প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জ্ঞানৰ অন্বেষণত বিশ্বাস, একাগ্ৰতা আৰু আত্ম-অনুশাসনৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

পোষ্ট কৰা হৈছে: 17 NOV 2026 10:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জ্ঞান আহৰণত বিশ্বাস, একাগ্ৰতা আৰু আত্ম-অনুশাসনৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃ

“श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।।“

সুভাশিতমটোত এইবুলি কোৱা হৈছে যে যিসকলৰ অন্তৰত বিশ্বাস আছে, তেওঁলোক জ্ঞানৰ অন্বেষণত অটল হৈ থাকে আৰু নিজ ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰক্ষা কৰি প্ৰকৃত প্রজ্ঞা লাভ কৰে। প্রজ্ঞা প্ৰাপ্তিয়ে সৰ্বোচ্চ শান্তিৰ দিশে লৈ যায়, যি এই স্থায়ী বাৰ্তা শক্তিশালী কৰে যে যেতিয়া বিশ্বাস, প্ৰতিশ্ৰুতি আৰু আত্ম-অনুশাসনৰ সৈতে জ্ঞান আহৰণ কৰা হয়, তেতিয়া ই আভ্যন্তৰীণ শান্তি আৰু আধ্যাত্মিক পূৰ্ণতাৰ পথ হৈ পৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।।

 

***

MJPS/SS/VJ/NB


(ৰিলিজ আই ডি : 2337308) অতিথি কক্ষ : 22