায় সমিতিসমূহৰ ফলপ্ৰসূ নিয়ন্ত্ৰণ নিশ্চিত কৰা আৰু সমবায় প্ৰশাসনৰ বিকেন্দ্ৰীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
পৰ্যালোচনা বৈঠকত শ্ৰী অমিত শ্বাহে কয় যে মহাৰাষ্ট্ৰ আৰু পশ্চিম ভাৰতৰ বহু-ৰাজ্যিক সমবায় সমিতিসমূহৰ বিকাশ ৰাষ্ট্ৰীয় সমবায় নীতিৰ লক্ষ্য আৰু নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি হ'ব লাগিব।
তেওঁ উল্লেখ কৰে যে আঞ্চলিক কাৰ্যালয়ৰ ভূমিকা কেৱল পঞ্জীয়ন সম্পৰ্কীয় কাম-কাজৰ মাজতে সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ সমবায় সমিতিসমূহৰ কাম-কাজৰ ফলপ্ৰসূ তদাৰক, নিয়ন্ত্ৰণমূলক বিধি-বিধানৰ অনুপালন, স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা থাকিব লাগিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে বিষয়াসকলৰ সৈতে চলি থকা বিভিন্ন কাৰ্যকলাপৰো পৰ্যালোচনা কৰে আৰু সমবায় সমিতিসমূহৰ পঞ্জীয়ন, পৰিদৰ্শন, হিচাপ পৰীক্ষা, অভিযোগ নিষ্পত্তি আৰু অন্যান্য বিধিগত প্ৰক্ৰিয়াসমূহ স্বচ্ছ আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
সমবায় প্ৰতিষ্ঠানসমূহত সুশাসন প্ৰসাৰ আৰু সদস্য তথা আমানতকাৰীকে ধৰি সকলো অংশীদাৰৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এক ফলপ্ৰসূ নিয়ন্ত্ৰণ ব্যৱস্থাৰ গুৰুত্বৰ কথাও তেওঁ উল্লেখ কৰে।কেন্দ্ৰীয় সমবায় পঞ্জীয়কৰ কাৰ্যালয় (CRCS) হৈছে সমবায় মন্ত্ৰালয়ৰ অধীনস্থ এক বিধিগত কৰ্তৃপক্ষ।
ভাৰতীয় সংবিধানৰ ২৪৩জেড এইছ(এফ) অনুচ্ছেদ আৰু বহু-ৰাজ্যিক সমবায় সমিতি আইন, ২০০২ৰ ৪(১) ধাৰাৰ অধীনত এই কৰ্তৃপক্ষ নিযুক্ত কৰা হৈছে।যিবোৰ সমবায় সমিতিৰ লক্ষ্য আৰু কাৰ্যকৰী এলেকা এখন ৰাজ্যৰ সীমাৰ বাহিৰলৈ বিস্তৃত, সেইসমূহ সমিতি এই কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণাধীন।
বহু-ৰাজ্যিক সমবায় সমিতিৰ পঞ্জীয়ন আৰু নিয়ন্ত্ৰণ, পঞ্জীয়নভুক্ত উপবিধিৰ সংশোধন, বিধিগত ব্যৱস্থা অনুসৰি পৰিচালনা সমিতি ভংগ কৰা, অনুসন্ধান, পৰিদৰ্শন, হিচাপ পৰীক্ষা, বিবাদ নিষ্পত্তি আৰু অকাৰ্যকৰী সমিতিৰ অৱসান তথা বিলুপ্তিকৰণ আদি গুৰুত্বপূৰ্ণ বিধিগত ক্ষমতা আৰু দায়িত্ব কেন্দ্ৰীয় সমবায় পঞ্জীয়কৰ ওপৰত ন্যস্ত কৰা হৈছে।বৰ্তমান সমগ্ৰ দেশত মুঠ ১,৮৭২খন বহু-ৰাজ্যিক সমবায় সমিতি পঞ্জীয়নভুক্ত হৈ আছে।ইয়াৰে ৪২০খন সমিতি ২০২১ চনৰ ৬ জুলাইত সমবায় মন্ত্ৰালয় গঠনৰ পাছত পঞ্জীয়ন কৰা হৈছে।
বহু-ৰাজ্যিক সমবায় সমিতিৰ সংখ্যা বৃদ্ধি আৰু ইয়াৰ ভৌগোলিক পৰিসৰ সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখি ফলপ্ৰসূ নিৰীক্ষণ, নিয়ন্ত্ৰণমূলক বিধি-বিধানৰ অনুপালন আৰু সুশাসন নিশ্চিত কৰাৰ উদ্দেশ্যে আঞ্চলিক কাৰ্যালয় স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।পশ্চিম ভাৰতৰ বাবে পুনেত স্থাপন কৰা কেন্দ্ৰীয় সমবায় পঞ্জীয়কৰ প্ৰথমটো আঞ্চলিক কাৰ্যালয়ে মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা আৰু কেন্দ্ৰীয়শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউত পঞ্জীয়নভুক্ত ৮১৮খন বহু-ৰাজ্যিক সমবায় সমিতিৰ কাম-কাজ তদাৰক কৰে।
ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৭৫৬খন, গুজৰাটৰ ৫৯খন, গোৱাৰ দুখন আৰু দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউৰ এখন সমিতি আছে।এইদৰে দেশৰ পঞ্জীয়নভুক্ত বহু-ৰাজ্যিক সমবায় সমিতিসমূহৰ এক বৃহৎ অংশ পুনেৰ আঞ্চলিক কাৰ্যালয়ৰ অধীনত পৰে।পুনেৰ আঞ্চলিক কাৰ্যালয়টোৱে ২০২৬ চনৰ ১৫ এপ্ৰিলৰ পৰা কাৰ্যকৰীভাৱে কাম-কাজ আৰম্ভ কৰে।এই কাৰ্যালয়ৰ বাবে ব্যয় বিভাগে ১০টা পদত অনুমোদন জনাইছে।
বহু-ৰাজ্যিক সমবায় সমিতিসমূহৰ নিয়ন্ত্ৰণমূলক কাম-কাজ ফলপ্ৰসূ আৰু সময়মতে সম্পন্ন কৰাৰ বাবে বিষয়া আৰু প্ৰয়োজনীয় সহায়ক কৰ্মচাৰী নিয়োগৰ ব্যৱস্থা কৰা হৈছে।
বহু-ৰাজ্যিক সমবায় সমিতিসমূহৰ নিৰীক্ষণ আৰু প্ৰশাসনিক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে সমবায় মন্ত্ৰালয়ে পুনেৰ উপৰি উত্তৰ ভাৰতৰ বাবে লক্ষ্ণৌ, দক্ষিণ ভাৰতৰ বাবে চেন্নাই আৰু পূব তথা উত্তৰ-পূব ভাৰতৰ বাবে কলকাতাত অতিৰিক্ত আঞ্চলিক কাৰ্যালয় স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে।
এই কাৰ্যালয়সমূহে নিয়ন্ত্ৰণমূলক প্ৰশাসনৰ বিকেন্দ্ৰীকৰণ, অনুমোদন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা, নিৰীক্ষণ আৰু বিধি-বিধানৰ অনুপালন উন্নত কৰা, বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধি, অভিযোগৰ ফলপ্ৰসূ নিষ্পত্তি আৰু ডিজিটেল সেৱাৰ সম্প্ৰসাৰণত সহায় কৰিব।
কেন্দ্ৰীয় সমবায় পঞ্জীয়কৰ কাৰ্যালয়ে বহু-ৰাজ্যিক সমবায় সমিতিসমূহৰ ডিজিটেলকৰণ, সংস্কাৰ আৰু শক্তিশালীকৰণৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।ইয়াৰ ভিতৰত সমিতিৰ পঞ্জীয়ন, উপবিধিৰ সংশোধন, বাৰ্ষিক প্ৰতিবেদন দাখিল আৰু শাখা কাৰ্যালয় খোলাৰ দৰে প্ৰক্ৰিয়াসমূহৰ বাবে অনলাইন ব্যৱস্থা গঢ়ি তোলাটো অন্যতম।
ইয়াৰ উপৰি বহু-ৰাজ্যিক সমবায় সমিতি আইন সংশোধন, সমবায় নিৰ্বাচন কৰ্তৃপক্ষ আৰু সমবায় লোকপালৰ কাৰ্যালয়সমূহৰ কম্পিউটাৰীকৰণ তথা সমবায় পুনৰুদ্ধাৰ, পুনৰ্গঠন আৰু উন্নয়ন পুঁজি (CRRDF) গঠন কৰাটোও আন কেইটামান উল্লেখযোগ্য পদক্ষেপ।
বহু-ৰাজ্যিক সমবায় সমিতিসমূহৰ বিত্তীয় অনুশাসন, স্বচ্ছতা আৰু দায়বদ্ধতা শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বহু-ৰাজ্যিক সমবায় সমিতি (হিচাপ পৰীক্ষকৰ প্ৰতিবেদন) আদেশ, ২০২৬ (MSCARO, 2026) জাৰি কৰা হৈছে।
এই সংস্কাৰসমূহৰ লক্ষ্য হৈছে উন্নত বিত্তীয় ব্যৱস্থাপনা, ফলপ্ৰসূ নিয়ন্ত্ৰণমূলক তদাৰক আৰু সমবায় প্ৰতিষ্ঠানসমূহৰ সদস্যসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ পুনেৰ আঞ্চলিক কাৰ্যালয় পৰিদৰ্শনে বহু-ৰাজ্যিক সমবায় সমিতিসমূহৰ নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰা, আঞ্চলিক নিৰীক্ষণ ব্যৱস্থাৰ কাৰ্যকাৰিতা বৃদ্ধি কৰা আৰু ৰাষ্ট্ৰীয় সমবায় নীতিৰ সৈতে সংগতি ৰাখি সমবায় খণ্ডত স্বচ্ছতা, দায়বদ্ধতা তথা সুশাসন প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
***
AK/AP/DM